Back to journal
Mridu

আজি পৃথিৱী দিৱস

আমাৰ স্পৰ্শত তেওঁ সুখ পায়
আমাৰ উশাহত তেওঁ শান্তি পায়
আমাৰ পিয়াহ পলালে তেওঁৰ অবসাদ দুৰ হয়
আমাৰ ভোক নিবাৰনত তেওঁ তৃপ্ত হয়
আমাক সুৰক্ষিত দেখিলেই তেওঁ মিছিকিয়াই হাঁহেতেওঁৰ কোলাতেই আছে নদ- নদী,পাহাৰ -পৰ্বত,জান-জুৰি নিজৰা ,জীৱ জন্ত্তৰ বসবাসকোন তেওঁ ?তেওঁ হ’ল আমাৰ পৃথিৱী…
আজি ২২এপ্ৰিল ।আজি পৃথিৱী দিৱস । আমেৰিকাত ১৯৭০ চনত পোন প্ৰথমবাৰ এই দিৱস চিনেটৰ জেৰল্ড নেলছনে পালন কৰিছিল ।ইয়াৰ পৰবৰ্তী পৰ্যায়ত বৰ্ত্তমান প্ৰায় ১৯০ দেশে এই দিৱস পালন কৰে ।পৃথিৱীখনৰ পৰ্যাবৰন ৰক্ষা আৰু প্ৰদূষণ মুক্ত কৰাৰ উদ্দেশ্য এই দিৱস পালন কৰা হয় ।
আহক আমি সকলোৱে এই দিৱসত পৃথিৱীৰপৰা বলপূৰ্বকভাবে আজুৰি লোৱা সকলো বস্ত্ত ঘূৰাই দিব নোৱাৰিলেও তেওঁক অসুস্থ কৰা বন্ধ কৰোঁ ।কাৰণ তেওঁ সুস্হিৰ হৈ থাকিলেহে আমিও সুস্হ হৈ থাকিব ।নহলে এদিন আমাৰ অস্তিত্বই নাথাকিব চাগৈ।

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection