বৰদোৱা এখন পৱিত্ৰ তীৰ্থস্থান৷ নগাওঁ চহৰত এই পবিত্ৰ তীৰ্থস্থানখন অৱস্থিত ।এই বৰদোৱাৰ আলিপুখুৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ।১৪৬৮ খ্ৰীষ্টাব্দত মাত্ৰ ১৯ বছৰ বয়সতে শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত সৰ্বপ্ৰথম থান প্ৰতিস্থা কৰি একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল ।এই থানকে বটদ্ৰৱা থান বা বৰদোৱা থান বুলি কোৱা হয় । এই থানতে শংকৰদেৱে প্ৰথম নামঘৰ সজাইছিল । দৈনন্দিন নাম প্ৰসংগ আৰু কীৰ্তনপাঠ হোৱাৰ বাবে এই নামঘৰকে কীৰ্তন ঘৰ বুলি জনা যায় । শংকৰদেৱে ১৪৭০ চনত মাত্ৰ ২১ বছৰ বয়সত এক শৰণ নাম ধৰ্মৰ মূল গূঢ়াৰ্থ বুজাবৰ বাবে , ভগৱান শ্ৰীকৃষ্ণৰ জীৱন ৰহস্য বুজাবলৈ শঙ্কৰদেৱে ভূঞাসকলৰ লগত নিজে বিভিন্ন ভাৱৰিয়া হৈ ‘চিহ্নযাত্ৰা’ ভাওনা কৰিছিল । চৰিত পুথিত উল্লেখ আছে যে ইয়াতেই ১৩৯২শকত শঙ্কৰদেৱে নিজে তামৰ চৰিয়াৰে মাটি কঢ়িয়াই দৌলৰ ভেটি স্থাপন কৰিছিল ।ভেটিৰ বাবে মাটি খান্দোতে উদ্ধাৰ হৈছিল বিষ্ণু মূৰ্তি। এই মূৰ্তিয়েই আজিৰ দৌলৰ কৃষ্ণ ভগৱান বা দৌল গোবিন্দ ।উল্লেখ যোগ্য যে সাত বৈকুণ্ঠৰ আৰ্হিৰে সাত খলপীয়াকৈ আসন নিৰ্মান কৰি কৃষ্ণ ভগৱানক স্থাপন কৰা হৈছিল ।
‘দৌল‘ মানে কৃষ্ণৰ ভগৱানৰ থান ।ফাগুন মাহৰ পূৰ্ণিমা তিথিত ভগৱান শ্ৰী কৃষ্ণক দোলা বা আসনত বহুৱাই নাম কীৰ্তনেৰে ৰঙীন ফাকু খেলি কৰা আনন্দৰ শোভযাত্ৰাই হৈছে ‘দৌলযাত্ৰা‘ ।
শ্ৰী মন্ত শংকৰদেৱে দৌলৰ পূজা-অৰ্চনাৰ দায়িত্ব ৰামৰাম গুৰুক অৰ্পণ কৰি শ্ৰীমন্ত শঙ্কৰদেৱ তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল।
শংকৰদেৱে একৈশ বছৰ বয়সতে পাতেকীবাৰী সত্ৰত বৰদোৱাৰ কীৰ্তনঘৰৰ দক্ষিণে নিৰ্মাণ কৰা দৌলত ফাকুৱা উৎসৱৰ পাতনি মেলিছিল। তেওঁ বলোৰাম আতৈক ফাকুগুড়ি আনিবলৈ মৰুৱাপুৰলৈ পঠাইছিল । দহদিনানৰ পিচতেই বলোৰাম আতৈৱে সাত কড়ি দি সাত কলহ প্ৰাকৃতিক গুনেৰে প্ৰস্ত্তত কৰা ফাকুগুড়ি বৰদোৱালৈ আনিছিল। এই উৎসৱ পালন কৰিবলৈ তেওঁ জ্যোতিষ সন্ধাৰা দলৈক দিন-বাৰ চাবলৈ কৈছিল । সন্ধৰা দলৈয়ে ফাগুন মাহৰ পূৰ্ণিমা তিথিৰ দিনতো চাই দৌল উৎসৱৰ বাবে শুভ দিন বুলি ধাৰ্য্য কৰি ফাকুৱা উৎসৱ পালন কৰিবলৈ কলে । এই উৎসৱৰ সময়ত চন্দ্ৰ ফাল্গুনী নক্ষত্ৰত অৱস্থান কৰে বাবে জ্যোতিষ শাস্ত্ৰই মাহটোৰ নাম দিয়ে ফাল্গুন বা ফাগুন ।ফাগুন মাহৰ শুক্লা পক্ষৰ পূৰ্ণিমাত সেই দিন ধৰি এই দৌল উৎসৱ বা ফল্গু উৎসৱ পালন কৰা হৈছিল। বৰদোৱাৰ পিচতে বৰপেটা সত্ৰটো মঠুৰা দাস আতাই ১৫১৮ শকত এই দৌল উৎসব আৰম্ভ কৰিছিল ।
কৃষ্ণৰ লীলা আৰু তেওঁ মাধুৰ্য্যতাক মানুহৰ প্ৰাণত স্থাপিত কৰি কৃষ্ণৰ গুনত সকলোয়েই আপোনপাহৰা হৈ দৌল উৎসৱ পালন কৰে ।১৫১৬-১৭ চন মানত শংকৰদেৱে নিৰাপত্তাজনিত কাৰণত বৰদোৱা ত্যাগ কৰাৰ পিছত ১৬৫৬ চনত শংকৰদেৱৰ পুত্ৰ হৰিচৰণ ঠাকুৰ, নাতিবোৱাৰী কনকলতা আৰু ভাগিন দামোদৰ আতাৰ উদ্যোগত বৰদোৱাক পুনৰুজ্জীবিত কৰি তুলে। কিন্ত্ত শংকৰদেৱৰ উত্তৰাধিকাৰীসকলৰ মাজত হোৱা বাদ বিবাদৰ পৰিণতিত বৰদোৱা সত্ৰ বৰহিছা (নৰোৱা সত্ৰ) আৰু সৰুহিছা (শলগুৰি সত্ৰ) নামে দুখন সত্ৰত বিভক্ত হৈ ১৯৫৮ চনত দুয়োখন সত্ৰৰ মধ্যস্থলত উমৈহতীয়া কীৰ্ত্তন ঘৰ সাজি উলিয়াই ।
বৰদোৱা ধামত কেন্দ্ৰ কৰি গঢ় লৈ উঠা শ্ৰীশ্ৰীনৰোৱা সত্ৰ আৰু শ্ৰীশ্ৰীশলগুৰি প্ৰতি বছৰে পৰম্পৰাগতভাৱে বৰদোৱাৰ দৌল উৎস তিনদিন ধৰি পালন কৰে। সত্ৰৰ নিয়মানুসৰি দৌলৰ উৎসৱৰ প্ৰথম দিনতো হ’ল ‘গন্ধ উৎসৱ’ ।পূৰ্ণিমাৰ আগদিনা অৰ্থাৎ শুক্লা চতুৰ্দশীৰ দিনা পালন কৰা গন্ধ উৎসৱ হ’ল গোসাঁইৰ অধিবাস অনুষ্ঠান। সেইদিনা কৃষ্ণ গোসাঁইৰ মূৰ্তিভাগ ভিতৰৰ পৰা উলিয়াই বাহিৰৰ ‘শিলিখা’ বৃক্ষৰ ( শংকৰ শিলিখা বুলি কোৱা হয় )তলত অস্থায়ী ৰূপে সঁজা মণ্ডপত স্থাপন কৰি গোসাঁইক পূজা-অৰ্চনা্ৰে সেৱা কৰি প্ৰাকৃতিকভাবে বনোৱা সুগন্ধি দ্ৰব্য ,গাখীৰ, তুলসী জলপুস্প আদি অমৃতেৰে নোৱাই ধুৱাই নতুন বস্ত্ৰ আৰু অলঙ্কাৰ পৰিধান কৰাই সজাই তোলা হয়। লগতে শঙ্ক, দবা,কাঁহ, উৰুলিৰ মংগল ধ্বনিৰে কৃষ্ণ গোসাঁইক আদৰনি জনায় ।
দ্বিতীয় দিনা পূৰ্ণিমা ।ৰাতিপুৱাই গোসাঁইক পূজা-অৰ্চনা কৰি গোসাঁইক ফাকু দি ভকতৰ দ্বাৰা ‘ন ধেমালিৰে’ পুনৰ গোসাঁইক আদৰা হয়।গোসাঁইৰ মূৰত দিয়া ফাকু আৰু শুকুৱা পলাশফুল নিৰ্মালি হিচাপে সকলোৱে গ্ৰহণ কৰে।ভকত বৈষ্ণবে তেওঁলোকৰ মন প্ৰানত প্ৰাণাৱন্ত হৈ উঠা কৃষ্ণলীলাৰ সাবলীল বৰ্ণনাৰে নাম কীৰ্ত্তন কৰাৰ লগে লগে বৰদোৱাৰ আকাশ বতাহত মূখৰিত হৈ পৰে পবিত্ৰ ফাকোৱাৰ আনন্দ উৎসৱ।
(কথিত আছে যে কৃষ্ণ ভগৱান নিজ দৌলৰ পৰা আন এগৰাকী পত্নী ঘুনুচাৰ ঘৰত সাত দিন আছিল তেতিয়া প্ৰজাসকলে ভগৱান কৃষ্ণক দেখি আনন্দত মতলীয়া হৈ ৰ্ তামাচা কৰি ফাকু খেলি আনন্দ কৰিছিল । দৌল উৎসৱতো দেবী ঘুনুচাৰ লগত কৃষ্ণ ভগৱানৰ বিবাহ সম্পন্ন কৰা পৰ্ব আছে । দৌললৈ অনা প্ৰথা হ’ল ঘুনুচাৰ পিতৃ গৃহলৈ অহা । তাতেই বিবাহ সম্পন্ন কৰি তেওঁক আকৌ তেওঁৰ আসনত প্ৰতিস্থা কৰাৰ লগে লগে এই উৎসৱৰ অন্ত পৰে । )
তৃতীয় দিনা প্ৰতিপদ তিথিত আৰম্ভ হয় দৌল যাত্ৰা উৎসৱ। সেইদিনা গোসাঁইক সু-সজ্জিত দোলাত উঠাই দৌল মন্দিৰলৈ যাবলৈ সাজু হয় । ইয়াৰ পিছতে দোলাখন গোসাঁইক লৈ কীৰ্তনঘৰৰ চৌপাশে তিনি পাক ঘূৰাৰ পিছত তাৰপৰা উলাই গোসাঁইৰ দোলা দৌল মন্দিৰলৈ যায়। এই দৌল হয় ঘূনুচাৰ পিতৃ গৃহ গায়ন বায়ন,ভকত বৈষ্ণৱ,আইমাতৃসকলৰ অংশগ্ৰহনেৰে আকৰ্ষণীয় সমদলেৰে গোঁসাইক দৌলমন্দিৰলৈ নি আনুষংগিক নিয়ম নীতি পালন কৰি,দৌলৰ চৌপাশে সাত বাৰ প্ৰদক্ষিন কৰে ।যাত্ৰাপথত গোসাঁইৰ দৰ্শনৰ বাবে ভক্তগণে নিজৰ পদুলিবোৰ মচি বটাত তামোল পান ৰাখি ধূপ-ধূণাৰে- বন্তিৰে গোসাঁইক সেৱা জনায় ।দৌলৰ চৌপাশে ঘূৰাৰ পিচত কৃষ্ণ গোসাঁইক ওভতাই আকৌ কীৰ্তন ঘৰলৈ লৈ আনা হয় ।গোঁসাইক বৰদোৱা কীৰ্তন ঘৰৰ আশে পাশে থকা বৰহিচা,সৰুহিচা আৰু বৰভেটী গাঁৱত ফুৰোৱা হয় ।ওভতনি পঠত শ্ৰীশ্ৰীনৰোৱা সত্ৰ আৰু শ্ৰীশ্ৰীশলগুৰি সত্ৰৰ মাজেৰে , হৰিনাম ৰসেৰে সকলো আনন্দত মতলীয়া হৈ দুইখন সত্ৰৰ সত্ৰাধিকাৰৰ ঘৰত গোসাঁইৰ পদাৰ্পণ কৰাই ডেকা গোঁসাইসকলৰ ঘৰতো প্ৰবেশ কৰায়।নীতি নিয়ম কৰি কীৰ্তনঘৰৰ মূল প্ৰৱেশ দ্বাৰ অভিমুখে গতি কৰে । যথাৰীতি নিয়ম অনুসৰি স্তুতি প্ৰাৰ্থনাৰে গোসাঁইক সেৱা জনাই কীৰ্তনঘৰৰ থাপনাত স্থাপন কৰা হয়। কীৰ্ত্তন ঘৰত প্ৰবেশ কৰোৱাৰ পিছতে সন্ধ্যা ঘোষা কীৰ্তনৰ মংগল ধ্বনিৰে গোঁসাইক পৰম্পৰাগত দুৱাৰ ধৰা অনুষ্ঠানৰ জৰিয়তে দৌল উৎসৱৰ সামৰণি পেলোৱা হয় ।
এই ৰঙৰ উৎসৱ প্ৰাচীন আৰ্য্যসকলৰ দিনতে পালন কৰা হৈছিল ।এই উৎসৱ হিন্দু সভ্যতা আৰু সংস্কৃতিৰ আন এক পৰম্পৰাগত উৎসৱ ।নাৰদ পুৰান ,ভবিষ্যৎ পুৰান ,জেমিনিৰ মীমাংসা তত্বটো ৰঙ উৎসৱৰ কথা পোৱা যায় ।
ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ফাকুৱা উৎসৱক মদনোৎস, ফল্পু উৎসৱ, ফাকুৱা, হোলী উৎসৱ, হোলিকা উৎসৱ আৰু দেউল উৎসৱ আদি নামেৰে জনা যায় ।
এই ফাকুৱা উৎসৱ বসন্ত কালৰ এক উল্লেখযোগ্য উৎসৱ । ফাগুনৰ ধূলিয়ন পৃথিবীলৈ পলাশ ,মদাৰ, শিমলুৰ ৰঙৰ দৰে আবিৰৰ ৰং আৰু আনন্দে কঢ়িয়াই আনে সকলোলৈ মিলন আৰু সম্প্ৰীতি। উচ্চ নীচ, ধনী-দুখীয়া, সকলো জাতি উপজাতিয়ে সম্প্ৰীতিৰ এনাজৰিৰে ফাকু খেলে ।
বিশ্বাস আছে যে ভক্ত প্ৰহ্লাদক তেওঁৰ পিতাক হিৰণ্যকশিপুৰে ভগৱান ভক্তবাবে বিভিন্ন ধৰনে মৃত্যুদন্ড দিব বিচাৰিছিল।কিন্ত্ত বাৰে বাৰে বিফল হৈছিল ।হোলীকা আছিল হিৰন্যকশিপুৰৰ ভনীয়েক আৰু তেওঁ আছিল যাদুবিদ্যাত পাকৈত । তেওঁ প্ৰহ্লাদক নিজৰ কোলাত বহুৱাই লৈ অগ্নিকুণ্ডত প্ৰৱেশ কৰিছিল। যাতে জুয়ে প্ৰহ্লাদক ভস্ম কৰি পেলায় আৰু তেওঁ নিজে যাদুৰ বলত অগ্নিৰ পৰা ৰক্ষা পায় ।তেতিয়া ভক্ত প্ৰহ্লাদে মাথোঁ ভগৱানৰ নাম ল’বলৈ ধৰিলে ভগৱানৰ নামৰ মহিমাই প্ৰহ্লাদক কোনো ক্ষতি সাধন নকৰিলে । অগ্নিদেবে ভক্ত প্ৰহ্লাদক ৰক্ষা কৰি দুস্ট আৰু হিংস্ৰতাৰ প্ৰতীক হোলীকাকহে দাহন কৰে।সেইবাবেই অপশক্তিক নাইকিয়া কৰিবলৈ হোলীকাক দাহন কৰা পৰম্পৰা আজিও ফাকুৱাৰ আগদিনা প্ৰচলিত আছে ।ই অতি প্ৰাচীন আৰু ধৰ্মীয় উৎসৱ।হোলিকাৰ মৃত্যুত সকলোৱে ভগৱানৰ যশ-গুণ-কীৰ্তনেৰে আনন্দ উৎসৱ পাতিলে।
আন এটা প্ৰচলিত কাহিনী মতে ৰাধা কৃষ্ণৰ প্ৰেম আৰু ভক্তিক সন্মান কৰি উদযাপন কৰে এই উৎসৱ ৷ কৃষ্ণই ৰাধা আৰু গোপীসৱৰ সৈতে ৰঙ খেলাৰ বৰ্ণনা বহুততে পোৱা যায় ।
আকৌ বহুতে ক’ব বিচাৰে যে কুৰুক্ষেত্ৰ যুদ্ধত শৰশয্যাত থকা ভীষ্মদেৱকো এই দিনতোতেই মুখাগ্নি দিয়া হৈছিল ।
আন এক আখ্যান অনুসৰি এসময়ত দেবী পাৰ্বতীয়ে মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ তপস্যা কৰিছিল৷ কিন্তু সেইসময়ত মহাদেৱ নিজে গভীৰ তপস্যত বিলীন হৈ আছিল৷দেৱতাসকলে বিবাহ কাৰ্য সম্পন্ন কৰিবলৈ অন্য কোনো উপায় নেদেখি কামদেৱক ‘কামবাণ’ নিক্ষেপ কৰিবলৈ দিছিল৷ কামদেবে তালে কৰাৰ ফলত মহাদেৱৰ তপস্যা ভংগ হোৱাত তেওঁৰ ক্ৰোধত কামদেৱ ভস্মীভুত হয় । এই দিনতোক বহুতে ‘কাম দহনৰ দিন’ বুলি উল্লেখ কৰি কাম, ক্ৰোধ লোভ, মোহ,আদি ৰিপুক ত্যাগ কৰিবলৈ কোৱা হয় ।
গতিকে দেখা যায় যে ফাকুৱা এক ধৰ্মীয় পৱিত্ৰ উৎসৱ।শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলনৰ প্ৰভাৱত এই উৎসৱে অসমত অধিক স্বীকৃতি লাভ কৰিছিল । কৃষ্ণলীলাৰ ভক্তিৰসৰ গীতমাতেৰে ফাকুৱা উৎসৱত সকলোৱে আনন্দ লাভ কৰে ।
এই ফাকুৱা মহোৎসৱৰ লগত সংগতি ৰাখি বৰদোৱাৰ পবিত্ৰ আকাশী গংগাৰ কাষতে আয়োজিত হোৱা হাট আৰু মেলাত বিভিন্ন প্ৰকাৰৰ সামগ্ৰীৰ দোকানবোৰে ৰাইজক মনোৰঞ্জন দিয়ে ।অবশ্যে পবিত্ৰ আকাশীগংগাৰ স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি মেলাখন বৰ্ত্তমান বন্ধ কৰি হাটখন ৰখা হৈছে যি বৰদোৱাৰ ফাকুৱা মহোৎসৱৰ আন এক আকৰ্ষনৰ কেন্দ্ৰবিন্দু ।এইবাৰো আড়ম্বৰপূৰ্ণভাৱে বৰদোৱাত তিনিদিনিয়া কাৰ্যসূচীৰে এই দৌল উৎসৱ পালন কৰা হৈছে লগতে মেলা খন পাঁচদিনলৈকে থাকিব অৰ্থাৎ ২৪ মাৰ্চলৈকে ।
Priti Rekha Bora
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.