Back to journal
Mridu

পলাশনীৰ সোবাস বিছাৰি

আজি প্ৰায় সকলোৱে পাহৰি যোৱা মহান ব্যক্তিজনক তেওঁৰ জন্মদিনত শ্ৰদ্ধাৰে সোঁৱৰিছো ।

পলাশনীৰ সোবাস বিছাৰি

নগাওঁ সাহিত্য সভা ভৱনৰ আগত থকা শ্বহীদ অনিল বৰাৰ স্মৃতিসৌধটোয়ে মোৰ মনত আগতে বৰ জিজ্ঞাস জন্মাই । তেতিয়া আমাৰ জন্মই হোৱা নাছিল যদিও দেউতাৰপৰা তেওঁৰ বিষয়ে শুনি বহু কথাই জানিবলৈ মন গৈছিল ।সেই মহান আত্মাৰ আজি জন্মদিন বাবে এই লেখাতো লিখিলোঁ যি মোৰ দৰে বহুতকে হয়তু মনত দোলন দি যায় । কেতিয়াবা সেই মহান আত্মাকো আন বহু মহান মানুহৰ লগত মনত পেলাবলৈ মন যায় যিসকলে দেশৰ বাবে ঘৰৰ পৰা উলাই আৰু কেতিয়াও ওভতি ঘৰমূৱা ন’হল । কিছুমান মৃত্যুয়েও ইতিহাস সৃষ্টি কৰে,তেওঁলোকৰ মহানুভবৰ বাবে ।হেৰাই গ’ল এক জাতীয়তা বাদী উদাত্ত সংগ্ৰামী সত্তাৰ বিপ্লবী কন্ঠ ।

সেইদিনা পলাশনীৰ দুবৰীত নিয়ৰৰ টোপালবোৰে মুকুতাৰ মালা গাঠি ৰাতিপোৱাটো সজীৱ কৰি তুলিছিল । শেৱালীৰ সোবাসে চাৰিওফালে শাৰদীয় প্ৰভাতৰ স্মৃতি আঁকিছিল । বকুল জোপাইও মনলৈ আহিন আহিন ভাব আনিছিল ।

১৯৫১ চনৰ ২অক্টোবৰ ;তাৰিখে অৰ্থাৎ আজিৰ এই দিনটোতেই জন্ম হৈছিল শ্বহীদ অনিল বৰাৰ । সেইদিনা আছিল ১৬ আহিন দেওবাৰ , অমাবস্যা। ৰাতি ১২ বজাত ,নগাওঁৰ পলাশনী গাওঁত মানিকী বৰাই এটি ল’ৰা সন্তান প্ৰসৱ কৰে । সেইদিনা মানিকী বৰাৰ স্বামী ছন্দ্ৰচৰণ বৰাও ঘৰত নাছিল । তেখেত কুঁজিডাহ নামে ঠাইত অসুস্হ হৈ আছিল ।প্ৰাথমিক স্কুলৰ প্ৰধান শিক্ষক স্বৰ্গীয় চন্দ্ৰচৰণ বৰা স্বাধীনতা আন্দোলনৰ এজন যুজাৰু আছিল আৰু মহাত্মা গান্ধীৰ অনুৰাগী আছিল ।

এখোজ দুখোজ কৰি , লাহে লাহে অনিল নামৰ শিশুটি ডাঙৰ হৈ আহিছিল । ১৯৫৬ চনত কৰৈয়নীৰ প্ৰাইমাৰী বিদ্যালয়ত নামভৰ্ত্তি কৰে আৰু ১৯৬০ চনত সেই বিদ্যালয়ৰ পৰাই চতুৰ্থ শ্ৰেনীৰ বৃত্তি লাভ কৰে । তাৰ পিচতে তেওঁ কৰৈয়নী হাইস্কুলত ১৯৬৪ চনলৈকে অৰ্থাৎ অস্টম শ্ৰেনীলৈকে পঢ়ি ১৯৬৫ চনত নগাওঁ চৰকাৰী বালক বিদ্যালয়ত নবম শ্ৰেনীৰ পৰা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান বিভাগৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ নগাওঁ মহাবিদ্যালয়ত প্ৰানীবিদ্যা বিভাগত অনাৰ্চ লৈ স্নাতক মহলাত পঢ়িছিল।

সৰুৰে পৰাই স্পষ্টবাদী অনিল বৰা আছিল নাট্যপ্ৰেমী , সমাজ সেৱক আৰু সংগীত প্ৰেমী । সমাজৰ বিভিন্ন সৰ্বাংগীণ উন্নতি হকে তেওঁ কাম কৰি ভাল পাইছিল । হয়তু দেউতাকৰ সমাজৰ প্ৰতি থকা আৰু দেশৰ প্ৰতি থকা জাতীয় প্ৰেমে অনিল বৰাক সৰুৰে পৰাই আপ্লুত কৰিছিল । তেওঁৰ এনেকুৱা মনোভাবৰ বাবে নগাওঁ কলেজত নামভৰ্ত্তিকৰাৰ বছৰেই কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰন সম্পাদক ৰূপে নিৰ্বাচিত হৈছিল । তাৰোপৰি সদৌ অসম ছাত্ৰ সন্থাৰ নগাওঁ জিলা শাখাৰ সহঃ সাধাৰন সম্পাদক হৈছিল । তেওঁৰ বন্ধুমহলত তেওঁৰ ব্যবহাৰ আৰু নিয়মানুবৰ্তিতাৰ বাবে তেওঁ জনপ্ৰিয় নেতা আছিল । সমাজৰ বাবে কিবা এটা কৰিম বুলি ভাবিলে তেওঁক কোনোধৰনৰ বাধাই ৰাখিব পৰা নাছিল ।তেওঁৰ অভিনয়ো কৰিছিল । ভাওনা নাটক আদিত তেওঁ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল ।

তেওঁলোকে নগাওঁ কলেজত পঢ়ি থকাৰ সময়ত অসমত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিল । কাৰন আছিল দুয়োখন বিশ্ব বিদ্যালয়ত ( গুৱাহাটী আৰু ডিব্ৰুগড় ) বেলেগ ভাষাৰ প্ৰচলন ।অসমীয়াৰ দাবী আছিল দুয়োখন বিশ্ব বিদ্যালয়ত অসমীয়া ভাষাৰ ব্যবহাৰ আৰু অসমৰ ৰাজধানী সুনিৰ্দিষ্ট কৈ নিৰ্ধাৰন কৰা । ১৯৭২ চনৰ ১৫ চেপ্তেম্বৰ ; সদৌ অসম ছাত্ৰ সন্থাই শিক্ষাৰ মাধ্যম অসমীয়া ভাষা হ’ব লাগে বুলি কৰা দাবীত ধৰ্ণা কাৰ্যসূচী পালন কৰিছিল । এই দাবী দিৱস সমগ্ৰ অসমৰ স্কুল কলেজত পালন কৰিবলৈ অনুৰোধ কৰা হৈছিল । সমগ্ৰ অসমেই সেই উক্ত দিনত ধৰ্না দিৱস পালন কৰিছিল যদিও হোজাইত এক বিশেষ ভাষাৰ গোস্ঠীৰ ছাত্ৰ – ছাত্ৰীয়ে সেই দিৱস পালন কৰাৰ পৰা বিৰত থাকিল ।

তাৰ পিচতেই বিধান সভাত ২৩ চেপ্তেম্বৰ তাৰিখে এই প্ৰস্তাব গ্ৰহণ কৰা হয় যে বিশ্ব বিদ্যালয় দুখনৰ ভাষাৰ মাধ্যম অসমীয়া হোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মহাবিদ্যালয়সমুহৰ ভাষা অসমীয়া হ’ব কিন্ত্ত বিকল্প মাধ্যম হিচাপে সমান্তৰালকৈ ইংৰাজী ভাষাও ১০ বচৰলৈ চলি থাকিব । লগতে কাচাৰৰ বাবে আৰু এখন পৃথক বিশ্ব বিদ্যালয় প্ৰতিস্থা কৰিব বুলি প্ৰস্তাব লোৱা হ’ল । কিন্ত্ত এই প্ৰস্তাবে সঁচা অৰ্থত অসমীয়া ভাষাৰ প্ৰচলনত একো সহায় কৰা নাছিল । বৰঞ্চ সংকটতহে পেলাইছিল । কিন্ত্ত যিখন অসমত সেই সময়ত ভাষাৰ সংকট চলি আছিল সেই সময়তেই আন এখন বিশ্ববিদ্যালয় কাচাৰত উপস্থাপন কৰোঁতেই যদি ভাষাৰ মাধ্যমো অসমীয়া কৰিলেহেতেন তেনেহ’লে অসমীয়া ভাষাৰ ইমান সংকট নহলহেতেন । কাচাৰৰ ছাত্ৰক গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা পৃথক কৰি বেলেগ এখন বিশ্ব বিদ্যালয় অসমত প্ৰতিস্থা কৰি বেলেগ এটা ভাষাক প্ৰাধান্য দিয়াতোয়ে কি বুজায়ছিল ? এখন ৰাজ্যত দুটা ভাষাৰ ব্যবহাৰ ? কিন্ত্ত অসমত দ্বি -ভাষাৰ প্ৰয়োজনৰ আঁৰত কাৰ কিমান স্বাৰ্থ আছিল সেইটো মোৰ বাবে এটা সাঁথৰ । যিহেতু সেই সময়চোৱাত মোৰ জন্মই হোৱা নাছিল ।এনে দ্বি- ভাষাৰ প্ৰচলন মই বৰ্তমানলৈকে দেখা নাই ( সকলোতে নিজৰ মাতৃভাষা লগতে ইংৰাজী ভাষাহে দেখিছো ) । সদৌ অসম ছাত্ৰ সন্থাই এনে প্ৰস্তাবৰ বিৰুদ্ধে সমগ্ৰ অসমতেই সেই সময়ত আন্দোলন গঢ়ি তুলিছিল । এই আন্দোলনত নগাওঁত অনিল বৰাই সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল । বিধান সভাত লোৱা সেই প্ৰস্তাবটো পুনৰ বিবেচনা কৰি চাবলৈ সদৌ অসম ছাত্ৰ সন্থাই ৩ অক্টোবৰ তাৰিখলৈকে এক সময়সূচী নিৰ্ধাৰন কৰি দিছিল । আৰু ইয়াৰ বিৰুদ্ধে শান্তিপূৰ্বক ভাবে সমগ্ৰ অসমতে আন্দোলন চলিবলৈ ধৰিলে । সময় ওকলি যোৱাত ৫ অক্টোবৰত ছাত্ৰ সন্থাই অসম বন্ধ ঘোষনা কৰিছিল ।সেই দিনা অসমৰ সকলো ঠাইতেই অসমবন্ধ পালন কৰা হৈছিল যদিও হোজাইত আকৌ ইয়াৰ প্ৰতিবাদ জনাই বন্ধ অসফল কৰিব বিচাৰিলে ।তেতিয়া বহুকিজন লৰাই হোজাই অভিমুখে গতি কৰা বুলি শুনি অনিল বৰা প্ৰমুখ্যে কেইবাজনেও লৰাবোৰ ঘূৰাই আনিবলৈ হোজাইলৈ যাত্ৰা কৰিলে ।যাতে ক’তো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি সকলো সজাগ আছিল কিন্ত্ত খাৰুপেটিয়াত এজাক সৰু লৰাৰ ওপৰত কোনো দুস্কৃতিকাৰীয়ে কৰা ষৰযন্ত্ৰমূলক অভিসন্ধিয়ে মোজাম্মিল নামৰ দশম শ্ৰেনীৰ ছাত্ৰজনৰ প্ৰাণ কাঢ়ি নিলে ফলত সৰু ল’ৰাজনে গুৱাহাটী মেডিকেল কলেজত প্ৰান ত্যাগ কৰে । এই বাতৰিয়ে সমগ্ৰ অসমত গভীৰ শোকৰ ছাঁ পেলাই আৰু ৭ অক্টোবৰ ৰ পৰা ১৩ অক্টোবৰৰলৈকে ক’লা দিৱসৰ দিন ধাৰ্য্য কৰি মোজাম্মিল হ’কৰ মৃত্যুৰ তদন্ত কৰিবলৈ চৰকাৰক দাবী জনালে । মৃদুভাষী অনিল বৰাৰ উদাত্ত ভাষনে সকলোৰে অন্তৰ জয় কৰিছিল ।সকলোকে কোনো ধৰনৰ অপ্ৰীতিজনক পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ আহ্বান জনাইছিল ।অসমীয়া ভাষাক প্ৰধান মাধ্যম হিচাপে গ্ৰহণ কৰাত আন্দোলন সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছিল ।সকলোয়ে তেতিয়া অনিল বৰাক বিচাৰিছিল ।

৭ অক্টোবৰ এক অভিশপ্ত দিন । অসমৰ আকাশত সেইদিনা আহিনৰ নীলা নাছিল । পলাশনীৰ বকুলজোপাৰ মাজেদি নিয়ৰসনা সূৰ্যৰ পোহৰে আনিছিল এক গোমোঠা আবৰণ । পুৱতি নিশাই অনিল বৰাৰ বন্ধুকিজনৰ মৃদু শব্দত সাৰ পাই উঠিছিল সকলো । অনিল বৰাক নিবলৈ আহিছিল । মোজাম্মিল হ’কৰ বিচাৰৰ বাবে নগাওঁ জুবিলি খেল পথাৰত অনুস্থিত হ’ব এখন বিৰাত ৰাজহুৱা সভা । তাৰ বাবেই প্ৰয়োজন উদাত্ত কন্ঠৰ বিপ্লবী যুৱকজনক । অলপো সময় খৰচ নকৰি অনিল বৰাই মাক দেউতাকৰ ভৰি চুই সেৱা জনাই যাব ওলাল । বকুল জোপা লৰি উঠিছিল ,যেন ক’ব বিচাৰিছিল “আজি তই পলাশনী এৰি নাযাবিছোন “! জপনাখন খুলি অনিল বৰাই মাকৰ মুখখনলৈ ঘূৰি চালে । কোনে জানে কিয় আজি আহিনৰ এই গোমোঠা ৰূপ । অতি দৃঢ়তাৰে সেই হাজাৰ হাজাৰ জনতাৰ ওচৰত শ্ল’গান দি শ্বহীদ বেদীত মোজাম্মিল হ’কৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি নগাওঁৰ চোকে কোনে হত্যাৰ বিচাৰৰ দাবী তুলিছিল । সেই সময়তেই আন কিছুমান ছাত্ৰই গাড়ী লৈ হোজাইলৈ যোৱা বুলি শুনি তেওঁলোকক ঘূৰাই আনিবলৈ অনিল বৰাই যো যা চলাওতেই অধক্ষ্য মহোদয়ে তেওঁক যাবলৈ মানা কৰাত অনিল বৰাই নিৰ্ভীকভাবে কৈছিল’ ছাৰ মই সিহঁতক ঘূৰাই আনিবই লাগিব ‘ । সেই সময়ৰ নগাওঁ কলেজৰ অধক্ষ্য মহোদয় মুহিৰাম শইকীয়া ছাৰেও অলপো পলম নকৰি , অনিল বৰা , শিশিৰ ,নৰেন, প্ৰমূখ্যে আন বহু ছাত্ৰৰ লগত হোজাই অভিমুখে যাত্ৰা কৰিলে কিন্ত্ত নীলবাগান পাওঁতেই তেওঁলোকক পুলিচে যাব নিদিয়া হ’ল । ইফালে ল’ৰাবোৰো আকোঁৰগোঁজ । হোজাই যাবই । শেষত উপায় বিহীন হৈ অফিচাৰৰ পৰা অনুমতি লৈ তেওঁলোকে হোজাইত শান্তি-পৰ্ব এটা মাত্ৰ শ্ল’গান দিব বুলি ক’লে, যে ‘অসমত শিক্ষাৰ মাধ্যম অসমীয়া হবই লাগিব ‘ । তাৰ পিচতেই দুজন মানে হোজাইৰ পৰিস্থিতি চাই আহি বাকীবোৰক হোজাইলৈ যাব পাৰিব বুলি কোৱাত সকলোয়ে হোজাইলৈ গমন কৰিলে । কিন্ত্ত তাত গৈ এক বেলেগ পৰিস্থিতিয়ে তেওঁলোকলৈ অপেক্ষা কৰি আছিল । তাত উন্মত্ত জনতাই সু সজ্জিত হৈ ৰৈ আছিল । কথা বেয়া হোৱাৰ আভাস পাই অনিল বৰাই সকলোকে গাড়ী ঘূৰাবলৈ নিৰ্দেশ দি নিজে গাড়ীপৰাৰ নামি গৈ সকলোকে গাড়ীত উঠাবলৈ ধৰিলে । শেষত সকলোকে গাড়ীত উঠাই গাড়ীবোৰ পঠাই দি নিজে গাড়ী নাপায় উপাই বিহীন হৈ তেওঁ , জৈনক নৰেন আৰু আনোৱাৰ হুচেইনে খোজ কাঢ়িয়েই ঘূৰি আহিব ধৰিলে । অলপ দুৰ অহাৰ পিচত এখন হোটেলত পানী খাই পিয়াহ পলোৱাই আনোৱাৰ হুচেইনক বিদায় দি নৰেন বুলাজনৰ লগত আহি থাকোতেই গলিবোৰৰ পৰা ল’ৰাবোৰ ওলাই আহি অতৰ্কিতে তেওঁলোকক আক্ৰমণ কৰিলে । নৰেন বোলা জন পলাই সাৰিলে যদিও অনিল বৰাক সকলোৱে আগুৰি ধৰিছিল আৰু এজন ভূতপূৰ্ব সাধাৰন সম্পাদকে তেওঁক ৰডেৰে মূৰত মাৰিছিল আৰু তেওঁ মাটিত ঢলি পৰিছিল , তাৰ পিচতেই অনিল বৰা নিৰুদ্দেশ হৈ পৰিছিল । এই ঘটনাবোৰ হোজাইৰ এডিচনেল এচ পিৰ সন্মূখতেই কেনেকৈ হবলৈ পাইছিল সিও এক অবুজ সাঁথৰ । সেই যে মাটিত ঢলি পৰিছিল তাৰ পিচৰ পৰা অনিল বৰাৰ একো খবৰ পোৱা নগৈছিল । সেইদৰে ১০ দিন পাৰ হৈ গৈছিল কিন্ত্ত অনিল বৰাৰ কোনো খবৰ পোৱা নগৈছিল ।শিলঙৰ পৰা উচ্চপদস্থ অনুসন্ধানকাৰী আহিছিল । স্নীফাৰ দ’গৰ সহায়ত জানিব পোৱা গৈছিল বহুত নিৰ্মমভাবে অনিল বৰাক অত্যাচাৰ কৰি হত্যা কৰিছিল ।স্নীফাৰ ডগ’ৰ সহায়ত ১০ দিনৰ পিচত অনিল বৰাৰ মৃতদেহ কঢ়িওৱা গাড়ীখন আৰু তিনটা গাঁত চিনাক্ত কৰি এটা গাঁতৰ পৰা পুতি থোৱা নাৰী -ভূড়ীবোৰ উদ্ধাৰ কৰিছিল । তাৰ পিচত ১৭ অক্টোবৰত হোজাইৰ পৰা তিনি কিল’মিটাৰ দূৰৈত নদীত এটা বস্তাৰ ভিতৰত অনিল বৰাৰ মূন্ডহীন মৃতদেহ আবিস্কাৰ কৰিছিল । পেটত নাৰীভূড়ীৰ সলনি মাটি ভৰাই থোৱা আছিল । তেওঁৰ মূৰটো বিচাৰি পোৱা নগৈছিল । ইমান অমানুষিক অত্যাচাৰ এজন জীৱিত মানুহক কেনেকৈ কৰিব পাৰে ভাবিলেই গা শিঞৰি উঠে । ৰাতি ১০ টা মান বজাত মৃতদেহ আহি নগাওঁ চিভিল পাইহি আৰু মৃতদেহ চিনাক্ত কৰিবলৈ ঘৰৰ মানুহক মাতে । অনিল বৰাই হাতত এডাল স্টিলৰ খাৰু পিন্ধিছিল । সেইডাল তেতিয়াও মৃতকৰ হাতত আছিল । অনিল বৰাৰ মুন্ডহীন মৃতদেহটো সেই খাৰুপাতৰবাবেই চিনাক্ত কৰিব পাৰিছিল ।১৮ অক্টোবৰত চিভিলত প’স্টমৰ্টেম কৰি পৰিয়ালক মৃতদেহ দিয়ে ।অনিল বৰা নিৰুদ্দেশ হোৱাৰ দিনৰ পৰাই সমগ্ৰ নগাওঁ জিলাত শোকৰ ছাঁ পৰিছিল । মৃতদেহ অহাৰ লগে লগে সমগ্ৰ অসমতেই তোলপাৰ লাগিছিল । ফুলেৰে সজ্জিত ট্ৰাক্ খনত মৃতদেহ কঢ়ি্যাই ৯টা বজাত তেওঁৰ মৰমৰ কলেজ প্ৰাংগন পাইছিল য’ত অনিল বৰাৰ মাতৃ প্ৰেমৰ চেতনাক জাগ্ৰত কৰিছিল ।তাৰ পিচত জুবিলী খেল পথাৰলৈ লৈ যোৱা হৈছিল । তাত ছাত্ৰ ছাত্ৰী অাৰু লোকে লোকৰান্য হৈ পৰিছিল । চাৰিওফালে কান্দোনৰ ৰোল উঠিছিল । ভাষা আন্দোলনৰ বীৰ শ্বহীদ অনিল বৰাৰ মৃতদেহ তাৰ পৰা লৈ যোৱা হৈছিল পলাশনীলৈ । তাৰ পিচতে নগাওঁ সাহিত্য সভা ভৱনৰ চৌহদত শ্বহীদ অনিল বৰাৰ শেষকৃত সমাপন কৰা হয় ।

৭ তাৰিখে ওলাই যোৱা ল’ৰাটো উভতি আহিছে কিন্ত্ত এতিয়া অাৰু সি মাক দেউতাকৰ ভৰি চুই আশীৰ্বাদ ল’ব নোৱাৰে । মাকেও মূৰতো হাত বোলাই দিব নোৱাৰে ! খালি বিশাল জনতাৰ ওচৰত চকুপানী মচি সগৌৰৱেৰে ক’ব পাৰিছিল আমাৰ অনিলে দেশৰ বাবে প্ৰানত্যাগ দিলে ।শ্বহীদ অনিল বৰাৰ কেচাঁ তেজেৰে ফাকোঁ খেলা সেই পিশাচবোৰক হয়তো অনিল বৰাই চিনি পাইছিল । কিন্ত্ত আমাৰ বাবে এক নোবোজা সাঁথৰ হৈ ৰ’ল । সেই মহান নায়ক সকলৰ ত্যাগৰ বিনিময়ত আজি মুক্ত-কণ্ঠে অসমীয়া ভাষাৰ প্ৰচলন বিদ্যালয় মহাবিদ্যালয় সমূহত আকৌ হৈছিল । নিজৰ ভাষাক , নিজৰ জাতীয় সত্তাক আৰু নিজৰ দেশক ভাল পোৱাজন সদায় শ্ৰেস্ঠ ।নিজৰ ভাষা কবলৈ লাজ কৰি বেলেগৰ ভাষাক সলসলীয়াকৈ আয়ত্ব কৰি ক’ব পৰাজন আজিৰ যুগত দেশতদ্ৰোহীতকৈ কম নহয় ।


(c) Priti Rekha Bora

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection