পুৰনি প্ৰয়াগত শৃংগৱেৰপুৰ নামেৰে, ভীল নামৰ আদিবাসীসকলৰ ৰাজ্য আছিল। তাৰে ৰজা আছিল মহাপৰাক্ৰমি ব্যাতৰাজ হিৰন্যধনু ।তেওঁৰ বীৰত্বৰ লগত হস্তিনাপুৰ ,মগধ আদিত বিয়পি পৰিছিল। হিৰন্যধনুৰ পত্নী আছিল সুলেখা। তেওঁলোকৰ একমাত্ৰ পুত্ৰ আছিল অভিদ্ৰ্যুম আৰু সকলোৱে মাতিছিল অভয় বুলি।অভয় ডাঙৰ হৈ অহাৰ লগে লগে ৰজা হিৰণ্যধনুয়ে কুলগুৰুৰ ওচৰত শিক্ষা লাভৰ বাবে পঠিয়ালে । অতি কম দিনৰ ভিতৰত যেতিয়া নিজৰ নিষ্ঠা আৰু একাগ্ৰতাৰ ফলত অভয় সকলো দিশতে নিপুন হৈ পৰিল। অস্ত্ৰ বিদ্যাত অভয়ৰ পাৰদৰ্শীতা কুলগুৰুয়ে অভয়ৰ নাম ৰাখিলে ‘একলব্য’ বুলি।
একলব্যৰ একনিষ্ঠা আৰু ধনু বিদ্যাৰ চেষ্টা দেখি ঋৃষি পুলকমুণিয়ে একলব্যৰ পিতৃক ক’লে যে একলব্যক এতিয়া শ্ৰেষ্ঠ ধনুধৰ বনোৱা সময় আহি পৰিছে আৰু অতি সোনকালে তেওঁক দ্ৰোণাচাৰ্য্যৰ ওচৰত শিক্ষা ল’ব পঠিয়াব লাগে। কাৰণ সেই সময়ত দ্ৰোণাচাৰ্য্যই প্ৰদান কৰা ধনুবিদ্যাৰ কথা সকলোতে বিয়পি পৰিছিল।
একলব্য আছিল প্ৰচণ্ড আত্মবিশ্বাসী ।যথাসময়ত একলব্য আহি গুৰু দ্ৰোণাচাৰ্য্যৰ সন্মুখত উপস্হিত হৈ ক’লে যে তেওঁ গুৰুৰ ওচৰত বানবিদ্যা শিকিব বিচাৰে।কিন্ত্ত গুৰু দ্ৰোনাচাৰ্যই ভীষ্মক কথা দিছিল যে তেওঁ কৌৰবকুলৰ ৰাজকুমাৰকহে শিক্ষা দিব আৰু অৰ্জ্জুনক কৈছিল যে তেওঁৰ সমান ধনুৰ্ধৰ পৃথিৱীত দ্বিতীয়জন কোনো হ’ব নোৱাৰিব।কিন্ত্ত যেতিয়া একলব্যই দ্ৰোণাচাৰ্য্য ওচৰত ধনুবিদ্যাৰ উচ্চ শিক্ষা ল’ব আহিছিল তেতিয়া দ্ৰোণাচাৰ্য্য ধৰ্ম সংকটত পৰিছিল।গুৰু দ্ৰোণাচাৰ্য্যই একলব্যইক ক’লে মই নিৰুপাই । মই তোমাক ধনুবিদ্যা শিকাব নোৱাৰিম।কিন্ত্ত একলব্যই মনতে ঠিৰাং কৰি আহিছিল যে তেওঁ গুৰু দ্ৰোণৰ ওচৰতেই শিকিব।দ্ৰোণাচাৰ্য্যই মানা কৰাৰ পিছতো একলব্য তাতেই থাকি গুৰুৰ সেৱা কৰিব বুলি ভাবিলে।তেতিয়া দ্ৰোণে তেওঁক থাকিবলৈ জেগা দিলে । একলব্যৰ কাম আছিল যেতিয়া দ্ৰোণাচাৰ্য্যই বাকী ৰাজকুমাৰসকলক বান মাৰিবলৈ শিকাইছিল তেতিয়া একলব্যই বানবোৰ বিচাৰি তৰ্কশত ৰাখিছিল।যেতিয়া দ্ৰোণে তেওঁলোকক ধনুবিদ্যা শিকাইছিল আৰু তাৰ বিষয়ে বুজাইছিল তেতিয়া একলব্যই ধ্যানেৰে মনে মনে সেইবোৰ শুনিছিল আৰু বুজিছিল।আৰু যেতিয়া কাম নাছিল তেতিয়া অৰন্যত গৈ একান্ত মনে ধনুত তীৰ মাৰি চৰ্চা কৰিছিল।
এদিন এনেকৈ চৰ্চা কৰি থাকোঁতে দৰ্য্যোধনে একলব্যৰ ধনুৰ পাৰ্গতালি দেখি আছৰিত হ’ল আৰু আহি দ্ৰোণাচাৰ্য্যক ক’লে যে একলব্যই যিবোৰ জানে সেইবোৰচোন দুৰ্যোধনে শিকাই নাই।দুৰ্যোধনৰ কথা শুণি দ্ৰোণাচাৰ্য্য আছৰিত হ’ল।তেওঁৰ অন্তৰত ভয় সোমাল আৰু তৎক্ষনাত একলব্যক গুৰু গৃহ এৰিবলৈ ক’লে ।উপাইবিহীন হৈ
একলব্যই গুৰুগৃহ ত্যাগ কৰিলে ঘৰ অভিমুখী হৈও ভাবিলে আধৰুৱা শিক্ষা লৈ ঘৰ গৈ কি কৰিব । এনেকৈ গৈ গৈ তেওঁ এখন আদিবাসী গাওঁ পালে তাৰে মুখিয়ালজনক লগ ধৰি নিজৰ পৰিচয় দি ক’লে যে তেওঁ সেই ঠাইত থাকি ধনুবিদ্যাৰ চৰ্চা কৰিব বিছাৰে। মুখিয়ালজনে ভাল পালে আৰু সন্মতি দিলে। আৰম্ভ হ’ল একলব্যৰ জীৱনৰ আন এক অধ্যায়।একলব্যই প্ৰথমতে আচাৰ্য দ্ৰোণৰ মাটিৰে এটি প্ৰতিমূৰ্ত্তি বনালে । কাৰণ মনে প্ৰানে দ্ৰোণাচাৰ্য্যক একলব্যই গুৰু মানিছিল ।সেই প্ৰতিমূৰ্ত্তি গুৰু মানি অভ্যাস আৰম্ভ কৰিলে ধনুৰ যিবোৰ তেওঁ দ্ৰোণাচাৰ্য্যৰ আশ্ৰমত মনে মনে ধ্যানেৰে দেখিছিল বা শুনিছিল।গুৰুজনাৰ প্ৰতি ভক্তিয়ে লাহে লাহে নিজৰ বিশ্বাস আৰু একাগ্ৰতাই আগবঢ়াই লৈ গ’ল একলব্যক ।বাকী ৰাজকুমাৰসকলৰ লগে লগে একলব্যও ডাঙৰ হৈ আহিল।ইফালে দ্ৰোণাচাৰ্য্যই প্ৰিয় শিষ্য অৰ্জ্জুনক বিশ্ব ব্ৰক্ষ্মাণ্ডৰ শ্ৰেষ্ঠ ধনুধৰ বনাবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ ।কিন্ত্ত তেওঁলোকে জনাই নাছিল যে অৰ্জ্জুনতকৈ শ্ৰেষ্ঠ ধনুধৰ ইতিমধ্যে সৃষ্টি হৈছে।
এদিনাখনৰ কথা । দ্ৰোণাচাৰ্য্যই কৌৰৱ আৰু পাণ্ডৱক লৈ ধনুৰ চৰ্চা কৰিবলৈ অৰন্য অভিমুখে যাত্ৰা কৰিলে।তেওঁলোকৰ লগত এটা কুকুৰো গৈছিল। সকলো গৈ গভীৰ অৰন্যত পথভ্ৰষ্ট হৈ ইফালে সিফালে গৈ সেই আদিবাসী থকা গাওঁখন পালেগৈ ।সেই সময়ত একলব্য ধনুৰ ধ্যানত মগ্ন আছিল। দ্ৰোণাচাৰ্য্যৰ লগত যোৱা কুকুৰটোৱে একলব্যক দেখি ভুকিবলৈ ধৰিলে ।কুকুৰটোৱে ধ্যানত মগ্ন একলব্যক ভুকি ভুকি ব্যতিব্যস্ত কৰি তুলিলে । উপাইহীন হৈ একলব্যই কুকুৰটোৰ মুখলৈ এনেদৰে বাণ নিক্ষেপ কৰিলে যাৰ দ্বাৰা কুকুৰটোৰ একো আঘাত প্ৰাপ্ত নহওক কেৱল যাতে সি মনে মনে থাকে । লগে লগে কুকুৰটোৱে মুখত এমুকুৰা তীৰ লৈ দ্ৰোণাচাৰ্য্যৰ ওচৰ পালেগৈ। কুকুৰটোৰ এনেকুৱা ৰূপে দ্ৰোণাচাৰ্য্যক কপাঁই তুলিলে । এইয়া যে পৃথিবীৰ শ্ৰেষ্ঠ ধনুধৰ তেনেহ’লে তেওঁ অৰ্জ্জুনক দিয়া কথাষাৰ মিছা বুলি পৰিনত হ’ব নেকি।কুকুৰটোক দেখি অৰ্জ্জুনেও চিঞৰি উঠিল আচাৰ্য এই বিদ্যাতো মই নিশিকিলো কিন্ত্ত আপুনি দেখোন মই সকলোতেই পাৰ্গত বুলি কৈছিল ।এই বিদ্যা নিশিকাকৈ মই জানো শ্ৰেষ্ঠ ধনুধৰ হ’ব পাৰিম?
দ্ৰোণাচাৰ্য্যই ৰাজকুমাৰসকল আৰু কুকুৰটো লৈ সেই ধনুধৰৰ ওচৰ পাই অবাক মানিলে আৰু হিৰন্যধনুৰ পুত্ৰ একলব্যক চিনি পালে। লগে লগে দ্ৰোণাচাৰ্য্যই একলব্যক শুধিলে হে মহান ধনুবিদ তোমাৰ গুৰু কোন? একলব্যই মাটিৰ মুৰ্ত্তিটো দেখুৱাই দ্ৰোণাচাৰ্য্যৰ চৰনত সেৱা জনালে।দ্ৰোণাচাৰ্য্যৰ অন্তৰাত্মা কঁপি উঠিল এফালে অৰ্জ্জুনক দিয়া বচন আনফালে শিষ্যৰ গুৰুভক্তি । কি কৰিব নকৰিব ভাবি থাকোঁতেই তেওঁ এটা উপাই বিছাৰি পালে “গুৰু দক্ষিণা”।লগে লগে একলব্যক ক’লে তুমি মোক গুৰু মানিছা কিন্ত্ত মোৰ গুৰুদক্ষিণা ক’ত। একলব্যই ক’লে আপোনাৰ বাবে মোৰ প্ৰাণো দিব পাৰিম । দ্ৰোণাচাৰ্য্যই বিছাৰা নাছিল তেওঁৰ প্ৰিয় শিষ্য অৰ্জ্জুনতকৈ অাৰু এজন শ্ৰেষ্ঠ ধনুধৰ পৃথিবীত থাকক। তেওঁ লগে লগে ক’লে একলব্য তুমি মোক তোমাৰ সোঁহাতৰ বুঢ়া আঙুলিটো মোক গুৰু দক্ষিণা হিচাপে দিয়া । একলব্যই অলপো সংকোচ প্ৰকাশ নকৰি সোঁহাতৰ বুঢ়া আঙুলিটো গুৰু দ্ৰোণাচাৰ্য্যক দক্ষিণা হিচাপে দি দিলে ।
দ্ৰোণাচাৰ্য্যই জানিছিল যে একলব্যই যি জ্ঞান লাভ কৰিছিল সেই জ্ঞানে তেওঁক সেই বিশেষ আঙুলিটো নোহোৱাকৈও একেটা স্তৰতেই ৰাখিব। তেওঁৰ একাগ্ৰতা আৰু নিষ্ঠাই তেওঁক একেই ৰাখিব।
সঁচাকৈয়ে সেয়ে হৈছিল। পিতৃৰ মৃত্যুৰ পাছত একলব্য ভালী জাতিৰ ৰজা হৈ জড়াসন্দ্ধৰ লগ লাগি মথুৰা আক্ৰমণ কৰি যাদৱসকলক বানেৰে থকা সৰকা কৰিছিল আৰু শেষত ভগৱান শ্ৰীকৃষ্ণই একলব্যৰ পাৰদৰ্শীতাৰ কথা গম পাই চলেৰে নিজেই একলব্যক বধ কৰিছিল। (বিষ্ণু পুৰাণ আৰু হৰিবংশ পুৰানত উল্লেখ আছে)।
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.