~*~ ফাগুন মানেই ভাল লগা ৰঙবোৰ ~*~
শীতৰ ডাঠ কুৱলীৰ আৱৰণ আঁতৰাই
পদূলিত ভুমুকি মাৰিছে ফাগুনে।
ফাগুন মানেই পলাশ মদাৰ শিমলু…
উৰুঙা ফাগুনে পলাশ,মদাৰ,শিমলুৰ
মিশ্ৰিত ৰঙা আঁচলৰ দলিচা পাৰি,
জগাই দি যায় উতলা ৰঙীন সপোনবোৰ।
সৰাপাতবোৰ উৰি উৰি
পলাশৰ ৰঙাবোৰৰ বুকুত দি যায়
মৰমসনা মিঠা মিঠা ভালপোৱা।।
বতাহত দুলি দুলি সৰি পৰা
শিমলুৰ সেন্দুৰীয়াখিনিক
উদং পথাৰখনে আকোঁৱালি লয়
দুবাহু মেলি ।।
পলাশ ৰঙৰ বেলিটো
উদং পথাৰখনত শেষ হোৱাৰ লগে লগেই,
নিয়ৰৰ আঁচলত সদ্য স্নানা
শিমলু তোলাৰ শুকুলাবোৰে
বাট চাই ৰয় পুৱাৰ কোমল ৰদ কাঁচলিলৈ।
বিৰিণাৰ সুহুৰিত
তেজ ৰঙা মদাৰে ছটিয়াই দিয়ে
ধুসৰ ধূলিয়ৰিৰ উদাস উদাস ভাব।।
ফাগুন মানেই উদাস…
হৃদয়ৰ কোঁহে কোঁহে
কুমলীয়া মনটোৱে সাৰ পাই উঠে,
উদাস উদাস ৰিঙা ৰিঙাভাৱতে
দিগন্তৰ কপালত থকা
তেজ ৰঙা ফোটতোৰ
সৌন্দৰ্য্য উপভোগ কৰোঁতেই,
পাৰ হৈ যায় যোৰা যোৰা
শৰালি বগলী কণামুচৰি জাক।
ডাৱৰে ডাৱৰে লুকা ভাকু খেলি
সৰা পাতে পাতে নামিছে ফাগুন,
উদাসী কাজলসনা চকুযুৰিত
ফাগুনৰ ৰঙত তিৰবিৰাই উঠে
পাখি মেলা সপোনৰ জোনাক।
বিষন্ন হৃদয়ৰ চেচাঁ পৰি ৰোৱা কলিজাতো
উৰুঙা ফাগুনে
ৰিঙা ৰিঙা দুপৰীয়া আল্পনা আঁকে।।
ফাগুন মানেই উন্মনা সেন্দুৰীয়া ৰং…
সুবাসবিহীন ৰঙৰ আঁচোৰত
আঘোণৰ ধাননিডৰাত
নিৰবভাৱে পৰি ৰয় নৰাবোৰ,
উকা আলিবোৰৰ শিৰত
পকা বেলিটিয়ে আঁকি দিয়ে
ৰঙীন সেন্দুৰ।
ধূলিময় আকাশত ছিটিকি পৰে
সাতোৰঙী ৰামধেনুৰ আবিৰৰ ৰং,
যাৰ স্পৰ্শই
দুগালত বোলাই যায়
উৎসৱৰ আলোড়ন
ফাগুন মানেই যেন ফাকুৱাৰ ৰঙ।।
ফাগুন মানে শুকান ধূলিয়ৰি
ফিৰফিৰীয়া বতাহজাক…
অস্থিৰ বতাহজাকে বুকু শুদা কৰি
গছজোপাৰপৰা টপ টপকৈ
সৰাই পেলাই পাতবোৰ।
বতাহজাকৰ উন্মাদনাত
কপি উঠা আঁচলৰ বাত,
উদং বননিত পৰি ৰোৱা
লঠঙা শুকান বৃক্ষজোপাই
অপেক্ষা কৰি ৰয়
কলা মেঘত লুকাই থকা
এজাক কিনকিনিয়া বৰষুনৰ।
ৰিৱ ৰিৱ মলয়াত খহি পৰা
ঠিকনাবিহীন সৰাপাতবোৰে
লঠঙা গছজোপালৈ চাই হাঁহি মাৰে,
আশাভৰা প্ৰতিশ্ৰুতিৰে সমাগত বসন্ত।।
ফাগুনৰ ৰঙত মতলীয়া হৈ থাকোতেই
কৰবাত কুলিজনীয়ে
চিঞৰি মাতে বহাগীক।।
ফাগুন মানেই সেউজীয়াৰ আগমন…
লিহিৰি বনত ফাগুনৰ বা লাগি
জোকাৰি যায় ধৰণী
আবতৰীয়া বা মাৰলীজাক
শব্দ কৰি আহি
চোতালৰ ধূলিখিনিক আজুৰি লৈ যায়
শুষ্ক ধৰণীত ফুটি উঠে
কুঁহিপাতৰ হালধি ৰঙ
ফাগুন নাহিলে
শুকান মাটিৰ বুকুত
বহাগ বহাগ লগা
মিঠা অনুভৱৰ বসন্ত নাহে
ফাগুনৰ পৰশতহে
বসন্তত কপৌজোপা ফুলে
ফাগুনৰ পচোঁৱাতেই
বৰদৈচিলাজনীয়ে হিয়াখন কপাই
ফাগুন আহিলেহে
আঁহতজোপাই নসাঁজেৰে
বাট চাই ৰয়
ৰঙালীৰ ৰঙবোৰলৈ……
—————————————————————–
প্ৰীতি ৰেখা বৰা
২০/০২/২০২০
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.