ক’লা পৰা চিমনিটোৰ ওপৰত কাগজেৰে মেৰিয়াই লোৱা লেম্পটোলৈ কেতিয়াবা মনত পৰেনে বাৰু? সেই যে কাৰেণ্ট যোৱাৰ পিছত ঢিমিক-ঢামাক পোহৰত কিতাপ পঢ়িবলৈ লোৱাৰ মাদকতাবোৰ কেতিয়াবা বিছাৰি ফুৰিবলৈ মন নাযায়নে ?ল’ড শ্বেডিঙত আন্ধাৰে আবৰি ধৰাৰ লগে সকলোৰে ঘৰে ঘৰে জ্বলিছিল সেই লেম্পবোৰ।ঘৰৰ পৰা ওলাই আহি ইঘৰে সিঘৰৰ লগত মনৰ কথাবোৰ পাতিবলৈ যেন দিছিল এই ল’ড শ্বেডিঙে । পঢ়াৰ সময়ত বহু ঘণ্টালৈকে কাৰেণ্ট নাহিলেও লেম্পটোৰ পোহৰত পঢ়িবলৈ অলপো অস্বস্তি পোৱা নাছিলো।গৰম দিনত ল’ড শ্বেডিঙ হ’লে সকলোবোৰে ৰাস্তাত ফুৰিবলৈ ওলাই আহিছিলোঁ।সকলোৱে এনেকৈ ওলাই অাহি দুটা কথা পতাৰ ফলত, জঁটিলতাৰ পৰা দুৰৈত থকা আমাৰ মৰম আন্তৰিকতাৰ বাবে চাগৈ মনবোৰ মুকলি হৈ পৰিছিল।নিভাঁজ হৃদয়বোৰত মৰম চেনেহবোৰে আবৰি আছিল ।গধুলি হোৱাৰ আগতেই লেম্প চাকিত তেল ভৰাই চিমনিবোৰ চাফা কৰি ৰখাৰ কামটোও দেনন্দিন কামৰ মাজত এটা আছিল।কাৰণ ইন্ভাৰটৰবোৰ বহুত পিছতহে দেখিছিলোঁ।লেম্পৰ পোহৰত স্কুলৰ সেই দিনবোৰত কিতাপ পঢ়াৰ বেলেগ এটা আমেজ আছিল।বিয়া সবাহবোৰতো মেন্থেল লাইটৰ ব্যৱস্থা আছিল।ল’ড শ্বেডিঙ হোৱাৰ লগে লগে ঘৰবোৰত সেই লেম্পবোৰে ঢিমিক-ঢামাককৈ পোহৰাই তুলিছিল।জানো সেই দিনবোৰ আৰু কাহানিও ঘূৰি নাহে ।
বহাগমাহৰ ধুমুহাৰ দিনবোৰত কাৰেণ্টবোৰ গ’লে কেইবাদিনলৈকো লাইটৰ পোহৰৰপৰা বঞ্চিত হ’ব লগা হৈছিল। ধুমুহা বতাহ দিলে কিবা এক ভয়ে আমাক চেপা মাৰি ধৰিছিল । ভগৱানৰ নাম লৈ তত পোৱা নাছিলো। কাৰণ সৰুতেই এনে ধুমুহা বতাহত ভাড়া ঘৰত থাকোঁতে ওপৰৰ চিলিংখন খহি পৰাত ঘৰৰ বহু বস্ত্তৰ ক্ষতি হৈছিল। ভাড়া ঘৰৰ মালিক এজন হোটেল ব্যৱসায়ী আছিল । তেওঁ হোটেলৰ নলগা টেবুল, বেঞ্চি আদিবোৰ চিলিঙত ৰাখিছিল আৰু তাৰ তলত আমিবোৰ । দুপৰীয়া হঠাতে অহা ধুমুহা জাকত মায়ে গোটেইকিজনিক আবৰি সামৰি বিছনাৰ তললৈ পঠালে যদিও নিজে বাছিব পৰা নাছিল। আৰু চিলিঙখন খহি পৰাত তাত থকা বস্ত্তবোৰ যেনি তেনি ধাম ধুমকৈ পৰিছিল । মায়ে বহুত দুখ পাইছিল।সেই দিনাৰ দৃশ্য আজিও চকুৰ আগত ভাঁহি থাকিল সেয়েহে ধুমুহালৈও বৰ ভয় লাগে ।
**সেইদিনাও বতাহ ধুমুহা দিছিল খুউৱ জোৰে।ঘৰৰ সকলোবোৰে ভাতখাবলৈ যো-যা কৰিছিলোঁ যদিও ধুমুহাৰ প্ৰকোপত সকলো উঠি ভগৱানৰ নাম লব ধৰিলোঁ।ৰূমটোৰ চুকত জ্বলি থকা লেম্পটোৰ ঢিমিক ঢামাক পোহৰত আমাৰ ভয়াৰ্ত মুখকিখন হয়তু চাবলগীয়া হৈছিল । আমাৰ ঘৰটোত আৰু দুটামান ৰূম বনাবৰ বাবে খুটা পুতিছিল সেইদিনা ৰাতিপুৱা ।আমাৰ দৰে তেতিয়া সকলোৰে ‘আসাম টাইপ টিনপাত’ৰ ঘৰবোৰ দেখাত প্ৰায় একেই আছিল বাবে ধনীমানুহবোৰৰ মনবোৰত চাগৈ আঢ্যবন্ত বুলি থকা ভাৱবোৰে ইমান বেচিকৈ গ্ৰাস কৰিব পৰা নাছিল। মই খিৰিকি গ্লাছ খনেৰে বাহিৰলৈ চাইছিলোঁ । মায়ে চাবলৈ মানে কৰিছিল । এখন আইনা আৰু ফনি দেখুৱাইছিল মায়ে বৰদৈচিলাজনীক। তেতিয়াও জানিছিলোঁ এইবোৰ কেৱল তেওঁলোকৰ বিশ্বাস কিন্ত্ত শুধিবলৈ সাহস বা যুক্তি বিছাৰি পোৱা নাছিলো। বাহিৰত থকা গছবোৰ হালি-জালি বাগৰি পৰিছিল। দেউতাৰ মুখখন শুকাই গৈছিল । কাৰণ দৰমহা টকাৰে বনোৱা ঘৰৰ কোঠালিকিটাৰ ভেটিটো হয়তু ঢিলা হৈ যাব বুলি তেওঁৰ আশংকা বাঢ়ি গৈছিল । সেই ভাবিয়েই তেওঁ বস্তা দুটামান লৈ উলাই গৈছিল। ধুমুহাৰ প্ৰকোপত তেওঁৰ ক্ষীণমিন শৰীৰটো কঁপিছিল যদিও ভবিষ্যতৰ কথা ভাবি হয়তু মনটো বেছিকৈ কঁপিছিল আৰু বস্তাকেইটাৰে খুটাকেইটা ঢাকি আহিছিল। নাজানিছিলোঁ তেওঁ বিছাৰা ধৰনেৰে ঢাকিব পাৰিছিল নে নাই কিন্ত্ত সেই ঢিমিক-ঢামাক পোহৰত দেখা পোৱা তেওঁ সন্ত্তষ্টিৰ মুখখনে মোক কিবা এটা শান্তি দিছিল। মই মনে মনে তেওঁলৈ কেইবা বাৰু চাইছিলোঁ অলপ আগতে তেওঁ যি অশান্ত হৈ আছিল সেই বস্তাকেইটাই তেওঁলৈ সন্ত্তষ্টি আনি দিছিল। (এদিন দেউতাক কৈছিলোঁ সকলোৱে ল’ন লৈ ঘৰ বনাই আপুনিও কম টকাৰ ল’ন এটা লৈ লওক। দেউতাই অলপ মনে মনে থকা দেখি আকৌ এবাৰ কৈছিলোঁ। তেওঁ কৈছিল নালাগে তহঁতবোৰ বহুত সৰু হৈ আছ মোৰ কিবা এটা হ’লে কি হ’ব ভাবিব নোৱাৰিবি । ঘৰটোৰ ভিতৰত থাকিবতো পাৰিবি । কথাষাৰ শুনি বুকুখনত কিবা এটাই যেন কোব মাৰি দিছিল তেনেকুৱা লাগিছিল। ইয়াৰ পিছত তেখেতক কোনোদিনাই ল’নৰ কথা কোৱা নাছিলোঁ।)
বতাহৰ প্ৰকোপ ইমান বেছি হৈছিল যে লাহে লাহে কিছুমান মানুহৰ ঘৰৰ টিনপাত উৰুৱাই লৈ গৈছিল। আমাৰো পিছফালে থকা ছালি এখনৰ টিনপাতো উৰুৱাই নিছিল । অলপ পিছতে ওচৰৰ ঘৰৰপৰা দুখনমান টিনপাত উৰি আহি আমাৰ ঘৰতে পৰিলেহি।ইতিমধ্যে বৰষুণ দিবলৈ আৰম্ভ কিছিল । বাহিৰখন ইমান অশান্ত হৈ পৰিছিল যে কি হৈ আছে ধৰিবই পৰা নাছিলোঁ । সেইবাৰ সচাঁকৈয়ে বৰ বিধ্বংসী ধুমুহা আহিছিল।মনে মনে ভগৱানক খাটিছিলো প্ৰভু দেউতাই বনোৱা খুটাকেইটা যেন একো নহয়। লাহে লাহে বৰদৈচিলা জনী শান্ত হৈছিল ..মায়ে বাহিৰলৈ চাই কৈছিল …’শান্ত হোৱা শান্ত হোৱা মাকৰ ঘৰত সদায় থাকিব নোৱাৰা নহয় আকৌ আহিবা…মাৰ বিশ্বাসৰ ওচৰত আমিবোৰ নিৰুপায় । মাক দেখি ময়ো একে কৰিলোঁ।অলপ পিছত সকলো আকৌ আগৰ দৰে হৈ পৰিল । ঘৰৰ দৰজাবোৰ লাহে লাহে খোল খাইছে সকলোৰে …হাতে হাতে লেম্পবোৰ লৈ আনি মানুহবোৰে নিজৰ নিজৰ ক্ষয় ক্ষতিবোৰ চাবলৈ ধৰিলে । আমিও ওলাই আহিলো …খুটাৰ ওপৰত দুখন টিনপাত । এখনে খুটাতোৰ ৰ’ডকিডালক সহাৰি কৰি ৰৈ আছে আনখনে পঠালিকে পৰি আছে ।খুটাতোৰ ৰ’ডকিডাল ৰাতিপুৱাৰ দৰেই একেদৰে আছে । ইমান যে স্ফূৰ্তি লাগিছিল নহয়। ৰাতিয়ে সকলোৱে নিজৰ নিজৰ টিনপাতবোৰ বিছাৰি আহিছিল। সেই লেম্পবোৰৰ পোহৰত মানুহবোৰৰ চিন্তাশীল মনবোৰ দেখা পাইছিলোঁ।হয়তু দেউতাৰ দৰেই সকলোৱে বৰ কষ্টৰে ঘৰবোৰ বনাইছিল।ঘৰত পৰি থকা টিনপাতকিখন ওচৰৰ মানুহ এঘৰে চিনাক্ত কৰি বাকিকিখনো বিছাৰি ওলাল।আমাৰ ছালিখনৰ টিনপাত দুখন বিছাৰিও দেউতা ওলাল লগত মই আৰু ভন্টিও। ভালকৈ পোহৰ দিয়া লেম্পকিইটা তেতিয়া আমাৰবাবে আজিৰ এল ই ডিতকৈ কম নাছিল । ৰাতিয়েই সকলোৱে টিনপাত বিছাৰি ক’ত পৰি আছে তাকে চাবলৈ ওলায় ওচৰতে পাইছিলোঁ । দেউতাই টিনপাত কিখন চিনি পাই কৈছিল এইকিখন আমাৰ।নিজৰ টিনপাত পায়ো ঘৰলৈ ঘূৰি অহা নাছিল দেউতা ।বাকী যিকেইজনে টিনপাত পোৱা নাছিল, তেওঁলোকৰ লগত গৈ অবশেষত আশে পাশে টিনপাতবোৰ বিছাৰি সকলোৱে ঘৰলৈ আহি পদুলিৰ মুখত ৰৈ হৈ যোৱা ধুমুহাৰ কথা পাতি ঘৰ সোমাইছিলোঁ । দেউতাই আকৌ এবাৰ খুটাতো চাই বস্তাকেইটা ইফাল সিফাল কৰি সেৱা এটা কৰি ভিতৰ সোমালে। ৰূমটোৰ চুকত তেতিয়াও লেম্পটো ঢিমিক-ঢামাক কৈ জ্বলি আছিল। মা দেউতাৰ উজ্জ্বল মুখকেইখন দেখি মোৰ মনটোয়েও বহু শান্তি পাইছিল। লাহে লাহে আমাৰ ঘৰৰ কামো আগবাঢ়িছিল । দেউতাক এদিন সকলোৱে কৈছিলোঁ দেউতা পাৰে যদি বাৰাণ্ডাখন ঢালাই দি বানাওক বৰ ভাল লাগিব। দেউতাই সেইদিনা একো কোৱা নাছিল কিন্ত্ত দুই তিনদিন দেউতাক এখন ডায়েৰিত বহুত হিচাপ নিকাচ কৰি থকা দেখা পাইছিলোঁ । অবশেষত আমাৰ কথা মতে দেউতাই বাৰাণ্ডাখন ছাট ঢালাই দি বনাইছিল ।এদিন দেউতা অফিচলৈ যোৱাৰ পিছত ভাবিলো দেউতাইনো ইমান কিহৰ হিচাপ কৰি থাকে সেই ভাবিয়েই ডায়েৰীখন খুলি চাইছিলো । দেউতাৰ হিচাপৰ ডায়েৰী।বহু বস্ত্ত বুজি পোৱা নাছিলোঁ। কিন্ত্ত ডায়েৰীখনৰ এটা পাতৰ চুকুত এটা হিচাপ আছিল সেইটো আছিল বাৰাণ্ডাৰ হিচাপ আৰু বাৰাণ্ডাখন ঢালাই দিয়াৰ বাবে আহিব লগা কিমান দিনলৈ দেউতাই হিচাপত চলিব লাগিব সেই সম্পৰ্কে লিখা আছিল । ডায়েৰীখনৰ মাজে মাজে থৈছিল টকা। ওপৰত লিখা আছিল চাউল,দালি,….. ইত্যাদি ইত্যাদি…. মাহটোৰ বজাৰ শেষত আছিল কেৰাচিন দহ লিটাৰ। মোৰ হৃদয়খন ফাটি গৈছিল…. চকুপানী টপ টপকৈ বৈ আহিছিল। অলপ সময় ডায়েৰীখন লৈ তেনেকৈয়ে থাকি আকৌ আগৰ দৰে থৈ দিছিলোঁ।দেউতাহঁতে ভাল চাকৰি কৰিছিল যদিও বৰ সৎ আছিল আৰু লোভ কৰা নাছিল। নিজৰ দৰমহাৰ টকাৰে খুউৱ ধুনীয়াকৈ হিচাপত ঘৰ চলাইছিল আৰু ঘৰখনো বনাইছিল কাৰণ আজিৰ দৰে দেউতাহঁতৰ দৰমহা বেছি নাছিল। ডায়েৰীখন পঢ়ি ভাবিছিলোঁ এখন ছাট ঢালাই দিয়াৰ বাবে দেউতাৰ মাহেকীয়া হিচাপ অলপ হলেও,বহুদিনৰ বাবে ইফাল সিফাল হৈছিল।ঘৰৰ কামবোৰ প্ৰায় শেষ হৈছিল । বাৰাণ্ডাখনৰ ছাটৰ ওপৰত পানী দিবলৈ খিৰিকিৰ ৰেলিঙেৰে ওপৰলৈ উঠি গৈছিলোঁ । ওপৰত মূঢ়া এটা পাৰি অলপ সময় বহি এনেকুৱা অনুভৱ হৈছিল যেন মই এটা আৰ চি চি ঘৰতহে আছোঁ।আমি ৰঙ দিয়া ঘৰটো সজাই পৰাই ফুলৰ টাবেৰে ভৰাই পেলাইছিলো।
দেউতাই অনা কেৰাচিনৰ গেলনটোৰ পৰা মায়ে লেম্পবোৰত তেল ভৰাইছিল।চিমনিকেইটা বৰ সাৱধানেৰে ধুইছিলোঁ । ক’লা পৰি যোৱা চিমনিটো দেখি মায়ে কৈছিল এইটো টেবুল লেম্প বেয়া হৈছে নতুন এটা আনিব লাগিব । মনতে ভাবিছিলোঁ হ’ব অলপ দিন চলিলেই হ’ল। আচলতে সেই ডায়েৰীখন পঢ়ি কি উপলব্ধি কৰিছিলোঁ নাজানো কিন্ত্ত তেওঁলোকক মই একো খুজিব পৰা নাছিলোঁ। ক’লা পৰি যোৱা লেম্পটোৰ ওপৰত মায়ে এখন বগা দিস্তা কাগজে মেৰিয়াই দিলে ।মই সূতাৰে বান্ধি দিলোঁ।ভাত খাই থাকোঁতে দেখিলোঁ দেউতাৰ বাটিৰ মাংসৰ টুকুৰাবোৰ গোটেই কিজনিৰ কাঁহিত ।নাজানো দেউতাৰ বাটিত কি আছিল । আৰু মাৰ বাটিত ?? লেম্পটোৰ পোহৰত যি দেখিছিলো সেইয়া নকওঁ….তেওঁ যে কাইলৈৰ বাবেও আমালৈ কৰবাত ঢাকি থৈ দিছে।লেম্পটো আজি ক’লা পৰা নাই জ্বলি আছে। মধ্যবিত্তৰ ঘৰত কেনেকৈ জ্বলিব লাগে সিও যেন জানে। লেম্পটো কমাই মইও জ্বলি থকা লেম্পটোলৈ চালোঁ …বগা কাগজখন ক’লা চামনিৰে ভৰি পৰিছে। কিবা এটা ভাল লাগিছে মনটো।মই তেনেকৈ চাই থকা দেখি মায়ে শুই থাক বুলি লেম্পটো ফুৱাই নুমুৱাই দিলে ….আস কিযে এটা পুৰা গোন্ধ নাকত লাগিল।**
আজি কেইবছৰমান আগতে ট্ৰান্সফৰ্মাৰ জ্বলি যোৱাৰ বাবে দুই তিনদিন আমাৰ কাৰেন্ট নাছিল।ইন্ভাৰ্টাৰৰ চাৰ্জ নাইকিয়া ।লেম্পৰ প্ৰতি থকা মোৰ দুৰ্বলতাৰ বাবে লেম্প এটা ৰাখিছিলোঁ ।লেম্পটো জ্বলাই টেবুলতে থৈ ঘৰৰ কাম কৰিবলৈ গৈ লেম্পৰ সেই পোহৰত অলপ নষ্টালজিক হৈ পৰিলোঁ। মোৰ লৰায়েও বৰ ভাল পালে । সি ডাঙৰ ৰূমটোৰ কোন এটালৈ দেখুৱাই মোক কৈছিল মা লেম্পটো সেইখিনিত সদায় জ্বলাই ৰাখিবাচোন লাইটবোৰ অফ কৰি। মই কলো কেনেকৈ জ্বলাম এতিয়া কেৰাচিনৰ অভাৱ ।কিন্ত্ত ভাবিলোঁ ইন্ভাৰ্টাৰ নোহোৱা হ’লে ল’ড শ্বেডিঙৰ সেই ভাল লগা দিনবোৰ হয়তু সিহঁতেও পালে হেতেন। ঘৰৰ চুকবোৰত পৰি থকা লেম্পবোৰেও প্ৰাণ পাই উঠিলহেতেন।মামৰে ধৰা মেচিনবোৰ তেলৰপৰশত কোমল হৈ পৰাৰ দৰে বস্ত্তবাদী মনবোৰতো আন্তৰিকতা নামৰ মৰমে ঠাই পালেহেতেন।সেইদিনাও নুমুৱাই দিয়া লেম্পটোৰ সেই মিঠা মিঠা গোন্ধটো ল’ব চেষ্টা কৰিলোঁ । কিন্ত্ত নাপালোঁ । ক’ত পাম মই মায়ে ফুৱাই নুমুৱাই দিয়া সেই লেম্পটোৰ পুৰি যোৱা কেৰচিনৰ গোন্ধটো…. যিটো আজিও মোৰ নাকত লাগি আছে।
১৮/০৫/২১
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.