অসমত বিভিন্ন বিষয়বস্ত্তৰ দাবী আৰু আন্দোলন কৰিবলগা পৰিস্থিতিৰ পিচতে আছে কিছুমান অসন্ত্তষ্টি যিবোৰ অপ্ৰিয় হলেও আজিৰ পৰিস্থিতিৰ লগত সামঞ্জস্য থকাকৈয়ে সত্য।
অসম স্বাধীন ভাৰতৰ ভিতৰত আছে যদিও ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহে যি দৰে সুবিধা বোৰ লাভ কৰে থিক সেইদৰে অসমে কিন্ত্ত কেন্দ্রীয় চৰকাৰৰ পৰা বহু ক্ষেত্ৰত সুবিধা লাভ কৰাৰ পৰা বঞ্চিতহে হ’ব লগা হয় ।চীনা আক্রমণৰ সময়ত অৰ্থাৎ ষাঠিৰ দশকত সেই সময়ৰ প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে অসমক এৰি দিয়াৰ কথা আমাৰ বয়োজ্যেষ্ঠসকলে নিশ্চয় পাহৰিব নোৱাৰে৷ স্বাধীনতা আন্দোলনতো জঁপিয়াই পৰা অসমক ভাৰত বুৰঞ্জীয়েও যথাযোগ্য ঠাই দিব বিছৰা নাছিল।
ৰাজপাটত বহা বিভিন্ন চৰকাৰৰ দৃষ্টিত সেইবোৰ সৰু সৰু কথা হ’লেও আমি কিন্ত্ত সেইবোৰ বিষয়ক আজিৰ অসমৰ যি স্থিতি তাৰপৰা বাদ দিব নোৱাৰোঁ।
১/ অতীজৰেপৰাই অসমত কেন্দ্রীয় চৰকাৰৰ বিভিন্ন বিভাগসমূহত শিক্ষিত অসমীয়া মানুহে নিযুক্তিৰ বাবে, বঞ্চিত হৈ আহিছে ।মাহী আইৰ দৃষ্টিৰে চোৱা বাবে অসমীয়া শিক্ষিত ডেকাৰ চকুৰ আগতেই বহিঃ ৰাজ্যৰ মানুহক নিযুক্তি দিছিল ।
২/ তেল শোধনাগাৰ, চাহপাতৰ কেন্দ্ৰীয় কাৰ্য্যলয় বোৰতো শিক্ষিত অসমীয়াৰ সংখ্যা কিমান তাক সকলোৱে জানে ।
৩/ ১৯৬০ চনত ভাষা আন্দোলনত অসমীযা ভাষাক ৰাজ্যিক ভাষাৰ মৰ্যাদা দিলে।১৯৬৩ চনত ভাষা আইন গ্ৰহণ কৰিলে।ভাষাভিত্তিক ৰাজ্য গঠিত হোৱাৰ পিছতো আন আন ৰাজ্যৰ দৰে অসমত অসমীয়া ভাষাই প্ৰাপ্য মৰ্যাদা পোৱা নাই ।অসমীয়াই নিজ ভাষাৰ প্রাপ্য মর্যাদাৰ বাবে সময়ে সময়ে নিজৰ তেজ দিব লগাও হৈছে । ভাষা আইন আজি লৈকে কার্যকৰী কৰা দেখা নগল ।সকলোতকৈ ডাঙৰ কথা
১৯৭২ চনত মাধ্যম আন্দোলনৰ ফলত শিক্ষাৰ মাধ্যম অসমীয়া কৰাৰ পিছটো আজিলৈকে কিন্ত্ত অসমৰ চৰকাৰী কাৰ্য্যলয় , বিদ্যালয় ,মহাবিদ্যালয়,বিশ্ববিদ্যালয় আদিৰ বিভিন্ন কামকাজত অসমীয়া ভাষাৰ প্ৰয়োগ হোৱা দেখা নগ’ল ৷
৪/ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যচৰকাৰে যদি সম্পদ-ভিত্তিক উদ্যোগ অসমত গঢ়ি তোলাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰিলেহেতেন তেনেহ’লে কাগজ-কল, চেনীকল,মৰাপাটকল আদিৰ দৰে উদ্যোগৰ অপমৃত্যু নহ’লহেতেন ।এনে উদ্যোগ, আৰু ইয়াত কৰ্মৰত কৰ্মচাৰীৰ বাবে বিভিন্ন সময়ত তুলি অহা দাবীসমূহ পূৰণ কৰাৰ বাবে কোনো এখন চৰকাৰে আগভাগ লোৱা দেখা পোৱা নগ’ল ফলত এই উদ্যোগসমূহৰ মৃত্যুত জীয়াতু ভোগীলে শ শ পৰিয়ালে ।
৫/ যেতিয়াই ব্রডগজ ৰেললাইন ভাৰতবৰ্ষৰ সকলো ৰাজ্যযুৰি প্ৰচলন আছিল তেতিয়া অসমত মিটাৰগজ আ ছিল। বহু পিচতহে অসমবাসীয়ে ব্ৰডগজ ৰেললাইনৰ ওপৰেদি ট্ৰেইন খন পাৰ হৈ যোৱা দেখিছিল । সমান্তৰাল দ্বিতীয়টো ৰেললাইন কিন্ত্ত চাবলৈ এতিয়াও বাকী আছে ।
৬/ ব্ৰহ্মপুত্ৰৰ দৰে নদীসমূহৰ ওপৰত যাতায়াতৰ ব্যবস্হাৰ বাবেও বিভিন্ন সময়ত ধৰ্না কাৰ্যক্ৰম হোৱাৰ পিচতহে আজি বহু যোগৰ অন্তত অসমবাসীয়ে সুগম যাতায়াতৰ পথ লাভ কৰিছে । তথাপিতো বহু বাকী ।
৭/ সত্তৰৰ দশকৰ শেষৰপৰা অবৈধ বিদেশী নাগৰিকৰ অবৈধ প্রব্রজনে অসম ৰক্তাক্ত কৰি তুলিছিল ।কিন্তু সেই সময়ত ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰে মিলিত হৈ ভোটৰ লাভালাভৰ স্বার্থত আইনসংগতভাৱে অসমীয়াৰ বিৰুদ্ধে গৈ অসমক অবৈধ প্রব্রজনকাৰীৰ অবাধ বিচৰণৰ পথৰ সুবিধা কৰি দিলে । যাৰ ফলত এই সমস্যা আজি কেৱল মাত্ৰ অসম বা উত্তৰ-পূৰ্ৱাঞ্চলৰ সমস্যা নহৈ এক সৰ্বভাৰতীয় সমস্যা ৰূপে পৰিগণিত হৈছে ।সঁচা কথাত ভাৰতীয় বংশানুক্ৰমিক দীঘলীয়া শাসকবৃন্দৰ ষড়যন্ত্ৰৰ বলি আমি আজি সমগ্ৰ অসমবাসী ।
৮/ ১৯৫১ চনৰ পৰিবৰ্তে ১৯৭১ চনৰপৰা অসমত প্ৰবেশ কৰা অনুপ্ৰবেশকাৰীক বাধা প্ৰদান কৰি সুদীৰ্ঘ ২০ বছৰত প্ৰবেশ কৰা অনুপ্ৰবেশকাৰীক অসমত বসবাস কৰিবলৈ পথ সুগম কৰাৰ ফলত আজি সেই লাখ লাখ বিদেশীৰ পৰা কিমান কোটি হ’ল সেইয়া আছুয়ে হিচাপ কৰিছেনে কেতিয়াবা ? যদি নাই কৰা তাৰ কাৰণ কি ?
৯/ ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে গঢ়ি উঠা ভাৰতৰ ইতিহাসৰ অন্যতম শক্তিশালী অসম আন্দোলনে কেইজনমানক অসমীয়াৰ ত্ৰাণকৰ্তা বনালে ফলত
১৯৮৫ চনত আন্দোলনৰ নেতাসমূহ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যি চুক্তি হ’ল তাৰ পৰিপেক্ষিতত অসমৰ সেই আন্দোলনৰ অন্ত পৰে। সেই “অসম চুক্তি” কিমান দুৰ কাৰ্য্যকাৰী হ’ল খবৰ আছেনে? আন্দোলনৰ নেতৃবৃন্দই কিন্ত্ত ৰাজনৈতিক দল গঠন কৰি ১৯৮৫ আৰু ১৯৯৬ চনত বিধানসভা নিৰ্বাচনত জয়ী হৈ দুবাৰকৈ চৰকাৰো গঠন কৰে।কিন্ত্ত বিদেশী খেদিবলৈ আন্দোলণ কৰি ৰাজপাটত উঠাৰ পিছত এটিও বিদেশী দেখা নাপালে । তেওঁলোকেই পৰবৰ্তী কালত আই এম ডি টি আইনখনক আকোঁৱালি লোৱা নাছিল জানো ? কিহৰ স্বাৰ্থত ?
আদালতত বহু যুঁজ কৰি সৰ্বানন্দ সোনোৱাল দেৱে আই এম ডি টি বাতিল কৰিছিল ।
১০/ এখন যুটীয়া সংশোধনী সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সম্পৰ্কে আলোচনা কৰি , শীতকালীন অধিবেশনত উপস্থাপন কৰিব ওলাইছিল যদিও বিভিন্ন দল সংগঠনবোৰে ইয়াৰ বিৰোধিতা কৰাৰ ফলত এই বিল উপস্হাপন কৰা হোৱা নাই ।
‘নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ (The Citizenship Amendment Bill 2016)’ৰ মতে আফগানিস্তান, বাংলাদেশ, পাকিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মৰ লোকসকলক (অবৈধ অনুপ্ৰবেশকাৰীক) ভাৰতীয় নাগৰিকত্ব দিব বিচাৰিব আৰু তেওঁলোকক জেললৈ নপথাই বা ঘূৰাই নপথাই। এই ৬টা সম্প্ৰদায়ক উক্ত ৩ খন দেশত ধৰ্মীয় সংখ্যালঘূ বুলি ধৰা হয় বাবে বিভিন্ন সময়ত তেওঁলোকৰ ওপৰত শাৰিৰীক আৰু মানসিকভাবে অপদস্হ কৰি আহিছে।
ভাৰতীয় নাগৰিকত্ব আইন ১৯৮২, ১৯৯২, ২০০৩, ২০০৫ আৰু ২০১৫ ত মুঠতে পাঁচবাৰ সংশোধন কৰা হৈছে। কিন্ত্ত তেতিয়া কোনেও গমেই পোৱা নাচিল নেকি বাৰু? এইবাৰ CAB (Citizenship Amendment Bill) বুলি সকলোৱে জানিব পাৰিছে ।তেতিয়াৰ সংশোধনে অসমবাসীৰ জাতীয় প্ৰেম জাগ্ৰত কৰাত ব্যৰ্থ হৈছিল নেকি বাৰু? নে জাতীয় প্ৰেম জাগ্ৰত কৰা তথাকথিত প্ৰেমিকবোৰে সেই সময়ত ধৃতৰাষ্ট্ৰৰ ভাও যুৰিছিল কাৰোবাক সুৰক্ষিত দেখি ।সেই সংশোধনে অসমীয়াক কিমান সুৰক্ষিত কৰিছিল বাৰু? লগতে অসমলৈ অনুপ্ৰবেশকাৰী অহাত কিবা বাধা পাইছেনে নে অসমত প্ৰবেশ কৰা পথবোৰ মশৃণহে হৈছিল ?
১১/ চমুকৈ ক’বলৈ গ’লে এই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ (The Citizenship Amendment Bill 2016) আইনখনে Citizenship Act of 1955 ক সংশোধন কৰিব ৷নাগৰিকত্ব আইন ১৯৫৫ মতে কোনো অবৈধ অনুপ্ৰবেশকাৰী নাগৰিকত্বৰ বাবে যোগ্য নহয়। আকৌ উল্লেখ কৰিছো এই বিলখন আগতেও পাঁচবাৰ সংশোধন কৰা হৈছিল ।
কিন্ত্ত কথা হ’ল এইবাৰ এই বিধেয়কখনে অবৈধ মুছলমান অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব নিদিয়ে তাৰোপৰি বিদেশী নাগৰিকে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰাৰ আগতে ভাৰতত মাত্ৰ ছয় বছৰ থাকিলেই হ’ব যিটো আগতে এঘাৰ বছৰ আছিল। উল্লেখযোগ্য যে ই কোনো আন সম্প্ৰদায়ক সামৰি নলয়।
যদি এই বিধেয়কখন গৃহীত হয় তেনেহ’লে সংবিধানৰ ১৪ নং অনুচ্ছেদত থকা ‘সকলো নাগৰিকৰ সমান অধিকাৰ’ ভংগ হব পাৰে বুলি এচামে ভয় কৰিছে যিহেতু এইবাৰ বিশেষ ধৰ্মক প্ৰাধান্য দি নাগৰিকত্ব প্ৰদান কৰা হব।
কেণাটো লাগিছে তাতেই। আগৰ সংশোধনত এই “বিশেষ ধৰ্মৰ” পৰিবৰ্তে কি আছিল ? অনুপ্ৰবেশকাৰীসকলক ভাৰতত সোমোৱাত কোনোবাই বাধা দিছিল নে ? অসমত প্ৰবেশ কৰিবলৈ কিবা কঠিন আইনৰ ব্যবস্হা আছিল নেকি ?
১১/ শত শ্বহীদৰ ত্যাগৰ বিনিময়তো ১৯৭১ চনৰ ২৪ মার্চৰ পিছত অহা বিদেশী সমস্যা সমাধান আজিলৈকে সম্ভৱ ন’হল । ঐতিহাসিক অসম চুক্তিৰ ইমান বছৰৰ পাছতো অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম শেষ নহ’ল । ত্ৰিপুৰীসকলৰ কি অবস্থা হৈছে তাক সকলোৱে জানে । অসমীয়া জাতিৰ ভৱিষ্যত আৰু হ’ব লগা সংকটসমূহৰ বাবে আজিৰ অসমীয়াই হাহাকাৰ কৰি উঠাটো স্বাভাবিক ।
আমি সকলোৱে জানো কেনেকৈ সেই অনুপ্ৰবেশকাৰীয়ে বেংক একাউণ্ট, পেন কাৰ্ড, আধাৰকে ধৰি সকলো সুবিধা আমাতকৈও আগতে লাভ কৰি খুটি পুটি লৈ অসমৰ বিভিন্ন অঞ্চলত গজগজিয়া হৈ আছে ।
********** ভাবকচোন এবাৰ এই সুবিধাবোৰ কোনে কেতিয়া কেনেকৈ আৰু কিহৰ স্বাৰ্থত দিলে । মনত কিছু প্ৰশ্ন আছে …… তেতিয়া কিয় কাৰো জাতীয়তাবাদী চেতনা জাগ্ৰত নহ’ল। ইমান বছৰে কেৱল আন্দোলন ,আন্দোলন কৰি কৰি অসমবাসীক দিশহাৰা কৰাৰ বাহিৰে অবৈধ অনপ্ৰবেশকাৰী সকলক খেদিবৰ বাবে কোনেও কিয় একো এটা ব্যবস্হা নকৰিলে৷ সৌ সিদিনা বাংলাদেশৰ বৈদেশিক মন্ত্ৰীজনে কি কৈছিল ?? অসমৰ পৰাহে বাংলাদেশত বোলে অনুপ্ৰৱেশ কৰি আছে …..অসমত এজনো বাংলাদেশী নাই তেতিয়া বাৰু আমাৰ অসমৰপৰা এজনো ককাইদেউ বা নিউজ চেনেলবোৰৰ বিয়াগোম খিলঞ্জীয়া দদাইদেউ ( মনতে পুহি ৰখা অসমৰ ভবিষ্যত্ ত্ৰাণকৰ্তা) কিজনে সেই মন্ত্ৰীজনৰ কথাৰ বিৰোধিতা কৰি অসমবাসীৰ মনত কিয় জাতীয়তাবাদীৰ চেতনা জাগ্ৰত কৰি আন্দোলন গঢ়ি নুতুলিলে ??
Priti Rekha Bora
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.