Back to journal
Mridu

কিছুমান কথাই যেতিয়া মন চুই যায় …..

“কিছুমান কথাই যেতিয়া মন চুই যায় …..”

“মা গ্ৰন্থ মেলা কেতিয়া বাৰু? মই কিতাপ কেইখনমান কিনিব লাগিছিল । ” মোৰ লৰাৰ কথাই মোক শৈশৱলৈ গ’ল …..
সৰুৰে পৰা কিতাপ পঢ়ি বৰ ভালপাওঁ । সফুঁৰা, ছান্দমামা,ছাৰ্লচ হোমসৰ সিৰিজ,মৌচাক ,টিংকল,টিনটিনআৰু সেই সময়ত ওলোৱা বিভিন্ন আলোচনী বোৰে মোক যেন এখন বেলেগ ৰাজ্যলৈ লৈ গৈছিল । কিতাপ পঢাৰ ইমানেই তাড়না আছিল যে পঢ়াৰ টেবুলত পঢ়া কিতাপৰ ভিতৰত এই আলোছনীবোৰ ভৰাই মনে মনে পঢ়িছিলো তাৰ বাবে মাৰ পৰা গালি ও নোখোৱাকৈ থকা নাই ।তথাপিতো পঢ়াৰ হেঁপাহ । সেই সময়ত সকলো আলোচনী কিনিব নোৱাৰিছিলো গতিকে বন্ধু বান্ধবীবোৰৰ মাজত কিতাপৰ আদান প্ৰদান হৈছিল ।আৰু সেই সময়ত সকলোৱে এই কামত সহযোগ কৰিছিল ।আমাৰ জন্মদিন বোৰতো আমি ভাল কিতাপ এখন’ গিফট”হিচাবে পালে ভাল পাইছিলো । মই সৰুৰে পৰাই মাননীয় ৰজ্ঞু হাজৰিকাৰ কিতাপ পঢ়ি বৰ ভাল পাইছিলো । তেখেতৰ বিভিন্ন উপন্যাস , গল্প ,আৰু ডিটেক্টটিভ চিৰিজ সমূহে মোক বৰকৈ আপ্লুত কৰিছিল।উপন্যাস বোৰত থকা কেৰেক্টাৰ বোৰত নিজকে বিছাৰি ফুৰিছিলো । কিতাপ এখন বেলেগৰ পৰা পঢ়িবলৈ আনিলে আকৌ সময়ত তেওঁক ঘূৰাই দিব লাগিব সেইবাবেই কোনোবাই কৰবাত যাবলৈ লগ ধৰিলেও একে উশাহতে না কৰিছিলো। মোৰ বাইদেউ ও আছিল কিতাপৰ পোক ।আমি দুইজনীয়ে গোটাই থোৱা টকাৰে কিতাপ কিনিছিলো। আমাৰ ঘৰত ইমান কিতাপ জমা হৈছিল যে পৰৱর্তি সময়ত (আমাৰ এটা মাটিৰ ঘৰ আছিল তাত সৰুকৈ )এটা গ্ৰন্থগাৰ বনাইছিলো। আৰু কোনোবাই পঢ়িব বিচাৰিলে পঢ়াৰ বাবে সুন্দৰ ব্যৱস্থা কৰি দিছিলো লগতে এক সপ্তাহৰ বাবেও নিয়াৰো ব্যৱস্থা আছিল।ঘৰলৈ দেউতাৰ লগৰ মানুহ আহিলে দেউতা ও আমাৰ “মিনি লাইব্ৰেৰী” টো দেখাইছিল। এই সকলোবোৰৰ পিছত আছিল মোৰ মৰমৰ মুনবা। আমি দুইজনীয়েই বহুত সৰুতেই ‘অসীমত যাৰ হেৰাল সীমা’,, ‘মৄতুঞ্জয়’ ,পাতাল ভৈৰবী’,’ঈলিয়াদ ওডিছি’, মোৰ অতি শ্রদ্ধাৰ মামণি ৰয়ছম গোস্বামীৰ শ্ৰেষ্ঠ উপন্যাস সমূহ (তেখেত আছিল মোৰ প্ৰিয় লেখিকা) যেনে
যেনে’মামৰে ধৰা তৰোৱাল ‘, দতাল হাতীৰ ঊয়ে খোৱা হাওদা’,শ্ৰোনাৱৰ সোঁত,আদি, মোৰ শ্ৰদ্ধাৰ মহিম বৰাদেৱৰ গল্প ,নিৰুপমা বৰগোহাঞি ,হোমেন
বৰগোহাঞি আদি ব্যক্তি সকলৰ লিখনি সমূহ পঢ়িছিলো । কিন্তু এতিয়া দেখোন মোৰ নিজৰ সন্তানক কিতাপ পঢ়াৰ সুবিধা সমূহ দিব পৰা নাই যেন লাগে। কিয় বাৰু বাৰে বাৰে মোৰ আজি বৰ মন গৈছে তাক মোৰ সেই সুন্দৰ শৈশৱটো দেখুৱাবলৈ । সেই যে মনে মনে কিতাপ পঢ়া, লগৰবোৰৰ লগত খেলা ধূলা কৰা,ছাইকেল চলোৱা ,বন্ধ পালেই পৰিয়ালৰ মানুহবোৰৰ ঘৰলৈ যোৱা, ।লগৰবোৰৰ লগত ফাকু খেলা…বিহুতলিত বিভিন্ন প্ৰতিযোগিতাত ভাগ লোৱা ,কাতি বিহুত তুলসী ভেটি বনোৱা……….।
কিন্তু তাৰ ছোন সময়েই নাই। ৰাতিপুৱা উঠেয়েই স্কুল যাবলৈ হয় তাৰ পিচত আহি ভাতকিটা কোনোমতে নাকে মূখে সোমোয়াই খেলিবলৈ যায় নহলে স্কুলৰ কাম ‘প্ৰজেক্ট’, ইত্যাদি বোৰ লৈ ব্যস্ত হৈ যায়। আৰু বাকি সময়ৰ ব্যস্ততা হ’ল মবাইল আৰু কম্পিউটাৰত ইন্সটল কৰা খেলসমূহ । কিন্তু সি গল্প কিতাপ পঢ়ি বৰ ভাল পায়। আৰু সৰুৰে পৰাই গ্ৰন্থমেলাৰ পৰা কিতাপ কিনাটো লাহে লাহে মোৰ নিচিনা অভ্যাস হৈছেগৈ।

