Back to journal
Mridu

ছেঙ-লুঙ-মুঙৰ লাচিত অসমৰ গৌৰৱ

১২২৮ খ্ৰীষ্টাব্দত টাই কোঁৱৰ চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰবেশ কৰিছিল তেওঁৰ লগত প্ৰবেশ কৰিছিল লুখুৰাখন সম্প্ৰদায়ৰ মানুহো। তেওঁ দক্ষিণপাৰে কম মানুহ-দুনুহ থকা ঠাই এটুকুৰাত বসবাস কৰিছিল যাৰ নাম দিছিল ‘ছেঙ-লুঙ-মুঙ’।  যাৰ অৰ্থ হ’ল ছেঙ মানে -পৱিত্ৰ, লুঙ মানে মহান অথবা বৃহৎ, মুঙ মানে হ’ল ক্ষেত্ৰ বা ৰাজ্য। অৰ্থাৎ এখন পবিত্ৰ ,মহান আৰু বৃহৎ ৰাজ্য। এই ৰাজ্যই আছিল আহোম ৰাজ্য। যাৰ উত্তৰে আছিল বুঢ়ীদিহিং নৈ, দক্ষিণে দিখৌ নৈ আৰু পূবে পাটকাই পাহাৰ। তাৰ পিছতেই বৰাহ আৰু মৰানসকলৰ লগত ভাল সম্পৰ্ক গঢ়ি চৰাইদেউত ৰাজধানী পাতি আহোম সাম্ৰাজ্য প্ৰতিস্থা কৰিছিল। তেওঁৰ পিছত বহু আহোম ৰজাই ৰাজত্ব কৰিছিল বামুণী কোঁৱৰৰ ৰাজত্বত হিন্দু সংস্কৃতিৰ কিছু প্ৰভাৱ পৰিছিল কিয়নো তেতিয়া আহোমসকল ইমান বেছি নাছিল।

জয়ধ্বজ সিংহৰ ৰাজত্ব কালত ১৬৬২ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰ্ংজেৱৰ লগলাগি মীৰজুমলাই অসম আক্ৰমণ কৰিছিল আৰু গড়গাওঁকে ধৰি প্ৰায়বোৰ আহোম দূৰ্গ অধিকাৰ কৰিছিল। দূৰ্গৰ আন্ত গাঠনি আৰু সুৰক্ষা দেখি লগতে বিশাল যুদ্ধৰ সামগ্ৰী দেখি দিল্লীৰ খানে বিষ্ময় মানিছিল আৰু জয়ধ্বজ সিংহৰ যে এজন দক্ষ সেনাপতিৰ অভাৱ সেই কথা বুজি পাইছিল। সেই দুৰ্বলতাৰ সুযোগ বুজি তেওঁলোকে বাৰে বাৰে আক্ৰমণ কৰিছিল। বাৰে বাৰে যুদ্ধত ব্যৰ্থ হোৱা বাবে আহোমৰ বিষয়ববীয়াসকলৰ মাজত উৎসাহ নাছিল আৰু হতাশাত ভূগিছিল। এই অবস্থাৰ পূৰ্ণ সুযোগ লাভ কৰিছিল মোগলে আৰু আহোম ৰাজ্যৰ ইটোৰ পিছত সিটো গড় তেওঁলোকৰ অধীনত কৰিছিল।

কোনো দিনে পৰাধীনতাৰ মুখ নেদেখা অসমীয়া জনগণই এই অপমান সমুলি সহ্য কৰিব পৰা নাছিল।মিৰজুমলাৰ এই আক্ৰমনে স্বৰ্গদেউ জয়ধ্বজ সিংহক মানসিক অসান্তিয়ে জুৰুলা কৰিছিল আৰু তেওঁৰ মৃত্যু হৈছিল। কিন্ত্ত তেওঁ অসমৰ স্বাধীনতা ঘুৰাই আনিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।

ইয়াৰ পিচতে চক্ৰধ্বজ সিংহক ৰজা পাতিলে। চক্ৰধ্বজ সিংহ আছিল দৃঢ়মনৰ আৰু তেওঁক সকলোৱে সমীহ কৰিছিল। তেওঁ হেৰুৱা আহোম ৰাজ্যখন পুনৰ উদ্ধাৰ কৰিবৰ দেশৰ অতীত গৌৰৱ ঘুৰাই অনাৰ বাবে দেহে-কেহে চেষ্টা কৰিছিল। নিজৰ ৰাজ্য শত্ৰুৰ দখলত থকাৰ বাবে অপমান অনুভৱ কৰি অকণো সময় নষ্ট নকৰি সুযোগ্য সেনাপতিক নিয়োগ কৰিবলৈ মনে প্ৰানে চেষ্টা কৰিছিল। বহু ভাবি চিন্তি তেওঁ নিষ্ঠাবান মোমাই তামুলী বৰবৰুবাৰ পুত্ৰ লাচিত মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বৰফুকন নিয়োগ কৰিলে। লাচিত বৰফুকন আছিল মোমাই তামুলী বৰবৰুৱাৰ নুমলীয়া পুত্ৰ। লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল’বলগীয়া হৈছিল কিয়নো তেওঁ ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। দেউতাকৰ দৰে লাচিতো সৰুৰে পৰাই সততা,গুনি, কৰ্তব্য পৰায়ণ কৰ্মনিষ্ঠা,আদি গুণৰে সমৃদ্ধ আছিল।তেওঁ আহোমসকলৰ বিখ্যাত লুখুৰাখন ফৈদৰ লোক আছিল। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল।

চক্ৰধ্বজ সিংহৰ সুযোগ্য সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত ১৬৬৭ খৃঃত চনত মোগল আৰু আহোমৰ মাজত হোৱা যুদ্ধত মোগলক পৰাস্থ কৰি ইটাখুলিৰ দূৰ্গ নিজৰ হাতলৈ ঘূৰাই আনে। ইয়াৰ পিছতেই স্বৰ্গদেউয়ে বৰফুকনক পাণ্ডু আৰু শৰাইঘাট সুৰক্ষিত কৰাৰ বাবে নিৰ্বাচিত কৰা হয়। ‘ ।’অলপ দিনৰ পাচতেই অচিন ৰোগত আক্ৰান্ত হৈ মিৰজুমলাৰ মৃত্যু হয় । ইয়াৰ পিছত ৰামসিংহৰ নেতৃত্বত ওৰংজেৱে শক্তিশালী ৰূপত মোগল সৈন্যক আকৌ অসমলৈ পঠাই ।মোগলক ভেটা দিবলৈ শৰাইঘাটৰ চাৰিওফালে ৰাতিটোৰ ভিতৰতেই গঢ় বনাবলৈ লাচিতে তেওঁৰ মোমাইয়েকক দায়িত্ব অৰ্পন কৰে। কিন্ত্ত শেষ ৰাতিও যেতিয়া গড় বনোৱা কাম সম্পূৰ্ণ নকৰাকৈ বিৰতি লৈ বহি থকা দেখি তেওঁ কৰ্তব্যত অবহেলা কৰাৰ বাবে হেংদাঙ উলিয়াই লৈ খঙত অগ্নিশৰ্মা হৈ “দেশতকৈ মোমাই দাঙৰ নহয়” বুলি কৈ শিৰচ্ছেদ কৰিলে। কথা বিষম দেখি বাকী থকা সকলোৱে গড়ৰ কাম শেষ কৰাত লাগি গ’ল আৰু ৰাতিটোৰ ভিতৰতে শেষ হৈছিল। এই গড় মোমাই কটা গড় বুলি জনাজাত। লাচিতৰ সৈন্য ক তুচ্ছ জ্ঞান কৰি ৰামসিংহই এমুঠি আফুঘুটি দি পঠাইছিল অৰ্থ আছিল যে তেওঁৰ তুলনাত মোগলৰ সৈন্য গনিবই নোৱাৰি যিদৰে আফু গুটিকো গণিব নোৱাৰি। কিন্ত্ত লাচিতে তাৰ প্ৰত্যুত্তৰত এখন পতা আৰু অলপ বালি দি পঠাইছিল তাৰ অৰ্থই অসমীয়া সেনাৰ মনোবল আৰু দেশ প্ৰেম জাগ্ৰত কৰিছিল। ইয়াৰ অৰ্থ আছিল অসমীয়া সেনা বালি হয় যিয়েই নকৰে কিয় তাক নিজৰ অবস্হাৰ পৰা আঁতৰাব নোৱাৰে কিন্ত্ত আফুগুটিক পতাত পিচি পানীৰ লগত মিলাই দিব পাৰি। ৰামসিংহৰ বিশাল সেনাক বাধা দিয়াৰ ৰণ নীতিত তেওঁ সফল হৈছিল। বীৰ লাচিতৰ জাতীয় প্ৰেম আৰু দেশৰ প্ৰতি থকা কৰ্তব্যনিষ্ঠাৰ ই এক অতুলনীয় নিদৰ্শন।

শৰাইঘাটৰ যুদ্ধ আছিল অসমলৈ অগ্ৰাসন কৰিব বিচাৰা বিদেশীৰ বিৰুদ্ধে যুদ্ধ। সেই তাহানিতেই অসমীয়া জাতীয় বীৰ লাচিত বৰফুকনে অসমীয়াৰ অস্তিতৰ ৰক্ষাৰ বাবে পৰাক্রমেৰে যুঁজিছিল। অসমৰ স্বতন্ত্রতা ৰক্ষা কৰি শৰাইঘাটৰ যুদ্ধত জয়ী হৈ জাতীয় জীৱনত প্রাণ সঞ্চাৰ কৰিছিল। জাতি ৰক্ষাৰ স্বাৰ্থত নৰিয়াপাতিৰ পৰাই যুঁজ দি সৈন্যসকলক উদ্যমী আৰু আত্মবিশ্বাসী কৰি তুলিছিল। জাতিৰ সংকটক্ষণত, সন্ধিক্ষণত তেওঁ মহাপৰিক্ৰমেৰে যুঁজ কৰি জাগ্ৰত কৰিছিল দেশপ্ৰেম। শৰাইঘাটৰ যুদ্ধত অসমীয়া ৰজাসকলে লাচিতৰ দলত যোগ দি ৰামসিংহৰ বাহিনীক পৰাস্ত কৰিছিল। বিভিন্ন জাতি জনগোস্ঠীৰে পৰিপূৰ্ণ অসমীয়া সেনাবাহিনীৰ মাজত লাচিতে যোগসূত্ৰ স্থাপন কৰি তেওঁলোকৰ মাজত স্বদেশপ্ৰেম জগাই মোগল সেনাৰ লগত তয়াময়া ৰণত লিপ্ত হৈ অসমক মোগলৰ অধীনলৈ যোৱাৰপৰা ৰক্ষা কৰিছিল। অসমৰ এই বিজয়ত চক্ৰধ্বজ সিংহই এটা কথা অনুভৱ কৰিছিল যে তেওঁৰ আগৰ ৰজা সকলে বাকী অসমীয়া ৰজাৰ সহায় নলৈ বহু ভূল কৰিছিল ।খামখেয়াল মনোভাব আৰু আত্ম অহংকাৰৰ বাবে ইজনে সিজনৰ ওচৰত সহায় নিবিচাৰাৰ ফলতেই অসমত মোগলে বাৰে বাৰে আক্ৰমণ কৰি নিজৰ কৰি ল’ব বিচাৰিছিল ।তেওঁ নিজেও এজন সুদক্ষ ৰজা আছিল আৰ চুবুৰিয়া সৰু সৰু ৰাজ্যবোৰৰ লগত বন্ধুত্ব স্থাপন কৰিছিল ।

লাচিত বৰফুকনৰ নেতৃত্বত এই যুদ্ধত জয়ী হৈছিল অসমীয়াৰ। ১৬৭১ চনৰ এই ইতিহাস প্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধ ‘মোগল আৰু অসমীয়াৰ’ মাজত হৈছিল ৷ বিশাল মোগল সৈন্যৰ সন্মুখত দুৰ্বল আহোম সৈন্য আছিল যদিও লাচিতৰ বুদ্ধি সাহসিকতাৰ সন্মুখত লগতে সকলো অসমীয়া ৰজাৰ সহযোগত, সেনাপতিসকলে লাচিত বৰফুকনে দিয়া বিভিন্ন দিহা পৰামৰ্শ মানি কোনো ধৰনৰ খামখেয়ালৰ সৃষ্টি নকৰি খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে দৃঢ় মনোবলেৰ ওচৰত মোগল সৈন্য পৰাস্ত হ’ব লগা হয়। মোগলৰ বিশাল নৌ বাহিনীক বুদ্ধি আৰু ৰণ কৌশলেৰে ধৰাশয়ী কৰি আহোম সৈন্যই এজন সুযোগ্য সেনাপতিৰ তত্বাবধানত মোগলক পৰাস্থ কৰিছিল। নৰিয়াগাৰেই লাচিতে শৰাইঘাটৰ যুদ্ধত হেংদাং তুলি লৈ পলাই যাব বিচাৰা সৈন্যসকলৰ মনলৈ উৎসাহ আৰু মনোবল ঘূৰাই আনিছিল। মোগলে অন্তিমবাৰৰ বাবে অসমলৈ নিজৰ সাম্ৰাজ্য বিস্তাৰিত কৰাৰ প্ৰচেষ্টা কৰি লাচিতৰ বাবে বিফল হয় লগতে সকলো অসমীয়া হঠাতে একগোট হৈ উঠা দেখি সিহঁতবোৰ কঁপি উঠিছিল। সেইসময়ত শত্ৰুক বাধা দিবৰ বাবে বৰফুকনৰ নেতৃত্বৰ সৈন্যদলে যি ব্যবস্হা গ্ৰহণ কৰিছিল তাক ৰামসিংহইও প্ৰশংসা কৰিছিল ।বৰফুকনৰ কূটনীতিৰ ওচৰত ৰামসিংহ বা ওৰংজেবৰ কূটনীতিয়ে হাৰ মানিছিল । মোগলে গুৱাহাটী অধিকাৰ কৰিছিল যদিও ১৬৮২ চনত আহোমে গুৱাহাটীও নিজৰ অধীনলৈ আনে। তাৰ পিছৰ পৰাই অসমত আহোমৰ ৰাজত্ব শেষ হোৱালৈকে নিজৰ অধীনত ৰাখে।আজিৰ দিনতো শৰাইঘাটৰ ৰণ বুলি ক’লে সমগ্ৰ অসমীয়া জাতিয়ে গৌৰব অনুভৱ কৰে আৰু সাহস পাই কিয়নো সেই তাহানিতেই ইতিহাস সাক্ষী কৰি শৰাইঘাটৰ যুদ্ধই সমগ্ৰ অসমীয়া জাতিক একত্ৰিতকৰি তুলিছিল । মোগলক বাধা দিবলৈ লাচিতে ব্যাপক প্ৰস্তুতি কৰিব লগা হৈছিল। বিশাল মোগল সেনাৰ ওচৰত বুদ্ধি আৰু সথিক ৰণকৌশলৰ প্ৰয়োগ কৰি ওখ মাটিৰ গড় নিৰ্মাণ কৰি মোগলক ভেটাৰ চেষ্টা কৰিচিল । এইবোৰ কথাৰ সাক্ষী হ’ল ইতিহাস ।মোগলে অসমলৈ নিজৰ সাম্ৰাজ্য বিস্তাৰিত কৰাৰ যি প্ৰচেষ্টা কৰিছিল সেই প্ৰচেষ্টা লাচিতৰ বাবে বিফল হয়৷তেওঁ সেইসময়ত অসমীয়া জাতিক একত্ৰিত নকৰা হ’লে অসম কেতিয়াবাই মোগলৰ হাতলৈ গ’লহেতেন ।

চুকাফাই স্থাপন কৰা ‘চেঙ – লুঙ – মুঙ’ ৰাজ্যখনেই লাহে লাহে বিস্তৃতি লাভ কৰি সেই বৃহৎ ‘বৰ অসমৰ’ সৃষ্টি হৈছিল যি ভেটিৰ ওপৰত নিৰ্ভৰ কৰিয়েই গঢ়ি উঠিছিল বৃহত্তৰ অসমীয়া জাতি।লগতে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱ দুয়োজনা গুৰুৰ প্ৰভাৱত অসমীয়া সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনে নতুনকৈ প্ৰান পাই উঠিছিল।তাৰোপৰি বৃহতৰ অসমীয়া জাতিক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াত কোঁচ মহাৰজা নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰ অৰিহণা ও অসমীয়া জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

(c) প্ৰীতি ৰেখা বৰা
সহকাৰী অধ্যাপিকা
৯০৮৫২০৯৮১২

 

 


Priti Rekha Bora

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection