Back to journal
Mridu

মনৰ কথাৰে

মনৰ কথাৰে –

এতিয়া তাইৰ বয়স হৈছে
বয়স মানে জীৱনটো শেষ হোৱা নহয়,
তাইৰ বাবে এইয়াইটো সময়
নিজৰ জীৱনৰ লগত গভীৰ বুজাবুজিৰ আৰম্ভণি।
এই বয়সত তাইৰ চকুত পৃথিৱীখন
অলপ বেলেগ ধৰণৰ হৈ পৰিছে
কাৰণ এতিয়া তাই জানে—
কি ৰাখিব আৰু কি এৰি দিব
তাই এতিয়া সেই কোলাহলবোৰ ভাল নালাগে
তাইৰ এতিয়া
নিজৰ আত্মাৰ লগত নীৰৱে কথা পাতি ভাল লাগে
নিজকে ভাল পাবলৈ ধৰা তাইৰ বাবে
এই সময় যেন জীৱনে দিয়া এক আশীৰ্বাদ।

এতিয়া তাই বিচাৰে অলপ শান্তি
মানসিক শান্তিয়েই তাইৰ বাবে সকলোতকৈ মূল্যবান
য’ত মনটোৱে নিশ্চিন্তভাৱে জিৰণি ল’ব পাৰে—
এতিয়া তাইৰ বেলেগ ইচ্ছা নাই
চিঞৰ-বাখৰ, অকাৰণ কথাৰে ভৰা দিনবোৰে
তাইক ক্লান্ত কৰি তুলিছিল
কামৰ বুজাবোৰত এতিয়া তাই
অলপ অবশ হৈ পৰিছে
অপ্রয়োজনীয় চিন্তাবোৰে যেতিয়া
মনটো হতাশ গ্ৰস্ত কৰি তুলিছিল
তেতিয়াও তাইৰ নিজক
শান্তনা দিবলৈ সময় নাছিল ৷

এতিয়া আৰু তাইক
উপদেশ নালাগে
লাগে সন্মান
প্ৰশ্নৰ সলনি লাগে বিশ্বাস,
নিৰ্দেশৰ সলনি লাগে সহানুভূতি।
নিয়ন্ত্ৰণো নালাগে
কেৱল অনুভৱবোৰৰ মূল্য লাগে
য’ত সন্মান নাথাকে
তাত স্নেহৰো কোনো মূল্য নাথাকে।
জীৱনৰ বহু যুঁজ নিজ হাতে জিকিছে,
ভুল, কষ্ট, ত্যাগ—সকলোকে গ্ৰহণ কৰি ৷

নিজৰ স্বীকৃতি নিবিচাৰে তাই
নিজৰ জীৱন যাত্ৰাৰ ওপৰত গৌৰৱ অনুভৱ কৰে।
যেনেকৈ আছে তেনেকৈয়ে ঠিক আছে তাই

কিছুমান কথা এৰি দিয়াতেই জয়
ক্ষমা কৰিব জনা জনেই
মানসিকভাৱে শক্তিশালী।
তাই এতিয়া বুজে
মানুহক সলনি কৰিবলৈ চেষ্টা কৰা উচিত নহয়
নিজৰ মনটোক শান্ত ৰাখিলেই জীৱন সজীৱ হয়।
শান্তিৰ মূল্য বুজা
আত্মা আটাইতকৈ ধনী।

তাই কোমল, কিন্তু দুৰ্বল নহয়।
তাই সহনশীল,
কিন্তু বেদনাত বন্দী নহয়।
এই বয়সত সততা অলংকাৰ।
সৰলতা গৌৰৱ।
নীৰৱতা বহু সময়ত উত্তম উত্তৰ।

জীৱনে বহুত শিকালে
তাই এতিয়া জানে
ক’ত থমকিব লাগে
আৰু ক’ত আগবঢ়িব লাগে।

এতিয়া তাই আনক শিক্ষা দিব নোখোজে,
নিজে উদাহৰণ হৈ জীয়াই থকাটোয়েই উত্তম
কাৰণ জীৱনৰ আটাইতকৈ ডাঙৰ পাঠ
শব্দত নহয়, আচৰণত লুকাই থাকে।

এতিয়া তাই আইনাত নিজৰ ৰূপ নাচাই
বলী ৰেখা আৰু পৈনত চুলিখিনিত হাত ফুৰাই
স্বাস্থ্য আৰু মানসিক স্থিৰতাৰ বাবে সচেতন হয়।
কাৰণ এতিয়া তাই নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো
স্বাৰ্থ নহয়, গধুৰ দায়িত্ব।

এতিয়া স্বাস্থ্য মানে ৰূপ নহয়—
স্বাস্থ্য মানে যন্ত্ৰণাহীন এটি দেহ, স্থিৰ মন,
আৰু জীৱন উপভোগ কৰিব পৰা শক্তি।
কপটতা নথকা ভাল মনেটোৱেই
যেন তাইৰ বাবে এতিয়া সৰ্বোচ্চ সৌন্দৰ্য।

জীৱনত লগ পোৱা পৃথিৱীখন
জীৱনে শিকোৱা অসংখ্য পাঠৰ সংক্ষিপ্ত ৰূপ।

মনৰ শান্তি আৰু সু স্বাস্থ্য মানেই যেন প্ৰশস্তি
মনটোৱে স্বাধীনতা বিচাৰে এতিয়া
মানে
নিজৰ মতে জীয়াই থাকিব পৰা ইচ্ছাৰ স্বাধীনতা
এই স্বাধীনতাই যেন আত্মসন্মান।
এই স্বাধীনতাই এতিয়া তাইক পূৰ্ণতা দিয়ে।
যাতে নিজৰ জীৱনক লৈ ল’ব পৰা সিদ্ধান্ত
সময়, চিন্তা, সপোন
ভাল লগাবোৰ
ভালপোৱাবোৰ
সকলোত নিজৰ অধিকাৰ বিচাৰি থাকিব লগা নহয়।

কেনেকৈ থাকিব
কি পিন্ধিব
ক’ত যাব
কেনেকৈ সময়ৰ ব্যৱহাৰ কৰিব
সেইবোৰ এতিয়া তাইৰ নিজৰ

এতিয়া তাই বিছাৰি ফুৰে
বহুজনৰ মাজত সঁচা মানুহবোৰৰ
সন্মানপূৰ্ণ সম্পৰ্কবোৰ
য’ত আছে কেৱল
সৰলতা, সৎ আৰু আত্মবিশ্বাস
নিজৰ মনৰ কথা খুলাকৈ ক’ব পৰা মনৰ মানুহবোৰ

সম্পৰ্কৰ সংখ্যাতকৈ গুণক তাই বেছি গুৰুত্ব দিয়ে।
বহু মানুহৰ ভীৰত একোটা সঁচা আত্মাই যথেষ্ট।
য’ত কোনো অভিনয় নাই,
কেৱল সততা আৰু নিৰাপত্তা আছে।

সম্পৰ্কবোৰ বাধ্যতামূলক হ’ব নালাগে
সন্মানজনক হ’ব লাগে।
য’ত আত্মসন্মান নাই,
তাত প্ৰেমৰো স্থান নাই।
এতিয়া তাই কম মানুহৰ সৈতে হাঁহে
সঁচা অন্তৰৰে আপোনপাহৰা হৈ
কম কথা কয়, কিন্তু অৰ্থপূৰ্ণ
এই বয়সত তেওঁ আনৰ আদৰ্শ হ’ব খোজে,
উপদেশ দি নহয়, আচৰণেৰে।
কাৰণ নীৰৱ জীৱনেই
সৰ্বশ্ৰেষ্ঠ শিক্ষা।

নিজক ভাল পাব জনাই
সঁচাকৈয়ে আনক ভাল পাব পাৰে।
নিজৰ মনৰ শান্তি ৰক্ষা কৰাটোৱেই
সৰ্বোচ্চ ধৰ্ম
এই বয়স তাইৰ বাবে শেষ নহয়
এইয়া নিজক বুজি
নিজক ভাল পোৱাৰ সময় ৷

আজি মোৰ বিশেষ দিনটোৰ বাবে

ড° প্ৰীতি ৰেখা বৰা

১০/৩/২৬

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection