Back to journal
Mridu

মোৰ একান্ত ব্যক্তিগত অনুভৱ

নগাঁও সংসদীয় ১০ নং সমষ্টিটোত কংগ্ৰেছ দলৰ পিছতেই ১৯৮৪, ১৯৯১, ১৯৯৬ চনত অসম গণ পৰিষদ দলৰ স্বৰ্গীয় মুহিৰাম শইকীয়া জয়ী হৈছিল আৰু তাৰ পিছতেই ১৯৯৮ চনত পুনৰ কংগ্ৰেছৰ নৃপেন গোস্বামী জয়ী হৈছিল৷তাৰ পিছতেই বিগত ২০ বছৰ ধৰি অৰ্থাৎ১৯৯৯, ২০০৪, ২০০৯ আৰু ২০১৪ চনত গেৰুৱা দলৰ পাৰ্থী ৰাজেন গোহাঁইয়ে সাংসদ হিছাপে জয়ী হৈ কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্রীত্ব পদতো অধিস্থিত আছিল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সদৰ সমষ্টিত ৰাজেন গোহাঁইয়ে লাভ কৰিছিল ৪,৯৪,১৪৬ টা ভোট আৰু কংগ্ৰেছৰ প্ৰাৰ্থী জোনজোনালী বৰুৱাই লাভ কৰিছিল ৩,৫০,৫৮৭ টা ভোট|কিন্তু তেতিয়া কোনো ধৰণৰ মিত্ৰজোঁট নাছিল সেইবাবে অগপৰ প্ৰাৰ্থী আছিল মৃদুলা বৰকাকতি আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডা: আদিত্য লাংথাছা । মৃদুলা কাকতিয়ে লাভ কৰিছিল মাত্ৰ ৩৫,১৪২টা ভোট। আৰু লাংথাছাই লাভ কৰিছিল ৩,১৪,০১২ টা ভোট|আৰু এজন নিৰ্দলিয় প্ৰাৰ্থীয়েও লাভ কৰিছিল প্ৰায়১১০০০ ভোট ( বেছিও হ’ব পাৰে)।

নগাওঁ ,মৰিগাওঁ ,হোজাই মিলি এই সংসদীয় সমষ্টিতোত ভোটাৰ আছে মুঠ ১৭,৮১,১৮২ গৰাকী| ইয়াৰে পুৰুষ ভোটাৰ হ’ল ৯,১৩,৯৬১ জন আৰু মহিলা ভোটাৰ হ’ল ৮,৬৭,১৮০। ইয়াৰোপৰি দিবাংগ , নতুন যুৱ প্ৰজন্মৰ ভোটাৰ ,চাৰ্ভিচ ভোটাৰ মিলি কেইবাহাজাৰো আছে ।এই সমষ্টিতোত ডি ভোটাৰো আছে যথেষ্ট সংখ্যক।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁট নোহোৱাকৈ ভোটৰ হাৰ ৪০.১৭% কংগ্ৰেছৰ হাৰ আছিল ২৮.৫০% ভোট।এ আই ইউ ডি এফৰ হাৰ আছিল ২৫.৫৩% ভোট। ( অগপক আৰু নিৰ্দলীয় প্ৰাৰ্থীক ধৰা নাই)

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,এগৰাকী সৰবৰহী যুৱক,তথা সাংস্কৃতিক কৰ্মী, উদ্যমী যুৱক,অমায়িক,সকলোৰে লগত বন্ধুত ৰখা,ভাতৃসুলভ ব্যৱহাৰ, কৰা ব্যক্তি হিচাপে তেওঁৰ এক সু নাম আছে আৰু আমাৰ সকলোৰে মাজত তেওঁ ‘ৰূপকদা’ৰূপে জনপ্ৰিয় ।ৰূপকদাৰ পৰাজয়ত আমি নগাওঁবাসী হিচাপে মৰ্মাহত,বহুতে হয়তু এই কথা সহজে মানি লব পৰা নাই।কিন্ত্ত মাত্ৰ ৯০০০ ভোটত ইমান ডাঙৰ এটা সমষ্টিত পৰাজয় বৰণ কৰা কথাতোয়ে এটা কথা স্পষ্ট হয় যে পোন প্ৰথমবাৰ টিকত পাই দাদায়ে বহুখিনি মানুহৰ হৃদয় জয়ী কৰিছে তেওঁৰ কামৰ মাজেদি।আমি জানোঁ তেওঁ আকৌ একেই উদ্যমেৰে নগাওঁবাসীৰ হৈ কাম কৰি যাৱ।

এতিয়া আহোঁ মূল প্ৰসংগলৈ।মিত্ৰজোঁটে কাক কিমান সহায় কৰিলে ?

অসমত বিজেপিৰ দুৰ্দিনৰ সময়তো গেৰুৱা দলৰ পৰা ৰাজেন গোঁহাইয়ে নগাঁও সংসদীয় সমষ্টিত প্ৰতিনিধিত্ব কৰি চাৰিবাৰকৈ নিৰ্বাচিত হৈছিল সেইতো মন কৰিবলগীয়া। এইটো সঁচা কথা । কিন্ত্ত ব্যক্তিগত কাৰণত তেখেতে টিকট নল’লে যদিও ৰূপকদাৰ দৰে সৰবৰহী ব্যক্তিয়ে টিকট পোৱা বাবে বাকীসকল ক্ষুন্ন হ’লেও নিজৰ পাৰ্টিতোৰ বাবে কাম কৰি যাব লাগে।

আন এটা অপ্ৰিয় সত্য কথা হ’ল প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু বৰ্তমান বঢ়মপুৰৰ অগপ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্বাচনত যি অসহযোগ আন্দোলন গঢ়ি তুলিলে তাৰ সমৰ্থনতো বহুজনে জনসমৰ্থন আগবঢ়ালে নেকি সেইতোও এটা গুৰুত্বপূৰ্ণ বিষয়।এইবোৰৰ পৰা ৰূপক শৰ্মা হয়তু উপকৃত ন’হল।

অভিজ্ঞতাপুষ্ট ৰাজনৈতিক নেতা কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ উপকৃত হ’ল কিয়নো মিত্ৰজোঁট এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ অনুপস্থিতিয়ে কংগ্ৰেছক সমৰ্থন কৰি জয় নিশ্চিত কৰিলে।কাৰণ নগাঁৱৰ সংখ্যলঘু অধ্যুষিত অঞ্চলত বেছি ভাগতেই এ আই ইউ ডি এফৰ ভেটি আছে। গতিকে ২০১৪ৰ সমীক্ষা চালে স্পষ্ট হৈ পৰে যে এ আই ইউ ডি এফ নোহোৱাকৈ কংগ্ৰেছ অসহায় যিতো অপ্ৰিয় সত্য কথা।

এইবাৰ নগাওঁ টাউনৰ বাহিৰত সংসদীয় সমষ্টিটোৰ অন্তৰ্গত মৰিগাঁও, জাগীৰোড,, ৰহা বঢ়মপুৰ, , কাকী হোজাই, যমুনামুখ, লংকা, লামডিং লাহৰীঘাট আদিত ভোটাৰ সকলে এইবাৰ অধিক সংখ্যাত ভোটদান কৰাতো লেখত ল’বলগীয়া ।

হোজাই সমষ্টিত প্ৰথমবাৰৰ বাবে বিজেপিয়ে লাভ কৰিছে ১ লাখ ২৮ হেজাৰ,যমুনামুখত ২৫০০০ ,
আৰু লামডিং সমষ্টিত ৯৭০০০ ভোট ।ই নিশ্চিতভাৱে অনাগত দিনৰ বাবে ভাল কথা।
বিজেপি চৰকাৰৰ দিনত ৬৫% ওপৰৰ চৰকাৰী আঁচনি লাভ কৰাৰ পিছতো কোনকেইখন ঠাইত ভোটদানৰ ক্ষেত্ৰত কোনতো দ’ল ‘তেওঁলোকৰপৰা’ কিমান উপকৃত সেইয়া স্পষ্ট ৰূপত সৰ্বজনবিদিত।ন’টাৰ ১০৭৫৭ টা ভোট ( সেইটো একদম নিজৰ সিদ্বান্ত ),লগতে আন কেইবাহাজাৰ ভোটাৰৰ বহুমূলীয়া ভোটবোৰ এনেই গ’ল । এনেই জনসংখ্যা কম তাতে যদি ভোটদান কৰিবলৈ ওলাই নাহে তেতিয়া সমষ্টিতোৰ বাবে কাম কৰা যোগ্য নেতাজনক নিৰ্বাচিত কৰাত আমি সকলোৱেই পৰাজয় বৰণ কৰিবলগীয়া হয় ।

ৰূপকদাদা আমি সকলোৱেই আপোনাৰ লগত আছোঁ । নগাওঁবাসী ৰাইজে আপোনাক বিচাৰে গতিকে তেওঁলোকৰ মৰম আৰু জেষ্ঠজনৰ আশীৰ্বাদত আপোনি আৰু দুগুণ উদ্যমেৰে নগাওঁবাসীৰ হৈ কাম কৰি যাওক।আপোনাৰ ৰাজনৈতিক জীৱনৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিলোঁ🙏।

 


Priti Rekha Bora

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection