ক’লা হৈ অহা ডাৱৰে
বৰদৈচিলাজনী অহাৰ বাতৰি দিলে
শুকান পাতবোৰ যেনি তেনি উৰি
ন কুঁহিপাতক আদৰণি জনালে ।
ধুলিয়ৰি মাটিত বৰষুনৰ টোপালে
খেতিয়কক মিঠা সুবাস দিলে
নাঙল , মৈত হাত বুলাই
বলধযোৰলৈ চাই শুকান পথাৰখনত
এটি সেৱা জনালে ।
কুলি কেতিকীৰ মাতত
সিও ঢোলত চাপৰ দিলে
খিটিক খিটিকৈ মাকো মাৰি
তাই বিহুৱানখনত ফুল বাচিলে ।
আইৰ হাতৰ বুলনিত
চাউলত পৰশ পাই উঠিল
হেঁপাহৰ বহাগৰ এসাঁজ ।
পেপাঁৰ মিঠা মাতত
নাচনীৰ খোপা শুৱনি কৰিবলৈ
কপৌফুলপাহেও বাট চাই ৰ’ল ।
নতুনক আকোঁৱালি
নতুন প্ৰতিশ্ৰুতিৰে
নতুন সপোনবোৰ আশাৰ তুলিকাত
সুখময় হৈ পৰক
এয়াই বহাগৰ উষ্ণ আদৰণি ।
Priti Rekha Bora
+ Newsletter
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
+ Share Your Thoughts
Leave a Reflection
Share this reflection
Reflections (0)
No comments yet. Be the first to share your thoughts.