Back to journal
Mridu

শিশুক সংস্কাৰমূখী হ’বলৈ শিকাঁও আহক

            ঘৰখনেই  হ’ল শিশুৰ শিক্ষাৰ  কঠীয়াতলি। প্ৰায়বোৰ পৰিয়ালতেই মাতৃগৰাকীয়েই  হয় শিশুটিৰ প্ৰথম শিক্ষয়িত্ৰী।  কাৰন শিশুসকলে মাতৃগৰাকীৰ পৰাই আদিপাঠ গ্ৰহণ কৰে ।  শিশুসকল আমাৰ ভবিষ্যতৰ সম্পদ।শিশু অবস্থাতে আমি যি সংস্কাৰ দিওঁ সেই সংস্কাৰ সিহঁতে আজিবন ধৰি মনত ৰাখে।শিশুসকলৰ মাক – দেউতাকৰ এই ক্ষেত্ৰত অৰিহণা বহুত কাৰণ তেওঁলোকৰ পৰাই শিশুসকলে  এই সংস্কাৰ গ্ৰহন কৰে ।আহাৰ গ্ৰহণ কৰাকে ধৰি ,কথা- বতৰা , থকা -খোৱা-শুৱা,পূজা অৰ্চনা কৰা লৈকে বিভিন্ন ধৰণেৰে আমি সিহঁতক সংস্কাৰ দিও ঘৰখনৰপৰাই। আজিৰ যান্ত্রিকতাৰ যুগতো শিশুসকলক সচাঁ অৰ্থত সংস্কাৰ দিয়াতো অধিক গুৰুত্বপূৰ্ণ কাম।ভাল সংস্কাৰে সদায় শিশুসকলৰ ব্যক্তিত্ব গঠনত সহায় কৰে।শিক্ষা লাভৰ বাবে যিদৰে আমি যত্ন কৰোঁ ঠিক সেইদৰে শিক্ষাৰ লগে লগে ভাল সংস্কাৰ দিবলৈ চেষ্টা কৰাতোও সমানেই গুৰুত্বপূৰ্ণ । এই  ক্ষেত্ৰত পৰিয়ালসমূহ  একক পৰিয়ালেই হওঁক বা যৌথ পৰিয়ালেই হওঁক , সকলোৱেই শিশুৰ পিতৃ মাতৃক সহায় কৰি শিশুসকলৰ সু-অভ্যাস গঢ়ি তোলাত সহায় কৰিব লাগে। 

           প্ৰত্যেকজন লৰা ছোৱালীক শিশু অবস্থাৰপৰাই মাক দেউতাক ,ককাক আইতাক বা ঘৰত থকা আন আন সকলো সদস্যকেই সন্মান কৰিবলৈ শিকাব লাগে । সত্য কথা কোৱা লগতে স্পষ্টবাদী হবলৈও শিকাব লাগে । বিভিন্ন আদৰ্শমূলক সাধুকথাৰ জৰিয়তে নীতিশিক্ষা দিব লাগে যাতে নৈতিকতা কি সেই বিষয়ে সিহঁতে সৰুৰে পৰা জ্ঞান আহৰণ কৰিব পাৰে। নীতিশিক্ষাই মানুহক জীৱনত সত্যবাদী আৰু নিস্ঠাবান হ’বলৈ সহায় কৰে।আদৰ্শমূলক সাধুকথা , সংস্কাৰমূলক কাহিনী , আস্থামূলক কথাই শিশুসকলকৰ মনত গভীৰ প্ৰভাৱ পেলাই আৰু সেই প্ৰভাৱে সৰুৰে পৰাই শিশুক আদৰ্শবান হ’বলৈ শিকায়।এনেধৰণৰ কাহিনীয়ে সিহঁতৰ মনত এনে ধৰনে  ৰেখাপাত কৰে যে  জীৱনৰ সকলো সময়তেই সিহঁতে সেইবোৰ মনত ৰাখে।এনে ধৰনৰ সাধুকথাই  সিহঁতৰ মনত দয়া,কৰুণা, মমতা, ন্যায়পৰায়ন আদি ভাৱ জগাই তুলে ফলত  লাহে লাহে সিহঁতবোৰে সেইবোৰ অনুভৱ কৰিবলৈ শিকে আৰু বুজি পাবলৈ চেষ্টা কৰে । শিশুসকলক আৱেগিক নিৰাপত্তা প্ৰদান কৰাটোও পিতৃ মাতৃৰ আন  এক দায়িত্ব । এই নিৰাপত্তাই সিহঁতৰ মনোবল আৰু মনৰ সাহস বৃদ্ধি কৰি সমগ্ৰ জীৱনতেই  প্ৰভাৱ পেলাব পেলায়।

              শিশুসকলক সদায় পুষ্টিকৰ আহাৰ প্ৰদান কৰিব লাগে কাৰণ পুষ্টিক আহাৰেও শিশুৰ বিকাশত সহায় কৰে। আহাৰ গ্ৰহন কৰা নিয়ম , সময় ,আহাৰৰ পুষ্টিকতাৰ সম্পৰ্কে সিহঁতক  শিকাব লাগে। শিশুৰ সু স্বাস্থ্যৰ  বাবে সুষম পুষ্টিকৰ আহাৰৰ তালিকাত শৰ্কৰা, প্ৰ’টিন, চৰ্বি, ভিটামিন, মিনাৰেল আদি থকা অতি আৱশ্যক লগতে নিয়মিত বিশুদ্ধ খোৱাপানী নিৰ্দিষ্ট পৰিমাণত সেৱন কৰিবলৈও তেওঁলোকক কোৱা উচিত ।সিহঁতৰ মানসিক, শাৰীৰিক  আৰু স্মৃতিশক্তিৰ বাবে এনে ধৰণৰ আহাৰৰ লগতে বিভিন্ন ধৰণৰ ভিটামিনৰো প্ৰয়োজন। এইবোৰৰ অভাবত সিহঁত যদি পুষ্টিহীনতাত ভোগে তেনেহলে সিহঁতৰ শাৰীৰিক আৰু মানসিক বিকাশত ক্ষতিসাধন হোৱাৰ উপৰিও সিহঁতৰ ব্যৱহাৰতো পৰিবৰ্ত্তন আহে। গতিকে পুষ্টিকৰ আহাৰ সিহঁতৰ জীৱনৰ বাবে তাৎপৰ্যপূৰ্ণ ।

           পিতৃ মাতৃ হ’ল শিশুসকলৰ প্ৰথম শিক্ষক। তেওঁ লোক হ’ল শিশুসকলৰ জীৱনৰ প্ৰতিটো খোজৰে পথ পদৰ্শক।গতিকে ঘৰখনৰ পৰিবেশ সুস্থ কৰি ৰখাত তেওঁলোকৰ দায়িত্ব অশেষ।ঘৰখনৰ পৰিবেশ বিনষ্ট হ’লে শিশুসকলে সেই পৰিবেশতে ডাঙৰ হৈ সেই পৰিবেশেই গ্ৰহণ কৰে।গতিকে বিভিন্ন সময়ত ঘৰখনত এটি সুস্থ পৰিবেশ যাতে বিৰাজ কৰে তাৰ বাবে ঘৰখনৰ সকলোৱেই লক্ষ্য ৰাখিব লাগে। বিভিন্ন সময়ত হোৱা উৎসৱ পাৰ্বণে সকলোৰে মন পুলকিত কৰাৰ লগতে শিশুসকলৰ মনবোৰো আনন্দিত কৰে। উৎসৱ পাৰ্বণে সিহঁতক মিলি জুলি থাকিবলৈ শিকোৱাৰ লগতে নিজ নিজ পৰম্পৰাসমূহৰ বিষযেও মনোযোগ আকৰ্ষণ কৰে ।সমাজত বসবাস কৰা প্ৰতিজন মানুহেই  নিজ নিজ জাতি ধৰ্ম অনুসৰি নিজ নিজ পৰম্পৰাৰে জীৱাই থাকে । গতিকে এই উৎসৱ পাৰ্বণে আমাৰ মনবোৰ পুলকিত কৰাৰ লগতে মানুহবোৰৰ মাজত একতাৰ এনাজৰীডালো গভীৰ কৰি তুলে।এইবোৰ যেতিয়া শিশুসকলে দেখা পাই তেতিয়া সিহঁতেও সেই একেটা পৰম্পৰা মানি চলিবলৈ শিকিব । আজিৰ যুগত  দৈনন্দিন ব্যস্ততাৰে ভৰা সময়ৰ মাজতো এই বিষয়বোৰ  বহুতেই গুৰুত্বপূৰ্ণ। পৰিয়ালৰ মানুহৰ মাজৰ মিলা প্ৰীতি একতাই সিহঁতক উপযুক্ত পৰিবেশ দিয়াত সহায় কৰে।

            শিশুসকল অলপ ডাঙৰ হৈ অহাৰ লগে 

লগে সিহঁতৰ ভাল আৰু বেয়া অভ্যাসবোৰৰ বিষয়ে নিৰীক্ষণ কৰিব লাগে । যিকোনো বিষয়ত হেচাঁ প্ৰয়োগ কৰি সেইটো কৰিবলৈ বাধ্য কৰাব নালাগে তাৰ ঠাইত তেওঁলোকৰ ৰুচি অনুযায়ী কাম কৰিব দিব লাগে। শিশু অবস্থাৰপৰাই তেওঁলোকক স্বাস্থ্যৰ যত্ন ল’বলৈ শিকাব লাগে  যোগ সাধনাৰ লগতে ব্যায়াম ,আসন আদিয়ে কিদৰে শৰীৰ আৰু মগজু  সুস্থ কৰি ৰাখে সেই সম্পৰ্কেও সিহঁতক জ্ঞান দিব  লাগে । শিশু অবস্থাৰপৰাই সিহঁতৰ ৰুচি অনুসৰি আগবাঢ়ি যাব দিলে সিহঁতে সমাজত নিজকে প্ৰতিস্থা কৰিব পাৰিব।

শিশুসকলৰ জন্মজ গুণসমুহ চিনাক্ত কৰিব পাৰিলে আৰু সেই মতে সিহঁতক আগবঢ়াই লৈ গলে সিহঁতে বিকাশ সাধন কৰিবলৈ সুবিধা পায়। শিশুসকলে লগত খেলা ধূলা কৰা শিশুসকলৰো নৈতিক সংস্কাৰৰ প্ৰতি আমি অভিভাবকসকলে দৃষ্টি ৰাখিব লাগে । কোনো শিশুৰ কিবা বেয়া দেখিলেও সিহঁতক বুজাই দিব লাগে ।দেখা যায় যে শিশুসকলে নিজৰ পছন্দ অনুযায়ী দুই তিনজন শিশুৰ লগতহে খেলে বা থাকি ভাল পায়। সেয়েহে নিজৰ শিশুৰ লগতে সেই শিশুসকলৰ নৈতিক সংস্কাৰ প্ৰতি লক্ষ্য ৰখা আমাৰ দায়িত্ব ।

              যেতিয়াই প্ৰয়োজন হয় কৰ্ত্তব্য পৰায়ণ হবলৈও সিহঁতক সৰুৰে পৰা শিকাব লাগে । ঘৰৰ ডাঙৰ সদস্যসকল সকলোৰে জীৱনত যে বহু প্ৰয়োজন সেই কথাও তেওঁলোকক ক’ব লাগে। ডাঙৰক সন্মান কৰা ,বিভিন্ন কামত তেওঁলোকৰপৰা সন্মতি লোৱা বা তেওঁলোকৰ লগত আলোচনা কৰি কোনো সিদ্ধান্ত গ্ৰহণ কৰা আদি কথাবোৰ সৰুৰে পৰা শিকালেহে তেওঁলোকে  বিভিন্ন কথা বা কাম কৰাৰ আগতে সকলোকে অবগত কৰিব লাগে বুলি বুজি পাব। ডাঙৰক সন্মান কৰা আৰু সৰুক মৰম চেনেহ আৰু তেওঁলোকৰ প্ৰতি দায়িত্বশীল হবলৈও কাম আৰু কথাৰ মাজেৰে শিকাব লাগে ।সৰু ডাঙৰৰ প্ৰতি কেনে ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে আচৰনৰ জ্ঞান দিয়াতো আজিৰ দিনত বহু গুৰুত্বপূৰ্ণ। সুসন্তানেহে সদায়  নিজ দায়িত্ববোধ বুজি পায়  আৰু কৰ্তব্যৰ প্ৰতি সজাগ হৈ থাকে । সিহঁতে  ভৱিষ্যতে সু-নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰি

সৎ-চিন্তা আৰু সাহসেৰে সচেতনতাৰে পৰিয়াল, সমাজ আৰু  দেশলৈ সেৱা আগবঢ়াই  এখন সুস্থ আৰু সমৃদ্ধিশালী সমাজ গঢ়াত বৰঙণি যোগাব পাৰে।

              শিশু অবস্থাৰপৰা যেতিয়া কৈশোৰ অবস্থা পাই তেতিয়া তেওঁলোকৰ শাৰিৰীক পৰিবৰ্তন সম্পৰ্কে তেওঁলোকক বুজাই দিয়াতো সকলো অভিভাবকৰে কৰ্ত্তব্য । এই সময়খিনিত  তেওঁলোকৰ লগত বন্ধুৰ দৰে ব্যৱহাৰ কৰি বেছি শাসন নকৰাকৈ সিহঁতৰ মনবোৰ বুজি পাবলৈ চেষ্টা কৰিব লাগে ।তেওঁলোকৰ প্ৰতিটো কামতে চকু দি ভাল -বেয়া, শুদ্ধ – অশুদ্ধ কথাবোৰ মুকলিভাবে সিহঁতৰ লগত আলোচনা কৰাৰ লগতে তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰাৰ চেষ্টা কৰিব লাগে।ঘৰখনৰ ইটো সিটো কাম যেনে বজাৰ কৰি আনা , বেংক বা পষ্ট অফিচ আদিৰ কাম,স্কুল কলেজৰ কাম, ঘৰৰ কাৰোবাক ডক্টৰৰ ওচৰলৈ নিয়া , মাক দেউতাক বা অভিভাবকৰ লগত সামাজিক উৎসৱ পাৰ্বণ , সকাম, বিবাহ আদিলৈ যোৱা আদি বিভিন্ন দায়িত্বসমূহ সিহঁতক  দিব লাগে । এনেবোৰ কামে সিহঁতৰ দায়িত্ববোধ বঢ়োৱাৰ লগতে পৰিয়ালৰ প্ৰতি থকা কৰ্ত্তব্যসমূহ উপলব্ধি কৰিবলৈও শিকিব।

এই সময়ত ,তেওঁলোকে সদায় সময় অতিবাহিত কৰা বন্ধুবৰ্গৰ ওপৰতো চকু ৰাখিব লাগে যাতে বেয়া সংগত পৰি সিহঁতৰ জীৱনৰ গতিপথ সলনি নহয় । সেই সম্পৰ্কে অভিভাবকসকল সকলো সময়তে উদ্বিগ্ন হৈ থাকিব লাগে।সিহঁতৰ মানসিক অবস্হাৰ প্ৰতি দৃষ্টি ৰাখি সিহঁতৰ চলন ফুৰণ আদি নিৰীক্ষণ কৰিব লাগে। সিহঁতক মৰমেৰে শাসন কৰি সিহঁতৰ লগত ছাঁৰ দৰে থাকি সকলো সমস্যাৰ পৰা দুৰৈত ৰাখিলে সিহঁতববোৰ বিপদত নপৰে। সময়ৰ লগত খোজ মিলাই জীৱনত আগবাঢ়ি যাবলৈ সিহঁতক অনুপ্ৰেৰণা দি জীৱনত সময়ৰ মূল্য কিমান গুৰুত্বপূৰ্ণ সেইয়াও শিকাব লাগে।সিহঁতৰ লগত সকলো সময়তে ঘৰৰ সকলো সদস্যই বন্ধুৰ দৰে ব্যৱহাৰ কৰি সিহঁতৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰিলে বহু সমস্যা সমাধান কৰিব পাৰিব।এই সময়খিনি প্ৰতিজন কৈশোৰৰ বাবে জীৱনৰ গুৰুত্বপূৰ্ণ সময় গতিকে অভিভাবকসকলে তেওঁলোকৰ কামৰ ব্যস্ততাৰ মাজতো নিজৰ সন্তানসকলৰ লগত সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব লাগে । মাক দেউতাকৰ লগত কটোৱা মূল্যবান সময়খিনিয়ে সিহঁতক জীৱনত কেৱল আনন্দই নিদিয়ে সেই সময়খিনিয়ে সিহঁতক নিৰাপত্তা প্ৰদান কৰে।

              লিংগ বৈষম্যতা কোনো কোনো পৰিয়ালত দেখা পোৱা যায়। পৰিয়ালত লিংগৰ ভিত্তিত শিশুসকলৰ মাজত যাতে কোনো অসামঞ্জস্যৰ সৃষ্টি নহয লগতে লিংগ বৈষম্যৰ বাবে তেওঁলোকৰ মাজত যাতে খেলা ধূলাকে ধৰি বিভিন্ন ক্ষেত্ৰত বৈষম্যতা নাহে সেইটোৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে। শিশুসকলৰ বাবে পৰিয়ালটোৱেই হ’ল প্ৰাথমিক অনুষ্ঠান । সন্তানসকলৰ মাজত  ল’ৰা ছোৱালীৰ প্ৰভেদ আনে প্ৰথমতেই ঘৰখনেই কাৰণ দুয়োৰে মাজত থকা দায়িত্ব আৰু ভুমিকাক তেওঁলোকেই ভাগ কৰি দেখুৱাই। তেওঁলোকৰ মাজত থকা খেলা ধুলাৰ বিভিন্ন সামগ্ৰীসমূহে তেওঁলোকৰ মাজত প্ৰভেদ আনে । মুকলি মনে ফুৰা চকাৰ ক্ষেত্ৰটো তেওঁলোকৰ মাজত বিভেদ আনে।তাৰোপৰি সমাজৰ নানা নীতি নিয়মেও তেওঁলোকৰ মাজত প্ৰভেদ আনে । আজিৰ পৃথিবীত এই সমস্যাসমূহ আচলতে শিশুসকলৰ মাজত থাকিব নালাগে । ছোৱালী শিশুক অৱনমিত কৰিব পৰা যিকোনো সামাজিক ব্যাধি সমাজে  গ্ৰহণ কৰিব নালাগে । তেওঁলোকৰ প্ৰতি থকা যিকোনো বৈষম্যমূলক আৰু অবজ্ঞাসূচক মানসিকতা সমাজতকৈ ঘৰখনৰ প্ৰতিজন মানুহেই ত্যাগ কৰিলেহে সমাজখনেও লাহে লাহে সেই নিয়ম দূৰ কৰিবলৈ চেষ্টা কৰিব। এনে মানসিকতা সলনি হলেহে আজিৰ শিশুৰ মানসিকতা ভবিষ্যতৰ বাবে সলনি হ’ব। 

ড০ প্ৰীতি ৰেখা বৰা 

১২/০৭/২৩

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection