নাৰীৰ নীৰৱতা
এগৰাকী নাৰী কেতিয়াবা নীৰৱ হৈ থাকে,কাৰণ পিছফালৰ কঠিন শব্দৰ কোলাহলত নিজৰ মৰ্যাদা হেৰুৱাব নিবিচাৰে। মানুহে পিছফালে যি কয়, সেইবোৰ শব্দই তাইৰ হৃদয়ক স্পৰ্শ নকৰে বুলি নহয় ,স্পৰ্শ কৰে , কেতিয়াবা বেদনাও দিয়ে। কিন্তু তাই সদায় হাঁহিমূখে আগবাঢ়ে। কাৰণ তাই জানে , নিজৰ সপোন, নিজৰ কাম, নিজৰ পৰিচয়, নিজৰ আত্মসম্মান আনৰ সৰু চিন্তাতকৈ বহু বেছি মূল্যবান। তাই নীৰৱ হৈ থাকে বুলি ভাবিব নালাগে যে তাই একো নাজানে। তাই মাথোঁ নিজৰ সময় আৰু শক্তি মূল্যহীন কথাত অপচয় নকৰে। সেই নীৰৱতাই প্ৰমাণ কৰে যে তাই ভাঙি পৰা নাই,
মাত্ৰ নিঃশব্দে অধিক শক্তিশালী হৈ উঠিছে।
ড° প্ৰীতি ৰেখা বৰা
১৯/২/২৬
A woman sometimes chooses silence—not because she is weak, But because she refuses to lose her dignity in the harsh noise behind her back. It is not that the words people whisper don’t touch her heart.They do. Sometimes, they even hurt deeply.Yet she continues to move forward with a smile.Because she knows her dreams, her work, her identity,and her self-respect are far more valuable than the narrow thoughts of others.Do not assume that her silence means she is unaware.She simply does not waste her time and energy on things that hold no real worth.That silence itself is proof
that she is not broken she is only growing stronger, quietly and powerfully.
Dr. Priti Rekha Bora
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.