বুদ্ধদেৱৰ ধৰ্ম দৰ্শন প্ৰকৃততে নৈতিকভাৱে জীৱন – যাপন কৰিব পৰা এক ব্যৱহাৰিক দৰ্শন। য’ত তেওঁ তাত্বিক আলোচনাক সম্পূৰ্ণৰূপে পৰিহাৰ কৰি জীৱনোপযোগী এক ব্যৱহাৰিক দৰ্শনৰ সূত্ৰপাত কৰি জীৱনৰ প্ৰকৃত সত্যক জানিবলৈ দিছে।মানৱ জীৱনত থকা দুখ সুখৰ নিবৃত্তিৰ বাবে তেওঁ সুদীৰ্ঘকাল সাধনাত নিমগ্ন হৈ চাৰিটা মূল সত্যৰ সন্ধান কৰি পাইছিল যাক’ চত্বাৰি আৰ্যসত্যানি বা অৰ্যসত্য ‘বুলি কোৱা হয়। সেই কেইটা হ’ল (১)দুখ আছে (২) দুখৰ কাৰণ আছে (৩) দুখৰ নিবৃত্তি আছে (৪) দুখ নিবৃত্তিৰ উপায় আছে।
বৌদ্ধ দৰ্শনৰ তৃতীয় আৰ্যসত্যটো হৈছে দুখ নিবৃত্তি বা দুখ নিৰোধ।যদি দুখ আছে , দুখৰ কাৰনো আছে তেনেহ’লে দুখৰ নিবৃত্তিও আছে বা দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ো আছে অৰ্থাৎ দুখৰ কাৰণসমূহ আমি ৰোধ কৰিব পাৰো।দুখৰ কাৰণসমূহ প্ৰতিহিত কৰিব পাৰিলে প্ৰত্যেক জীৱই নিৰ্বান লাভ কৰিব পাৰিব।দুখৰ কাৰণ হ’ল অবিদ্যা বা অজ্ঞানতা ।যদি এই অবিদ্যাক আমি বিনাশ কৰিব পাৰো তেনেহ’লে আমি দুখৰপৰা পৰিত্ৰাণ পাব পাৰো আৰু এই জীৱনতে জীৱই নিৰবান লাভ কৰিব পাৰে।নিৰ্বানৰ অৰ্থ হ’ল মুক্তি । ভাৰতীয় দৰ্শনৰ প্ৰায় সকলোবোৰ শাখাতেই এই মুক্তিৰ বিষয়ে আলোচনা কৰা হৈছে। আমাৰ মনত উদয় হোৱা প্ৰশ্নটো হ’ল নিৰ্বান কি? ইয়াৰ কিদৰে প্ৰাপ্তি হয় ?
নিৰ্বান হ’ল আত্মাৰ এনে এক অৱস্হা য’ত আত্মাই সকলো দুখ- কষ্ট ,ক্লেশৰপৰা চিৰশান্তি লাভ কৰে।পালি ভাষাত ইয়াক নিৰ্বান বুলি কোৱা হয় যাৰ অৰ্থ হ’ল’নুমাই যোৱা’। সংস্কৃততো নিৰ্বান বুলি কোৱা হয় আৰু একে অৰ্থত ব্যৱহাৰ কৰা হয়।নিৰ্বানে ৰাগ ,দ্বেষ আৰু অবিদ্যা সম্পূৰ্ণৰূপে নিঃশেষ কৰি পোনৰ জন্মৰপৰা আমাক ৰক্ষা কৰি জীৱনৰ প্ৰকৃত সুকখ উপলব্ধি কৰিব দিয়ে।অৰ্থাৎ দুখ নিবৃত্তি লাভ কৰি সংসাৰত যেতিয়া বাৰে বাৰে জন্ম লাভ কৰিব লগা নহয় তেতিয়াই মানুহে সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা উপশম লাভ কৰে।
নিৰ্বান শব্দটোৱে নুমাই যোৱা বা নিৰ্বাপিত হোৱা বুজায় আৰু ই সকলো প্ৰকাৰৰ অবিদ্যা বা অজ্ঞানতাৰ বিলুপ্তিক বুজোৱা হয়।বুদ্ধদেৱে তেওঁৰ শিষ্যসকলক উপদেশ দি কৈছিল যে এই জগত দুখময় আৰু নিৰ্বান হ’ল দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়। অবিদ্যাৰ দ্বাৰা পৰিচালিত হৈ মানুহে ভৱচক্ৰত আবদ্ধ হৈ দুখ আৰু কষ্ট ভোগ কৰে । কিন্ত্ত নিৰ্বানৰ দ্বাৰা অবিদ্যাৰ বিনাশ সম্ব হয়।নিৰ্বান কেতিয়াও নিষ্ক্ৰিয় নহয়।নিৰ্বান প্ৰাপ্ত মানুহে নিষ্কাম কৰ্ম কৰি যায়। কিয়নো এই কৰ্মত কোনো আসক্তি নাথাকে । বৌদ্ধ ধৰ্মত দুই প্ৰকাৰৰ নিৰ্বানৰ কথা উল্লেখ কৰা হৈছে —
১) উপাধিশেষ নিৰ্বান আৰু ২) অনুপাধিশেষ নিৰ্বান ।
উপাধিশেষ নিৰ্বানত কামনা বাসনা সম্পূৰ্ণৰূপে বিলুপ্তিসাধন হয়। এই নিৰ্বানত চাৰি আৰ্য সত্যক ভালদৰে অনুধাৱন কৰিব পাৰিলে পৃথিবীৰ কোনো ধৰণৰ বিষয়বস্ত্তৰ প্ৰতি আসক্তি নাথাকে । চাৰি আৰ্যসত্যক গভীৰভাৱে উপলব্ধি কৰি নিজ ৰিপুসমূহ ন কৰি অবিদ্যাক বিনাশ কৰিব পাৰে। এই নিৰ্বান লাভ কৰাৰ পিছতো এজন মানুহে নিষ্কাম কৰ্ম কৰি যাব পাৰে ।গৌতম বুদ্ধদেৱে নিজেও ৬৫ বছৰ বয়সত নিৰ্বান লাভ কৰিছিল আৰু ইয়াৰ পিছতো তেওঁ ৮০ বছৰ বয়সলৈকে তেওঁ নিষ্কাম কৰ্ম কৰিছিল।
বুদ্ধদেৱে মানুহক পঞ্চস্কন্ধৰ সমষ্টি বুলি কৈছে । অৰ্থাৎ ৰূপ, বেদনা, সংজ্ঞা , সংস্কাৰ আৰু বিজ্ঞান এই পঞ্চস্কন্ধৰদ্বাৰা মানুহৰ সৃষ্টি ।এই স্কন্ধসমূহ স্থায়ী নহয় । উপাধিশেষ নিৰ্বানত এই পঞ্চস্কন্ধৰ স্বৰূপ দেখা পোৱা যায়। এই নিৰ্বানত কামনা বাসনাৰ চিৰবিলুপ্তি সাধন হয় আৰু মন একেবাৰে শান্ত আৰ শুদ্ধ হৈ পৰে। আনহাতে যি নিৰ্বানত পঞ্চ স্কন্ধস্বৰূপ উপাধিৰ বিলোপ হয় অৰ্থাৎ এই নিৰ্বানত জীৱৰ দেহৰ পৰা লোপ পায়, অৰ্থাৎ এই জগতৰ পৰা জীৱৰ অস্তিত্ব বিলোপ ঘটে । ইয়াক নিৰ্বান বুলিও কোৱা হয়।
জীৱৰ মৃত্যুৰ পিছত যি লাভ কৰে তাকে অনুপাধিশেষ নিৰ্বান বুলি কোৱা হয়। অনুপাধিশেষ নিৰ্বানক পৰিনিৰ্বান বুলিও কোৱা হয়।
নিৰ্বান হ’ল জীৱন মুক্তি আৰু পৰিনিৰ্বান হ’ল বিদেহমুক্তি ।বুদ্ধদেৱে সাধনাৰ বলত নিৰ্বান লাভ কৰিছিল আৰু মৃত্যুৰ পিছত পৰিনিৰ্বান লাভ কৰে ।নিৰ্বানৰ অৰ্থ চিৰবিলোপ্তি নহয়।তেওঁৰ মতে এই নিৰ্বানৰ অবস্থা ব্যাখ্যা কৰিব নোৱাৰি কিয়নো এই অবস্থা হ’ল দেহ আৰু মনৰ চিৰ প্ৰশান্তি অবস্থা ।মিুক্তি বা আন কোনো উপমাৰ জৰিয়তে এই অবস্থাৰ কথা ব্যাখ্যা কৰা সম্ভৱ নহয়।নিৰ্বানৰ স্বৰূপ জানিবলৈ আমি চাৰি প্ৰকাৰৰ অভিমত জানিব লাগিব। এই অভিমত সমূহ বৌদ্ধ দাৰ্শনিক সকলে নিৰ্বান সম্পৰ্কে কৰা বিভিন্ন মতবাদ সমূহৰ মাধ্যমৰে লোৱা হৈছে।এই অভিমতসমূহৰ জৰিয়তে নিৰ্বানৰ সম্পৰ্কে অৰ্থ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে ।
১) নিৰ্বান হ’ল চিৰবিলুপ্তিৰ অবস্হা ।বহু বৌদ্ধ দাৰ্শনিকে এই অবস্থাক পূৰ্ণ বিলুপ্তিৰ অবস্হাভুলি কব খুজে।কাৰণ ‘ নিৰ্বান’ শব্দৰ অৰ্থ হ’ল নিৰ্বাপিত হোৱা বা নুমাই যোৱা।এই অৰ্থত নিৰ্বান বুলিলে সত্বাৰ বিনাশ হোৱাটো বুজাইছে। এই অৰ্থত নিৰ্বান শব্দৰ অৰ্থ হ’ল নিৰ্বাপিত হোৱা বা নুমাই যোৱা।এই অৰ্থত নিৰ্বান বুলিলে সত্বাৰ বিনাশ হোৱাটো বুজাইছে। কামনা বাসনাই নিৰ্মিত এই জীৱনটোত নিৰ্বান লাভ কৰিলে এইবোৰ বিলুপ্তি সাধনৰ লগে লগে জীৱনৰো বিনাশ হয় । বুদ্ধ দেৱৰ মতে শাশ্বত আত্মা বুলি একো নাই ।সেয়েহে যদি কামনা বাসনাই নাথাকে তেনেহ’লে কামনা বাসনাৰে পৰিপূৰ্ণ এই জীৱন সত্বাও লোপ পায়।কামনা বাসনা লোপ পালেই মানুহে পুৰ্ণজন্ম ৰুদ্ধ কৰিব পাৰে ।কিন্ত্ত নিৰ্বান সম্পৰ্কে এই মত নেতিবাচক নহয়। প্ৰকৃততে নিৰ্বান লাভ কৰিলে কামনা বাসনা বিলুপ্তি হ’লেও মনৰ সত্বাৰ বিলোপ নহয়। এই অবস্হাত উপাধিশেষ নিৰ্বান লাভ কৰে।
২) নিৰ্বান এক শাশ্বত আনন্দময় অবস্হা । ধৰ্মপদে নিৰ্বানক নিৰ্বানিং পৰমং সুখং বা পৰম সুখ বা সংপসসং বিপুলং মুখং বা বিপুল সুখ বুলি উল্লেখ কৰিছে। অৰ্থাৎ এই অবস্হাতন শূন্য, ভয়হীন আৰু আনন্দত থাকে ।য’ত কোনো ধৰণৰ আসক্তি নাথাকে।গতিকে এই অবস্হাত ধৰ্মপদৰ মতে দুখৰ বিনাশ হয় , কামনা বাসনাৰ লোপ পোৱাৰ পিছত চিত্তবৃত্তি নিৰুদ্ধ হৈ শান্ত সৌম্য আৰু প্ৰশান্তি পূৰ্ণ হৈ উঠে। নিৰ্বান অবস্হাত পঞ্চ ৰিপু সম্পূৰ্ণৰূপে নিজৰ পৰা বিনাশ হয় আৰু চিত্তই পূৰ্ণ প্ৰশান্তি লাভ কৰে । হিন্দু দৰ্শনৰ প্ৰায় সকলো শাখাতেই মোক্ষক পৰম শান্তি বা আনন্দময়য অবস্হা বুলি গ্ৰহণ কৰা হৈছে। কিন্ত্ত বৌদ্ধ দৰ্শনত যিহেতু আত্মাক স্বীকাৰ কৰা হোৱা নাই গতিকে শাশ্বত আনন্দ অবস্হা স্বীকাৰ কৰিলে পৰোক্ষভাৱে আত্মাক স্বীকাৰ কৰা হ’ল। নিৰ্বান লাভ কৰিলে যি আনন্দময় অবস্থাৰ কথা স্বীকাৰ কৰা হয় সেই আনন্দ সুখৰ পৰা পৃথক।আচলতে নিৰ্বানৰ লক্ষ্য শূন্যতা প্ৰাপ্তি কেতিয়াও নহয় পূৰ্ণতা প্ৰাপ্তিহে ইয়াৰ মূল উদ্দেশ্য ।
৩)নিৰ্বান এক অচিন্তনীয় অবস্থা: এই অবস্থাক অচিন্তনীয় বুলি কোৱাৰ অৰ্থ হ’ল যে জাগতিক অভিজ্ঞতাৰ দ্বাৰা এই অবস্থাক আমি বুজাব নোৱাৰো। এই অবস্থা অবৰ্ণনীয় কিয়নো ভাৱাত্মক বা অভাবাত্মক কোনো ৰূপতে ইয়াক আমি পাব নোৱাৰো। এই অবস্থা হ’ল সকলো ক্লেশ বা দুখৰপৰা মুক্ত । বুদ্ধদেৱে এই অবস্থা উপলব্ধি কৰাৰ পিছতহে কৰি নিৰ্বানক দুখ নিবৃত্তি উপায় বুলি কৈছে। দুখৰ নিবৃত্তিয়েই হৈছে নিৰ্বান যাক কেৱল অনুভূতিৰদ্বাৰাহে উপলব্ধি কৰিব পাৰি।
৪) নিৰ্বান এক অপৰিবৰ্তনীয় অবস্থা : নিৰ্বান এনে এক আবস্থা যাক আমি অনুভব কৰি শান্তি লাভ কৰিব পাৰো। নিৰ্বানৰ কোনো উৎপত্তি আৰু বিনাশ নাই। ইয়াৰ কোনো কাৰণ নাই।ই শাশ্বত,অজাত,অভূত আৰু অকৃত বুলি বৰ্ণনা কৰা হৈছে।সমাধিৰ দ্বাৰাও নিৰ্বানৰ উৎপত্তি নহয়।নিৰ্বানক কোনেও সৃষ্টি কৰিব নোৱাৰে।নিৰ্বান কেতিয়াও মৃত্যুৰ অধীন নহয়। নিৰ্বান এক অপৰিবৰ্তনীয় শাশ্বত অবস্হা য’ত কেৱল অত্যাধিক দুখৰ নিৰোধ হোৱাৰ পিছত যি আনন্দ লাভ হয় তাক কেৱল অনুভৱহে কৰিব পাৰি ব্যাখ্যাক্ষৰিব নোৱাৰি । মুঠতে নিৰ্বান হ’ল এনে এখন জগত য’ত কেৱল সুখ আৰু শান্তি বিৰাজমান। যিজনে নিৰ্বান লাভ কৰা নাই তেওঁ নিৰ্বানৰ ব্যাখ্যা কৰিব নোৱাৰে।নিৰ্বান লব্ধজনেহে ইয়াৰ প্ৰকৃত ব্যাখ্যা কৰিব পাৰে।
বুদ্ধদেৱে তেওঁৰ চতুৰ্থ আৰ্যসত্যৰ দুখ নিৰোধ মাৰ্গ বা দুখ ৰোধ কৰাৰ উপায় আছে বুলি কৈছে।তেওঁ কৈছে যে নিৰ্বান লাভ কৰি মানুহে আঠটা মাৰ্গ বা পথ যাক ‘ অষ্টাঙ্গিক মাৰ্গ ‘ বুলি কোৱা হয় তাক অনুসৰণ কৰা উচিত । শুদ্ধ দৃষ্টিভংগী , শুদ্ধ সংকল্প ,শুদ্ধ বাক ,শুদ্ধ আচৰণ, শুদ্ধ জীৱন যাপন ,শুদ্ধ প্ৰয়াস আৰু শুদ্ধ স্মৃতি আৰু শেষত শুদ্ধ একাগ্ৰতা ।দুখৰ উৎপত্তিৰ কাৰণক আমি ৰোধ কৰিব পাৰিলে আৰু অষ্টাংগিক মাৰ্গ অনুসৰণ কৰিলে মুক্তি লাভ কৰিব পাৰি।এই নিয়মকেইটাই বৌদ্ধ ধৰ্মৰ নৈতিকতাৰ কথাই প্ৰকাশ কৰিছে।এই আঠোটা নিয়ম প্ৰকৃততে তিনটা মূল বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে।আছৰণ যাক শীল বুলি কোৱা হয়, ধ্যান যাক সমাধি বুলি কোৱা হয় আৰু প্ৰজ্ঞা যাক জ্ঞান বুলি কোৱা হয়।এই তিনিওটা বিষয়ক স্কন্ধ বুলি কোৱা হয়।শুদ্ধ দৃষ্টিভংগী, শুদ্ধ সংকল্প প্ৰজ্ঞা বা জ্ঞানৰ অন্তৰ্গত ।শুদ্ধ আছৰণ শীলৰ অন্তৰ্গত । সে্যেহে শুদ্ধ বাক ,শুদ্ধ কৰ্মান্ত আৰু শুদ্ধ জীৱন -যাপন যিহেতু আচৰণৰ লগত জড়িত সেইবাবে এই তিনটা মাৰ্গ শীলত পৰে। শুদ্ধ প্ৰয়াস ,শুদ্ধ স্মৃতি আৰু একাগ্ৰতাক ধ্যান বা সমাধি বুলি কোৱা হয়। প্ৰজ্ঞাই অবিদ্যা বা অজ্ঞানতা নাশ কৰে । শীলে জ্ঞানৰ পোহৰ লৈ পাপৰ পৰা বিৰত থাকি পবিত্ৰ কৰ্মত ব্ৰতী কৰায়।ধ্যানে সদায় স্থিৰ ভাৱে সত্যৰ অনুসৰণ কৰে । ধ্যান বিতৰ্ক , বিচাৰ ,প্ৰীতি ‘সুখ আৰু সমাধিৰ এই পাঁচটা উপাদানেৰে গঠিত হয়। গতিকে নিৰ্বান হ’ল চাৰি আৰ্য সত্যৰ উপলব্ধি আৰু দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ শ্ৰেষ্ঠ উপায়।যি উপায়ে মানুহক সত্য
অনুসৰণ কৰাত সহায় কৰে আৰু অজ্ঞানতাৰ পৰা আঁতৰি অতীন্দ্ৰিয় অনুভূতিৰ দ্বাৰা নিৰ্বান লাভৰ সুখ প্ৰাপ্তি কৰায়।

Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.