কেতিয়াবা যে শৈশৱৰ সৰু সৰু কথাবোৰে এতিয়া বৰ আমনি কৰে । ভগৱানক লগ পোৱা হ’লে কলোহেতেন মোক এদিনৰ বাবে হ’লেও মোৰ শৈশৱতো ওভতাই দিয়াচোন। এদিন অন্তত হেপাঁহ পলোৱাই চাই লওঁ মোৰ সোনোৱালী শৈশৱতো….***জোনাকী পৰুৱাবোৰৰ পিছে পিছে ঘূৰি সেইবোৰ বটলত ভৰাই আন্ধাৰ ৰূমত থৈ দিছিলো ভাবিছিলো ৰূমতো পোহৰাই তুলিব কিন্ত্ত বন্ধ বটলত অক্সিজেনৰ অভাৱত সিহঁতৰ জোনাকী পোহৰবোৰ স্মিত হৈ পৰাতহে বুজি পাইছিলোঁ কি কৰিলোঁ বুলি । লাহে লাহে সিহঁতক ধৰি কেইবাতাও হোৱাৰ পিছত একেলগে এৰি দিছিলোঁ তেতিয়া এযোৰ মৰমলগা চকু আৰু এখনি নিস্পাপ মূখে সিহঁতৰ কোনটো কোনফালে উৰিছে তাক নিৰিক্ষণ কৰি আনন্দ পাইছিল । এতিয়াৰ দৰে মোবাইল থকা হ’লে সেই মূখখনৰ ফটো তুলি থলোহেতেন।********* গধুলি দেউতা অহাৰ আগতেই মাৰ লগত ভগৱানৰ ওচৰত ‘তুমি চিত্ত’গাই পঢ়াৰ টেবুলত বহি থাকোঁতেই দেউতাই লৈ অনা বাদাম খাওঁ আৰু শেষ হোৱাৰ লগে লগে আকৌ মাৰ ওচৰলৈ গৈ মাৰ ভাগৰো বাদাম লৈ আনি খাওঁ তাৰ যে মাদকতাই বেলেগ আছিল ….আজি যেতিয়া মা দেউতালৈ কিবা লৈ যাওঁ দেউতাই যদি শুধে মোলৈ কি আনিছা? মনতো পুলকিত হৈ পৰে সেই দিনবোৰৰ কথা ভাবি… যে ৫ টা বাজিছে দেউতা আহিব অফিচৰ পৰা এতিয়া আমালৈ কি বা আনে আজি … দেউতা অাহিলে আগ্ৰহেৰে দেউতাৰ হাতকিখনলৈ চাই পঠাইছিলোঁ…..আজি বৰষুণৰ বতৰত মনতো যেন কৰবালৈ দৌৰ মাৰিছে। হঠাতে আজি মোৰ উইং চাং ফাউনটেন পেনটোলৈ বৰ মনত পৰিছে ।শৈশৱত সেই পেনটো লবলৈ বহু যুঁজ্ কৰিব লগা হৈছিল কাৰণ হাতৰ আখৰ ভাল হ’লেহে সেই পেন পোৱাৰ যোগ্যতা আছিল । আৰু চিয়াঁহিৰ সেই বটলতো?চিয়াঁহি উলাই থকা পেনটোৰ চিয়াঁহীয়ে যেতিয়া দুয়োটা আঙুলিৰ বাহিৰেও মাজৰ আঙুলিতো নীলা কৰি পেলাইছিল তেতিয়া মনতে গুণাগুঠা কৰিও পাত্তা পোৱা নাছিলোঁ যে কোনফালে কি হৈ আছে । নিৱখন বেয়া হৈ গ’লেও বেঞ্চত অলপ সন্মূখৰ ফালে বেঁকাকৰি হ’লেও লিখিছিলোঁ । চিয়াঁহি ওলালেও সদাই লিখি থকা পেনটো বৰ মৰমৰ আছিল । দৌৰ মাৰি দমকলৰ ওচৰলৈ গৈ ঢালাই কাপোৰ ধোৱা চাবোনেৰে কলৰ মূখখনত ঘঁহি ঘঁহি হাতখন ধুইছিলো।কাৰন ঘৰত টেপৰ পানী পিচতহে আহিছিল। তথাপিতো কিন্ত্ত নীলা ৰঙে লগ এৰা নাছিল। পেনটোত নিউজ পেপাৰ দি মেৰিয়াই থৈছিলোঁ।চাৰিওজনীয়ে পঢ়া শুনা কৰোঁতে প্ৰায়েই চিয়াঁহি শেষ হৈ গৈছিল। প্ৰায় সদায় ৰাতি মনত পৰি হাহাকাৰ অবস্থা হৈছিল আৰু ৰাতিয়েই ওচৰৰ দোকান দৌৰিব লগা হৈছিল।এফালে মাৰ গালি আৰু আনফালে কোন দোকানলৈ যাব তাৰ তৰ্ক। শেষত দৌৰ মাৰিব লগা হৈছিল মোৰ কাৰণ চিয়াঁহিৰ বেছি প্ৰয়োজন মোৰ আছিল।🤗*******আমাৰ ঘৰৰ ৰাস্তাতো আজিৰ দৰে তেতিয়া ইমান ভাল নাছিল। বৰষুনৰ বতৰত যি যেনেকৈ পাৰিছিল নিজৰ সুবিধা মতে নিজৰ ঘৰলৈকে ইটা পাৰি লৈছিল তথাপিতো জোৰত বৰষুন দিলে গলিটোত পানী হৈছিল।ওচৰত পথাৰ থকা বাবে ক’ৰপৰানো জানো ল’ৰা ছোৱালী এসোপামান আহি আমাৰ ঘৰৰ কাষতে বৰশী বাই মাছ ধৰিছিল। শামুক মাৰি তাৰ মঙহবোৰ চিকুটি চিকুটি বৰশীত টোপ বনাই মাছ ধৰিছিল । সিহঁতৰ আঙুলিবোৰৰ নখবোৰ ক’লা হৈ দেখাত কিবা ৰূপ লৈছিল।মোৰ আছলতে এইবোৰ পৰিবেশ খুউব ভাল লাগিছিল । নিজে কোনোদিন নোপোৱা এই পৰিবেশবোৰত নিজে নিজে বিলীন হৈছিলোঁ।স্কুল বন্ধ হ’লে ক’ব নোৱাৰাকৈয়ে সেই চিনি নোপোৱা ল’ৰা ছোৱালীজাকলৈ অপেক্ষা কৰিছিলোঁ।গাত কাপোৰ কানি নথকা ,চেন্দল নিপিন্ধা আৰু ছোৱালীবোৰেও চুটি চেমিজ পিন্ধি কেনেকৈ ৰাস্তাদি আহিছিল আমি ভাবিবই পৰা নাছিলোঁ।সিহঁতে জাক বান্ধি অহাৰ লগে লগে মনতো স্ফুৰ্তিত সাতখন আঠখন কৰিছিল।তাৰে দুটামানক মৰ্টন, বিস্কুট দি হাত কৰি লৈছিলোঁ আৰু বৰশী বাৱ শিকিছিলো। মৰা শামুকৰ গেলা গোন্ধতোও লাহে লাগে মোৰ ভাল লগা হৈ আহিছিল। সিহঁতৰ লগত একাঠু পানীত নামিবলৈও ভয় লগা নাছিল।জোকৰ ভয়ত পানীত ননমা মোক সিহঁতে ভৰিত তেল সানি থবলৈ কৈছিল। লাহে লাহে নিজে শামুক মাৰি টোপ বনাৱ পৰাও হৈছিলোগৈ ঘিণ লগা নাছিল কিন্ত্ত সিহঁতৰ নিচিনাকৈ নখবোৰ লেতেৰা কৰিব দিব পৰা নাছিলো বা সেই কেচেমাকেচেম গোন্ধতোও হ’ব দিয়া নাছিলোঁ। ঘৰলৈ আহি কেইবা বাৰো হাত ধুইছিলোঁ। সিহঁতৰ পৰা বৰশী কিনিছিলোঁ ।বৰশীৰ কাটাডালত চাৰিঅনা লৈছিলে । ঘৰত গালি খাইছিলো যদিও এই ভাল লগাবোৰৰ পৰা মোক কোনেও আঁতৰাব পৰা নাছিল।কিন্ত্ত হঠাতে দেউতাই বনোৱা ৬ফুট ৱালখনে মোৰ সেই স্ফুৰ্তিবোৰক তাতেই নাইকিয়া কৰি পেলালে । চাৰিওফালে সীমা নথকা ঘৰখন ৬ ফুটিয়া ৱালৰ মাজত সীমাবদ্ধ হৈ পৰিল ।বৰশী বোৱা সেই বন্ধুবোৰ চোনোৱা ,মোনোৱা ,মুন্নী , সন্ত্তষহঁতক আজিলৈকে দেখা নাপালোঁ।বৰকৈ মনত পৰে সিহঁতলৈ কেতিয়াবা ।মোৰ দৰে চাগৈ সিহঁতৰ মোলৈ মনত পৰেনে?*****🤗সেইদিনাও বতৰতো আজিৰ দৰেই আছিল । বৰষুন একদম । চিয়াঁহি নাইকিয়া হোৱাৰ বাবে হাৱাই চেন্দেলযোৰ আৰু ছাতিটো লৈ মই দোকানলৈ বুলি ওলালো লগত মোৰ উইং চাং পেনটো । মানে চিয়াঁহি বটলতো আনিমেই লগতে পেনটোত দোকানৰ খুড়াৰ বটলতোৰপৰা নিজলৈ এক পেন ভৰাইও আনিম সেই আশাতে পেনটোও হাতত। ওচৰতে অশোক খুড়াৰ দোকান । বাকীত বস্ত্ত লওঁ কিবা জৰুৰী হ’লে। সেইদিনাও চিয়াঁহি এবটল লৈ ,খুৰাৰ চিয়াঁহি বটলতোৰ পৰা পেনটোত ইঞ্জেকচনৰ চিৰিঞ্জত ভৰোৱাৰ দৰে ভৰাই আহি থাকোঁতে ঘৰ পোৱাৰ আগতে গলো পিছল খাই আৰু চিয়াঁহিৰ চিচাৰৰ বটলতো কৰবাত উফৰি খাই পৰি ভাঙি গোটেই চিয়াঁহিৰে নীলা হৈ পৰিল । আঁঠু ছাল চিঙি বোকাৰে লুতুৰি-পুতুৰি হৈ মই ঘৰলৈ আহোঁতে দেখিলো গলিতোত বহুত মানুহ । চবেই উথপথপ লগাইছে । ওচৰলৈ আহি দেখিলোঁ মাছৰ উজান উঠিছে সব ডাঙৰ ডাঙৰ কাৱৈ মাছ।মাছ দেখি মোৰো মন ৰাই জাই কৰিব ধৰিলে। ওচৰৰে ল’ৰা এটাক ঘৰৰ পৰা বাচন এটা আনিব দি দেউতাক মাতি পথাব দিলো । মোক সবেই ক’লে ঘৰত গৈ বেলেগ কাপোৰ পিন্ধি আহ মই নাই নগলো কিজানি দুটা মাছ ঘৰলৈ গ’লে কম পৰে।কাৰণ মানুহ ঢেৰ আহিছে কিছুমানৰ যে ঘৰেই উঠি আহিছে । আছলতে এইবোৰ স্ফুৰ্তি । দেউতাক দেখি মনলৈ শান্তি আহিল । দেউতাই এলুমিনিয়ামৰ চৰু এটা লৈ আনিছিল । চৰুত মাছ ভৰাই আমি ঘৰ পাই গোটেই কথা খিনি কৈ চাফা হৈ আহি জিয়ন দি থোৱা কাৱৈ মাছ কিতা আকৌ এবাৰ চাওঁতেহে মনত পৰিল অ মা মোৰ উইং চাং পেনটো…. মই কান্দিবলৈ ধৰিলোঁ । সেইতো মোৰ মৰমৰ পেন বৃত্তি পৰীক্ষাৰ টকাৰে লোৱা । কোনো পধ্যেই হেৰুৱাব নোৱাৰোঁ মই সেই পেনতো। কান্দি আছো কাক কওঁ কোন যাব এই বৰষুনত ? কাইলৈ কোনোবাই লৈ যায় যদি । উপাই বিহীন হৈ মই টিভি চাই থকা দেউতাকে ক’লো ।দুটামান গালি দিলে যদিও মোৰ কান্দি কান্দি ৰঙা পৰি যোৱা মূখখনলৈ চাই হয়তু দেউতাৰ বেয়া লাগিছিল আৰু উচুপি থকা তেওঁৰ ছোৱালীজনীক টৰ্চতো লৈ ওলাব দিলে । দুটা ছাতি লৈ হাতত টৰ্চ লৈ ৰাতিখন অকৌ চলৌপ চলৌপকৈ পানী খচি খচি মাছ ধৰা ঠাই পালোগৈ । গোটেই বিচাৰি চলাথ কৰিলোঁ মোৰ মৰমৰ পেনটো নাপাওঁহে নাপাওঁ । চকুৰ পানীৰে গাল তিয়াই ভগৱানক মাতি অৱস্থা নাই । ভগৱানক কৈছিলো আকৌ যেতিয়া বৃত্তি পৰীক্ষাৰ পইচা পাম তোমাকো কিবা এটা দিম বিদ্যা শপত খাই কৈছো। দেউতাইও মাজে মাজে ধমকি মাৰি আছে চুপ থাক বুলি । ক’ত পাবি এতিয়া ব’ল ঘৰলৈ এইবুলি হাতখন টানি লগতে লৈ যাব ওলাল । দুখোজ মান যাওঁতেই মই দেউতাৰ হাতৰ পৰা টৰ্চতো লৈ এবাৰ লাস্ট চাওঁ বুলি ক’লো। তেতিয়াও মাছৰ উজান চলিয়েই আছিল । জপিয়াই জপিয়াই গৈ থকা মাছ কিতাই মোক যেন উপহাস কৰিছে মোৰ এনে লাগিল। সিহঁতে তেনেকৈ জপিয়াই থাকোঁতে হঠাতে সোনালী ৰঙৰ কিবা এটা পানীত থকা যেন দেখি ক’ব নোৱাৰাকৈয়ে হাতখন গাতটোত সোমোৱাই দি বস্ত্ততো উঠাই আনিলোঁ । তেনেতে দেউতাইও চিঞৰি উঠিল মৃদু সা…প…। একেলগে মইয়ো চিঞৰি উঠিলোঁ মোৰ পেন পাই গ’লো….. আৰু বুকুতে সাৱতি ল’লো। দীঘল (হয়তু ঢোৰা )সাপ ডাল পানীত কিল কিলাই থকা দেখি দুইজনেই ভয়তে জপিয়াই জপিয়াই ঘৰ পালোহি।তেতিয়াহে ভয় খাই ভাবিলো ক’ত হাতখন সোমোৱাই দিছিলো মই ..কৃষ্ণ প্ৰভূ ।ঘৰ পায়েই মোৰ পেনটো ভালকৈ ধুই লিখি চালো ধুনীয়াই লিখি আছে চিয়াঁহীও আছে এতিয়া আৰু চিন্তা নাই পেনটোতে চুমা এটা খাই গাৰুতোৰ কাষতে পেনটো লৈ মইও শুই পৰিলোঁ ।
Priti Rekha Bora
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.