নমস্কাৰ 🙏
আজিৰ দিনত গোটেই বিশ্বজুৰি ব্যাপকভাৱে চৰ্চ্চাৰ কেন্দ্ৰ হৈ পৰিছে হিন্দু ধৰ্মৰ পৰম্পৰাগত অভিবাদন লগতে ভাৰতবাসীৰ বিনম্ৰসূচক শুভকামনা নমস্কাৰ ।
হাজাৰ
বছৰৰ আগতেই প্ৰচলিত এই নমস্কাৰ শব্দটো প্ৰকৃততে সংস্কৃত শব্দ ‘নমস্’ শব্দৰ পৰা আহিছে । যাৰ অৰ্থ হ’ল এজন ব্যক্তিৰ আত্মাই আন এজন ব্যক্তিৰ আত্মাৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰা। আমি যেতিয়াই নমস্কাৰ কৰোঁ তেতিয়াই হাতযোৰ কৰি বুকুৰ সন্মূখত হাত দুখন ৰাখিলৈ অলপ তললৈ হালি প্ৰনাম কৰোঁ আৰু তেতিয়াই চকুদুটি আপোনা-আপুনি বন্ধ হৈ যায়। এইদৰে নমস্কাৰ কৰাৰ অন্তৰালত আমাৰ শৰীৰত যি সকাৰত্মক উৰ্জা উৎপন্ন হয় সেই উৰ্জাই আমাক প্ৰফুল্লিত কৰি তুলে।
ভগৱানৰ সৃষ্টিৰ সকলো শক্তিৰ কেন্দ্ৰ হ’ল আমাৰ শৰীৰত থকা সাতবিধ চক্ৰ– মূলধাৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ, মনিপুৰ চক্ৰ, অনাহত চক্ৰ, বিশুদ্ধ চক্ৰ, আজ্ঞা চক্ৰ, সহস্ৰাৰ চক্ৰ।
বুকুৰ সন্মূখত যিখিনি ঠাইত আমি আমাৰ হাত দুখন ৰাখোঁ সেই ঠাইখিনিক অনাহত চক্ৰ,অজেয় চক্ৰ বা হৃদয় চক্ৰ বুলিও কোৱা হয়। ভাৰতীয় দৰ্শন আৰু যোগ সাধনাত আধ্যাত্মিক উৰ্জা বা শক্তি লাভৰ কেন্দ্ৰ হল এই হৃদয় চক্ৰ। এই চক্ৰৰ মূল মন্ত্ৰ হল ‘য়ম’। দুই হাওঁফাওঁৰ মাজত এই চক্ৰ অবস্হিত। জীৱনৰ সমস্ত অনুভূতি আৰু ভাৱনাৰ আধাৰ এই হৃদয় চক্ৰ। উচ্চ সংবেদশীল অনুভূতিৰ স্থান এই চক্ৰ। এই চক্ৰক সঠিক ভাৱে অনুধাৱন কৰিব পাৰিলে মানুহৰ একাগ্ৰতা বাঢ়ে। যাৰ ফলত মানুহৰ সুপ্ত প্ৰতিভাও বিকশিত হয়। এই হৃদয় চক্ৰত থকা নিভৃত কোনৰপৰাই ঔম ধ্বনি উচ্চাৰিত হয়। এই চক্ৰৰ ৰং হল আকাশী নীলা। ইয়াৰ প্ৰতীক হল বায়ু যি সদায় স্বতন্ত্ৰ আৰু গোটেই বিশ্ব ব্ৰহ্মাণ্ডত প্ৰসাৰিত হৈ থাকে, ঠিক তেনেকৈ আমাৰ বিশুদ্ধ চেতনাকো আমি সকলোতে প্ৰসাৰিত কৰিব পাৰোঁ। আত্মাৰ মূল কেন্দ্ৰ হল এই অনাহত বা হৃদয় চক্ৰ। এই হৃদয়চক্ৰ হল ক্ষমা আৰু প্ৰেমৰ প্ৰতীক। এই চকৰ্ৰ প্ৰতীকৰূপে বাৰতা পাহি থকা
এপাহ পদুম ফুল। এই বাৰতা পাহিয়ে পৰম আনন্দ, শান্তি, সুব্যৱস্হা, প্ৰেম,জ্ঞান, শুদ্ধতা, একাগ্ৰতা, অনুকম্পা, স্পষ্টতা, সজ্ঞান, দয়ালু, ক্ষমাপৰায়নতা এই বাৰ গুণক বুজায়। ইয়াৰ ওপৰত দুটা চকুৰ দৰে দুইফালে ঢলি গৈ ত্ৰিকোণ আকাৰৰ ৰূপ লৈছে । তাৰে এটাই ওপৰলৈ যোৱা আৰু আনটোৱে তললৈ যোৱা বুজায়। এই চক্ৰত দুহাত থোৱাৰ লগে

লগেই আমাৰ অনুভূতিবোৰে এক আধ্যাত্মিক ৰূপ লয় আৰু লগে লগে আমাৰ অনুভূতিবোৰত ভক্তি, ক্ষমা, প্ৰেম, দয়ালু , ঈশ্বৰ প্ৰেম, শ্ৰদ্ধা, ক্ষমা আদিৰ ধাৰণাত মন শান্ত হৈ পৰে। আৰু যদি এই সংবেদনশীলতাত আঘাত কৰা হয় তেতিয়াই আমাৰ মনত ঘৃণা, ঈৰ্ষা, ক্ৰোধ, জলন, উদাসীনতা, হতাশাই বসবাস কৰিবলৈ আৰম্ভ কৰে। ইয়াৰোপৰি এই চক্ৰ হ’ল সাধনাৰ আধাৰস্বৰূপ। প্ৰৱল ইচ্ছাশক্তি থাকিলে শুদ্ধ একাগ্ৰতাৰে মানুহে নিজ সাধনাক এই চক্ৰৰদ্বাৰা বিকাশ কৰিব পাৰে। এই চক্ৰত আন এক পশু প্ৰতীক আছে যি এটা হৰিণাক প্ৰতিনিধিত্ব কৰে। ইয়াৰ অৰ্থ হল যি আমাক সকলো সময়তে সচকিত কৰি ৰাখে। এই চক্ৰত শিৱ আৰু পাৰ্বতী দেৱ দেৱীক চেতনা আৰু প্ৰকৃতিৰ আধাৰ ৰূপত মনা হয়।
দুই হাত যোৰ কৰি যেতিয়া মূৰতো তললৈ হালি দিওঁ তেতিয়া আমাৰ দুচকু আপোনা আপুনি মুদ খাই যায় কাৰণ তেতিয়া আমি আজ্ঞাচক্ৰৰ দ্বাৰা পৰিচালিত হওঁ ।
আজ্ঞা চক্ৰ হ’ল, আজ্ঞা মানে আদেশ। এই চক্ৰক তৃতীয় নেত্ৰ বুলিও কোৱা হয়। আমাৰ কপালৰ দই ভ্ৰুকুটিৰ মাজত এই চক্ৰ অবস্হিত। বুদ্ধিৰ মূল কেন্দ্ৰস্হল । এই চক্ৰত দেৱী আৰু মানৱ চেতনা উদ্ভূত হয়। শৰীৰৰ তিনি প্ৰমুখ্যে নাড়ী ইড়া(চন্দ্ৰনাড়ী), পিঙ্গলা (সূৰ্য নাড়ী) আৰু সুষুম্না (কেন্দ্ৰীয় নাড়ী) তিনিও মিলিত হৈ এই স্হানত সকাৰত্মক উৰ্জাৰ উৎপত্তি কৰে ফলত আমি জীৱনত সৰ্ব্বোত্তম জ্ঞানৰ সমাধি লাভ কৰিব পাৰোঁ।এই চক্ৰৰ মন্ত্ৰ হল ‘ঔম’।ইয়াৰ ৰঙ হল শুভ্ৰ ।যি সদায় মন পৰিস্কাৰ কৰি ৰাখিব পাৰে।এই চক্ৰৰ প্ৰতীক হল বগা শিৱলিঙ্গ যি চেতনা আৰু সকলো দেৱগুণৰ আধাৰ।ইয়াতো দুটা পাহি যুক্ত এপাহ পদুম ফুল আছে। এই দুই পাহিয়ে স্পষ্টৰূপত কয় যে আত্মা আৰু পৰমাত্মাই হ’ল এই চেতনাৰ মূল। একতা,শূন্য আৰু সৎ- চিৎ -আনন্দৰ গুণেৰ আধাৰ এই আজ্ঞা চক্ৰ। তৃতীয় নেত্ৰ হল জ্ঞান নেত্ৰ য’ত সমস্ত অহংকাৰ লুপ্ত হৈ পৰে। নৈতিকতা , সংযম আৰু উদাৰতা আৰু প্ৰকৃত সম্যক জ্ঞানৰ আধাৰ এই আজ্ঞা চক্ৰ ।কিন্ত্ত অজ্ঞানতাৰ প্ৰভাৱত মানুহৰ ভ্ৰম হয়।
আমি যেতিয়া নমস্কাৰ কৰাৰ লগে লগে হৃদয়চক্ৰ আৰু আজ্ঞাচক্ৰ সক্ৰিয় হৈ পৰে আমাৰ মনত এক দৈৱিক প্ৰেমৰ উৎপত্তি কৰে যি আমাৰ ক্ৰোধ সংযম কৰে আৰু প্ৰেমৰ ভাৱ জাগৃত কৰে লগে লগে মন শান্ত হৈ পৰে।ফলত সমস্ত মুখ মণ্ডলত এক আনন্দৰ প্ৰতিচ্ছবি প্ৰতিস্ফুতি হৈ পৰে।কাৰণ হৃদয় চক্ৰ প্ৰেম আৰু স্নেহৰ প্ৰতীক।আমি দুয়ো হাত যোৰ কৰি নমস্কাৰ কৰোঁতে সকলো আঙুলি মিলিত হৈ চকু কান আৰু মগজুতো ক্ৰিয়া কৰে। আমি তিনি প্ৰকাৰে নমস্কাৰ কৰিব পাৰোঁ সাধাৰণ নমস্কাৰ ,পদ নমস্কাৰ আৰু সাষ্টাঙ্গ নমস্কাৰ ।
যেতিয়া ইজনে সিজনক লগ পালে দুয়োখন হাতেৰে সৌজন্যতামূলক ভাৱে কৰা নমস্কাৰক সাধাৰণ নমস্কাৰ বুলি কোৱা হয়।
বয়োজ্যেষ্ঠ লোক, পিতৃ মাতৃ গুৰুজনাক যেতিয়া ভৰি চুই নমস্কাৰ কৰোঁ তেতিয়া পদ নমস্কাৰ বুলি কোৱা হয়।
সাষ্টাঙ্গ নমস্কাৰ হ’ল যেতিয়া আমি নামঘৰ মন্দিৰত আমাৰ কাম, ক্ৰোধ, লোভ, মোহ ,বুদ্ধি, আদি ত্যাগ কৰি মনৰে ভগৱানৰ শৰণত নিজকে সমৰ্পিত কৰোঁ তেতিয়া সাষ্টাঙ্গ নমস্কাৰ বুলি কোৱা হয়।

নমস্কাৰ কৰিলে মন পবিত্ৰতাৰে ভৰি পৰে। আনক নমস্কাৰেৰে সম্ভাষণ জনোৱাৰ লগে লগে আমাৰ মন সকাৰত্মক চিন্তা ধাৰাৰে ভৰি পৰে।ব্যবৱহাৰিক আৰু আধ্যাত্মিক দুয়োতা দিশতে আমি যেতিয়া নমস্কাৰ কৰোঁ তেতিয়া আনৰ প্ৰতি আমি বিনম্ৰ হোৱাৰ লগতে কৃতজ্ঞতাৰো প্ৰকাশ কৰোঁ ফলত আমাৰ মন মগজু শান্ত আৰু শুদ্ধ হৈ পৰা আৰু আনন্দই বিৰাজ কৰে।
নমস্কাৰক যোগত অঞ্জলি মুদ্ৰা বুলি কোৱা হয়। পুৰনি কালতেই নহয় আজিৰ যান্ত্ৰিক যুগতো এই অঞ্জলি মুদ্ৰাৰদ্বাৰা মানুহে যোগাসন কৰি মন শান্ত কৰা দেখা পোৱা যায়। এই যোগাসন কৰিলে মানুহৰ মনত থকা চঞ্চলতা দুৰ হয়, মন শুদ্ধ আৰু শান্ত হৈ পৰে। মন স্থিৰ হোৱাৰ লগতে মনোযোগ বাঢ়ে। ক্ৰোধ নিয়ন্ত্ৰণ কৰাৰ উপৰিও মনৰ ভয় ভাৱ দুৰ কৰে। আমাৰ হাতৰ হাড়বোৰৰ মাজত থকা মজ্জাৰ তৈলক্তপদাৰ্থসমূহ শুকায় নাযায়। আমাৰ মনত থকা মানসিক অশান্তি বা অবসাদ দুৰ কৰাৰ মূল মন্ৰ এই অঞ্জলি মুদ্ৰা।
শেষত নমস্কাৰৰ অৰ্থ মোৰ ভাষাৰে, তোমাৰ দৰে আত্মাক লগ পায় মই চিৰকৃতজ্ঞ। সত্য শিৱ সুন্দৰ প্ৰেম আৰু আনন্দ যিদৰে তোমাৰ আত্মাত আছে ঠিক সেইদৰে মোৰ আত্মাতো আছে গতিকে আমি সংযুক্ত আমি এক।
হিন্দু ধৰ্মৰ এই পৰম্পৰা আৰু ভাৰতবৰ্ষৰ অভিবাদনসূচক শুভকামনাক আজি সমগ্ৰ বিশ্বই স্বীকাৰ কৰা দেখি মন অভিভূত হৈ পৰে। হাজাৰ হাজাৰ বছৰৰ আগতে প্ৰচলিত এই শুভকামনাৰ অন্তৰালত লুকাই থকা এই কথাবোৰ আমি সকলোৱে জনা উচিত।
(C)প্ৰীতি ৰেখা বৰা
৩০/০৩/২০২০
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.