Back to journal
Mridu

শব্দত প্ৰকাশিত সেই স্বৰ্গীয় প্ৰেমৰ নাম “ৰাধা কৃষ্ণ”

ৰাধা ঘৰৰ পৰা ওলাই আহিছিল মনে মনে । বয়সৰ শিপাই ৰাধাৰ শৰীৰত পোখা মেলিছিল। মনৰ সেই কোণত তেতিয়াও কৃষ্ণৰ সেই মূখখনে আমনি কৰিছিল। ৰাধাৰ স্মৃতিৰ মন্দিৰত কেৱল কৃষ্ণ। প্ৰেম এক নিস্বাৰ্থ ভাবনা। কৃষ্ণৰ বাঁহীৰ মাত শুনিবলৈ ৰাধা ব্যাকুল হৈ পৰিছিল।জীৱনৰ প্ৰথম নিঃস্বাৰ্থ প্ৰেমে আকৌ এবাৰ কৃষ্ণক কাষৰপৰা চোৱাৰ হেপাহত উত্তাৱল কৰি তুলিলে। কৃষ্ণ কৃষ্ণ কৃষ্ণ ক’ত আছা তুমি !

ৰাধা কেৱল গৈ আছে ,মনত কেৱল কৃষ্ণক এবাৰ দেখাৰ দুৰ্বাৰ হেপাহ। কেনেকুৱাবা হৈ আছে এতিয়া তেওঁ ।মোৰ শিৰাই শিৰাই মনে প্ৰাণে যিদৰে কৃষ্ণ বিৰাজমান থিক সেইদৰে তেওঁৰ প্ৰাণত মই এতিয়াও আছোঁনে?ৰাধাক কৃষ্ণৰপৰা কৃষ্ণক ৰাধাৰপৰা কোনোৱাই আঁতৰাব পাৰিব জানো ?কথাষাৰ ভাবিয়েই অন্তৰ ভৰি অহা প্ৰেমৰ আকুলতাত ৰাধাৰ চকুয়েদি সুখবোৰ নিগৰি আহিল। বাগৰি অহা সুখবোৰে যেন তেওঁৰ আত্মা তৃপ্তি কৰি তুলিছে। চকুৰ আগত ভাঁহি উঠিল কৃষ্ণৰ দুষ্টামিবোৰ ….কেনেকৈ গোপীসকলৰ লগত খেলি থাকোঁতেই কৃষ্ণই ৰাধাক মনে মনে আঁতৰাই লৈ গৈছিল…..দুয়োজনে চকুত চকু থৈ কথা পাতিছিল…..কেনেকৈ বাঁহীৰ সুৰৰ ৰাগীত মতলীয়া হৈ থাকোঁতেই আন্ধাৰে গ্ৰাস কৰি পেলাইছিল…কেনেকৈ কৃষ্ণৰ কান্ধত মুৰ থৈ কৃষ্ণই কোৱা জীৱ পৰমাত্মাৰ কথা শুনিছিল।কেনেকৈ ৰাধাই কৃষ্ণৰ ওপৰত অভিমান কৰিছিল …বৃন্দাবনৰ সুখবোৰযেন কৃষ্ণতেই নিবন্ধ আছিল। কৃষ্ণ বিনা সেই বৃন্দাবনখন…

উফ আজিও মনত আছে ৰাধাৰ… যিদিনা কৃষ্ণই বৃন্দাবন এৰি যাব উলাইছিল। গকুলৰ প্ৰতিটো ঘৰতেই নিঃসব্দতাই বিৰাজ কৰিছিল। গৰুবোৰে কৃষ্ণৰ মূখলৈ চাই অবুজভাবে ৰৈ আছিল..চৰাইবোৰেও নিস্তব্ধতাৰে কৃষ্ণক যাবলৈ মানা কৰিছিল।মৌৰাকিটাই নাছি নাছি কৃষ্ণৰ গাত পাখিবোৰ পেলাই দিছিল…. লগৰবোৰে চকুৰপানীৰে বাধা দিছিল ..গকুলবাসীয়ে ঘৰত থোৱা মাখনৰ কলহবোৰ কৃষ্ণলৈ আগবঢ়াই দিছিল….আজি দেখোন তেওঁ খবলৈও মন কৰা নাই ..আন দিনা হোৱা হ’লে সকলোৱে যশোদাক গৈ কৃষ্ণৰ কথা কৈ আমনি কৰিলে হেতেন….মৌৰাৰ পাখিবোৰ সাবতি ধৰি আছিল আৰু সেউজীয়া ঘাঁহখিনি হাততলৈ গৰুবোৰক খাবলৈ দিছিল তেওঁ … গোপীসকলে কৃষ্ণক আগুৰি ধৰি আছিল ..আৰু ৰাধাই কি কৰিছিল তেতিয়া ?….

গছজোপাত আঁউজি ৰাধাই চকুদুটা বন্ধ কৰি ৰাখিছিল…কান্ধত কাৰোবাৰ স্পৰ্শই তেওঁৰ বুকুত জোৰকৈ হান মাৰি ধৰিছিল…কিমান সময় যে কৃষ্ণৰ কান্ধত মুৰ থৈ তেওঁৰ বাঁহীসুৰত মগ্ন আছিল…হঠাতে বাঁহীৰ শব্দ বন্ধ হোৱাত ৰাধাই চেতনা ঘূৰাই পাইছিল। সময় হৈ আহিছিল প্ৰিয়জনৰ বিদায়ৰ মূহুৰ্তবোৰ…যন্ত্ৰণাদায়ক..কোনেও একো ক’ব পাৰা নাছিল….দুয়ো চকুৰ মিলনত ৰাধাৰ অন্তৰে শুধিলে ….আহিবানে উভতি আকৌ?তেওঁ বুজি পাই নিজৰ বুকুত হাতখন থৈ কেৱল এটি মিচিকিয়া হাঁহি মাৰিছিল ।ৰাধাই বুজিছিল তেওঁৰ প্ৰানত ৰাধা আছে। ৰাধাই চকুযোৰি বন্ধ কৰি জোৰতকৈ এটি উশাহ লৈ নিজৰ বুকুত হাত ৰাখিলে…..উফ.. প্ৰতিটো উশাহতেই তেওঁ …. হৃদয়ৰ স্পন্দন তেওঁ …..ধমনিত বৈ গৈছে তেওঁ …..অন্তৰআত্মা তেওঁ …..পৰমআত্মা তেওঁ …..প্ৰকৃতিৰ সুগন্ধত তেওঁ ….বৃন্দাবনৰ প্ৰতিটো কোণত তেওঁ ..গকুলৰ প্ৰতিটো ৰাস্তাত তেওঁ …ঝৰ্ণাৰ কুলুকুলু শব্দত তেওঁ …পাহাৰৰ ঢাপত তেওঁ …সূৰ্য্যৰ ৰশ্মিজাল তেওঁ …জোনৰ জোনাক তেওঁ …ক্ষিতি ,অপ,তেজ,ব্যোম,মৰুত্ তেওঁ …..কৃষ্ণ ..এক অস্ফুট শব্দ কৰি যেতিয়া ৰাধাই চকু মেলিছিল তেতিয়া কৃষ্ণই বৃন্দাবন এৰি বহু দুৰ মথুৰা অভিমূখে গতি কৰিছিল । ভগ্ন হিয়াঁ আৰু বিষন্ন মন লৈ ৰাধা বহু দেৰি তাতেই মূৰ্তিৰ দৰে ৰৈ থাকিল।একোতে মন নবহা হ’ল। কৃষ্ণৰ স্মৃতি বুকুত বান্ধি ৰাধাৰ জীৱন চালিত হ’ব ধৰিলে। ডাঙৰ হৈ অহা মাক দেউতাকৰ মৰমৰ জীয়ৰী ৰাধাক বিয়া দিবলৈ জো যা চলিল। ৰাধাৰ আত্মাই হ’ল কৃষ্ণ। নিজৰ আত্মাৰ লগত বিবাহ কেনেকৈ হ’ব ? তেওঁ মোৰ আত্মা ,মই তেওঁৰ আত্মা। স্বয়ং আত্মাৰ লগত বিবাহ অসম্ভব। দুয়োৰে অস্তিত্ব এক গতিকে আধ্যাত্মিক প্ৰেমৰ যি আনন্দময় অনুভূতি সেয়াই তেওঁলোকৰ প্ৰেম। সেই প্ৰেম একোৰে লগত তুলনা নহয়

পাল্কীখনৰ পৰ্দাসদৃশ কাপোৰখন ডাঙি ৰাধাই পাৰ হৈ যাব ধৰা বৃন্দাবনখন চালে শেষ বাৰৰ বাবে। একেই আছে খালি নাই কৃষ্ণ আৰু তেওঁৰ সমনীয়াবোৰ। নাই সেই গৰু চৰাব অহা কৃষ্ণৰ বাঁহীৰ সুমধুৰ সুৰ। ৰাধা…. ৰাধা…. ৰাধা… কৃষ্ণৰ সেই মাতত উচপ খাই উঠিল ৰাধা। কৃষ্ণৰ সেই মাতত দৌৰি আহে ৰাধা। ভৰিৰ প্ৰতিটো খোজৰ শব্দত বাজি উঠিছিল নুপুৰৰ চনচন শব্দ।নুপুৰৰ শব্দবোৰ কৃষ্ণৰ বৰ প্ৰিয়। হাতৰ খাৰুবোৰৰ ঝণঝননিত কৃষ্ণও ব্যাকুল হৈ উঠিছিল। হালি জালি থকা কাণৰ জুমকাত আঙুলিৰে মৃদু ঝংকাৰ তুলিছিল কৃষ্ণই। চুলিখিনিত মৰা ফুলৰ সুগন্ধত বাঁহীত ফুঁক মাৰিছিল কৃষ্ণই। ৰাধাৰ নিস্পাপ শিশুৰ দৰে ধুনিয়া মূখখনত প্ৰকৃতিৰ সৌন্দৰ্য্য দেখা পাইছিল কৃষ্ণই । ৰাধাৰ কাজলসনা দুচকুৰ গভীৰতাত ডুবি বাঁহীত সুৰ তোলাত মগ্ন হৈছিল কৃষ্ণ।আৰু ৰাধা…… নিঃস্বাৰ্থ প্ৰেমত বিলীন হৈছিল পৰমাত্মাৰ লগত। ৰাধা এক নাম নহয় মাথো ….পৰমাত্মাৰ আত্মা তেওঁ । পাল্কীৰ পৰা নামি দৌৰি যাবৰ মন গ’ল ৰাধাৰ …গৰম গৰম চকুলোৰে দুগাল তিয়াই গ’ল ৰাধাৰ ।বুকুখন যেন কিহবাই মোহাৰি পেলাইছে … কোনেও নেদেখাকৈ ওৰণিৰ তলত মূখ লোকোৱাই কান্দিলে ৰাধাই ।

অাজি বহু বছৰেই পাৰ হ,’ল ৰাধাৰ। বোৱাৰী জীৱনৰ সকলো দায়িত্ব সামৰিছে আজি ৰাধাই । আৰু কৰিবলগীয়া তেওঁৰ একো নাই । দুৰ্বল এতিয়া শৰীৰ। বয়স নামৰ সময়ে ৰাধাকো গ্ৰাস কৰিছে । স্মৃতিৰ কোণত এতিয়াও পৰমাত্মা ৰূপী প্ৰেমিক । জীৱাত্মা আৰু পৰমাত্মাৰ সেই প্ৰেম । জীৱনৰ শেষত আকৌ এবাৰ তেওঁক চাবলৈ মনত দুৰ্বাৰ হেপাহ ।কি কৰিব ৰাধাই ? তেওঁৰ পৰমাত্মা দ্বাৰকাৰ ৰজা এতিয়া । মন আৰু বিবেকৰ যুঁজত মনে বিবেকৰ ওচৰত আৰু বিবেকে মনৰ ওচৰত আত্মসমৰ্পণ কৰে । নাই ৰাধা যাবই তেওঁৰ ওচৰলৈ । প্ৰেম পবিত্ৰ । কৃষ্ণ তেওঁৰ আত্মা ।অদৃশ্যজনলৈ দুহাত যোৰি ৰাধাই দ্বাৰকা অভিমূখে আগবাঢ়িলে……

RadhaKrishna02a

ইমান ধুনীয়া দ্বাৰকা নগৰী….ৰাধাই ঘূৰি ঘূৰি চাব ধৰিলে। কৃষ্ণই বৰ ধুনীয়াকৈ ৰাখিছে ।আঁচলখন টানি লৈ ৰাধাই মূৰতো ঢ়াকি ল’লে । এচাতি ঠাণ্ডা বতাহে ৰাধাক বা দি গ’ল। ৰাধায়েও গোটেইখন চকু মেলি মেলি চাব ধৰিলে। দ্বাৰকাৰ সৌন্দৰ্য্যই ৰাধাক আপ্লুত কৰি তুলিলে ।

কৃষ্ণও বতাহজাকৰ বা-ত সচকিত হৈ উঠিল । বতাহজাকে তেওঁক কিবা এটা চিনাকি সুগন্ধি দি গ’ল।বতাহৰ শব্দত কৃষ্ণই শুনা পালে নুপুৰৰ মৃদু শব্দ ….আস এইয়া যে ৰাধা অহাৰ শব্দ। কৃষ্ণ প্ৰসাদৰ পৰা বাহিৰলৈ উলাই আহিল ….. মোৰ আত্মা তুমি ক’ত …. প্ৰসাদৰ পৰা উলাই অহাৰ লগে লগে কৃষ্ণক প্ৰজাই আগুৰি ধৰিলে । নাতি দুৰৈত মৰমৰ ৰাধা । সেই দিনা যে গুচি আহিছিল তাৰ পিছৰপৰা আজিয়েই দেখিছে …সেই একে দৰেই আত্মাক তৃপ্ত কৰি চাই ৰ’ল ….এইয়াই স্বৰ্গীয় সুখ… এটি আত্মা আনটি পৰমাত্মা …. এটি বৃদ্ধ আনটি পৰিপুষ্ট । এটিৰ দুচকুত এখন শুকাণ সাগৰ আনটিৰ দুচকুত গভীৰ মহাসাগৰ।দুয়োয়ে চাই ৰ’ল । কৃষ্ণই ৰাধাক প্ৰসাদলৈ লগ ধৰিলে কিন্ত্ত ৰাধাই মহলত দাসী হিচাপে ৰাখিবলৈ হে কৃষ্ণক মান্তি কৰিলে । ইয়াৰ পিছতে ৰাধাই প্ৰসাদটো চোৱা চিতা কৰিলে আৰু এই সম্পৰ্কে কোনেও নাজানিলে।ৰাধাই মনে মনে কৃষ্ণকো দুৰৈৰ পৰা চাই আছিল। এনেকৈয়ে অলপ দিন থকাৰ পিছত ৰাধাই বুজি পাইছিল যে তেওঁ লোকৰ প্ৰেম স্বৰ্গীয় । এই ভৌতিক ৰূপত তেওঁ সুখ পাব নোৱাৰে।বৃদ্ধ অবস্থাৰ বাবে ৰাধাই কৃষ্ণক হেৰুৱাব লাগিব বুলিও ভয় খাইছিল। ৰাধাৰ মনত কেৱল কৃষ্ণ আছিল গতিকে এদিন কাকো নোকোৱাকৈ সেই প্ৰসাদো ত্যাগ কৰি মোক্ষ লাভৰ বাবে মন স্থিৰ কৰিলে।

কৃষ্ণই সকলো জানিছিল । তেওঁৰ আত্মাতো ৰাধাই বিৰাজমান আছিল।ৰাধা গুছি যোৱাৰ লগে লগে কৃষ্ণই বুজিছিল ৰাধাক এতিয়া কৃষ্ণৰ প্ৰয়োজন । ৰাধায়েও মনে প্ৰাণে কৃষ্ণক বিছাৰিছিল ।তেওঁ পলম নকৰি ৰাধাৰ আগত দেখা দিলে । ৰাধাই কেৱল তেওঁক হেপাহ পলুৱাই চাব বিছাৰিছিল। ৰাধাৰ চকুৰ ভাষা কৃষ্ণই বুজিছিল। ৰাধাৰ অন্তিম ক্ষণ সমাগত। কৃষ্ণই ৰাধাক ওচৰতে বহুৱাই শুধিলে ৰাধা তুমি মোক কেতিয়াও একো খোজা নাই । আজি কিবা এটা খোজা ।তোমাৰ অন্তিম ইচ্ছা কোৱা। কৃষ্ণও ভিতৰি ভিতৰি কান্দি উঠিছিল। ৰাধাই খালি মুৰতো লৰালে । নহয় ৰাধা আজি কিবা এটা খোজা নহলে আত্মাৰ ওচৰত পৰমাত্মা হাৰি যাব। ৰাধাই কৃষ্ণলৈ চাই ৰ’ল ….. সেই একেই দৃষ্টি য’ত নিহিত হৈ আছে সমস্ত জগত ।সেই গভীৰ ভালপোৱা। কৃষ্ণও ৰাধালৈ চালে ..দুচকুৰ গভীৰতাত তেতিয়াও সেই কৃষ্ণই বিৰাজিত। ৰাধাই দীঘলকৈ উশাহ লৈ ক’লে এটি সুমধুৰ বাঁহীৰ সুৰ ….যাৰ মধুৰতাত তৃপ্ত হৈ পৰে মোৰ মন আৰু আত্মা। কৃষ্ণই বাঁহী বজাবলৈ ধৰিলে ….ৰাধাই চাই ৰ’ল কৃষ্ণৰ চকুলৈ…বাঁহীৰ সুৰে ৰাধাৰ দেহ- প্ৰানত শিহঁৰণ তুলিলে ,শান্ত হৈ পৰিল মন ।অনাবিল আনন্দত প্ৰেম নামৰ স্বৰ্গীয় অনুভূতিৰে জীপাল হৈ পৰিল ৰাধাৰ আত্মা ….. চকুত ভাঁহি উঠিল সেই বৃন্দাবন….একেলগে উমলি জামলি পৰমাত্মাৰূপী কৃষ্ণক ভালপোৱাৰ অনাবিল আনন্দ।ৰাধা… ৰাধা…ৰাধা…সেই অসাধাৰণ কৃষ্ণৰ মাত ৰাধাৰ কাণত প্ৰতিধ্বনি হ’বলৈ ধৰিলে ….অপলক দৃষ্টিৰে কৃষ্ণৰ মূখলৈ চাই থকা ৰাধাই লাহে লাহে কৃষ্ণত বিলীন হ’ব ধৰিলে ……এটা সময়ত বাঁহীৰ সুৰ শেষ হৈ পৰিল…কৃষ্ণৰ দুচকুৰে বাগৰি অহা লোতকে ৰাধাৰ দেহ স্পৰ্শ কৰিলে। ৰাধাৰ আত্মাৰূপী শৰীৰ পৰমাত্মাত বিলীন হৈ গ’ল। কৃষ্ণই ৰাধাক সাৱতি ধৰি কান্দিব ধৰিলে…ক’ত পাব এনে আত্মাৰ পবিত্ৰ ভালপোৱা। আজিৰপৰা বাঁহীৰ মাত শুনিবলৈ কোন ব্যাকুল হৈ পৰিব ….. নাই নাই আজিৰ পৰা মই আৰু বাঁহী নজাব নোৱাৰিম ৰাধা …. তুমি অমৰ ….যেতিয়ালৈকে এই সৃষ্টি থাকিব তেতিয়ালৈকে ৰাধা কৃষ্ণৰ এই স্বৰ্গীয় প্ৰেম সকলোতকৈ শ্ৰেষ্ঠ হৈ থাকিব। যোগে যোগে আমাৰ প্ৰেমক পৃথিৱীয়ে স্বীকৃতি দিব….. মোৰ নাম লোৱাৰ আগতেই মনুস্যই তোামাৰ নাম ল’ব তেতিয়াহে আত্মা আৰু পৰমাত্মাৰ সম্পৰ্ক কি মনুস্যই জানিব।

RadhaKrishna01a


(c) Priti Rekha Bora

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (1)

Nayan Deep Hazarika Jul 14, 2024

সন্দুৰ বাখ্যা।

+ Share Your Thoughts

Leave a Reflection

Share this reflection