Back to journal
Mridu

সোৱৰণিৰ বালিচৰ ৮

সেই যে স্কুলত শিক্ষক দিৱসত এটকা এটা দি টিকট এখন লৈ আলপিনটোৰে ফ্ৰকটোত লগাই থোৱা দিনবোৰ মনত আছেনে ? একো বুজি নোপোৱা দিনবোৰ ৷আগদিনা ৰাতি দুখনমান আৰ্ট পেপাৰত দুপাহমান ফুল আঁকি ৰং পেঞ্চিলেৰে ৰং বুলাই ছাৰ বাইদেউলৈ লৈ যোৱা দিনবোৰ ৷ শ্ৰদ্ধা ,ভয়ৰ মাজত থকা ভালপোৱাবোৰ৷ অযত্নৰ মাজেৰে তেওঁলোকলৈ যত্নৰে কৰা সেই ড্ৰয়িংবোৰৰ মাজত আছিল আমাৰ মাজত থকা শ্ৰদ্ধা আৰু শ্নেহবোৰ ৷

আজিৰ দিনতো আমি শিক্ষক সকলে পোৱা দামী উপহাৰবোৰৰ মাজতো আছে মৰম ভালপোৱাবোৰ কিন্ত সেইখিনিত যেন এতিয়া কিছু যেন বস্ত্তবাদী মনবোৰে পোখা মেলিব ধৰিছে৷হয় যান্ত্ৰিকতাৰ পৃথিৱীত এতিয়া বস্তুবাদী মনবোৰে ’ কিবা এটা বেছিকৈ’ বিচাৰি ফুৰা হ’ল নেকি বাৰু ?

ওলাই গৈছিলো কালি ফ্লেক্স বেনাৰ দুখন আনিবলৈ ৷কিতাপৰ দোকানৰ আগত ৰং বিৰিঙৰ পেপাৰৰে পেকিং কৰা পেনবোৰ দেখি মনটো কিবা এটা ভাল লাগি গ’ল ৷গোটেই ৰাস্তাতে এই বৰষুনৰ মাজতো মাক বাপেকৰ লগত ল’ৰা ছোৱালীবোৰ ৷মাকবোৰৰ হাতে হাতে ডাঙৰ ডাঙৰ পলিথিনৰ বেগ য’ত উপহাৰেৰে ঠাঁহ খাই আছে৷ ৷ সৰু সৰু বস্তু দুটামান ল’বলৈ ওচৰৰে কচমেটিকচৰ দোকানত সোমাই দেখিলো ইমান ভিৰ ৷ বাপৰে ইমান দামী দামী বস্তু শিক্ষক দিৱসৰ বাবে লৈছে আচৰিত হ’লো ৷ ভাবিলো দিনবোৰ সলনি হৈছে নে আমিবোৰ ? আমাৰ মানসিকতাবোৰ মানে কি হৈছে ৷কেক কাটি শিক্ষক দিৱস পালন কৰাটো এতিয়া বাধ্যতামূলক ৷সকলোৰে ডিমাণ্ড ৷ কেক কাটি ,ভাল ভাল উপহাৰ দি শিক্ষক দিৱস পতা যদি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱে দেখিলেহেতেন তেনেহ’লে তেওঁ অবাক হ’লহেতেন ৷

এজন শিক্ষক আৰু ছাত্ৰৰ মাজৰ আৱেগিক সম্পৰ্কটো অতি গভীৰ ৷দুয়োৰে মাজত মনৰ ভিতৰত থাকে গভীৰ সংযোগ। শিক্ষক এজনৰ কেৱলজ্ঞান হস্তান্তৰ কাম নহয়, তেওঁ ছাত্ৰছাত্ৰীৰ পথ প্ৰদৰ্শন, যত্ন, আৰু প্ৰেৰণাৰ উৎসও৷ছাত্ৰছাত্ৰীৰ অটল বিশ্বাসৰ গৰাকী শিক্ষক ৷এজন ছাত্ৰই যেতিয়া এজন শিক্ষকৰ ওচৰত আস্হা ৰাখে তেতিয়া তেওঁলোকে আৱেগিকভাৱে নিৰাপদ অনুভৱ কৰি ভুলটোক শিক্ষণৰ অংশ হিচাপে স্বীকাৰ কৰে ৷এই বিশ্বাসৰ বান্ধোনে ছাত্ৰসকলক মুকলি মনেৰে ভয় নোহোৱাকৈ মনৰ মাজত চলি থকা প্ৰশ্নসমূহ সমাধান কৰিবলৈ সুবিধা দিয়ে আৰু তেওঁৰ মাজত আত্মবিশ্বাস বাঢ়ে৷
উৎসাহ আৰু প্ৰেৰণাই দুয়োৰে সম্পৰ্ক বেছি মজবুত কৰে৷যেতিয়া এজন ছাত্ৰই ভাবে যে তেওঁক শিক্ষকে বিশ্বাস কৰে, তেতিয়া ছাত্ৰজনৰ নিজৰ ওপৰত বিশ্বাস বাঢ়ি যায় লগে লগে সেইয়া জীৱনৰ এটা টাৰ্নিং পইণ্ট হৈ পৰে। সেই আৱেগিক উৎসাহে ছাত্ৰজনক বাধা যেন লগা সকলোখিনি অধিক চেষ্টা কৰিবলৈ, আৰু এসময়ত অসম্ভৱ যেন লগা বস্তুটো লাভ কৰিবলৈ উৎসাহিত কৰে৷

সন্মান দুয়োটা সম্পৰ্কতে থাকে ৷যদি এজন শিক্ষকে ছাত্ৰৰ ব্যক্তিত্বক সন্মান কৰে তেতিয়া আকৌ যদি ছাত্ৰই তেওঁৰ ভৱিষ্যত গঢ় দিয়াত শিক্ষকজনৰ অসাধ্য সাধনত গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে তেতিয়া৷এই পাৰস্পৰিক সন্মানে আৱেগিক বন্ধনক শক্তিশালী কৰে।প্ৰতিজন শিক্ষকেই নিজৰ ছাত্ৰ-ছাত্ৰীৰ সফলতাত নীৰৱে গৌৰৱ কৰে৷ কাৰণ প্ৰায় সকলো শিক্ষকে ব্যক্তিগত সংগ্ৰাম, নৈতিক মূল্যবোধ, আৰু বাস্তৱ জগতৰ প্ৰত্যাহ্বান নেওচি ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক পথ প্ৰদৰ্শন কৰে ৷

স্কুলত দিয়া এটকাৰ টিকটটো সচাকৈয়ে সেই সময়ত বৰ মূল্যবান আছিল কাৰণ বহুতে সেইটো এটকা বুলি ল’ব বিচৰা নাছিল মানে তেওঁলোকৰ বাবে টিকটটোৰ মূল্য টিকটৰ হিচাপত বেছি আছিল আৰু আমাৰ ফ্ৰকবোৰত এটা আলপিনেৰে ধৰি ৰখা সেই টিকটটো আমাৰ বাবে হয়তো শিক্ষক দিবস বুলি বহুত কিবা কিবি আছিল ৷ মই ছবি আঁকি ভাল পাইছিলো সেইবাবে বগা কাগজত ৰাতি ফুলকেইপাহ ৰং কৰি ৰাতিপুৱা স্কুলত সেই ছয়জন শিক্ষকক দিছিলো ৷এদিন আমাৰ স্কুলৰ নিলীমা বাইদেয়ে মোক কৈছিল তুমি আৰু কেইপাহ মান ফুল আঁকিবাচোন ঘৰত সৰু সৰুকৈ ৰূমালৰ বাবে ৷মোৰ সেই কথাটোত ইমান ভাল লাগিছিল যে বহুতো সৰু সৰু ফুল বনাই বাইদেউক দিছিলো ৷বাইদেউৰ এটা খুউব ধুনীয়া ফল্ডিং ছাটি আছিল ৷মই বাইদেউৰ পৰা লেজাৰত মাজে মাজে ছাটিটো লৈ এনেই এপাক ফুৰি আহিছিলোঁ ৷বাইদেউয়ে কিবা এটা অনুভৱ কৰিছিল চাগৈ তেওঁ নিজে নিজে মোক লেজাৰত দিছিল ন’হলে স্কুল ছুটীত অলপ দুৰ ছাটিতোৰ তলত সোমোৱাই লৈ গৈছিল ৷ইমান মৰম তেওঁলোকক কিন্ত্ত আমি শিক্ষক দিৱসত একো দিব পৰা নাছিলো ৷এদিন বাইদেউ আমাৰ ঘৰত আহি কেইখন মান বগা ৰূমাল লৈ আনি মোক কৈছিল ইয়াৰ পৰা এখন ৰূমাল লোৱা ৷মই অবাক হৈছিলো৷ৰূমালৰ ফুলবোৰ মই বগা কাগজত অঁকা ফুলবোৰ আছিল ৷ মোৰ কোন খন লওঁ কোনখন থওঁ তেনেকুৱা লাগিছিল ৷ হেড ছাৰৰ চাইকেলত উঠা ভাগ্য কেইজনৰ হৈছিল ৷ছাৰৰ ছাইকেলত উঠি যেতিয়া ঘৰলৈ গৈছিলো বাকীবোৰে ৰৈ ৰৈ চাইচিল ৷শুদ্ধকৈ উত্তৰ দিব পাৰিছিলোঁ বাবে চাৰে মোক ছাইকেলত লৈ গৈছিল ৷হয় ছাৰ বাইদেউ সকলে একো বিচৰা নাছিল আমাৰপৰা ৷ বিনিময়ত আমাক যি দিছিল তাৰপৰা নৈতিকতা শিকিছিলো ,অমায়িক হ’ব শিকিছিলো ৷নিয়মানুবৰ্তিতা বজাই জীৱনত আগুৱাই যাব শিকিছিলো৷

সেইদিনা বহুত বৰষুন আৰু হয়তো অলপ ঠাণ্ডাও আছিল ৷মায়ে চাদৰৰে চিলাই দিয়া ফ্ৰকটো আৰু দুদিনমান আগতে কিনা হাৱাই চেন্দেল যোৰ পিন্ধি স্কুললৈ উলাইছো ৷সৰু সৰু ভৰিকেইটা বোকাত সোমাই যোৱা বাবে চেটেপ চেটেপকৈ উঠিছে৷ বোকাৰে ফ্ৰকটো আৰু ভৰি কেইটা ফুল অঁকাৰ দৰে হৈছে ৷ জোতা নথকা নহয় কিন্তু সেইযোৰ কৰবালৈ গ’লেহে পিন্ধিব পাৰিম৷ বোকাৰ লগত ফেৰ মাৰিব নোৱাৰি চেন্দেলৰ ফিটা চিঙি যোৱাত চেন্দেলযোৰ হাততে লৈ স্কুল আহি পালো৷ চেন্দেলৰ ফিটাডাল চিঙি যোৱাৰ বাবে বৰ ভয় খাইছিলো ৷ ঘৰত বা কি কয় ৷বৰষুণত তিতা বাবে কপি আছিলোঁ লগতে লগতে ফিটা চিঙি যোৱা ভয়ে মোক ভিতৰি ভিতৰি কি যে কৰি তুলিছিল ৷ অলপ পিছতে মই ফেকুঁৰি ফেকুঁৰি কান্দিব ধৰিলো ৷মোক হয়তো দুৰৈৰ পৰা অতুল ছাৰে দেখা পাইছিল ওচৰলৈ আহি ছাৰে শুধিছিল মই কিয় কান্দিছো প্ৰথমতে কোৱা নাছিলো যদিও পিছত নতুন চেন্দেল চিঙা কথাটো গম ছাৰে স্কুলৰ ওচৰতে থকা মানুহ এজনক পঠাই দিছিল মোৰ চেন্দেলৰ ফিটা লগাবলৈ ৷ঘৰলৈ আহি যেতিয়া মাক কৈছিলোঁ মায়ে বিছনীৰে কোব দিছিল ছাৰৰপৰা চেন্দেলৰ ফিটা লগোৱা কথাটো শুনি ৷ পিচদিনা দেউতাই ছাৰৰ ওচৰলৈ আহি কিবা কৈছিল আৰু মই দুৰৈৰ পৰা মোৰ কেকোৰা চুলিখিনিৰ মাজেৰে তেওঁলোকলৈ চাই বুজিবলৈ চেষ্টা কৰিছিলোঁ কি কথা পাতিছে ৷৷তাৰ মাজতে ছাৰে কোৱা শুনিছিলো ইহঁতে কান্দিলে আমাৰ বেয়া লাগে বিশেষকৈ এই ৷মই কিবা এটা বুজিছিলো আৰু নাজানো কিয় স্কুলখন ছাৰ বাইদেউসকলক বন্ধু বান্ধৱীসকলক ভাল পাব শিকিছিলো ৷আৰু একান্ত বাধ্য ছাত্ৰী হ’বলৈ যত্ন কৰিছিলোঁ ৷চেন্দেলৰ ফিটা চিগিলেও পিন মাৰি পিন্ধিছিলো৷ তেওঁলোকৰপৰা বহুত কিবাকিবি শিকিছিলো৷

কলেজতো ভাল ছাত্ৰছাত্ৰী আছিল ৷বহুজনক সহায় কৰিছোঁ যদিও এটা ল’ৰা আছিল তাৰ দেউতাকৰ দ্বিতীয় বিবাহ হোৱাত মাহীমাকে তাক বৰ কষ্ট দিছিল ৷ল’ৰাটো বৰ ঠাণ্ডা পঢ়াশুনাটো সি বেয়া নাছিল ৷কাম কৰিব লগা হোৱা বাবে মাহীমাকৰ ভয়ত সি ফাইনেল পৰীক্ষা দিব পৰা নাছিল ৷সেইবাৰ মই পৰীক্ষা চলোৱাৰ বাবে চেছনেলৰ পিছত ফৰ্ম ফিলআপ কৰোঁতে তাৰ যাৱতীয় সকলো খৰচ দি তাক পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিছিলো ৷সি পৰীক্ষা দিয়াৰ পিছত মনটো কিবা এটা ভাল লাগিছিল ৷এদিন ৰিজাল্টও ওলাল আৰু সি মেজৰ লৈ বি এ পাছ কৰিলে৷ যা হওক শিক্ষক হোৱাৰ অনুভৱো বেলেগ ৷এই যে সি পাছ কৰিলে মনে মনে মই কাকো নোকোৱাকৈ গৰ্ব অনুভৱ কৰিলোঁ ৷

সেইদিনাও চিপচিপীয়া বৰষুণ ৷হঠাতে এখন টমটম ঘৰৰ আগত ৰখিল আৰু বস্তা এটা লৈ ল’ৰা এটা সোমাই আহিল ৷ শহুৰ দেউতাই কলে কাক বিচাৰিছা ? সি ক’লে মেম আছে নে ? লগে লগে তেওঁ মোক মাতিলে মই উলাই আহি দেখিলো আৰে ( নামটো মোৰ লগতে থাকক ) কি খবৰ ? মেম আহক না৷ক’লৈ যাম ? মেম প্লিজ আহক না ৷ সি ছাটিতো ধৰি মোক ৰাস্তালৈ লৈ গ’ল আৰু টমটমখন দেখাই ক’লে মেম এইখন মোৰ ৷আজি লৈছো আৰু আপোনাক প্ৰথম উঠাম ৷৷কি ? হয় মেম আপুনি নোহোৱা হ’লে মই বি এ পাছ কৰিব নোৱাৰিলো হয় ৷ ৷আৰু সেই বেগটোত শাক পাচলি আছে আপোনালৈ আনিছো৷ মোৰ চকু দুটি চলচলীয়া হ’ল ইমান দুৰৈৰ পৰা আহিছে সি মোক প্ৰথম টমটমখনত উঠাবলৈ ৷ মই শহুৰদেউতাৰ মূখলৈ চালো তেওঁৰ চকু দুটি উজ্জ্বল হৈ উঠিছে আৰু মোক যাবলৈ ক’লে ৷মইও তাক ৰখিব দি ভিতৰৰ পৰা উলাই আহি তাৰ টমটমত ফুৰি আহিলো দুয়োটাই কথা পাতিলো ৷আপোনপাহৰা হৈ সি তাৰ শিক্ষকজনক ফুৰাবলৈ নিছে ৷নিজৰ ওপৰতে গৰ্ব অনুভৱ হ’ল ৷ মেম ভাল লাগিছেনে ? উম বহুত ভাল লাগিছে ৷আপোনাক এদিন কলেজলৈ লৈ যাম ৷ আৰু বহুত কিবা কিবি ..কথা ৷মোৰ কিন্ত্ত মনটো বিৰাট ভাল লাগিছে ৷সিহঁতবোৰ সৎ হৈ থাকক ৷মনবোৰ এনেকৈয়ে ভাল হৈ থাকক ৷ হওক হাজাৰ তৰাৰ মাজতো দুই চাৰিটা উজ্জ্বলি থাকক মোৰ মনৰ আকাশত ৷ সেইয়াই শিক্ষক হোৱাৰ প্ৰশান্তি ৷

ড° প্ৰীতি ৰেখা বৰা
৫/৯/২৫

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection