Back to journal
Mridu

সোৱৰণিৰ বালিচৰ ৭

*কেতিয়াবা এৰি থৈ অহা স্কুলৰ সেই ভাল লগা দিনবোৰলৈ মনত পৰেনে? এল পি স্কুল , হাইস্কুলৰ সেই ভাল লগা দিনবোৰৰ কথা মনত পৰাৰ লগে লগে মনটো কিবা এটা বুজাব নোৱাৰা অনুভূতিৰে শিহৰিত হৈ পৰে৷ আছলতে সেয়াই হ'ল পঢ়ি অহা স্কুললখনৰ প্ৰতি থকা আমাৰ আবেগ৷স্কুল আমাৰ বাবে মন্দিৰৰ দৰে আছিল য'ত আমি জ্ঞান লাভ কৰিছিলো ৷স্কুলৰ সেই সোণোৱালী দিনৰ অভিজ্ঞতা কোনে পাহৰিব পাৰে? শিক্ষক শিক্ষয়ত্ৰীসকলৰ মৰমবোৰ ,তেওঁলোকে দিয়া শিক্ষা নীতিশিক্ষাবোৰ৷ তেওঁলোকৰ আমাৰ প্ৰতি থকা আস্হাই আমাক হয়তু আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাইছিল৷ স্কুলত পঢ়ি থকাৰ সময়তেই ছাৰ বাইদেউসকল আমাৰ ঘৰলৈ আহি মা দেউতাক লগ কৰিছিল আমাৰ পঢ়া শুনাৰ কথা বতৰাও পাতিছিল৷ তেওঁলোকে বিনা দিদ্ধাই মা দেউতাৰ আগত আমাৰ কথা পাতিছিল৷অবশ্যে আমিবোৰে কথা শুনিছিলো বাবে তেওঁলোকৰ আমাৰ ওপৰত কোনো ওজৰআপত্তিও নাছিল৷তেওঁলোকক শ্ৰদ্ধা কৰিবলৈ আমাক কোনেও শিকোৱা নাছিল এনেকুৱা শিষ্টাচাৰসমূহ আমাৰ মাজত আছিল৷সকলো কথাই যে মা দেউতাই শিকাব লগা হৈছিল তেনে নহয়৷বহু কথাৰ আত্মউপলব্ধি আমি নিজে নিজেও কৰিছিলোঁ৷ কাৰণ সেই সময়বোৰত আমি ঘৰৰ মানুহখিনিৰ লগত বিভিন্ন বিষয়ত কথা বতৰা ,কিতাপ পঢ়া ,লগৰীয়াৰ লগত খেল ধেমালিকে ধৰি বিভিন্ন বিষয়বস্তুৰ চৰ্চা কৰা ,ওচৰ চুবুৰীয়া বা সম্বন্ধীয় লগত থকা সম্পৰ্কবোৰৰ পৰা বহুত কথা শিকাৰ লগতে আত্মউপলব্ধি কৰিবলৈ শিকিছিলো আৰু বুজিছিলোঁ ৷সকলোবোৰ মা দেউতাই শিকাব লগা হোৱা নাছিল৷সেইবাবে শিক্ষকক শ্ৰদ্ধা কৰা ,তেওঁলোকক দেখিলে নম্ৰভাৱে আমাৰ শ্ৰদ্ধা নিবেদন কৰা আদিবোৰ স্বতঃস্ফুৰ্তভাৱে হৈছিল৷তেওঁলোকক ভয় কৰাৰ মূলতে আছিল তেওঁলোক আমাৰ শ্ৰদ্ধাৰ ব্যক্তি বুলি আমি ভাবি লৈছিলোঁ ৷ মা দেউতা বা ঘৰৰ বাকি সদস্যসকলোকো একেদৰে ভয় আৰু শ্ৰদ্ধা কৰিছিলো ৷আমি লগ পোৱা শিক্ষকসকল সকলো একে নাছিল৷তাৰে মাজতে কিছু কিছু শিক্ষকে আমাৰ লগত দুই এটা কথা পাতিছিল,কিছু কিছু শিক্ষকে কথা পতাটো দুৰৰে কথা একো কামতে সহযোগ কৰা নাছিল৷কিন্তু তেওঁলোকৰ প্ৰতি মনত কিবা বেলেগ ভাৱ (বেয়া পাওঁ)অহা নাছিল ৷ আমি তেওঁলোকক ভয় কৰিছিলোঁ আৰু তেওঁলোকক আমি শ্ৰদ্ধাও কৰিছিলোঁ৷কেৱল যে স্কুলতহে সেইটো নহয় এনেকৈয়ে আমি কলেজৰ দেওনাও পাৰ কৰিছিলোঁ৷ যিসকল ছাৰ বাইদেউক জীৱনত লগ পাইছিলোঁ তেওঁলোকৰ মৰম ,আশীৰ্বাদ আৰু সহযোগে জীৱনত যথেষ্টখিনি প্ৰভাৱ পেলাইছিল৷ স্কুলৰ দিনবোৰ আছলতে নষ্টালজিক স্মৃতিৰ ভঁৰাল ৷ মহেন্দ্ৰ বৰুৱা প্ৰথমিক বিদ্যালয়ত আগতে বগা দাড়িৰ এজন খুড়া আছিল ৷তেওঁ স্কুলখনৰ ছোৱা চিতাৰ দায়িত্বত আছিল৷ চুটিকৈ ধূতি পিন্ধা সেই মানুহজনক দীঘল দাড়িখিনিৰে সন্যাসী যেন লাগিছিল৷ বৰ মৰমীয়াল আছিল তেখেত৷ প্ৰি প্ৰাইমাৰী শ্ৰেণীত নাম লগাই দিয়াৰ পিছত সৰুতেই স্কুল আহিবলৈ পাই মনতো ভাল লগা নাছিল৷ স্কুললৈ যোৱাৰ আগমূহূৰ্তত সদায় মনতে পেটৰ বিষে উকমুকাই উঠিছিল ৷ কেইবাদিনো এনেকৈ নাটক কৰাৰ পিছত স্কুল যাবলৈ মানা কৰিলেও সদায় এই সুবিধা পোৱা নাছিলো৷এদিন এইদৰে স্কুল পঠাওঁতে স্কুলৰ পিছফালে থকা সৰু বাউণ্ডেৰি ৱালখন পাৰ হৈ ওচৰতে থকা আমাৰ পি ডব্লিউ কলনিৰ কোৱাৰ্টাৰ পালোহি৷অলপ পিছতে স্কুলৰ প্ৰি প্ৰাইমেৰী শ্ৰেনীত হাহাঁকাৰ লাগিল আৰু সেই বগা দাড়িৰ খূড়াজনে ঘৰলৈ আহি ছোৱালীজনী ঘৰ পালেহি নেকি খবৰ লবলৈ আহিল৷ তেওঁক দেখি ইমান যি ভয় লাগিছিল৷ সেইদিনা মায়ে মোক স্কুলত নগলে কি হ'ব বুজাইছিল৷ দুপৰীয়া দেউতাইও কথাখিনি শুনি হেডছাৰক লগ ধৰি কৈ আহিছিল৷দুদিনমান পিছত দেউতাৰ লগত ওলাই যাওঁতে এজন ছাৰৰ লগত দেউতাৰ মুখামুখি হোৱাত মোৰ কথাটো আকৌ ওলাল৷তেওঁ মোৰ ফালে পোন্দোৱাঁকৈ ছাই মোক কৈছিল আৰু এনেকুৱা কৰিবিনে? জীৱনৰ শিক্ষা তেতিয়াই হয়তু পাইছিলোঁ৷ প্ৰি প্ৰাইমেৰীত স্কুল গৈ ভাল নোপোৱা মইজনীক স্কুল যাবলৈ প্ৰেৰণা যোগোৱা মানুহজন আছিল সেই বগা দাড়িৰ খূড়াজন৷ আমাৰ লগত বহুত খেলিছিল সেই সৰু ৰূমটোতে৷ কেইবাটাও আলমাৰিৰ মাজত

মাত্ৰ তিনিখন ডেক্স বেঞ্চ৷আমি খেলনা বস্তুৰে চাহ ,ভাত দালি বনাইছিলো তেওঁ খাইছিল৷আৰু মোক সদায় কৈছিল তোমাৰখিনি বৰ ভাল হৈছে৷সেই যে বৰ ভাল হৈছে কথাষাৰ শুনিবলৈ হয়তু মোৰ ভাল লাগিছিল৷ দেউতাৰ ট্ৰেন্সফাৰ হোৱাৰ বাবে যেতিয়া গুচি যাব লগা হৈছিল নতুন স্কুলখনতো মোৰ কণমানি মনটোৱে তেনেকুৱা এজন মানুহ বিচাৰি ফুৰিছিল৷ নতুন স্কুলখনতো ছাৰ বাইদেউসকলৰ লগত ইমান আত্মীয়তা গঢ়ি উঠিছিল যে তেওঁলোক আমাৰ ঘৰলৈও অহা যোৱা কৰিছিল৷
সেই সময়ত মোৰ এটা ঘটনাই মনত প্ৰভাব পেলাইছিল৷ আমাৰ দেউতা অলপ খঙাল মা আকৌ বুজি পাই৷ এদিন দুয়োজনৰ মাজত কথাত কটাকটি হোৱাত মায়ে মনত কষ্ট পাইছিল৷ সেই সময়বোৰত অসমত আন্দোলন চলি আছিল৷ দেউতাহঁত প্ৰায় ৰাতি ঘৰত নাথাকে৷এইবোৰ লৈয়ে অলপ কথাৰ কটাকটি হৈছিল৷ মাৰ তেতিয়া দেউতাক লৈ চিন্তা হৈছিল যাতে আন্দোলনত লাগি লাগি দেউতাৰ চাকৰিটো নাযায়৷ দেউতাৰ কিবা কথাত মায়ে খঙ অভিমানতে কৈছিল যে মই নগাঁওতে থাকিমগৈ৷ মোৰ তেওঁলোকৰ মাজৰ কাজিয়াখনৰ এই কথাটোৱে মনত আঘাট কৰিছিল৷ তেতিয়া মোৰ মনে বাকি কথাবোৰ বুজি পোৱা নাছিল৷ ৰাতিপুৱা আকৌ একে ৰুটিন লৈ স্কুলত গৈ এক অজান আকাঙক্ষাত বুকুখন দুৰুদুৰুকৈ কপিছিল জানোচা স্কুলৰ পৰা গৈ পাই মাক ঘৰত নেদেখোঁ৷ লাহে লাহে মই স্কুলতে কান্দিব ধৰিলোঁ৷ আমাৰ হেড ছাৰ আছিল কনক চন্দ্ৰ গায়ন ছাৰ ৷ তেওঁলোকে মোক বৰ মৰম কৰিছিল৷ এনেকৈ প্ৰথমবাৰ স্কুলত কান্দি থকা দেখি ওচৰলৈ মাতি নি সোধাত মইয়ো গোটেই কথাখিনি কোৱাত তেওঁ ডাঙৰকৈ হাঁহি মোক কৈছিল মাক দেউতাকে সন্তান এৰি ক’তো যাব নোৱাৰে৷ এটা শক্তিয়ে বান্ধি ৰাখে ৷স্কুল চুটি হ’লে মইও যাম তোমালোকৰ ঘৰলৈ তোমাৰ লগত৷ কি শক্তি বুজা নাছিলোঁ যদিও হেড ছাৰৰ কথাখিনি মোৰ মগজত ৰৈ গৈছিল – “মাক দেউতাকে সন্তান এৰি ক’তো যাব নোৱাৰে৷”৷সেই কথাষাৰে মোৰ মনত এক সাংঘাতিক বিশ্বাস গঢ়ি তুলিছিল৷ স্কুল চুটিৰ পিছত হেডছাৰৰ চাইকেলখনত যেতিয়া মই বহি ঘৰলৈ গৈছিলো সকলো ছাত্ৰছাত্ৰীয়ে আমাক ৰৈ ৰৈ চাইছিল৷ তেনেকৈ চোৱা দেখি মই মই গৰ্ব অনুভৱ কৰিছিলোঁ৷ ধেমালি কথানে ,হেডছাৰৰ চাইকেলত বহিব পৰাটো! হেডছাৰৰ চাইকেলখনত কেইজন ছাত্ৰছাত্ৰী বহিব পাৰে? ঘৰলৈ গৈ মাক সন্মুখৰ বাৰাণ্ডাতে বহি থকা দেখি সাৱতি ধৰিছিলোঁ৷ মায়ে ছাৰক দেখি অপ্ৰস্তুত হৈছিল৷ছাৰে মাক কৈছিল বৰানী আপুনি এইজনীক কি কৈছিলে তাই স্কুলত আজি কান্দিয়েই থাকিলে৷ছাৰে অলপ সময় বহি মাক হয়তো কিবা কৈছিল৷মোৰ সেইফালে মন নাছিল ৷মোৰ বহুত স্ফুৰ্তি লাগিছিল মাক দেখি আৰু ছাৰৰ চাইকেলত আহোঁতে সকলোৱে ৰৈ ৰৈ চোৱা দেখি৷ কেইদিনমান পিছত দেউতাও এদিন স্কুললৈ গৈ ছাৰ বাইদেউসকলক লগ পাই আহিছিল৷ শিক্ষক ছাত্ৰৰ সম্পৰ্কবোৰ আছলতে এক মৰম আৰু ভক্তিৰ পাৰস্পৰিক বুজাবুজিৰ সম্পৰ্ক হ’লে ভাল৷ তেওঁলোকে কিবা কাৰণত গালি পাৰিলেও আমাৰ দিনত কোনেও প্ৰতিশোধমূলক আচৰন কৰিবলৈ আগবাঢ়ি অহা নাছিল৷

পঞ্চম শেনীত পঢ়োতে হিন্দী বিষয়টো মই বুজিবলৈ বৰ টান পাইছিলো ৷আৰু যি গৰাকী বাইদেৱে পঢ়াইছিল বুজিবলৈ অসুবিধা পাইছিলো৷ হ’ম ৱৰ্ক নকৰাৰ ফলত এদিন এচাৰিৰে ভৰিত পিটিছিল৷সৰু সৰু বগা ভৰিকেইটা এচাৰিৰ মাৰত ৰঙা পৰি চিন বহিছিল৷ঘৰত আহি পাওঁতে মায়ে হাত ভৰি ধুৱাওঁতে সেই চিন কেইটা দেখি কিয় মাৰ খালি বুলি সোধাত মাৰ পৰা সমবেদনা ল’বলৈ যাওঁতে বাহিৰৰ পৰা ৰূমৰ ভিতৰলৈ আনি যেতিয়া হ’ম ৱৰ্ক নকৰা বুলি জানিছিল তেতিয়া মোৰ অবস্থা কি হৈছিল নকওঁ আৰু ৷মাৰ পৰা পিটন খাই সেই সময়তেই কান্দি কান্দি হ’মৱৰ্ক শেষ কৰোঁতেহে ৰক্ষা পৰিছিলোঁ আৰু সেইয়া গোটেই জীৱনৰ বাবে শিক্ষা হৈ গৈছিল৷ আমিবোৰে স্কুলত এইদৰে শিক্ষকৰ পৰা পিটন খাই অহাৰ কাৰণটোহে আমাৰ ঘৰৰ মানুহৰ বাবে ডাঙৰ কথা আছিল৷ ওলোতাই তেওঁলোকে কিয় পিটিব বুলি শুধিব যোৱা নাছিল৷

. জীৱনত হোৱা এনেকুৱা ঘটনাবোৰে আমাক বহুত কথা শিকাই থৈ যায় ৷ এই নষ্টালজিক স্মৃতিবোৰ মোৰ বিদ্যায়তনিক জীৱনৰ এটা এটা বিশেষ সময় যিয়ে মোক প্ৰতিটো বছৰক নতুনকৈ গঢ় দিছিল উপলব্ধি কৰিবলৈ আৰু নিজকে সচেতন হ’বলৈ সেইবাবেই হয়তো এইবোৰ মোৰ স্মৃতিৰ কোণত চিৰদিনৰ বাবে থাকি গ’ল৷ পঢ়া শুনা শেষ কৰি যেতিয়াই প্ৰথম বাৰ এখন প্ৰাইভেট কণিষ্ঠ মহাবিদ্যালয়ত শিক্ষকতা কৰিছিলোঁ তেতিয়া ইউনিট টেষ্টাৰবোৰৰ ৰিজাল্ট দিওঁতে কম নম্বৰ পোৱা ছাত্ৰছাত্ৰীক পিটিছিলো হাতত ৷জোৰতকৈ নহলেও অলপ দুখ পোৱাকৈ যাতে প্ৰতিটো চাবজেক্ট ভালকৈ পঢ়ে৷ সেই সময়ত কোনোবাই মনত বেয়া পাইছিল যদিও ক্লাছৰ সময়ত বুজাইছিলো কাৰণ মনটো মোৰো ভাল লগা নাছিল৷সিহঁতৰ মাক দেউতাকৰ লগত কথাও পাতিছিলোঁ৷ কোনেও আমাক ষোল্ল বছৰীয়া ল’ৰা ছোৱালীকেইটাক কিয় পিটিছিল বুলি আপত্তি কৰা নাছিল৷বৰঞ্চ ভাল পাইছিল আৰু সিহঁতৰ খবৰ ৰাখিছিল ৷পিছত লাহে লাহে সিহঁতবোৰ মোৰ বৰ মৰমৰ হৈ পৰিছিল ৷ৰিজাল্ট দিয়াৰ দিনা সিহঁতে মোৰ ওচৰলৈ আহি আমাৰ ঘৰত বহুত স্ফুৰ্তি কৰিছিল৷সিহঁতৰ স্ফুৰ্তিবোৰ দেখি মোৰ মনটো বৰ ভাল লাগিছিল৷ বহুত দিনৰ পিছত এদিন ট্ৰেইনত দুজন ছাত্ৰক লগ পাওঁতে মোৰ ওচৰলৈ আহি শুধিলে মেম চিনি পাইছেনে এইবুলি ভৰিখন চুলে ৷মই বুলো কি কৰিছা এইবোৰ৷ দুয়োটাকে ওচৰত বহিবলৈ দিলো সিহঁতে ক'লে মেম আমি…..ৱাহ ইমান ডাঙৰ হ’লা তোমালোক ৷আমি সকলোৱে বহুত কথা পাতিলো ৷ কথাৰ মাজতে সিহঁতে ক’লে মেম আপুনি যে আমাক মাৰিছিল মনত আছেনে? অ দেহি মইনো এনেকুৱা কৰিছিলোঁ নে বুকুখন মুচৰ খাই গ’ল৷।মই বাৰু তেনেকুৱা কৰিব পাৰিছিলোঁ নে?কি কম ভাবি কিবা এটা কোৱাৰ আগতেই সিহঁতে আকৌ ক’লে আপুনি তেতিয়া হাতত মাৰিছিল বাবেই ভালকৈ পঢ়িছিলোঁ সেইবাবেই চাগৈ ভালকৈ পাছ কৰিছিলোঁ৷ওচৰতে বহি থকা দুয়োটা ডেকা ল’ৰাৰ মুখলৈ মই ৰ লাগি চাই আছিলোঁ৷চকু কেইটা মোৰ চলচলীয়া হৈছিল মন গৈছিল সিহঁতৰ হাত দুখন মই চুই চাওঁ মই বাৰু সেইদিনা জোৰকৈ মাৰিছিলো নেকি! কাষতে বহি থকা মোৰ হাছবেণ্ডক সিহঁতে কৈছিল ছাৰ প্ৰীতিমেমক আমি বৰ ভাল পাইছিলো৷ আমাক বুজি পাইছিল সেইবাবে মেমক আমি পাহৰিব নোৱাৰোঁ৷তেওঁ কৈছিল ছাত্ৰ আৰু শিক্ষকৰ সম্বন্ধবোৰ এনেকুৱাই হয়৷ট্ৰেইনৰ পৰা নামোতে সিহঁতে কৈছিল মেম আশীৰ্বাদ কৰিব৷ তেওঁলোকৰ প্ৰতি আশীৰ্বাদ সদায় আছে আৰু থাকিবও যিদৰে আজিও আমি আমাৰ শিক্ষা গুৰু সকলক লগ পালে চৰণ চুই আশীৰ্বাদ লওঁ৷

এদিন কলেজত কিবা এটা বৰ্ডত বুজাই থাকোঁতে কেইটামান ল’ৰাই কথা পাতি থকা দেখি বাৰে বাৰে মানা কৰাৰ পিছতো একেই কৰি থকাৰ পিছত মোৰো মনটো বেয়া লাগিল ফলত মনোযোগ নাইকিয়া হোৱা বাবে সিহঁতক কিবা এটা কবলৈ লৈ আজি আৰূ বুজাব নোৱাৰিম বুলি কৈ চকীখনত বহি গৈছিলো৷ হয় কেতিয়াবা আমাৰো বেয়া নলগা নহয়৷ মই তেনেকৈ বহি যোৱা বাবে ক্লাছটো নিস্তব্ধ হৈ গৈছিল৷মোৰ মনটো সচাকৈয়ে বেয়া লাগিছিল৷অলপ সময়ৰ পিছত বাকীবোৰ ক্লাছ কৰি ডিপাৰ্টমেণ্টত বহি থাকোঁতে সিহঁতে মোক মাতি ক্লাচ ৰূমলৈ লৈ গৈছিল আৰু সকলোৱে একেলগে কৈছিল ছৰি মেম৷পিছফালে বৰ্ডখনত লিখি থৈছিল SORRY MA’AM.ইমান যে মৰম লাগিছিল সিহঁতলৈ৷ক্লাছ শেষ হোৱাৰ পিছত ৰূমটোলৈ গৈ একপি ফটো তুলি থৈছিলো৷
কেতিয়াবা পাছ কৰি যোৱা ল’ৰা ছোৱালীবোৰে বাটত লগ পালে ইমান ভাল পায়৷দৌৰি আহে লগ পাবলৈ৷এবাৰ আমি ছাত্ৰছাত্ৰীক এক্সকাৰ্ছন লৈ যাওঁতে সকলোৱে কথা পাতি থাকোঁতে টি টি জনে ল’ৰা ছোৱালীবোৰ সকলোৱে চিটৰ তলে ওপৰে বহি থকা দেখি আৰু সকলোৱে আমাৰ লগত হাঁহি স্ফুৰ্তি কৰি থকা দেখি তেওঁও নষ্টালজিক হৈ পৰিছিল৷কামৰ মাজতে তেওঁ আমাৰ ওচৰতে অলপ সময় বহি কৈছিল , ’আপোনালোকক দেখি মোৰ এৰি অহা দিনবোৰ মনত পৰি গৈছে৷সেই সোণোৱালী দিনবোৰ কেতিয়াবাই এৰি আহিলোঁ ৷আমাক পঢ়োৱা শিক্ষকসকল আছে নে নাজানো,মা দেউতাই একো নাজানিছিল যি শিকিছিলো শিক্ষকসকলৰ পৰাই শিকিছিলোঁ৷ছাত্ৰ জীৱনত মৰমীয়াল শিক্ষক লাগে৷ এইবাৰ পাৰিলে গাওঁখনলৈ যাম মোৰ শিক্ষাগুৰুসকলক লগ পাম,মই পঢ়া স্কুল কলেজ যাম৷’ সকলোৰে আগত মোক কৈছিল আপুনি কিন্তু এনেকৈয়ে থাকিব মেডাম৷’মানুহজনৰ কথাবোৰ মনত ৰৈ গৈছিল৷সকলোৰে মনবোৰত আচলতে ছাত্ৰজীৱনৰ কিছু কথাই আমনি কৰি থাকে৷

এটা বয়সত বহুত ল’ৰা ছোৱালীয়ে কিবা ভাল কথা ক’লে বেয়া পায়৷ জ্ঞান দিয়া বুলি ভাবে৷সকলো যে তেনেকুৱা তেনে নহয়৷যিসকল অলপ উচ্ছৃঙ্খল তেওঁলোকক আচলতে কাউন্সিলিঙৰ প্ৰয়োজন৷মাদক দ্ৰব্য সেৱনৰ ফলতো এনে উচ্ছৃঙ্খলতা ,খঙ ,অবাধ্যতা দেখা যায়৷ আজিৰ দিনত দুয়োজনে কামত ব্যস্ত হ’ব লগা হ’লে অকলশৰীয়াকৈ থকা সন্তানসকলৰ জীৱন বোৰ ব্যস্ততাৰে পৰিপূৰ্ণ কৰি ৰাখিব পাৰিলে ভাল হয়৷ আজিকালি সন্তানসকলে অভাব কি অনুভৱ কৰিবলৈ নাযানে কাৰণ সকলোবোৰ আগতেই পায় যায় ৷যাৰ ফলত সিহঁতৰ এটা এটা ইচ্ছা পূৰণ হৈ থাকে৷ ঘৰখনৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ থাকিলে আমাৰ মনবোৰো ঠেক হৈ গৈ থাকে ৷আমি আমাৰ সন্তানসকলক যদি সমাজখনৰ পৰা আঁতৰাই ৰাখোঁ তেনেহলে সিহঁতে ব্যৱহাৰিক আৰু প্ৰায়োগিক জীৱনৰ জটিলতাবোৰ নিশিকিব৷ প্ৰতিশোধমূলক আচৰণ দেখিলে তেওঁলোকৰ লগত মুকলিকৈ কথা পাতি প্ৰয়োজন হ’লে ডক্টৰৰ পৰামৰ্শ ল’ব লাগে৷ অতিমাত্ৰা সংবেদনশীল হোৱাও বেয়া৷ কিবা কথাত অন্তৰত আঘাট পালেও কথাবোৰ মনতে লৈ নাথাকি মুকলিকৈ অভিভাৱকৰ লগত কথা পাতিব লাগে৷আমিও সিহঁতৰ লগত বন্ধুত্ব ভাব ৰাখি মনৰ ভিতৰত চলি থকা কথাবোৰ জানিবলৈ চেষ্টা কৰা উচিত৷
আজিৰ নৱ প্ৰজন্ম আমাতকৈ বহুত আগবঢ়া সকলো ক্ষেত্ৰতে৷ তেওঁলোকে যদি ছাত্ৰ জীৱনত এজন মেন্টৰ পায় তেনেহ’লে তেওঁলোকে জীৱনত আগবাঢ়ি গৈ লক্ষ্যত উপনিত হোৱাত কোনেও বাধা দিব নোৱাৰিব৷বৌদ্ধিক ক্ষেত্ৰৰ বিকাশত শৈক্ষিক ক্ষেত্রখনে যি ভূমিকা গ্ৰহণ কৰে তাৰ অবিহনে অবিহনে আমাৰ জীৱন অর্থহীন। ছাত্ৰ জীৱনত গুৰু আৰু শিষ্যৰ মাজত এক পৱিত্ৰ সম্পৰ্ক থকা উচিত৷ শিক্ষকসকলৰ অতিমাত্ৰা ক্ৰোধেও ছাত্ৰ শিক্ষকৰ সম্পৰ্কত বাধাৰ প্ৰাচীৰ হৈ পৰে৷ সকলো ছাত্ৰছাত্ৰী সমান নহয় গতিকে শিক্ষকসকলে সেই কথাটো অনুধাৱন কৰিব লাগিব৷ বহু ক্ষেত্ৰত দেখা পোৱা যায় যে ছাত্ৰছাত্ৰীসকলেও শিক্ষকক তেওঁলোকৰ সামান্যতম ব্যৱহাৰত অসন্তুষ্ট হৈ অৱমাননা , অপদস্থ কৰিবলৈ কুণ্ঠাবোধ নকৰে ৷ বহু ছাত্ৰছাত্ৰীয়ে শিক্ষকৰ প্ৰতি কোনোধৰণৰ সন্মান প্ৰদৰ্শন কৰিব নোখোজে ৷এনে অসন্মান সূচক ব্যৱহাৰৰ ফলত দুয়োৰে মাজত থকা সম্পৰ্কত ঘূণে ধৰিবলৈ ধৰে৷

কেতিয়াবা ছাত্ৰ জীৱনটো নতুনকৈ উপভোগ কৰিব পোৱা হ’লে প্ৰাইমাৰী স্কুলৰ হেডছাৰজনৰ ওচৰত আকৌ গলোহেতেন যিজনে বাস্তৱ জীৱনৰ কঠিন উপলব্ধিবোৰ কৰিবলৈ শিকালেহেতেন৷ হিন্দী বাইদেউ গৰাকীৰ ওচৰত গলোহেতেন যাৰ চেকনীৰ কোবত জীৱনৰ নিয়মানুবৰ্তিতা শিকিব পাৰিলোহেতেন৷আৰু সেই প্ৰি প্ৰাইমেৰী শ্ৰেণীৰ বগা দাড়িৰ খূড়াজনৰ নিচিনা মানুহ হয়তু মোৰ দৰে প্ৰতিজন
ছাত্ৰৰে স্কুলৰ জীৱনৰ প্ৰথম খোজৰ প্ৰথম পচন্দ ৷*

ড° প্ৰীতি ৰেখা বৰা
১০/০৭/২৪

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection