Back to journal
Mridu

জেনেভা সন্ধিপত্ৰ (GENEVA Convention)

জেনেভা সন্ধিপত্ৰ ( GENEVA Convention ) কি ?

১৮৬৪ চনত পোন প্ৰথম বাৰ এই চুক্তি হৈছিল । তাৰ পিচত ১৯০৬ চনত আৰু ১৯২৯ চনত । ১৯৪৯ চনত দ্বিতীয় বিশ্ব যুদ্ধৰ পিচতেই ১৯৪ খন দেশে যুদ্ধবন্দী সকলৰ সুৰক্ষা আৰু সন্মানৰ বাবে এই সন্ধিপত্ৰত সাক্ষৰ কৰিছিল । এই চুক্তিৰ কেইটামান মূল কথা ——-

১/ এই চুক্তি মতে , যুদ্ধবন্দীৰ সৈতে কোনো ধৰনৰ অমানুষিক অত্যাচাৰ বা অপমানজনক ব্যবহাৰ লগতে তেওঁলোকক ভীতিগ্ৰস্ত কৰিব নোৱাৰিব ।

২/ এই সন্ধিপত্ৰত চাৰিটা মূল সন্ধি আৰু তিনটা মূল আদৰ্শ নীতি (protocol ) উল্লেখ আছে য’ত এখন আইনপ্ৰনয়ন হৈছে কৰা আছে আৰু তাত উল্লেখ আছে যে যুদ্ধ বন্দীৰ মানবীয় অধিকাৰত কোনেও নিজৰ বল সাব্যস্ত কৰিব নোৱাৰিব ।

৩/ এই সন্ধিপত্ৰত সেন্যসকলৰ লগতে নাগৰিক আৰু আহত ব্যক্তিসকলৰ বাবেও সুৰক্ষাৰ ব্যবস্হাৰ কথা উল্লেখ আছে ।যুদ্ধবন্দীক ৭দিনৰ ভিতৰত নিজৰ দেশলৈ সসন্মানে ঘূৰাই পথাব লাগিব ।এই আন্তৰাষ্টীয় সন্মিলনীত যি নিয়ম আৰু আদৰ্শৰ কথা উল্লেখ আছে তাক ১৯৪ খন দেশে মানি চলিবই লাগিব ।

৪/এই চুক্তিত উল্লেখ আছে যে ইলেক্ট্ৰনিক মাধ্যম লগতে সংবাদ মাধ্যমত যুদ্ধবন্দীৰ মাৰ পিতৰ কোনো ভিডিঅ বা ছবি অথবা তেওঁৰ বিষয়ে যিকোনো গুপুত কথা জনাব নোৱাৰিব ।

৫/ যুদ্ধবন্দীসকলক কোনো ধৰনে ভীতিগ্ৰস্ত কৰি প্ৰতাৰিত কৰিব নোৱাৰিব। তেওঁলোকৰ নাম, ক’ড নাম্বাৰ আৰু তেওলোকৰ পদমৰ্য্যাদাহে জনাব পাৰিব যাতে তেওঁলোক আন কোনো ধৰনৰ অসুবিধা বা বিপদৰ সন্মুখিন নহয়।

৬/এই আন্ত ৰাষ্ট্ৰীয় চুক্তি মতে, যিখন দেশে বন্দী বনাই সেই বন্দীজনৰ অপৰাধৰ বাবে কৰ্টত গোচৰ তৰিব পাৰিব কিন্ত্ত হিংসাত্মক কাৰ্যকলাপ কৰিব নোৱাৰিব।

৭/ কোনো দেশেই যুদ্ধবন্দীৰ জাতি ধৰ্মক লৈ লগতে বৰণ লৈও কোনো ধৰনৰ উত্তেজক মন্তব্য আৰু প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব। তাৰোপৰি বন্দীজনৰ নাম, নাম্বাৰ আৰু পদ মৰ্যাদাৰ বাহিৰে বেলেগ দেশৰ গুপুত কথা সুধিব নোৱাৰিব।

৮/ যুদ্ধবন্দীৰ শাৰিৰীক আৰু মানসিক দুয়োটাৰে সম্পূৰ্ণ খিয়াল ৰাখিব লাগিব। তেওঁলোকক পুস্তিকৰ খোৱাবোৱা দিব লাগিব। তেওঁলোকৰদ্বাৰা কোনো কাম কৰাব নোৱাৰে।

মুঠতে যুদ্ধবন্দীক যদি প্ৰট’কলৰ বাহিৰত গৈ কিবা কৰে তেনেহ’লে সেই দেশ বাকি ১৯৩ খন দেশৰ পৰা সাৰি যাব নোৱাৰে আৰু যুদ্ধ অনিবাৰ্য্য। ১৯৯৯ চনত কাৰ্গিলযুদ্ধৰ সময়ত ভাৰতবৰ্ষ গ্ৰুপ কেপ্টেইন নাছিকেতাক (Kambampati Nachiketa) পাকিস্তানে অপহৰণ কৰিছিল আৰু ভাৰতবৰ্ষৰ সেই সময়ৰ প্ৰধান মন্ত্ৰী বাজপেয়ীয়ে তেওঁৰ চৰকাৰৰ জৰিয়তে জেনেভা সন্মিলনৰ কথা দোহাই দি পাকিস্তানৰ ওপৰত এনেকুৱা চাপ প্ৰয়োগ কৰিছিল যাৰ ফলত তেওঁক ৭ দিনৰ ভিতৰত ভাৰতবৰ্ষলৈ ঘূৰাই পঠাইছিল ।

ভাৰতবৰ্ষৰ বীৰ উইঙ কামান্দাৰ বৰ্ধমান অভিনন্দন বাৰ্থমান দেবৰ (Abhinandan Varthaman ) বিমানখন যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈছিল তেতিয়া তেওঁ ক’কপিটৰ পৰা বাহিৰ ওলাওতে পাকিস্তানৰ সাধাৰন নাগৰিকেহে মাৰপিত কৰিছিল পাকিস্তানৰ সেনাই নিশ্চয় কৰা নাই বুলি বিশ্বাস কৰি লৈছো। যদি উলংঘন কৰে তেনেহ’লে পৃথিবীৰ আন দেশবোৰে পাকিস্তানৰ বিৰুদ্ধী হ’ব তেতিয়া সেই দেশৰ হাহাকাৰ অবস্হা হ’ব । জেনেভা চুক্তি উলংঘন নকৰাকৈ আমাৰ বীৰজনক পাকিস্তানে আমাৰ দেশলৈ পঠাই দিয়ক এয়ে কামনা কৰোঁ । শেষত সেই মহান বীৰ সকললৈ শ্ৰদ্ধাজনালো আৰু দীৰ্ঘায়ু কামনা কৰোঁ যাৰ বাবে ভাৰতবৰ্ষৰ কৌটি কৌটি জনতাই শান্তিৰ নিস্বাসেৰে দিন ৰাতি পাৰ কৰি পৰিয়ালৰ লগত আনন্দৰে পাৰ কৰে ।

জয় হিন্দ !!! জয় হিন্দ !!! জয় হিন্দ !!!

Source of Photographs: Internet

 


Priti Rekha Bora

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection