‘মন’ হৈছে মানুহৰ অন্তৰৰ এটা সূক্ষ্ম আৰু গভীৰ অংশ, যাক চকুৰে দেখা নাযায় কিন্তু অনুভৱ কৰিব পৰা যায়। মনেই হৈছে আমাৰ চিন্তা, অনুভূতি, ইচ্ছা, সপোন আৰু কল্পনাৰ আধাৰ। আমি যেতিয়া সুখ অনুভৱ কৰোঁ তেতিয়া আমি হাঁহো, আমি যেতিয়া দুখ অনুভৱ কৰোঁ তেতিয়া আমি কান্দো, কিবাকিবি ভাল পাওঁ বা কিবাকিবি বেয়া পাওঁ, খং কৰোঁ,আবেগিক হওঁ, সিদ্ধান্ত লওঁ আদি এই সকলো অভিজ্ঞতাৰ মূলতেই আমাৰ মন।দেহ আমাৰ বাহ্যিক অস্তিত্ব, কিন্তু মন আমাৰ আভ্যন্তৰীণ সত্তা। এটা কথা ঠিক যে মন শান্ত থাকিলে জীৱনটো শান্ত হৈ থাকে মন অশান্ত হ’লে সকলো থাকিও অসুখী যেন লাগে।সেয়েহে আমাৰ মনটোক আমি সৎ চিন্তা, ধৈৰ্য, ক্ষমা আৰু ভালপোৱাৰে ধৰি ৰাখিব লাগে ৷ সকলো সৌন্দৰ্য্যৰ মাজতো আটাইতকৈ পবিত্ৰ আৰু অমূল্য সৌন্দৰ্য্য হৈছে মানুহৰ মন। এই মনটোয়ে বিচৰাৰ ধৰণেৰে আমি পৃথিৱীখনৰ বিভিন্ন ৰূপ ভাল পাওঁ ৷বাহ্যিক ৰূপ সময়ৰ সৈতে ম্লান হৈ পৰে কিন্তু, মন যদি পৱিত্ৰ হয়, তেন্তে ইয়াৰ সৌন্দৰ্য কেতিয়াও ম্লান নহয়। সুন্দৰ মন মানে কেৱল মধুৰ কথা কোৱা নহয়, ই হৈছে অনুভৱ কৰাৰ ক্ষমতা। এটা সুন্দৰ মন সদায় কোমল ,ক্ষমা, আৰু সহানুভূতিশীলেৰে পৰিপূৰ্ণ ৷ মনত ঈর্ষা, অহংকাৰ আৰু ঘৃণাৰ ঠাইত ভালপোৱা, দয়া আৰু সততা থাকিলে মনলৈ প্ৰশান্তি আহে আৰু সেইয়া বাহ্যিক ভাৱে প্ৰকাশিত হয় ৷
বৰ্তমান সময়ত আমি ব্যস্ততা আৰু প্ৰতিযোগিতাৰ মাজত জীয়াই আছোঁ ৷ বহুসময়ত আমি বাহ্যিক সাফল্যৰ পিছত দৌৰি মানৱীয়তা পাহৰি যাওঁ।
সমাজত সুন্দৰ মন থকা মানুহৰ প্ৰয়োজন বহুত বেছি। কাৰণ এনে মানুহেই সমাজত শান্তি, সম্প্রীতি আৰু প্ৰেম বিয়পাই তোলে। তেওঁলোকে নিজৰ কাম-কাজ, কথা-বতৰা আৰু আচৰণৰ জৰিয়তে আনক অনুপ্ৰাণিত কৰে। কিন্তু জীৱনৰ আচল জয় হৈছে তেতিয়া যেতিয়া এটি মধুৰ বাক্য, এটা সৰু সহায় বা এটি আন্তৰিকতাপূৰ্ণ হাঁহিয়ে কাৰোবাৰ জীৱনত ডাঙৰ পৰিৱর্তন আনে বা কাৰোবাৰ জীৱনলৈ নতুন আশা কঢ়িয়াই আনে । এনে কৰিবলৈ আমাৰ মনক সৎ চিন্তাৰে সজাই ৰখা উচিত যিদৰে আমি আমাৰ দৈহিক ৰূপ সজাই পৰাই ৰাখোঁ৷
বৰ্তমান সময়ত প্ৰতিযোগিতা, স্বাৰ্থ আৰু ব্যস্ততাৰ মাজত মানুহে প্ৰায়ে মনৰ সৌন্দৰ্য্য কথা পাহৰি যায়।কিন্তু এখনি সুন্দৰ মুখে যিদৰে মানুহৰ দৃষ্টি আকর্ষণ কৰে, ঠিক সেইদৰে এটি সুন্দৰ মনে মানুহৰ হৃদয় জয় কৰে।
ড° প্ৰীতি ৰেখা বৰা
২২/২/২৬
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.