হেমন্তই যেন কঢ়িয়াই আনে শীত অহাৰ বাতৰি ,
শীতৰ আগমনত সৰি পৰা সৰাপাতেও দি যায়
শুকাণ মনৰ এবুকু অনুভূতি ।
দুৱৰিডৰাত নিয়ৰৰ কণাই
গাঁঠি যায় মুকুতাৰ মালা
শেৱালিৰ কোমল দলিচাই বননিত শোভা কৰি দি যায় শান্তিৰ বতৰা।
সোন বৰণীয়া ধাননিৰ পানীখিনিত বেলিটিৰ এলাহৰ লুকাভাকুয়ে , অন্তৰ আকাশত আশাবোৰ উপচাই হিয়াখন চুই যায় ৰক্তিম আভাৰে।
কাতি আঘোণৰ ৰবাব টেঙাই মাতি আনে সকলোকে
সোৱাদভৰা সেই পথাৰৰ মিঠা আমেজত
মাৰ যাব খোজা হেঙুলিয়া খিনিয়েও ভূমুকি মাৰি চাই ৰই বাৰে বাৰে ।
মথাউৰিৰ সিমুৰত ৰৈ থকা ৰঙাবেলিটি দেখি
গৰখীয়াই সূঁহুৰি মাৰি মাতে,
উদং পথাৰত চৰি থকা গৰুকিটা ঘৰমুৱা হৈ
অবুজ ভাষাৰে ইটোয়ে সিটোৰ লগত কথা পাতে।
আন্ধাৰৰ হাতত ধৰি ধৰালৈ নামি আহে কুঁৱলি
ৰিঙা ৰিঙা ভাবে মনত ঢৌ খেলি শৰীৰত শিহঁৰণ তুলি বোৱাই নিয়ে শীতৰ অনুভূতি ।
পদুলিমূৰত ধূনাৰে সুগন্ধি কৰি নেদেখাজনলৈ প্ৰণিপাত জনাই আইয়েও চাদৰৰ আঁচল লয় টানি, যেন শীতে কানে কানে কয়
ছোৱা এইয়া মই আহিছোঁ বুলি।
শুভ্ৰ জোনাকে কুৱঁলি ফালি
পদুলিৰ শেৱালি জুপি পোহৰাই মিছিকিয়া হাঁহি মাৰোতেই ,
আন্ধাৰত সাৰ পাই উঠে এমুঠি জোনাকীৰ হাঁহি ।
নাতিহঁতৰ চকুৰ জিলিকনিত আইতাৰ সোতোৰা মূখত
আঁকি দিয়া চুমাৰ বন্যাত ,
প্ৰাণ পাই উঠে ৰূপ কথাৰ সেই স্বৰ্গৰ পৰীজনী ।
শীত এতিয়া আৰু আগৰদৰে নাহে তথাপিতো আহিব শীত
একেই শিহঁৰণ তুলি জোকাৰি যাৱ হিয়ামনজুৰি
হেমন্তৰ সৰাপাতত,
শুকাই যোৱা নদীবোৰত ,
পথাৰৰ নৰাবোৰত ,
দুৱৰিৰ মুকুতাবোৰত ,
শীতল বতাহজাকত ,
মিঠা ৰদৰ ভাঁজবোৰত ॥
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.