তথাপিতো সি গ্ৰন্থ মেলাৰ পৰা কিতাপ কিনিম বুলি কোৱা কথাষাৰে মোৰ অন্তৰ খনত যেন এক বুজাব নোৱাৰা আলোড়নৰ সৃষ্টি কৰিলে।এনেকুৱা লাগিল যেন আজিয়েই যদি গ্ৰন্থমেলা খন হ’লহেতেন …….
” মা কেতিয়া হ’ব কোৱানা … l” সম্ভিত ঘূৰি আহিল .. অ জান হ’ব অহা মাহৰ পৰা । তুমি ভাল পোৱা কিতাপৰ নামবোৰ লিখি থোৱা। নহলে পাহৰি যাবা ।অলপ পিছত তাৰ কিতাপৰ লিষ্টখন দেখোৱালে। লিষ্টত কেইবাখনো কিতাপৰ নাম আছিল যদিও তিনিখন কিতাপৰ নামে মোৰ মনতো সচাকৈয়ে চুই গ’ল–“লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ বুঢ়ী আইৰ সাধু “, সকলোৰে শ্ৰদ্ধাৰ আব্দুল কালাম ছাৰৰ ” টাৰ্ণিং পইন্ট : এ জাৰ্ণি থ্ৰ’ চেলেঞ্জেছ” আৰু এখন “ভালভাল মানুহৰ ভালভাল কাহিনী ”
(এই কিতাপ কিখনৰ বিষয়ে মই তাক কৈছিলো। যেতিয়া আমি হাটবৰ গাৰ্লছ স্কুলৰ পৰা দেউতাৰ চাকৰী সূত্ৰে ট্ৰেন্সফাৰ হৈ আহিছিলো তেতিয়া আমাৰ সেই সময়ৰ মৰমৰ মীনা বাইদেউৱে’ ভালভাল মানুহৰ ভালভাল কাহিনী ‘ কিতাপখন হাতত তুলি দিছিল কিন্তু কিতাপখন বেয়া হৈ যোৱাৰ বাবে তাক দেখুৱাব পৰা নাছিলো ) হঠাতে কিতাপখনৰ নামতো দেখি মীনা বাইদেউলৈ বৰ মনত পৰিল। কিছুমান কথা স্মৃতিত কোণত ৰৈ যায় ….যেনেকৈ মোৰ শ্ৰদ্ধাৰ বাইদেউৱে সেই সৰু কালতেই দিয়া সেই উপহাৰ স্বৰূপ মূল্যবান কিতাপখন ।
মোৰ লৰাটোলৈকো বৰ মৰম লাগিল বুকুতে সুমুৱাই তাক কলো ছানী তুমি আজি মোৰ অন্তৰৰ সেই জেগা স্পৰ্শ কৰিলা যি কেৱল মইহে চিনি পাওঁ ।
এখন ভাল কিতাপ পঢ়াৰ আগ্ৰহটো বৰ ভাল কথা বুলি ভাবোঁ । সমাজত সৃষ্টি হৈ থকা
বিশৃংখলতাই আজি সমাজ ব্যৱস্থা ভয়াবহ কৰি তুলিছে তাৰ মাজতো কিতাপ পঢ়ি ভালপোৱা মানুহৰ সংখ্যা কমিলেও এখন ভাল কিতাপে সমাজৰ উশৃংখল যুৱক যুৱতীৰবাবে ভাল পথ পদৰ্শক হ’ব পাৰে বুলি দৃঢ় বিশ্বাস ।

সচাকৈয়ে আজিৰ ব্যস্ততা পূৰ্ণ ছাত্ৰ ছাত্ৰীৰ দিনলিপি য়ে সিহঁতৰ শৈশৱৰ সেই সোনালী দিনবোৰ নাইকীয়া কৰি পেলাইছে । তথাপিতো সি যে কিতাপ পঢ়িব বিচাৰিছে সেইটো জানি মোৰ বৰ ভাল লাগিল ।শ্ৰেনীৰ কিতাপবোৰ পিচৰ বছৰত কামত খোওৱ কমেই আহে।মই এইটো কৱ বিছাৰা নাই যে ইয়াৰ গুৰুত্ব নাই কিন্তু এখন ভাল কিতাপৰ প্ৰয়োজন একেবাৰে নুই কৰিব নোৱাৰি । এখন ভাল কিতাপে যি জ্ঞান দিয়ে সেই জ্ঞান অতুলনীয় আৰু চিৰ যোগমীয়া ।
সমাজত এজন ভাল মানুহ হিচাপে জীয়াই থকাতো অতি প্ৰয়োজন। ভাল কিতাপ হ’ল ভাল বন্ধু আৰু জ্ঞানৰ ভড়াল।
সেই দিনা ৰাতি লৈকে মোৰ লৰাটোৰ কথাবোৰে মনৰ কোনো এটা কোণ আপ্লুত কৰি তুলিছিল ।বৰ ভাল লাগিছিল ।মনতে ভাবিলোঁ কালিৰ পৰাই যদি গ্ৰন্থ মেলা হ’ল হেতেন….

ৰাতিপুৱা শুৱাৰ পৰা উঠি খিৰিকী খন খুলি দিয়াত নিয়ৰ সনা শেৱালিফুলৰ সুবাসে মনটো উতলা কৰি তুলিলে ভাবিলো তাকো জগাই দিওঁ ।ব্লেংকেতৰ তলত কুচিমুচি হৈ শুই থকা ছানীক উঠাবলৈ লৈও ৰৈ গলো যোৱা কালি সি কৈ থৈছিল “মা মোক ৰাতিপুৱা নুঠাবা কালি দেওবাৰ ।দেৰিকৈ উঠিম। হ’ম ৱৰ্ক শেষ ।” হয়তো, এইখিনিয়েই টো তাৰ সময় উঠাৰ পিছত আৰু ক’ত সময় পায়?শুই থকা লৰাটোক বৰ মৰম লাগিল ব্লেংকেতখন ঠিক কৰি তাৰ কপালত চুমা এটা দি খিৰিকীখন বন্ধ কৰি পৰ্দা খন ঠিক কৰি দিলো যাতে বাহিৰৰ পৰা নতুনকৈ অহা ঠাণ্ডা বতাহজাকে তাৰ টোপনি টো ব্যাঘাত দিব নোৱাৰে ।

প্ৰীতি ৰেখা বৰা

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection