Back to journal
Mridu

অনুভৱ:

আমি বহুসময়ত আমাৰ জীৱনলৈ অহা বহু মানুহক ভালপাওঁ আৰু তেওঁলোকৰ লগত আমাৰ অন্তৰংগতা গঢ়ি উঠে ৷লাহে লাহে আমি তেওঁলোকক নিজে ভবা ধৰণেৰে বিচাৰিব ধৰোঁ৷আমি আশা কৰোঁ তেওঁলোক আমি বিচাৰাৰ দৰে হওক ৷তেওঁলোকে আমাৰ দৰে ভাবক,আমাৰ দৰে অনুভৱ কৰক,আমি বিচাৰৰ দৰে সলনি হওক। কিন্তু সঁচা কথাটো হ’ল হ’ল— আমি নিজে থকাৰ দৰে প্ৰত্যেক মানুহেই নিজৰ এখন পৃথিৱী লৈ জীয়াই থাকে। কাৰণ সকলো মানুহ আমি কল্পনাত ভবাৰ দৰে নহয় ৷ তেওঁলোকো নিজৰ সুখ- দুখ,ভাল লগা- বেয়া লগা,আবেগ অনুভূতিৰে ভৰা এখন পৃথিৱী লৈ জীয়াই থাকে। যেতিয়া আমি কাৰোবাক নিজৰ ইচ্ছামতে গঢ়িবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি অজানিতে লাহে লাহে তেওঁলোকক হেৰুৱাব ধৰোঁ।কাৰণ ভালপোৱা মানে সলনি কৰা নহয় ৷ ভালপোৱা মানে গ্ৰহণ কৰা।হয়তো তেওঁলোক সম্পূৰ্ণ নহয়, হয়তো তেওঁলোক আমাৰ কল্পনাৰ দৰে নহয় কিন্তু তেওঁলোক সঁচা।আৰু সেই সঁচা মানুহবোৰক তেনেকৈয়ে গ্ৰহণ কৰাৰ সাহসে সম্পৰ্কবোৰ গভীৰ কৰে।ভালপোৱা মানুহবোৰক আমি বিচাৰাৰ দৰে নহয় তেওঁলোকৰ দৰে থাকিবলৈ দিব লাগে কাৰণ সঁচা সম্পর্ক তেতিয়াই টিকে— যেতিয়া আশা কমে, বুজাবুজি বাঢ়ে।

ড° প্ৰীতি ৰেখা বৰা

২০/২/২৬

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection