Back to journal
Mridu

ৰামলল্লা মূৰ্ত্তিজনাৰ বিষয়ে

ৰামলল্লাৰ ধুনীয়া মূৰ্ত্তিজনা

আজি সমগ্ৰ ভাৰতবৰ্ষ আনন্দত আত্মহাৰা কাৰণ আজি ৰাম তেওঁৰ নগৰত নিজৰ ঘৰত বিদ্যমান৷ কেইবাটাও যুগৰ অৱসানৰ পিছত আজি ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰলো সকলো৷ ইমান সুন্দৰ ৰামলল্লাৰ মূৰ্ত্তি চালে চাই থাকিব মন যায়৷ কিন্তু কলা ৰঙৰ৷সাধাৰণতে আমি মন্দিৰত পিটল , সোণোৱালী ,বগা মাৰ্বলৰ মূ্ৰ্ত্তি দেখি দেখি আমাৰ মনত তেনেকুৱা এটি ধাৰণা গঢ় লৈ উঠিছে৷দক্ষিণ ভাৰতৰ প্ৰায় সকলো মন্দিৰতেই কলা ৰঙৰ মূৰ্ত্তি বিৰাজমান যেনে তিৰুভনন্থপুৰম মন্দিৰ ,পদ্মনাভস্বামী, বদ্ৰীনাথ মন্দিৰ, বৃন্দাবনৰ ৰাধাৰমন মন্দিৰ আদি বহু বিশ্ব বিখ্যাত মন্দিৰৰ মূৰ্ত্তি এই শালিগ্ৰাম শিলেৰে জীৱন্ত ৰূপ  দিয়া হৈছে৷
প্ৰকৃততে ৰামললাৰ মূৰ্ত্তি সালগ্ৰাম( শালিগ্ৰাম শিল Shaligram Sila) সেয়েহে
কলা ৰঙৰ। ( বহুতৰ মনত প্ৰশ্ন হৈছে কলা ৰঙৰ কিয়বা) ৷ শালিগ্ৰাম শিল ‘ব্ৰজ কীট ‘ নামৰ এবিধ জীৱাশ্ম বুলি কোৱা হয় ( fossilized stone or ammonite)৷

এই শিলা বৰ্তমান নেপালৰ দামোদৰ কুণ্ডৰ পৰা নিৰ্গত গণ্ডেকী নদীৰ( পদ্ম পুৰাণ মতে হিমালয়ৰ নাৰায়নী নদী) এটি শাখা কালীগণ্ডকীত পোৱা যায়৷ এই শিলক সেইবাবে গণ্ডেকী নন্দন বুলি কোৱা হয়৷ পবিত্ৰ গণ্ডেকী নদীত পোৱা এই শালিগ্ৰামক হিন্দুধৰ্মত যুগ যুগ ধৰি পৰমাত্মাৰ প্ৰতিনিধি ৰূপত বিশ্বাস কৰা হয়৷ পুৰাণৰ মতে এই নদীত পোৱা শিলেই হল সালগ্ৰাম৷ এই শিল যিহেতু ভগৱানৰ ৰূপত বিৰাজমান সেইবাবে এই দিব্য শিলক চুই সেৱা জনালেও পাপ নাশ হয়৷ কঠোৰ সাধনাৰে ব্ৰত পালন কৰি নিয়ম মানি এই দিব্য শিলক ভগৱানৰ ৰূপ দিয়া হয়৷মহাভাৰততো শ্ৰী কৃষ্ণই যুধিষ্ঠিৰক এই দিব্য শিলৰ গুণানুকীৰ্তন কৰিছিল৷ সেইবাবে ঘৰত সালগ্ৰাম থাকিলে সদায় পূজা অৰ্চনা কৰা হয় , ভগৱান বিষ্ণুৰ কৃপা লাভ কৰাৰ উপৰিও মা লক্ষ্মী দেৱীৰো কৃপা লাভ কৰে লগতে ঘৰত কোনো বাস্তু দোষ নাথাকে ৷ হিন্দু ধৰ্মত সালগ্ৰাম শিলক শুভকামনা, সুখ -সমৃদ্ধি আৰু আশীৰ্বাদ প্ৰতীক কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়৷ যিকোনো মানুহেই এই দিব্য শিল ৰাখি পূজা কৰিব পাৰে কেৱল নিয়মিত ৰূপত পূজা কৰিব লাগি ৷ মুঠতে ৩৩ প্ৰকাৰৰ সালগ্ৰাম পোৱা যায়৷ ইয়াৰে ২৪ প্ৰকাৰৰ শালিগ্ৰামক ভগৱান বিষ্ণুৰ বিভিন্ন অবতাৰ ৰূপত পূজা কৰা হয়৷ (অৰ্থাত যি ৰূপতে দেখা যায় যেনে মৎস্য,কুৰ্ম আদি)৷

এই দিব্য শিল আৰু শিৱলিঙ্গ দুয়োটাই দুৰ্লভ৷ তুলসী গছৰ ওচৰতো শালিগ্ৰাম ৰখা হয় কাৰণ তুলসী শুদ্ধতাৰ প্ৰতীক , লগতে তুলসী বিবাহো সালগ্ৰামৰ লগত কৰা হয়৷

ৰামললাৰ মূৰ্ত্তিত দশৱতাৰ , সূৰ্য্য, স্বস্তিক,ঔম, গদা আৰু চক্ৰ খোদিত কৰা হৈছে৷ শালিগ্ৰাম শিলৰে বনোৱা বাবে সেন্দূৰ, ৰ’লি, চন্দন , পানী, গাখীৰ আদি একোৱেই মূৰ্ত্তিজনাৰ সৌন্দৰ্য্যৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰে৷ তাৰোপৰি শালিগ্ৰামৰ হোৱা বাবে বহু যুগলৈ একেদৰেই থাকিব৷পাচঁ বছৰীয়া এটি শিশু ৰূপত ৰামললাক ৰূপ দিয়া হৈছে৷ মিছিকিয়া হাঁহি আৰু দীপ্তিমান জ্যোতিৰে ভৰা চকুযুৰিলৈ চালে চাই থাকিব মন যায়৷ বাওঁ হাতত ধনু আৰু আনটো হাতৰ দুটি আঙুলিৰে তীৰ ডাল ধৰি বাকী তিনিটি আঙুলিৰে যেন আমাক আশীৰ্বাদ দি আছে ৷ দুই সুকোমল ভৰি আছে পদুম ফুলৰ ওপৰত৷দুশ কিলোগ্ৰাম ওজনৰ, তিনি ফুট বহল আৰু চাৰি ফুট পশিচ ইঞ্চি ওখ অৰ্থাৎ একাৱন্ন ইঞ্চিৰ ৰামললাৰ মূ্ৰ্ত্তি বনাইছে কৰ্ণাটকৰ মহীশূৰৰ ভাস্কৰ্য্য শিল্পী , ভাৰত বিখ্যাত অৰুণ যোগীৰাজে ৷তেওঁৰ ককাদেউতাক, দেউতাক দুয়োজনেই ভাস্কৰ্য্য শিল্পী আছিল৷এম বি এ কৰা অৰুণ যোগীৰাজে প্ৰথমতে যদিও চাকৰি কৰিছিল তথাপিও পিছত ভাস্কৰ্য্য শিল্পৰ প্ৰতি থকা তেওঁৰ সাধনা আৰু প্ৰতিভাই তেওঁক এই কলালৈ লৈ আনে৷উল্লেখযোগ্য যে তেওঁ চকুযুৰিৰ এনে জীৱন্ত ৰূপ দিবলৈ প্ৰায় দুহেজাৰ শিশুক নিৰিক্ষণ কৰিছিল৷সচাকৈয়ে তেওঁৰ সাধনা,প্ৰতিভা আৰু তপস্যাক  যেন শালিগ্ৰাম শিলেও  বুজি পাইছিল৷ সেইবাবেই হয়তু শিশু ৰামৰ প্ৰতিৰূপ আমাৰ আগত জীৱন্তৰূপে প্ৰকাশিত হৈছে৷

ড° প্ৰীতি ৰেখা বৰা

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection