লোক-শিল্পত আমাৰ সমাজৰ প্ৰকৃত ছবি ফুটি উঠে । দৈনন্দিন প্ৰয়োজনৰ লগতে সামাজিক অনুষ্ঠানৰ লগতো লোক-শিল্পৰ সম্বন্ধ আছে ।অসমৰ গাঁৱৰ মানুহে নিত্য ব্যৱহাৰৰ কাৰণে লোক
থলুৱা সম্পদৰ ওপৰত নিৰ্ভৰ কৰি আহিছে ।অসমৰ সমাজ ব্যৱস্থাত কুটিৰ শিল্পই আৰ্থিক উন্নয়নত বিশেষভাৱে প্ৰভাৱ পেলাইছে।
ভাৰতীয় অৰ্থনীতিতো বিভিন্ন ৰাজ্যৰ কুটীৰ শিল্পই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে ।আধুনিক যন্ত্ৰপাতিৰ সহায় নোলোৱাকৈ প্ৰাচীন লোক কলা শিল্পসমূহক উদ্যোগীকৰণ কৰি অৰ্থনৈতিকভাৱে স্বাবলম্বন কৰাকে কুটিৰ শিল্প বুলি কোৱা হয়।
আৱাহমান কালৰ পৰাই অসমৰ জনজীৱনত থলুৱা লোক শিল্পই এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। পৰম্পৰাগত লোকশিল্পই অসমৰ সংস্কৃতিক চহকী কৰি আহিছে। সেই লোকশিল্পসমূহক আহকচোন আমি জানিবলৈ চেষ্টা কৰোঁ।
বয়ন শিল্প
অতি প্ৰাচীন কালৰে পৰাই অসমত পৰম্পৰাগত বয়ন শিল্পই অসমৰ সংস্কৃতিত নিজস্ব ঐতিহ্যৰে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। বয়ন শিল্প অসমৰ এক আপুৰুগীয়া শিল্প। ধনী- দুখীয়া, জাতি-বৰ্ণ নিৰ্বিশেষে অসমৰ অসমীয়া মহিলাই নিজৰ লগতে পৰিয়ালৰ বিভিন্ন জনৰ সাজপোচাক নিজে বৈ তৈয়াৰ কৰি লৈছিল। তাঁত বৱ জনাতো অসমীয়া মহিলাৰ বাবে এক মৰ্যাদাসূচক কাম । হস্ততাঁত শিল্পৰ অদ্ভুত সৃষ্টিতেই “ছাঁতে শুকুৱা মুঠিতে লুকুৱা” কাপোৰে , অসমীয়া শিপিনীৰ গৌৰৱোজ্জ্বল আৰু যুগযয়ী ইতিহাস সৰ্বজন বিদিত। তাঁত শিল্প অসমৰ প্ৰাচীন কুটিৰ শিল্প। কপাহৰ খেতি কৰি এড়ি, পলু, মুগা আদি পুহি ,কপাহ নেওঠি, টাকুৰিত সূতা কাটি এড়ি, মূগা,পাট, মেজাঙ্কৰি আদি কাপোৰ বয়। ৰঙীন সূতা আৰু গুনাৰ ব্যৱহাৰ কৰি বিভিন্ন ৰঙৰে মিনা কৰি সুন্দৰ সুন্দৰ চানেকি তুলি অসমীয়া শিল্পীয়ে নিজৰ কল্পনাক বাস্তৱত ৰূপ দিয়াৰ চেষ্টা কৰে ।বয়ন শিল্পত দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা চাদৰ মেখেলা, তিয়নি, গামোচা, ধূতি চুৰিয়া, ৰিহা,বৰকাপোৰ, চেলেং, চোলা, গৰম কাপোৰ আদি ।সুন্দৰ বয়ন শৈলীৰে অসমীয়া শিপিনীয়ে বিশ্বদৰবাৰত অসমৰ তাঁতশিল্পক উজ্জ্বলাই ৰাখিছে। অৰ্থনৈতিক জীৱনৰো ই এক উল্লেখযোগ্য আহিলা। অসমীয়া শিপিনীৰ সৃষ্টি গামোচা, চেলেং, পাট মূগা কাপোৰে আজি সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিছে।
পাত সোণৰ গহনা
অসমীয়া কাৰিকৰৰ হাতৰ পৰশত অসমীয়া গহনাই নিজৰ এতিহ্যৰ স্বকীয়তা আজিও ৰাখি আহিছে ।প্ৰাচীন কালৰে পৰা অসমীয়া গহনাৰ যি মৰ্য্যাদা আছিল সেই মৰ্য্যাদা আজিও অসমীয়া মহিলাসকলৰ মাজত আজিও বিদ্যমান। পাত সোণৰ গহনা অসমীয়া সমাজৰ থলুৱা শিল্পৰ উপৰিও অসমীয়া কলা সংস্কৃতিক বিশ্বত পৰিচয় কৰি দিয়া আন এক উল্লেখযোগ্য সম্পদ । পাকৈত শিল্পীৰ সুনিপুণ হাতৰ দক্ষতাই অসমীয়া সমাজত ইয়াৰ জনপ্ৰিয়তা হাস কৰিব পৰা নাই ।সোণখটোৱা জাংফাই পনিয়লী বাখৰ ,ডালিম ফুলিয়া নক্সাৰে বনোৱা কান ফুলি, কেৰু, থুৰীয়া, নেজাপতা, বাখৰুৱা , লুকাপাৰ আদি ।ডিঙি শুৱনি কৰি ৰখা দুগদুগী,মাদুলী-মণি, ঢোলবিৰি, ঢৰিয়া মণি, শিলিখা মণি ,মতৰ মনি ,গেজেৰা, জোনবিৰি, বেনা, গলপতা,সাতশৰী আদিত ৰং বিৰঙৰ বাখৰেৰে মিনা কৰায় । ।হাতত গাম খাৰু,বাৰুটি ,মুঠি খাৰু,খাৰু,বালা আদি ।আঙুলিত, জেঠীনেজীয়া, পখিলা ,শেনচৰাই ভোমোৰা, ময়ুৰৰ পাখীসদৃশ হৰিণৰ চকুৰ দৰে , পাৰ চৰাইৰ দৰে , হাতীৰ শুড়ৰ আৰ্হিত আঙুঠি বনায় ।ভৰিত পিন্ধা পাজোপ ,জুনুকা অাৰু আঙুঠিবোৰতো সুন্দৰ বাখৰখটাই অসমীয়া কাৰিকৰে নিজৰ নিপুণতা প্ৰকাশ কৰে ।
আহোম স্বৰ্গদেউ সকলৰ দিনত মহিলাসকলৰ লগতে পুৰুষসকলেও খাৰু, আঙঠি, কেৰু ,মনি , লোকপাৰ আদি পিন্ধিছিল । সল ,পাতি, বাজু, গামখাৰু ,কদমা আদি আছিল সেই সময়ৰ পুৰুষসকলে পিন্ধা গহনাৰ নাম ।বিভিন্ন জীৱ জন্ত্ত দাঁতসমূহত সোণ খটুৱাই বিভিন্ন মনি ,বাখৰ আদি দি সেইবোৰ ধুনীয়া কৰি পৰিধান কৰিছিল ।
বাঁহ – বেতৰ শিল্প
অসমৰ থলুৱা শিল্প সমূহৰ ভিতৰত বাঁহ-বেত শিল্পই সামাজিক আৰু অৰ্থনৈতিক দিশত অপৰিহাৰ্য্য । অসমৰ পাহাৰে-ভৈয়ামে বিভিন্ন প্ৰকাৰৰ বাঁহ আৰু বেত উভৈনদী ৰূপত পোৱা যায় । অসমীয়াৰ জাতীয় জীৱনৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ এই বাঁহ বেতৰ দ্বাৰাই তৈয়াৰ কৰা হয় । সেইবোৰৰ কিছু অংশ তলত উল্লেখ কৰা হ’ল –
মাছ মৰা সঁজুলি যেনে – জাকৈ, খালৈ ,পল, খোকা ,পেং ,পাঁৱৰি, দলঙা আদি ।
তাঁতশালৰ সঁজুলি –উঘা, চেৰেকী, লেটা ,দোৰপতি ,ৰাচ, চিৰি ,নাচনী, মহুৰা, ফুল তোলা, কাঠি , শলি , গৰকা আদি খেতিৰ সামগ্ৰী যেনে – দোন, যুঁৱলি, মৈ ,গৰুগাড়ী ,ডুলি ,পাচি ,খৰাহি,কোলা ,ওখোন কোৰ কুঠাৰৰ নাল আদি ।
দেনন্দিন ব্যৱহৃত বস্ত্ত যেনে কঠ ,ডলা, চালনী ,বাঢ়নী ,মূঢ়া, বিছনী,ঢ়াৰি বাঁহ বেতৰ চোফা , চকী মেজ টেবুল বিচনা আৰামী চকী সৰু ল’ৰা ছোৱালীক ঝুলাবলৈ বিচনা,বাকচ ফুল ৰখা পাত্ৰ ,বেগ বিভিন্ন ধৰনৰ সজোঁৱা বস্ত্ত , বটা শৰাই আদি সুন্দৰকৈ নিৰ্মান কৰা হয় ।
তাৰোপৰি ঘৰৰ খুটা, বেৰ, মাৰলি , দৰজা, খিড়িকি, জেউৰা, চকোৰা ,জপনা, বাঁহৰ সাঁকো, তাঁতি, নঙলা আদি
জাপি শিল্প
অসমীয়া সংস্কৃতিৰ আন এক লোকশিল্প কলা হ’ল জাপি ।অতিজৰে পৰা অসমত জাপিৰ ব্যৱহাৰ কৰা দেখা যায়| জাপি সাধাৰনতে তিনি প্ৰকাৰৰ| উকা জাপি, বৰ জাপি আৰু ফুলাম জাপি|টকৌ পাত বাঁহ বেত আদিৰে সঁজা বিভিন্ন নক্সাৰ সৰুদৈয়া, বৰদৈয়া, পদুমীয়া ,ফুলাম জাপি ,গৰখীয়া জাপি ,বনুৱা জাপি ,পানী জাপি আদি বিভিন্ন নামৰ জাপি তৈয়াৰ কৰে ।
উকা জাপিৰ প্ৰচলন সাধাৰনতে মানুহে খেতি পথাৰত ৰ’দ বৰষুন আদিৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰিছিল ।উঁকা জাপিক হালোৱা জাপি অথবা পানীদৈয়া জাপি বুলিও জনা যায় । হালোৱাসকলে হাল বাওতে ৰ’দ বৰষুনত ব্যৱহাৰ কৰে বাবে এই জাপিক হালোৱা জাপি বুলিও জনা যায় ।
বৰজাপি
পুৰণি কালত স্বৰ্গদেউ বা সম্ভ্ৰান্তঘৰৰ লোকসকল বা ৰজাঘৰীয়া ডা-ডাঙৰীয়াসকল কৰবালৈ উলাই গ’লে সন্মানৰ বাবেই হওক বা ৰ’দ বৰষুনৰ বাবেই হওক তেওঁলোকৰ মূৰৰ ওপৰত লগুৱাই এই জাপি ধৰি ইফালে সিফালে অনা নিয়া কৰিবলৈ ব্যৱহাৰ কৰিছিল ।সত্ৰাধিকাৰসকলে ভ্ৰমন কৰোঁতে , আভিজাত্য আৰু সম্ভ্ৰানতঘৰৰ মহিলা সকলেও বৰজাপি লৈহে উলাইছিল ।এই জাপি আছিল সেইসময়ত অতি সন্মানসূচক প্ৰতীক ।আজিও জাপিয়ে এই পৰম্পৰা অব্যাহত ৰাখিছে । উপহাৰ আৰু সন্মানপ্ৰদান কৰিবলৈ আজিও অসমত জাপি প্ৰদান কৰে ।
ফুলাম জাপি
ফুলাম গামোচাখনৰ দৰে ফুলাম জাপিও অসমীয়া কলা সংস্কৃতিৰ সন্মানসূচক প্ৰতীক । বিশিষ্ট ব্যক্তিক সন্মান যাঁচিবলৈ এই জাপি ব্যৱহাৰ কৰা হয় ।ফুলাম গামোচাৰ লগতে জাপিও অসমীয়াৰ স্বাভিমান হয় ।তাৰোপৰি বিহু নাচতো এই জাপি ব্যৱহাৰ কৰা হয় ।সৰু সৰু বাঁহৰ কাঠিৰে এই জাপি তৈয়াৰ কৰা হয় ।
মৃত শিল্প
অসমত মৃত শিল্পৰ প্ৰচলন প্ৰায় অতীজৰ । অসমীয়া জাতীয় জীৱনত এই বিধ লোককলাই নানা কৌশলেৰে বিভিন্ন প্ৰয়োজনীয় বস্ত্ত তৈয়াৰ কৰি জীৱিকা নিৰ্বাহৰ পথ সুগম কৰি তুলিছে তাৰোপৰি এই শিল্পই অৰ্থনৈতিক দিশৰ উপৰিও সামাজিক আৰু সাংস্কৃতিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ।মাটিৰ চৰু, কলহ ,টেকেলি, মলা, মাটিৰ গিলাচ ,থাল, চাকি ,দুৱলি, গাগৰি, ধূনামলা ,মাটিৰ মূৰ্ত্তি ,পুতলা আদি হ’ল অসমৰ মৃত শিল্পৰ সুন্দৰ নিদৰ্শন । এটা সময়ত পূজা শ্ৰাদ্ধ সকাম আদিত বহুলভাবে প্ৰচলন হৈছিল ।মানুহে মাটিৰ পাত্ৰত খোৱাৰ উপৰিও দৈ ক্ৰীম আদি প্ৰস্ত্তত কৰিবলৈও মাটিৰ সামগ্ৰীসমূহ এতিয়াও ব্যৱহাৰ কৰে ।নৈ বা জলাশয় আদিৰ পৰা আলতীয়া মাটি সংগ্ৰহ কৰি পানি দি আটা মৰাৰ দৰে মাৰি ফেনেকি ফেনেকি কোমল কৰি, সৰু সৰু গোল বনাই ‘দন দিয়ে’আৰু পিছত সৰু গোল টুকুৰাবোৰ শিল বা কাথেৰে টঙনিয়াই চেপেটা কৰি তাৰ পিছত সাজিবলগীয়া পাত্ৰৰ ৰূপ দি , সেইবোৰ শুকাৱ দি শেষত সেইবোৰ ‘জাগ দি’ পুৰৰ ব্যৱহাৰৰ উপজোগি কৰি তুলে ।আচৰিত কথা যে এই শিল্পবিধৰ লগত জড়িত মানুহে কোনো ধৰনৰ অত্যাধুনিক যন্ত্ৰৰ ব্যৱহাৰ নকৰাকৈ নিজৰ হাত দুখন ,মাটি ,মিহিবালি ,নিমজ শিলগুটি ,কাঠৰ মাৰি আদি ব্যৱহাৰ কৰে । বৰ্তমানো কোনো ধৰনৰ ৰঙৰ সমাহাৰ নকৰাকৈ পাত্ৰসমূহ এনেদৰেই সঁজাই কাৰন তেতিয়াহে ই পানী শুহিব পাৰে আৰু যিকোনো কামত ব্যৱহাৰ কৰিব পাৰে ।
কাঁহ পিতলৰ শিল্প
কাঁহৰ শিল্পৰ বাবে বিখ্যাত অসমৰ হাজো সৰ্থেবাৰীৰ কাঁহ পিতলৰ শিল্প বিশ্ববিখ্যাত।অসমীয়া সংস্কৃতিৰ আন এক লোক শিল্প হ’ল কাঁহ শিল্প ।দৈনন্দিন জীৱনত ব্যৱহৃত হোৱা অসমীয়া সংস্কৃতিৰ মূল্যৱান সম্পদ কাঁহৰ বাচন-বৰ্তনৰ ওপৰিও তাল বৰতাল শৰাই বতা আদি কাঁহ পিতলৰ দ্বাৰা নিৰ্মিত। শিল্পই বহু লোকক স্বাৱলম্ভী কৰিছে । পিতলৰ টৌ, খৰাহি, ভোগজৰা, গোঁসাই ঘৰত ব্যৱহৃত কাঁহৰ ঘণ্টা, থাল,ঘট , কোষা-অৰ্ঘা, আদি ঘটি,চৰিয়া,কাঁহী,বিভিন্ন ধৰনৰ বাটি বানবাটি গিলাচ,কাঁহ- পিতলৰ কলহ, টেকেলী, গাগৰী, দুৱলি আদিয়ে অসমৰ কাঁহ পিতলৰ শিল্পক বিশিষ্ট মৰ্য্যদা দি আহিছে।
অসমীয়া কমাৰৰ হাতৰ পৰশত বিভিন্ন কটাৰী, ডবুৱা কটাৰী, দা, মেচি দা, কেৰাহী,যাতি, কোৰ, কুঠাৰ, মৈদা, কাঁচি, খন্তি, চিপৰাং, আদি বিভিন্ন বয়-বস্তু নিৰ্মান হৈছে। চৰাইৰ পাখি, জন্তুৰ হাড়, দাঁত অথবা ধাতুৰে নিৰ্মিত অলঙ্কাৰ স্ত্ৰী-পুৰুষে শোভাবৰ্ধনৰ বাবেই ব্যৱহাৰ কৰা দেখা যায়।
মূখা শিল্প
মূখাৰ ব্যৱহাৰ অসমীয়া লোক-কলা- কৃষ্টিত বহু দিনৰে যদিও মহাপুৰুষ শংকৰদেৱে এই প্ৰাচীন কলবিধক অধিক ব্যৱহাৰযোগ্য কৰি তুলে । মহাপুৰুষজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া ভাওনাত বিভিন্ন চৰিত্ৰৰ ভাৱৰীয়াক সহজে জানিবলৈ আৰু ভক্তিৰস পান কৰিবলৈ এই মূখাৰ ব্যৱহাৰ কৰিছিল ।অসমত পাঁচ প্ৰকাৰৰ মূখা নিৰ্মাণ কৰা হয় ।এই মূখাবোৰ কাঠৰ মূখা , সাঁচৰ মূখা ,বাঁহৰ কাঠিৰ মূখা,কাপোৰৰ মূখা , কাগজৰ মূখা ,কুঁহিলা অাৰু জাতিলাওৰ খোলাৰ মূখা । মূখা নিৰ্মানৰ বাবে প্ৰয়োজনীয় আহিলাসমূহ কুমাৰে ব্যৱহাৰ কৰা আলতীয়া মাটি , কাপোৰ ,কাগজ ,কাঠ ,কুঁহিলা ,বাঁহ ,বেত ,গৰু পোৱালীৰ গোবৰ ,কপাহ ,মৰাপাট কলগছ চেৱাগছৰ আঁহ ,নাৰিকলৰ টুকুৰা ,শুকান জাতি লাওৰ খোলা ,ঢকোৱা ,মাটিৰ টেকেলি বিভিন্ন ৰং , তাৰোপৰি হাীতাল ,হেঙুল বগামাটি ,নীল আদি দ্ৰব্যৰ প্ৰয়োজন ।আদিৰে তৈয়াৰ কৰে ।বাঁহ ,কাঠৰ মূখা অাৰু কুঁহিলাৰ মূখা অসমত সৰ্বাধিক জনপ্ৰিয় ।দুই তিনি বছৰীয়া দীঘ জাতিবাঁহ আনি পানীত তিয়াই থৈ টুকুৰা টুকুৰকৈ তিয়াই থয় পোক নধতিবলৈ ।কাঠৰ মূখাৰ বাবেও কোমল আৰু সহজতে নফতা কাঠ বিচাৰি লোৱা হয় ।এই শিল্প বহুত কঠিন , আৰু বহু কষ্টৰ মুৰতহে শিল্পীজনে ভবা ৰূপতো দিব পাৰে । সাঁচৰ মূখা হ’ল যিদৰে কোনো সাঁচ লৈ পিঠা বনোৱা হয় ঠিক সেইদৰে মাটি বা কাঠেৰে সাঁচ তৈয়াৰ কৰোঁতে চৰিত্ৰৰ ওপৰত গুৰুত্ব দি সাঁচত সেই চৰিত্ৰ তুলি ধৰা হয় ।কুঁহিলাৰে মূখা নিৰমান কৰাৰ আগতে কুঁহিলাবোৰ তিয়াই থয় ।পিচত ৰ’দত ভালদৰে শুকুৱাই চৰিত্ৰ অনুযায়ী ৰূপ দিয়াৰ চেষ্টা কৰা হয় ।কুঁহিলা খুউৱ পাতল বাবে কুঁহিলাবোৰ যোৰা দি দি মূখা নিৰ্মান কৰে ।কাপোৰৰ মূখা পাতল আৰু ভাৱৰীয়াৰ বাবে আৰামদায়ক । লাওৰ খোলাত ভাৱৰীয়াৰ চকু দুটি চাই ফুটা কৰি বিভিন্ন ৰঙেৰে আকৰ্ষক কৰি মূখাৰ ৰূপ দিয়া হয় ।
হাতীদাঁতৰ শিল্প
অতি প্ৰাচিন কিন্ত্ত বৰ্তমান লুপ্তপ্ৰায় এই শিল্পই মহাভাৰতৰ যুগৰে পৰা থকা বুলি জনা যায় কিয়নো প্ৰাগজ্যোতিষ্পুৰৰ ৰজা ভগদত্তই যুধিষ্ঠিৰক দিয়া উপহাৰসমূহৰ ভিতৰত হাতীদাঁতো আছিল ।হাতীদাঁতৰ ফনী ,তৰোৱালত কটাৰীত মনি মুকুতা খচোঁৱা হাতীদাঁতৰ নাল,টেমা ,পানতামোল ৰখা টেমা ,বাকচ আদি আহোম যুগত উপলব্ধ আছিল ।ভাস্কৰবৰ্মাই হতীদাঁতেৰে তৈয়াৰ কৰা কুন্ডল আৰু হাৰ হৰ্ষবৰ্ধনক উপটৌকণ দিছিল ।
পাটি শিল্প
অসমৰ ঐতিহ্যপূৰ্ণ আন এক শিল্প হ’ল পাটী শিল্প । ই দৈনন্দিন জীৱনৰ এক অতি প্ৰয়োজনীয় বস্ত্ত ।এই শিল্পৰ লগত জড়িত পুৰুষজনক পটীয়া আৰু মহিলাগৰাকীক পটীযানী বুলি জনা যায় ।এই পাটি তৈয়াৰ কৰা হয় সাধাৰনতে দ ঠাইত গজা গাঢ় সেউজীয়া বন জাতীয় উদ্ভিদ ‘পাটিদৈৰে’। এই উদ্ভিদবিধ অতি টান আৰু ইয়াৰ গা গছজোপাতে তিনতাকৈ ঠেঙুলি উলায় যাক ‘আঙুলিদৈ’ বুলি জনা যায় । পাটিদৈ গছবোৰ কাটি সৰু সৰুকৈ শুকুৱাই পানীত কেইবাদিনলৈ থৈ দিয়া হয় ।তাৰ পিচতে হাত আৰু ভৰিৰ দুয়োতাৰ কৌশলগত প্ৰয়োগেৰে গছৰ সুতবুৰ এৰুৱাই পাটি তৈয়াৰ কৰে ।
কুঁহিলা শিল্প
বাঁহবেতৰ দৰে কুঁহিলা শিল্পও অসমৰ সমাজ জীৱনত অন্যতম ভূমিকা গ্ৰহণ কৰিছে । কুঁহিলা এবিধ জলজ উদ্ভিদ । দ পথাৰ,খাল ,ডোং বিল আদিত কঁকাললৈকে দ পানীত কুঁহিলা উদ্ভিদ গজে । পানী কুঁহিলা আৰু খৰি কুঁহিলা এই দুই ধৰণৰ কুঁহিলা পোৱা যায় ।কিন্ত্ত পানী কুঁহিলাৰ পৰাহে কুঁহিলা উদ্যোগ গঢ়ি উঠিছে । আৰু সমাজৰ অতি প্ৰয়োজনীয় কঠ এক বিশেষ শালত বোৱা হয় আৰু এই কঠ শিল্প কুঁহিলাৰ দ্বাৰাই বনোৱা হয় । অসমীয়া শিল্পীৰ আশাশুধীয়া প্ৰচেষ্টাত অংকীয়া ভাওনাৰ বিভিন্ন মূখাসমূহ , ভাওনাৰ অপৰিহাৰ্য সামগ্ৰী যেনে মুকুত , জীৱজন্ত্ত ,চৰাই,গছগছনি ,আদি কুঁহিলাৰ দ্বাৰা তৈয়াৰ কৰা হয় । কিন্ত্ত অতি পৰিতাপৰ কথা যে লাহে লাহে এই কুঁহিলা উদ্ভিদৰ উৎপত্তিও হ্ৰাস পাই আহিছে ।
কাঠ শিল্প বা কাষ্ঠ শিল্প
অসমৰ সমাজ জীৱনত প্ৰাচীনতম লোকশিল্প হ’ল কাঠ শিল্প ।এই শিল্পতো অসম যথেষ্ট চহকী বুলি কব পৰা যায় । কিয়নো অসমৰ বনাঞ্চলত বহু মূল্যবান গছ পোৱা যায় । যাৰ পৰা কাঠৰ বিভিন্ন বস্ত্ত তৈয়াৰ কৰা হয় । অসমৰ নামঘৰ ,গোঁসাই ঘৰ ,মনিকূট ,সত্ৰ, আদিত প্ৰতিস্হা কৰা অপূৰ্ব সৃষ্টি সাতখলপীয়া সিংহাসন ,ঠগা এই কাঠৰ দ্বাৰা তৈয়াৰ কৰা হয় ।তাৰোপৰি বিভিন্ন দেব দেৱী , পুৰনি সম্ভ্ৰান্তলোকে ব্যৱহাৰ কৰা দোলা,অসমীয়া জন জীৱনত ঢেঁকীৰ প্ৰয়োজনীয়তা অধিক । এই ঢেঁকী নিত্য প্ৰয়োজনীয় ব্যৱহৃত বিচনা , চকী ,মেজ ,পীৰা ,আলনা , ঢোল , খোল ,নাঙল ,বৰপেৰা আদি কাঠেৰে তৈয়াৰী ।এই শিল্পই কেৱল সামাজিক দিশতে নহয় অৰ্থনৈতিক দিশতো প্ৰভাৱ বিস্তাৰ কৰে ।
স্বৰ্ণশিল্পৰ শিল্পীসকলে এই কৰ্ম ত্যাগ কৰিবলৈ বাধ্য হৈছে।
থলুৱা শিল্পৰ ভিতৰত লৌহশিল্প বৰ্তমান জীয়াই আছে। লোহাৰে নিৰ্মিত সামগ্ৰীবোৰ যেনে: দা, কুঠাৰ, কটাৰী আদি বিভিন্ন সামগ্ৰীবোৰ বিশেষভাৱে প্ৰয়োজনীয় হৈ থকাৰ বাবেই এই শিল্প হয়তো এতিয়াও জীয়াই আছে। কিন্তু বৰ্তমান ইয়াৰ অৱস্থাও বৰ উন্নত নহয়।
প্ৰীতি ৰেখা বৰা
সহকাৰী অধ্যাপিকা
১১/০৬/২২
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.