Back to journal
Mridu

ঔম ধ্বনিৰ ৰহস্য আৰু মহত্ব

~~ ঔম ~~

ভাৰতীয় সংস্কৃতি পৃথিৱীৰ প্ৰাচীনতম সংস্কৃতি। বেদ, উপনিষদ, পুৰান মহাকাব্যৰ সম্ভাৰে সংস্কৃতিৰ গাম্ভীৰ্য্যতা আৰু আধ্যাত্মিকতাৰ এক সুন্দৰ নিদৰ্শন এই হিন্দু সংস্কৃতি। বৈদিক যুগৰপৰাই ব্ৰহ্মা, ব্ৰহ্মাণ্ড, আত্মা পৰমাত্মা আদিৰ ৰহস্যৰ কথা স্পষ্ট ৰূপত প্ৰকাশ কৰিছে। ব্ৰহ্মৰ অৰ্থ হৈছে বিস্তাৰিত বা প্ৰসাৰিত হৈ থকা।’ঔম ‘ধ্বনি হ’ল সকলো মন্ত্ৰৰ মূল কেন্দ্ৰবিন্দু। এই ধ্বনিক অনাদি কালৰপৰাই ৰহস্যময় বুলি কোৱা হয়।কোৱা হয় যে ব্ৰহ্মাণ্ড ভৌতিক অস্তিত্বলৈ আহোঁতে পুৰুষ প্ৰকৃতিৰ সংস্পৰ্শত ঔম শব্দই গুঞ্জন তুলিছিল।সেয়েহে এই শব্দক ব্ৰহ্মাণ্ডৰ শব্দ বুলি কোৱা হয়। ব্ৰহ্মাণ্ডত প্ৰতিটো বস্ত্তটেই ঔম ধ্বনি হয়।এই ধ্বনি কোনো অনাহত ধ্বনি নহয় অৰ্থাৎ দুটা বস্ত্তৰ ঘৰ্ষণৰ ফলত হোৱা ধ্বনি নহয়। এই পবিত্ৰ ধ্বনিৰ প্ৰতীক ‘ঔম ‘ এক অদ্ভুত শক্তি। বিশ্ব ব্ৰহ্মাণ্ডত এই ধ্বনি অনবৰতে গুঞ্জৰিত হৈ থাকে। ঔম ধ্বনি এক শাশ্বত ধ্বনি। সম্পূৰ্ণ ব্ৰহ্মাণ্ড, অন্তৰিক্ষত আৰু মানুহৰ আত্মা শৰীৰৰত এই ধ্বনি বিৰাজমান।

এই ঔম শব্দই ৠগ্ বেদ, যযুৰ্বেদ আৰু সামবেদক প্ৰতিনিধিত্ব কৰে। এই শব্দই হ’ল সমস্ত হিন্দু ধৰ্মৰ মূল মন্ত্ৰ। যজুৰ্বেদত কোৱা হৈছে যে ‘ঔম খ্ম ব্ৰহ্ম’ অৰ্থাৎ‘ ঔম সকলোতে বিৰাজমান পৰম ব্ৰহ্ম’।  এই ধ্বনিৰদ্বাৰাই সমস্ত হিন্দু ধৰ্মৰ সকলো কাম সিদ্ধ হয়।

শিৱ পুৰানত উল্লেখ কৰা হৈছে যে ধ্বনি আৰু বিন্দুৰপৰা যি সত্য শুদ্ধ জ্যোতিৰ উৎপত্তি হৈছে সেইয়াই হ’ল ব্ৰহ্মাণ্ড। সম্পূৰ্ণ ব্ৰহ্মাণ্ডত কম্পন, ধ্বনি আৰু পোহৰৰ উপস্থিতি অনুমান কৰিব পাৰি সেইয়াই হ’ল ঔম। ঔম হ’ল শিৱ আৰু মন্ত্ৰ হ’ল শক্তি। দুয়োৰে উচ্চাৰিত শব্দত মন্ত্ৰই সিদ্ধি লাভ কৰে।

কঠোপনিষদত যম দেৱে নাচিকেতাক কৈছিল বেদত যি শব্দৰ মহিমাৰ কথা উল্লেখ আছে, তপস্বীসকলে যি শব্দৰ দ্বাৰা সিদ্বি লাভ কৰে, জ্ঞানিসকলে যি বচন কয়, সেই সকলোবোৰৰ অন্তৰালত থাকে কেৱল ঔম ধ্বনি। এই ঔমকাৰেই হ’ল ব্ৰহ্ম আৰু ঔম হ’ল পৰমব্ৰহ্ম। এই শব্দৰ মহিমা বুজি যিসকলে এই শব্দৰ উচ্চাৰন কৰে তেওঁ সকলো প্ৰাপ্তি লাভ কৰে। ঔম উচ্চাৰনেই হ’ল মানুহৰ অন্তিম মুক্তিৰ আশ্ৰয়। যাক আশ্ৰয় কৰি সাধকে পৰমব্ৰহ্মত লীন হৈ পৰে।

শ্ৰীমদ ভাগৱত গীতাতো গায়ত্ৰী মন্ত্ৰটো ঔম শব্দৰ তাৎপৰ্যৰ কথা কোৱা হৈছে। ভাগৱত গীতাৰ মন্ত্ৰই হ’ল ঔম ভূৰ্ভুৱঃ স্বঃ (ॐ भूर्भुवः स्वः) – অৰ্থাৎ পদাৰ্থ,অন্তৰিক্ষ আৰু আত্মাত বিচৰণ কৰি ফুৰা সৰ্বশক্তিমান ঈশ্বৰেই হ’ল ঔম।ই অনাদি আৰু অনম্ত।

হিন্দু ধৰ্মত এই ঔম শব্দক সকলো মন্ত্ৰৰ আৰম্ভ বুলি কোৱা হয়। এই মন্ত্ৰক ‘প্ৰনৱ’ মন্ত্ৰ বুলিও কোৱা হয়। অৰ্থাৎ অন্ধকাৰৰ পৰা পোহৰৰজ্যোতিৰ সানিধ্য লাভ কৰা। আৰু সেয়ে এই মন্ত্ৰ চিৰন্তন আৰু সত্য।

ঔমকাৰ ধ্বনিতেই মৃত্যুকালত পৰম ব্ৰহ্ম লাভ কৰিব পাৰি। মোক্ষ লাভৰ মন্ত্ৰ হ’ল ঔম।  নিৰ্বান, কেৱল্য জ্ঞানৰো মূল মন্ত্ৰ হ’ল ঔম।

গায়ত্ৰী মন্ত্ৰ : ঔম ভূৰ্ভুবঃস্বঃ
উপনিষদ : ঔম ব্ৰহ্মাণ্ডৰ ধ্বনি
বুদ্ধ মন্ত্ৰ : ঔম মনিপদ্মেহুঁ
জৈন মন্ত্ৰ : ঔম
গুৰু গ্ৰন্থ সাহিব: এক ঔমকাৰ সতনাম

যোগসূত্ৰ: ঔম

ঔম শব্দতো সংস্কৃত শব্দ। এই শব্দ প্ৰকৃততে তিনিটা বৰ্ণৰে গঠিত হৈছে, ‘অ -ও -ম’ ইয়াৰ অৰ্থ হ’ল অ মানে উৎপন্ন হোৱা, ও মানে বিস্তাৰিত হোৱা আৰু ম মানে মৌনতা অৰ্থাৎ ব্ৰহ্মাণ্ডত বিলীন হোৱা। উপনিষদত ‘অ’ ধ্বনি মানে হ’ল অকাৰ ধ্বনি, যি ব্ৰহ্মাক প্ৰতিনিধিত্ব কৰে আৰু এই উচ্চাৰন হৃদয়ৰ পৰা উচ্চাৰিত হয়। ‘ও’ মানে হ’ল ওকাৰ ধ্বনি। এই ধ্বনিয়ে বিষ্ণুক প্ৰতিনিধিত্ব কৰে আৰু এই ধ্বনি কণ্ঠৰপৰা নিগৰিত হয়। ‘ম’ ধ্বনি হ’ল মকাৰ ধ্বনি। এই ধ্বনিয়ে মহেশ্বৰক প্ৰতিনিধিত্ব কৰে আৰু আমাৰ তালুৰ মধ্য অংশৰ পৰা উচ্চাৰিত হয়। অ-ও-ম লগতে ধ্বনি আৰু বিন্দু এই পাঁচটি অবয়ব মিলি হৈছে ঔম। ঔম ত্ৰিলোকৰ প্ৰতীক। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰক প্ৰতিনিধিত্ব কৰা এই প্ৰতীকে আমাৰ নাভি, হৃদয় আৰু আজ্ঞা চক্ৰক জাগ্ৰত কৰি তুলে। লগতে শৰীৰৰ আন আন চক্ৰসমূহকো সঞ্চালিত কৰে আৰু জাগ্ৰত কৰে।

যিকোনো আৰামদায়ক ঠাইত বহি পদ্মাসন, সুখাসন বা সিদ্ধাসনত বহি আমাৰ পিঠি , ডিঙি আৰু মুৰতো চিধা কৰি ৰাখি চকু দুটি বন্ধ ৰাখি এটি দীঘল উশাহ টানি ঔমশব্দৰে লাহে লাহে নিশাহ এৰি দিব লাগে। নিশাহ এৰি দিওঁতে নাভিৰপৰা ধ্বনিৰ অনুভূতি অনুভৱ কৰি আমাৰ কণ্ঠ দি উলাই অহা অনুভৱ কৰি ‘ম’বৰ্ণটো উচ্চাৰণ কৰিব লাগে। লাহে লাহে নিজে অনুভৱ হ’ব যে এই শব্দই আমাৰ মন মগজু কান সকলোতে গুঞ্জৰিত হৈছে। ঔম মন্ত্ৰ উচ্চাৰন কৰাৰ ফলত আমাৰ মানসিক আৰু শাৰীৰিক চাপ কমি যায়। কোৱা হয় যে সদায় এই মন্ত্ৰ উচ্চাৰিত কৰাৰ ফলত শৰীৰৰ মৃত কোষবোৰ পুনৰ সজীৱ হৈ উঠে। মানসিক আৰু হৃদ ৰোগীসকলৰ বাবে এই মন্ত্ৰৰ উচ্চাৰন অতন্ত্য ফলপ্ৰসূ। এই ঔম উচ্চাৰণৰ দ্বাৰা সমাধি লাভ কৰি আমি পৰমাত্মাৰ লগত যোগাযোগ সংস্হাপন কৰিব পাৰোঁ।

ধ্যান আৰু মৌনতাৰে ঔম উচ্চাৰিত কৰাৰ ফলত আমাৰ চাৰিওফালে থকা নকাৰাত্মক উৰ্জাবোৰ নাইকিয়া হৈ পৰে লগতে ঋণাত্মক ধাৰণাবোৰৰ ঠাইত আমাৰ মনত ধনাত্মক চিন্তাই মনত বসতি কৰে। মন শান্ত হৈ পৰাৰ লগে লগে আমাৰ শৰীৰতো প্ৰভাৱ পৰে। আমাৰ হৃদযন্ৰ আৰু ৰক্ত সঞ্চালন সুচাৰু্ৰূপে পৰিচালিত হয়।ৰোগ, নিৰাশা, আলস্যতা, কামুকতা অনিশ্চয়তা, ভয় আদি নকৰাত্মক দিশ সমূহ লাহে লাহে নোহোৱা হৈ পৰে। মনলৈ একাগ্ৰতা আৰু শক্তি আহে। এই মন্ত্ৰ উচ্চাৰন কৰিলে নিজে নিজকে সংযম কৰিব পাৰে।মানুহ নম্ৰ হৈ পৰে, নিজৰ কথা বতৰা মধুৰ হোৱাৰ উপৰিও নিজৰ ব্যৱহাৰ ও সঠিক ভাবে প্ৰয়োগ কৰিব পাৰে। অশুভ শক্তিসমূহ নাইকিয়া হোৱাৰ ফলত মানুহৰ মন শান্তি আৰু আনন্দত প্ৰফুল্লিত হৈ পৰে।

যিজনে শ্ৰদ্ধা ভক্তি সহকাৰে ঔম উচ্চাৰন কৰে তেওঁৰ আশে পাশে সকাৰাত্মক উৰ্জা উৎপন্ন হয়। আমাৰ ভৌতিক শৰীৰৰ প্ৰতিটো অংশতেই ইয়াৰ প্ৰভাৱ পৰে। মানসিক ভাবে তেওঁ সবল হোৱাৰ লগতে চিত্ত শান্ত শুদ্ধ হৈ পৰে ফলত একাগ্ৰতা বাঢ়ে।ইচ্ছাশক্তি প্ৰৱল হোৱাৰ লগে লগে তেওঁৰ কৰ্ম শক্তি বহু পৰিমানে প্ৰৱল হৈ পৰে। মানুহে যেতিয়া বেয়া শব্দ ব্যবহাৰ কৰে তেতিয়া শ্ৰোতা আৰু বক্তা দুয়োৰে মনত ঘৃণা, ক্ৰোধ, কামনা, বাসনা, লোভ মোহ আদিৰ সৃষ্টি হয় ফলত ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু শৰীৰত ৰসায়ন পদাৰ্থৰ উৎপন্ন কৰে। আকৌ যেতিয়া মানুহে ভাল শব্দ ব্যৱহাৰ কৰে তেতিয়া শ্ৰোতা আৰু বক্তা দুয়োজনৰে মস্তিষ্ক আৰু হৃদয়ত সহনশীলতা কৰুনা মমতা দয়ালু ন্যায়পৰায়নতা আৰু ৰক্ত শীতলভাবে সমগ্ৰ শৰীৰত প্ৰসাৰিত হৈ পৰে।অৰ্থাৎ ঔম উচ্চাৰিত কৰাৰ ফলত মানুহৰ ভিতৰত থকা পাশবিকতা লোপ পায়।

সুখাসন বা পদ্মাসনত বহি ঔমকাৰ উচাচাৰন কৰিলে নিজে নিজে তাৰ অনুভূতি লৱ পৰা যায় কেৱল লাগে ধ্যান আৰু আৰু শান্তিৰে চকু দুটি বন্ধ ৰাখি দীঘল দীঘলকৈ উশাহ লৈ নিশাহ এৰি দিব লাগে ঔমকাৰ ধ্বনিৰে। বিশুদ্ধ বায়ু সেৱন কৰিব সেৱন কৰাৰ উপৰিও সমগ্ৰ শৰীৰত তৰংগৰ সৃষ্টি হয় আৰু চেতনা জাগৃত হৈ পৰে।এই যোগ অভ্যাসত শৰীৰত নতুন কোষৰ জন্ম হোৱাৰ উপৰিও ছাল, চুলি, স্বাস্হ্যশুন্দৰ হৰে পৰে। পাচনতন্ৰই সঠিকভাৱে কাম কৰে আৰু মন শান্ত হৈ পৰে। ফলত বুদ্ধি আৰু একাগ্ৰতা বাঢ়ে।

আজিৰ পৃথিৱীত বহু কেইখন দেশে হিন্দু পৰম্পৰাৰ অন্তৰালত থকা আধ্যাত্মিক সংস্কৃতিক মানি লৈছে। এইবোৰৰ ভিতৰত আছে ‘ঔমকাৰ প্ৰানায়ম’‘প্ৰান’ যি শৰীৰক সুস্হ কৰি ৰাখে আৰু ‘আয়াম’ হ’ল নিয়মিত কৰা ,ঔমকাৰ উচ্চাৰনৰ কথা ইতিমধ্যে উল্লেখ কৰিছোঁ । নিজৰ এই মহান পৰম্পৰাক আমি সকলোৱে আকোঁৱালি লৈ ঔমকাৰ ধ্বনিৰে শৰীৰ আৰু মন সুস্হ কৰি ৰাখিবলৈ চেষ্টা কৰোঁ আহক।

(c) প্ৰীতি ৰেখা বৰা
সহকাৰী অধ্যাপিকা
৯০৮৫২০৯৮১২

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection