১৯১০ চনত কোৰিয়া জাপানৰ অধিন আছিল। ১৯৪৫ চনত দ্বিতীয় বিশ্ব যুদ্ধত অন্তত জাৰ্মানে আত্মসমৰ্পণ কৰাৰ পিছত আমেৰিকা আৰু ছোভিয়েত ৰাছিয়াৰ সহযোগত দুটা ভাগত বিভক্ত হয়। ইয়াৰে উত্তৰ ভাগক ছোভিয়েত ৰাছিয়াই আৰু দক্ষিণ ভাগক আমেৰিকাই অধীন কৰি লয়।দুয়োখন দেশ একত্ৰীকৰণৰ পক্ষপাতী নোহোৱা বাবে ১৯৪৮ চনত উত্তৰ কোৰিয়াত ছচিয়েলিষ্ট ডেম’ক্ৰেটিক পিপ’ল ৰিপাব্লিক অৱ কোৰিয়া গঠন হয় আৰু ইয়াৰ মূখ্য নেতা হয় কিম জঙ সুঙ।আৰু দক্ষিণ কোৰিয়াত পুঁজিবাদী গনৰাজ্য কোৰিয়া গঠিত হয়। দুয়োখন দেশৰ মাজত যুদ্ধ বন্ধ হৈছে যদিও মিত্ৰতাৰ শান্তি চুক্তিত আজি পৰ্যন্ত স্বাক্ষৰ হোৱা নাই।উত্তৰ কোৰিয়াই নিজকে সমাজবাদী ৰাষ্ট্ৰ বুলি কয় আৰু নিৰ্বাচন পাতে যদিও কিম জঙ সুঙৰ দিনৰে পৰা আজি পৰ্যন্ত তেওঁৰ বংশকেই ভোট দিব লাগে জনতাই। এই কিম জঙ সুঙকেই উত্তৰ কোৰিয়াৰ জন্মদাতা ৰূপে মানি চলা হয় । তেওঁৰ মৃত্যুৰ পিছত কিম জঙ ইলে শাসনভাৰ হাতত লয় আৰু নিজৰ নীতি অনুযায়ী দেশ শাসন কৰিব ধৰে। ২০১১ চনৰ ১৭ ডিচেম্বৰত উত্তৰ কোৰিয়াৰ একছত্ৰী সম্ৰাট কিম জং ইলৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক কিম জং য়ুনে ৰাজপাত দখল কৰে। কিম জং য়ুনৰ ককাদেউতাক কিম দ্বিতীয় সুঙক উত্তৰ কোৰিয়াত জনতাই ভগৱান বুলি গণ্য কৰে।
আজি সমগ্ৰ বিশ্বত অধিক মাত্ৰাত চৰ্চা হৈ থকা দেশ খন হল উত্তৰ কোৰিয়া আৰু এই দেশৰ প্ৰধান শাসনকৰ্তা কিম জং উন।কিম জং উনৰ ১৯৮৩ চনৰ ৮ জানুৱাৰীত জন্ম হয় বুলি কোৱা হয়। তেওঁ পিতৃ মাতৃৰ তৃতীয় আৰু নুমলীয়া পুত্ৰ । সৰুতেই তেওঁৰ দেউতাকে শিক্ষাৰ বাবে সম্পূৰ্ণ পৰিচয় গোপনে ৰাখিছিল আৰু কিম জঙ উনে চুইজাৰলেণ্ডৰ’ ইন্টাৰনেছনেল স্কুল অৱ বৰ্ন’ (International school of Born) আৰু জাৰ্মান লেংগুৱেজ স্কুলতো শিক্ষা লাভ কৰিছিল।তাৰ পিছত নিজ দেশৰ ৰাজধানী পিয়োংয়োঙত মিলিটেৰি ইউনিভাৰচিটিত শিক্ষা লৈছিল ।কিম জঙ উনে সৰুৰে পৰাই ককাক কিম জং সুঙৰ দৰে হব বিছাৰাৰ বাবে তেওঁৰ দেউতাকে কিম জঙ উনৰ মুখৰ প্লাস্টিক চাৰ্জাৰি কৰাই দেখাত ককাকৰ দৰে কৰাই দিছিল। কিম জং ওনক ২০১২ত উত্তৰ কোৰিয়াৰ কেন্দ্ৰীয় সেনা আয়োগৰ ( Central Militarily Commission) অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় ৰক্ষা আয়োগৰ (National Defence Commission) অধ্যক্ষৰ পদত অধিষ্ঠিত কৰে। এই সৰ্বোচ্চ পদ গ্ৰহণ কৰিয়েই তেওঁ দেউতাকৰ শাসনকাল থকা সকলো সম্বন্ধীয়া ডাঙৰ ডাঙৰ ৰাজনীতিৰে অভিজ্ঞ নেতাসকলক বাহিৰ কৰি দিয়ে। ইয়াৰ ভিতৰত আছিল তেওঁৰ নিজৰ খুৰাক যিজন আছিল দেউতাকৰ পৰামৰ্শদাতা। কিম জঙে সৰ্বোচ্চ পদ লাভ কৰিয়েই তেওঁ ২০১২ চনত এটা উপগ্ৰহ পঠায়। কিন্ত্ত প্ৰথমবাৰ বিফল হল যদিও সেই বৰ্ষতেই পিছত আকৌ মহাকাশলৈ ৰকেট নিক্ষেপ কৰি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে। ২০১৩ চনত তেওঁ পৰমানু পৰীক্ষণ কৰি বিশ্ববাসীক চিন্তিত কৰি পেলাইছিল। তেওঁৰ যি মন যায় তাকে কৰিব বিছাৰে লাগিলে সি সমগ্ৰ প্ৰজাৰ হিতৰ বিপৰীতেই হওক। দেশৰ আইন কানুন সকলো কিম জঙৰ হাতত। উত্তৰ কোৰিয়া যেন এখন গুপ্ত দেশ হে আমাৰ বাবে। কাৰণ এই দেশৰ খবৰবোৰ বেলেগ দেশে গম নাপায় তাৰ কাৰণ হ’ল কিম জঙৰ একনায়কত্ব । আহকচোন এই একনায়কত্ববাদী নেতাজন আৰু দেশখনৰ বিসয়ে জানো -* এতিয়া সমগ্ৰ পৃথিৱীত ২০২০ চলি আছে আৰু উত্তৰ কোৰিয়াত ১০৬ চন। কিম জং সুঙৰ জন্ম তাৰিখ ১৫ এপ্ৰিল ১৯১২ ওপৰত ভিত্তি কৰি এই দেশৰ কেলেণ্ডাৰ প্ৰস্ত্তত কৰা হৈছে। ২০২০ বুলি তেওঁলোকে নামানে।
*উত্তৰ কোৰিয়াত কিম জঙৰ দেউতাক আৰু ককাকৰ ফটো প্ৰতিটো চুকে কোনে, মানুহৰ ঘৰত, অনুষ্ঠান প্ৰতিষ্ঠান সকলোতে ৰখাটো বাধ্যমূলক যাতে উত্তৰ কোৰিয়াৰ প্ৰতিস্থাপকজনক সকলো সময়তেই মনত ৰাখিব পাৰে।
*কিম জঙ উনে দেউতাক কিম জঙ ইলৰ নশ্বৰ দেহ এক কাঁচৰ ঘৰত সংৰক্ষণ কৰি ৰাখিছে পৰ্য্যতকৰ বাবে । *৮জুলাই আৰু ১৭ ডিচেম্বৰত উত্তৰ কোৰিয়াত কোনেও উৎসৱ পালন কৰিব নোৱাৰে কাৰণ সেই দিনত কিম জং সুঙ আৰু কিম জং ইলৰ মৃত্যু হৈছিল।
*কিম জঙ উনৰ নামেৰে উত্তৰ কোৰিয়াত কোনেও নাম ৰাখিব নোৱাৰিব । ২০১১ চনৰ পৰাই এই কথা সকলোৱে পালন কৰি আহিছে।
*উত্তৰ কোৰিয়া এনে এখন দেশ যিখন দেশক ইয়াৰ শাসকে বেলেক দেশৰ লগত মিলা-মিচা কৰিবলৈ নিদিয়ে।তাৰোপৰি এই দেশৰ খবৰ আন আন দেশেও জানিব নোৱাৰে কাৰণ হল এই দেশত চলা একনায়কত্ববাদ।কোনোবা অহাৰ অনুমতি পালেও মবাইল , কেমেৰা বা কোনো ইলেক্ট্ৰনিক বস্ত্ত লগত নিব নিদিয়ে। ফটো উঠাও নিষেধ ।কোনোবাই চালাকি কৰিলে মৃত্যু অনিবাৰ্য।
* কিম জঙৰ এনে এটা গোপন কেম্প আছে য’ত কিম জঙে দোষী সাব্যস্ত কৰা লোকসকলক ৰখা হয় আৰু ইয়াতে গোপন কক্ষ আছে যিটোক ‘টৰ্চাৰ ৰুম’ বুলি কোৱা হয়। সেই ৰুমত জীৱিত অবস্হাত সোমাই হয় কিন্ত্ত ঘূৰি আহে কেৱল মৃত শৰীৰটিহে। এই কক্ষত মহিলা পুৰুষ উভয়কেই শাস্তি বিহা হয়।
*কাৰাৰুদ্ধ কয়দীসকল পলাব বিছাৰিলে লগেলগে একো নুশুধাকৈয়ে গুলিবিদ্ধ কৰা হয় আৰু বাকী থকা কয়দীসকলক এইদৰেই প্ৰাণৰ ভয় দেখুৱা হয় । এই দেশত অপৰাধী বুলি গন্য ব্যক্তিসকলক কোনো ক্ষমা কৰা নহয় । মৃত্যুদণ্ডৰ বাহিৰে ইয়াৰ আদালতত কোনো ন্যায় নাই।
*তেওঁৰ কামত প্ৰজাগনে তেতিয়ালৈকে হাত তালি বজাই যেতিয়ালৈকে হাতৰ ছাল চিঙি নাযায় । কেৱল যে ডাঙৰেহে এনে কৰিব তেনেকুৱা নহয় সৰু স্কুলৰ ছাত্ৰ ছাত্ৰীয়েও এনে দৰে তালি বজায়।
*তেওঁ বহু আৰাম প্ৰিয় সেইবাবেই তেওঁৰ বিলাসিতা জীৱনৰ বাবে ৰাজকোষৰ ধন ব্যয় কৰা হয় লাগিলে দুখীয়া জনতা ভোকত মৰক।
*তেওঁ চিকিউৰিতি গাৰ্ডত বিশেষভাবে ট্ৰেইন কৰা মাৰ্ছেল আৰ্টেৰে পৰিপুষ্ট লোককহে ভৰ্তি কৰা হয় কাৰণ কিম জঙ উনৰ বুলেট প্ৰুফ গাড়ী MAYBACHS600 আৰু MAYBECH 62Sৰ লগে লগে তেওঁলোক গৈ থাকে।উল্লেখযোগ্য যে যিসকল বডিগাৰ্ড ৰিকুইট কৰে সেইসকল কিম জঙ উনতকৈ এক ইঞ্চিও ওখ হব নোৱাৰিব। নিজৰ সুৰক্ষাৰ লগত অলপো কেৰেপ নকৰা কিম জঙ উনে ৰাজ্যবোৰ ভ্ৰমন কৰোঁতেও একে একে দুখন জেট বিমান লৈ যায় যাতে কোনেও নাযানে তেওঁ কোনখনত ভ্ৰমন কৰিছে।
*উত্তৰ কোৰিয়াত মিডিয়াৰ কোনো স্বাধীনতা নাই ।এই দেশত কেৱল কোৰিয়ান ভাষাত হে ইন্টাৰনেত উপলব্ধ আৰু কেৱল চৰকাৰৰ নিৰ্দেশ বোৰ জানিবলৈ। ইন্টাৰনেট সকলোৰে বাবে উপলব্ধ নহয় । ইয়াত মাত্ৰ তিনটা টিভি চেনেল উপলব্ধ।তাৰে দুটাত সাপ্তাহিক আৰু এটাত চিৰিয়েল আৰু তাকো চৰকাৰে দিয়া চৰ্ত অনুযায়ী চলে।বাহিৰৰ জগতৰ খবৰো কোনেও নাপায় কাৰণ তাত কেৱল কোৰিয়াৰ বাতৰি হে দেখুৱা হয় ।প্ৰতিটো ঘৰতে ৰেডিঅ উপলব্ধ যি চৰকাৰে নিয়ন্ত্ৰিত কৰে আৰু আচৰিত কথা যে সেই ৰেডিঅ অনৰ্গল চলি থাকে কোনেও অফ কৰি ৰাখিব নোৱাৰে। এই ৰেডিঅও চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত।
*পাঠ্যপুথিত ইতিহাস বিষয়ত কেৱল কিম জঙৰ সুঙ, কিম জঙ ইল, আৰু কিম জঙ উনৰ সাহসিকতাৰ কথা উপলব্ধ।
*উত্তৰ কোৰিয়াত এটা বুকু কঁপি যোৱা কথা হল যে কোনো ব্যক্তিয়ে অপৰাধ কৰিলে সেই ব্যক্তিৰ অপৰাধৰ শাস্তি তেওঁৰ তিনটা প্ৰজন্মই ভুগিব লগা হয়।
*নিজৰ পচন্দ অনুযায়ী ঘৰত কোনেও ৰঙ কৰিব নোৱাৰে আৰু ঘৰত উত্তৰ কোৰিয়াৰ নেতাসকলৰ ফটো লগাই ঘৰ সজোৱাটো বাধ্যতামূলক।
*কিম জঙ উনে নিজকে স্টাইলত ৰাখি ভাল পায়। সেইবাবে উত্তৰ কোৰিয়াত তেওঁৰ চুলিৰ স্টাইল, কাপোৰ, আৰু জোতায়ে প্ৰায় শিৰোনামা দখল কৰে।
*তেওঁ ধৰ্মৰ পৰা কাপোৰৰলৈকে নিজৰ মত ডাঙি ধৰে আৰু সেইমতে সমগ্ৰ উত্তৰ কোৰিয়াই মানি চলিব লাগে।তেওঁৰ একনায়কত্ববাদৰ আন এক সত্য কথা কথা যে তেওঁৰ বিৰুদ্ধে যোৱা মানেই মৃত্যুক হাতবাওল দি মাতা।
*কিম জঙ উন ইমানেই অত্যাচাৰী যে তেওঁৰ নিকটজনক যিজনে কিম জঙ উনক বহু ক্ষেত্ৰত কুটনীতি শিকাইছিল তেওঁক ভোকত থকা ভয়ংকৰ কুকুৰৰ কোঠাত সোমোৱাই দি মৃত্যুদণ্ড দিছিল। কিম উনে ভাবিছিল যে সেই বিশেষ ব্যক্তিজন কিম জঙ উনতকৈ আগবাঢ়ি যাব।যেতিয়া তেখেতৰ পত্নীয়ে এই বিষয়ে প্ৰতিবাদ কৰিলে তেতিয়া তেওঁকো বিহ দি মৃত্যুদণ্ড দিছিল।
*কিম জঙ উনৰ দেউতাক কিম জঙ ইলৰ মৃত্যুত হোৱা শোকসভাত ৰাজধানী পিয়োঙয়োঙৰ ৰাস্তাত সকলোকে কান্দিব দিছিল অাৰু যিসকলে কন্দা নাছিল তেওঁলোকক লগে লগে গ্ৰেপ্তাৰ কৰি গুলিয়াই মাৰিছিল।
*দামী গাড়ী ,দামী বিদেশী সুৰা আৰু দামী বিদেশী ছিগাৰেট কিম জঙৰ প্ৰিয়।সেই ডিজাইনৰ ছিগেৰেট লেডাৰৰপেকেটত আহে আৰু এই পেকেটৰ দাম প্ৰায় ১৬৫ ডলাৰ। বিদেশী বস্ত্ত পচন্দ, বিদেশী চিনেমা পচন্দ কৰা কিম জঙ উনে বিদেশৰ লগত নিজৰ দেশক সম্পূৰ্ণৰূপে আঁতৰাই ৰাখিছে।কিন্ত্ত নিজে সকলোবোৰ লৈ আনন্দ কৰিছে।
*কিম জঙ উনৰ ভনীয়েকক তেওঁ বহুত ভৰসা কৰে। কিম ইয় জঙ হল ৰাষ্ট্ৰীয় ব্যোৰ’ৰ সদস্য আৰু কিম জঙ উনৰ পৰামৰ্শদাতা।কিম ইয় জঙে, কিম জঙ উনৰ প্ৰতিখন সভা বা মিটিং আৰু চৰকাৰী তেওঁৰ ভনীয়েক কিম ইয় জঙ…. উপস্হিত থাকি তেওঁক দিহা পৰামৰ্শ দিয়ে।
*ৰি ছ’ল জু কিম জঙৰ পত্নী ।২০০৯ মানতে দুয়োজন বিবাহ পাশত আবদ্ধ হৈছিল যদিও ২০১২ চনতহে তেওঁ জনসমাজৰ আগলৈ আহে আৰু কিম জঙ উনৰ লগত ৰি ছ’ল জুক দেখি কোৰিয়াৰ জনগনে গম পাইছিল কিম জঙ উনৰ পত্নীৰ বিষয়ে। তেওঁৰ বিষয়ে বিশেষ জনা নাযাই যদিও তেওঁক এগৰাকী গায়িকা আছিল বুলি কোৱা হয়।তেওঁলোকৰ তিনি সন্তান আছে বুলি কোৱা হয় যদিও ক’ত আছে সিও ৰহস্যৰ আবৰ্ত্তত ।
*ইয়াত ৰুঙনাডু মে ডে নামৰ বিশাল স্টেডিয়াম আছে য’ত প্ৰায় ডেৰ লাখ মানুহ একেলগে বহিব পাৰে।
*ইয়াৰ প্ৰতিজন শিক্ষকে একৰডিয়ান বজাব পাৰিব লাগিব । ১৯৯০ চনৰ পৰাই এই কথা বাধ্যতামূলক । কিন্ত্ত বৰ্ত্তমান দিনত প্ৰায় সকলো নাগৰিকেই এই বাদ্যযন্ত্ৰ বজাৱ পাৰে ।
*মাজতে বহু দিন কিম জঙ উনৰ খবৰ নোপোৱা বাবে ভাবিছিল যে কিম জঙৰ উনৰ মৃত্যু হৈছে নেকি? তেওঁৰ পিছৰ একনায়কত্ববাদ কোনে চলাব সেইটো লৈও বাতৰিৰ শিৰোনামাত এটি নাম দেখা পোৱা গৈছিল তেওঁ হল কিম জঙ উনৰ ভনীয়েক কিম জঙ ইয়। শুনিবলৈ পোৱা মতে তেওঁ ও কিম জঙ উনৰ দৰে শক্তিসালী। স্বাস্হ্যজনিত কাৰনত আঁতৰি থকা কিম জঙ উনক আকৌ দেখা গৈছে সেই দুৰ্দান্ত ৰূপত।গোটেই পৃথিবীৰপৰা উত্তৰ কোৰিয়াক একাষৰীয়াকৈ ৰাখি, দেশ শাসন কৰি, পৃথিৱীৰ বাবে ত্ৰাস হৈ পৰা একনায়কত্ববাদী নায়কজন – কিম জঙ উন – যাৰ নামেই এটি পৰিচয়।
(c) প্ৰীতি ৰেখা বৰা
সহকাৰী অধ্যাপিকা
৯০৮৫২০৯৮১২
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.