*আকৌ যদি যাব লাগে শৰাইঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নাথাকিবা ৰৈ*
ভাৰত স্বাধীন হোৱা বহু বছৰ হ’ল কিন্ত্ত অসমখন স্বাধীন নহৈ এচাম শোষণকাৰীৰ ভোগবিলাসৰ ৰাজঘৰ হৈ থাকিল । কংগ্ৰেছ যেতিয়াই গাদীত আহিছে তেতিয়াই , লগতে বিগত ১৫ বছৰৰ ৰাজত্বত সীমান্তৰ কাটা তাঁৰ উন্মুক্ত ৰাখি ভোট বেংকৰ লাভালাভৰ খেলাত “অবৈধভাৱে কাক ” আমদানী কৰি কেতিয়াবাই অসমীয়াৰ অস্তিত্বক বিপদাপন্ন কৰিলে সেইটো কোনো কোনোয়ে অস্বীকাৰ কৰিলেও সকলোৰে জ্ঞাত । নহ’লে কাজিৰংঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ মাজলৈকে পকী ৰাস্তা, বিজুলী সৰবাহ , পানী যোগানৰ ব্যবস্থা কৰি দিয়েনে ? য’ত অসমীয়া কিতাকেই এই সুন্দৰ “Facility “ৰ পৰা বঞ্চিত কৰি অতিথিক আপ্যায়ন কৰি থকাৰ সুবিধা কৰি দিছিল ।
১৯৮৫ চনত অসম চুক্তি ও অাছিল প্ৰধানকৈ অনুপ্ৰবেশকাৰীৰ বিৰুদ্ধে ।ভাৰত চৰকাৰ অাৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত “অসম চুক্তি” কৰিয়েই ‘অসম গণ পৰিষদ ‘নাম লৈ অসমীয়াৰ নয়নৰমনি হৈ ৰাজসিংহাসন লাভ কৰি চুক্তিৰ পৰা যেন মুক্তি পালে । কিন্ত *Memorandum of Settlement*ত আছিল কি ? বিভিন্ন বিধেয়কৰ দফাবোৰৰ ভিতৰত ৫:৭ নং দফাত আছিল যিসকল লোক অসমলৈ অবৈধভাবে আহিছিল তেওঁলোকক
বহিস্কাৰ কৰা হ’ব । ১৯৫১ চনৰ ৰাস্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত বিদেশী চিনাক্ত কৰা আৰু ১৯৬৮ – ৭১ৰ পিচত অবৈধভাবে অসমত প্ৰবেশ কৰা বাংলাদেশীৰ চিনাক্তকৰন প্ৰক্ৰিয়া ।
৬ নং দফাত আছিল আছিল অসম আৰু অসমীয়া জাতিৰ সুৰক্ষাৰ কথা যিটো সংশোধন কৰাৰ কথাও মাজতে শুনা গৈছিল , কিন্ত্ত ভোটবেংকৰ বিশাল অংকই তাক হ’ ব নিদিলে ।
এসময়ত বিদেশী খেদা আন্দোলন কৰি কৰি অসমীয়াৰ নিঃস্বাৰ্থ প্ৰেমত দিশপু্ৰৰ গাদী দখল কৰি , নিজৰ বিশাল সম্পত্তিৰ মালিক হৈ আই এম ডি টি আইন প্ৰনয়ন কৰি সিহঁতৰ ভাত ঘৰ বনাই দিলে ।
গগৈ দাদায়ে হাৱাই চেন্দল পিন্ধি কান্ধত কাপোৰৰ জোলোঙাটো লৈ সেই ৬০ – ৭০ দশকৰ “ট্ৰিপিকেল অসমীয়াৰ ইমেজ লৈ” অসমীয়াকিতাৰ হৃদয় স্পৰ্শ কৰি ধৰিলে বাপেকে “নাঙলখনতে” । আমাৰ অসমীয়াসকলক অতি সোনকালেই ইম’চনেল অত্যাচাৰ কৰিব পাৰি যদিহে ব্যবহাৰ্য্য বস্তুবোৰত জাতি মাটি ভেটিৰ গোন্ধ থাকে । বেলেগ নিদিলেও ভগৱানে এই ইম’চন বৰ বেচিকৈ দিলে আমাক । দাদাৰ জোলোঙাটোত থকা “বিশ্বদাৰ” ফাইলকিতাক নাঙলৰ কোব দিওঁতে দিওঁতে নাঙলৰ ধাৰ নাইকিয়া হ’ল । এতিয়া অবশ্যে জোলোঙাটোত অৰ্কিডৰ হিচাৱ নিকাচ থাকে ।
পাপনৰ বিতৰ্কক সমগ্ৰ ৰাস্ট্ৰতে চিঞৰি চিঞৰি ‘ফেমাচ’ কৰাই “টন্চিল ফতাই “দি অসমী আইক হেয়পতিপন্ন কৰোৱা আমাৰ অৰ্নৱ আজি নিৰব । ৰিপাব্লিকত আজি যে TRP ৰ বাবে অসমৰ একো খবৰেই নাই । কিন্ত্ত সেই অৰ্নবৰ ৰাজ থাকেৰেৰ এটা ধমকত কি হৈছিল সকলোৰে জ্ঞাত ।
উগ্ৰ হিন্দুবাদীৰ ধ্যান ধাৰনাৰে পৰিপুষ্ট ভাজপাই মোক ‘ভালপা ‘ বুলি ২০১৬ত এটাও বাংলাদেশী নাথাকিব শ্ল’ গানেৰে আকৌ অসমীয়াক
ইম’চনেল অত্যাচাৰ কৰিলে । ষ্ট্ৰং বিশ্বদাদা,আৰু তেওঁৰ শিস্যসকলো ধাপলি মেলিলে । ভাবিলো এইবাৰ কিবা এ্টা হ’ব । কিন্ত্ত ৩টা বছৰে তেওঁৰ টাৰ্গেতত থাকিল খালি শিক্ষককিজনহে ।বাকীযেন আৰু সমস্যা অসমত নাছিলেই ।কংগ্ৰেছে আনিলে ; অগপই ৰখালে ; ভাজপাই এতিয়া ভাৰতীয় নাগৰিকৰ চীলমোহৰ মাৰিব ।
*”অসমী আইৰ বুকুত থকা খিলঞ্জীয়াসকলৰো খোৱা কামোৰা .. মই কোঁচ – তই কলিতা ; মই আহোম – তই চুতীয়া ; মই বামোণ তই দোম ; মই বড়ো তই লালুং …. তেনেহ’লে অসমখন কাৰ “???*
আমি এলেহুবা হোৱাৰ বাবেও আজি অসমৰ এই পৰিস্থিতত ২০% অৰিহণাক আমি নুই কৰিব নোৱাৰোঁ।
মই ভাল পাওঁ সেই অসমীয়া ডেকা গাভৰুক যি নিজৰ ঘৰখনক ভাল পোৱাৰ দৰে অসমখনকো ভাল পায় । অসমীয়া ডেকাৰ শৰীৰত আছে বীৰ লাচিতৰ তেজ । সেই তেজত লোকাই আছে আই মাতৃৰ প্ৰতি গভীৰ ভালপোৱা । যদি সেই প্ৰেম জাগি উঠে তেনেহ’লে কোনো বাহিৰৰ শক্তিয়ে আমাৰ ডেকাবোৰক বান্ধি ৰাখিব নোৱাৰে …..এই কথা সকলোৱে নিশ্চয় ভালদৰেই জানে ।
এতিয়া যেন কাৰো প্ৰতিয়েই বিশ্বাস নাই আহক আমি সকলোয়েই একগোট হৈ *অসমীয়া হৈ জাগ্ৰত হওঁ আমাক সোনৰ অসম নালাগে লাগে মাঠো আপোন জাতি মাটি আৰু ভেটিৰ গোন্ধ থকা আমাৰ মাটিৰ অসম য’ত আমাৰ বৃদ্ধ পিতৃ – মাতৃয়ে , সন্তানে , ভাই ককাইয়ে, বাই ভনীয়ে, পতি পত্নিয়ে সুখেৰে থাকিব পাৰে ।*
জয়তু অসমী আই
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.