Back to journal
Mridu

কিছুমান কথাই যেতিয়া মন চুই যায় …..”

“কিছুমান কথাই যেতিয়া মন চুই যায় …..”

“মা গ্ৰন্থ মেলা কেতিয়া বাৰু? মই কিতাপ কেইখনমান কিনিব লাগিছিল । ” গুৱাহাটিত ইমান সোনকালে হয় আমাৰ ইয়াত কিয় দেৰি হয়? পৰীক্ষাৰ মাজতে হ’ব চাগৈ এইবাৰ । কিন্ত্ত মোক কিন্ত্ত লৈ যাবাই দেই ।

মোৰ লৰাৰ কথাই মোক শৈশৱলৈ গ’ল …..
সৰুৰে পৰা কিতাপ পঢ়ি বৰ ভালপাওঁ । সফুঁৰা, ছান্দমামা,ছাৰ্লচ হোমসৰসিৰিজ,মৌচাক ,টিংকল, টিনটিনআৰু সেই সময়ত ওলোৱা বিভিন্ন আলোচনী বোৰে মোক যেন এখন বেলেগ ৰাজ্যলৈ লৈ গৈছিল । কিতাপ পঢ়াৰ ইমানেই তাড়না আছিল যে পঢ়াৰ টেবুলত পঢ়া কিতাপৰ ভিতৰত এই আলোছনীবোৰ ভৰাই মনে মনে পঢ়িছিলো তাৰ বাবে মাৰ পৰা গালি ও নোখোৱাকৈ থকা নাই ।তথাপিতো পঢ়াৰ হেঁপাহ । সেই সময়ত সকলো আলোচনী কিনিব নোৱাৰিছিলো গতিকে বন্ধু বান্ধবীবোৰৰ মাজত কিতাপৰ আদান প্ৰদান হৈছিল ।আৰু আমি সকলোৱে ইজনীয়ে সিজনীক সহযোগ কৰিছিল ।আমাৰ জন্মদিন বোৰতো আমি ভাল কিতাপ এখন’ উপহাৰ’ হিচাবে পালে ভাল পাইছিলো । মই সৰুৰে পৰাই মাননীয় ৰজ্ঞু হাজৰিকাদেৱৰ কিতাপ পঢ়ি বৰ ভাল পাইছিলো । তেখেতৰ বিভিন্ন উপন্যাস , গল্প ,আৰু ডিটেক্টটিভ ৰহস্যমূলক চিৰিজ সমূহে মোক বৰকৈ আপ্লুত কৰিছিল।উপন্যাস বোৰত থকা কেৰেক্টাৰ বোৰত নিজকে বিছাৰি ফুৰিছিলো ।কিতাপ পঢ়াৰ অভিজ্ঞতা আছিল এনেধৰণৰ যে যদি কিতাপ এখন বেলেগৰ পৰা পঢ়িবলৈ আনিলো তেবেহ’লে তেওঁ কোৱা সময়ত তেওঁক আকৌ ঘূৰাই দিব লাগিব ,সেইবাবেই কোনোবাই কৰবাত যাবলৈ লগ ধৰিলে, আনকি বিয়ালৈ যাবলৈও একে উশাহতে না কৰিছিলো। মোৰ বাইদেউ ও আছিল কিতাপৰ পোক ।আমি দুইজনীয়ে গোটাই থোৱা টকাৰে কিতাপ কিনিছিলো। আমাৰ ঘৰত ইমান কিতাপ জমা হৈছিল যে পৰৱর্তি সময়ত ,আমাৰ ঘৰতে এটা মাটিৰ ঘৰ আছিল তাত সৰুকৈ ,এটা গ্ৰন্থগাৰ বনাইছিলো। আৰু কোনোবাই পঢ়িব বিচাৰিলে পঢ়াৰ বাবে সুন্দৰ ব্যৱস্থা কৰি দিছিলো লগতে এক সপ্তাহৰ বাবেও কিতাপ নিয়াৰো ব্যৱস্থা আছিল।ঘৰলৈ দেউতাৰ লগৰ মানুহ আহিলে দেউতা ও আমাৰ “মিনি লাইব্ৰেৰী” টো দেখাইছিল। এই সকলোবোৰৰ আমি দুইজনীয়েই কৰিছিলোঁ ।বহুত সৰুতেই ‘অসীমত যাৰ হেৰাল সীমা’,, ‘মৄতুঞ্জয়’ ,পাতাল ভৈৰবী’,’ঈলিয়াদ ওডিছি’, মোৰ অতি শ্রদ্ধাৰ মামণি ৰয়ছম গোস্বামীৰ শ্ৰেষ্ঠ উপন্যাস সমূহ (তেখেত আছিল মোৰ প্ৰিয় লেখিকা) যেনে
যেনে’মামৰে ধৰা তৰোৱাল ‘, দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা’,শ্ৰোনাৱৰ সোঁত,আদি, মোৰ শ্ৰদ্ধাৰ মহিম বৰাদেৱৰ গল্প ,নিৰুপমা বৰগোহাঞি ,হোমেন
বৰগোহাঞি আদি ব্যক্তি সকলৰ লিখনি সমূহ পঢ়িছিলো ।

কিন্তু অতি দুখ লাগে এতিয়া দেখোন মোৰ নিজৰ সন্তানক কিতাপ পঢ়াৰ সুবিধা সমূহ দিব পৰা নাই যেন লাগে। কিয় বাৰু বাৰে বাৰে মোৰ আজি বৰ মন গৈছে তাক মোৰ সেই সুন্দৰ শৈশৱটো দেখুৱাবলৈ । সেই যে মনে মনে কিতাপ পঢ়া, লগৰবোৰৰ লগত খেলা ধূলা কৰা,ছাইকেল চলোৱা ,বন্ধ পালেই পৰিয়ালৰ মানুহবোৰৰ ঘৰলৈ যোৱা, ।লগৰবোৰৰ লগত ফাকু খেলা…বিহুতলিত বিভিন্ন প্ৰতিযোগিতাত ভাগ লোৱা ,কাতি বিহুত তুলসী ভেটি বনোৱা……….।

কিন্তু তাৰ ছোন সময়েই নাই। ৰাতিপুৱা উঠেয়েই স্কুল যাবলৈ হয় তাৰ পিচত আহি ভাতকিটা কোনোমতে নাকে মূখে সোমোয়াই খেলিবলৈ যায় নহলে স্কুলৰ কাম ‘প্ৰজেক্ট’, ইত্যাদি বোৰ লৈ ব্যস্ত হৈ যায়। আৰু বাকি সময়ৰ ব্যস্ততাখিনি সিহঁতৰ মবাইল আৰু কম্পিউটাৰে লৈ ল’লে নেকি বাৰু ?

কিন্তু সি গল্প কিতাপ পঢ়ি বৰ ভাল পায়। আৰু সৰুৰে পৰাই গ্ৰন্থমেলাৰ পৰা কিতাপ কিনাটো লাহে লাহে মোৰ নিচিনা অভ্যাস হৈছেগৈ।

” মা কেতিয়া হ’ব কোৱানা … l” সম্ভিত ঘূৰি আহিল .. অ জান হ’ব অহা মাহৰ পৰা । তুমি ভাল পোৱা কিতাপৰ নামবোৰ লিখি থোৱা। নহলে পাহৰি যাবা ।অলপ পিছত তাৰ কিতাপৰ লিষ্টখন দেখোঁৱালে….. লিষ্টত কেইবাখনো কিতাপৰ নাম আছিল যদিও তিনিখন কিতাপৰ নামে মোৰ মনতো সচাকৈয়ে চুই গ’ল–“লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ বুঢ়ী আইৰ সাধু “, সকলোৰে শ্ৰদ্ধাৰ আব্দুল কালাম ছাৰৰ ” টাৰ্ণিং পইন্ট : এ জাৰ্ণি থ্ৰ’ চেলেঞ্জেছ” আৰু এখন “ভালভাল মানুহৰ ভালভাল কাহিনী ”
##এই কিতাপ কিখনৰ বিষয়ে মই তাক কৈছিলো। যেতিয়া আমি হাটবৰ গাৰ্লছ স্কুলৰ পৰা দেউতাৰ চাকৰী সূত্ৰে ট্ৰেন্সফাৰ হৈ আহিছিলোঁ তেতিয়া আমাৰ সেই সময়ৰ মৰমৰ মীনা বাইদেউৱে’ ভালভাল মানুহৰ ভালভাল কাহিনী’ নামৰ কিতাপখন হাতত তুলি দিছিল কিন্তু কিতাপখন বেয়া হৈ যোৱাৰ বাবে তাক দেখুৱাব পৰা নাছিলো ## হঠাতে কিতাপখনৰ নামতো দেখি মীনা বাইদেউলৈ বৰ মনত পৰিল। কিছুমান কথা স্মৃতিৰ কোণত ৰৈ যায় ….যেনেকৈ মোৰ শ্ৰদ্ধাৰ বাইদেউৱে সেই সৰু কালতেই দিয়া সেই উপহাৰ স্বৰূপ মূল্যবান কিতাপখনৰ বহু কথাই এতিয়াও মনত থাকি গ’ল….###

মোৰ লৰাটোলৈকো বৰ মৰম লাগিল বুকুতে সুমুৱাই তাক কলো তুমি আজি মোৰ অন্তৰৰ সেই ঠাইখন স্পৰ্শ কৰিলা যি কেৱল মইহে চিনি পাওঁ ।

এখন ভাল কিতাপ পঢ়াৰ আগ্ৰহটো বৰ ভাল কথা বুলি ভাবোঁ । সমাজত সৃষ্টি হৈ থকা
বিশৃংখলতাই আজি সমাজ ব্যৱস্থা ভয়াবহ কৰি তুলিছে তাৰ মাজতো কিতাপ পঢ়ি ভালপোৱা মানুহৰ সংখ্যা কমিলেও এখন ভাল কিতাপে সমাজৰ উশৃংখল যুৱক যুৱতীৰবাবে ভাল পথ পদৰ্শক হ’ব পাৰে বুলি দৃঢ় বিশ্বাস ।এটা কথা ভাবি বৰ দুখ লাগে সচাঁকৈয়ে আজিৰ ব্যস্ততা পূৰ্ণ ছাত্ৰ ছাত্ৰীৰ ,প্ৰতিযোগীতামূলক দিনলিপিয়ে সিহঁতৰ শৈশৱৰ সেই সোনালী দিনবোৰ নাইকীয়া কৰি পেলাইছে । তথাপিতো সি যে এখন কিতাপ পঢ়িব বিচাৰিছে সেইটো জানি মোৰ বৰ ভাল লাগিল ।শ্ৰেনীৰ বিষয়বস্ত্তৰ গুৰুত্ব মূখস্থ কৰাৰ পিছত ৰিজাল্ট ভাল কৰি পিছৰ বছৰত সকলো পাহৰি আকৌ নতুন শ্ৰেনীৰ বিষয়বস্ত্তৰ বাবে নিজকে প্ৰস্ত্তত কৰা হয়। কিন্তু এখন ভাল কিতাপৰ প্ৰয়োজন এই ছাত্ৰ জীৱনত একেবাৰে নুই কৰিব নোৱাৰি । এখন ভাল কিতাপে যি জ্ঞান দিয়ে সেই জ্ঞান অতুলনীয় আৰু চিৰ যুগমীয়া ।সমাজত এজন ভাল মানুহ হিচাপে নিজকে জীয়াই ৰাখিবলৈ ভাল ভাল কিতাপবোৰ হ’ল একো একোজন ভাল বন্ধু আৰু জ্ঞানৰ ভড়াল।

তথাপিতো সি গ্ৰন্থ মেলাৰ পৰা কিতাপ কিনিম বুলি কোৱা কথাষাৰে মোৰ অন্তৰ খনত যেন এক বুজাব নোৱাৰা আলোড়নৰ সৃষ্টি কৰিলে।সেই দিনা ৰাতি লৈকে মোৰ লৰাটোৰ কথাবোৰে মনৰ কোনো এটা কোণ আপ্লুত কৰি তুলিছিল ।বৰ ভাল লাগিছিল ।মনতে ভাবিলোঁ যদি কালিৰপৰাই ইয়াত গ্ৰন্থমেলাখন হ’লহেতেন …….

ৰাতিপুৱা শুৱাৰ পৰা উঠি খিৰিকী খন খুলি দিয়াত নিয়ৰ সনা শেৱালিফুলৰ সুবাসে মনটো উতলা কৰি তুলিলে ভাবিলো তাকো জগাই দিওঁ ।চিপচিপিয়া বৰষুনত ব্লেংকেতৰ তলত কুচিমুচি হৈ শুই থকা ল’ৰাটোক উঠাবলৈ লৈও ৰৈ গলো। যোৱা কালিয়েই সি কৈ থৈছিল “মা মোক ৰাতিপুৱা নুঠাবা কালিলৈ চেকণ্ড ছেটাৰডে ।দেৰিকৈ উঠি পঢ়িম ।”

হয়তু …. এইখিনি তাৰ সময় আজিৰ বাবে ।উঠাৰ পিছত আৰু ক’ত সময় পায়?শুই থকা লৰাটোক বৰ মৰম লাগিল ব্লেংকেতখন ঠিক কৰি তাৰ কপালত চুমা এটা দি খিৰিকীখন বন্ধ কৰি পৰ্দা খন ঠিক কৰি দিলো যাতে বাহিৰৰ পৰা নতুনকৈ অহা ঠাণ্ডা বতাহজাকে তাৰ টোপনি টো ব্যাঘাত দিব নোৱাৰে ।

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection