Back to journal
Mridu

‘ Valentine’ কোন হ’ব পাৰে বাৰু ……?

Hi will you be my Valentine ?
‘ Valentine’ কোন হ’ব পাৰে বাৰু ……?
কান্দি থকা কেচুৱাটোৰ ওচৰলৈ দৌৰি অাহি মাকজনীয়ে যেতিয়াই দুহাতেৰে আলফুলেৰে বুকুত সাৱতি লয় তেতিয়া কেচুৱাই কান্দোন বন্ধ কৰি অফুৰন্ত সুখত হাত ভৰি লৰাই সুখ প্ৰকাশ কৰে । দেউতাক অফিচৰ পৰা অহাৰ লগে লগে যেতিয়া সন্তানকিতাই দেউতা বুলি সাৱতি ধৰে , আৰু মৰমৰ পত্নীয়ে এষাৰ মৰমৰ মাতেৰে একাপ চাহ যতনাই দিয়ে , নিজৰ বাবে খাবলৈ আছে নে নাই তাৰ কথা একো নভবাকৈ মাকে সকলোলৈকে খোৱা আগবঢ়াই দিয়ে, স্ৱামীয়ে যেতিয়া সকলো ক্ষেত্ৰতে পত্নীৰ যত্ন লয় , পত্নীক সন্মান দিয়ে , সন্তানে যেতিয়া পিতৃ মাতৃক শ্ৰদ্ধা আৰু সন্মান দিয়ে তেনেহলে তাতকৈ আৰু ভালপোৱা কি হৱ পাৰে……..?
😘😘😘😘😘😘😘😘😘😘😘😘😘😘
“বন্ধু মেলিদে তোৰ দুখৰ দুখনি হাত …”
বন্ধুৰ অবিহনে হয়তু কোনো থাকিব নোৱাৰে। সকলো কথা হয়তু আমি বন্ধুৰ লগতেই পাতিবলৈ ভাল পা্ঁও যদিও ‘ মা’ আমাৰ ভাল বন্ধু তথাপিও এনে কিছুমান কথা থাকে যি আমি কেৱল বন্ধুৰ লগতহে আলোছনা কৰিবলৈ ভাল পা্ঁও। বেয়া বন্ধুৰ সংগই কেতিয়াবা জীৱন ধংসও কৰে। কিন্তু এজন ভাল বন্ধুয়ে আছলতে আমাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। তেনেহলে ভালপোৱা হয়তু তাতো পোৱা যায়। ‘তেঁও’ হয়তু আমাৰ Valentine হৱ পাৰে ।
😘😘😘😘😘😘😘😘😘😘😘😘😘😘
“এক হাজাৰ’ মে মেৰী বেহনা হে…..
সাৰী ওমৰ হমে স্ংগ ৰেহনা হে…… ………………”
বাই ভনী হ’ল ইজনী সিজনীৰ ভাল বন্ধু। সৰুসুৰা কাজিয়া পেছালেৰে যেতিয়া ইজনীয়ে সিজনীক মাতবোল নকৰাকৈ অভিমান কৰে আৰু খোৱাৰ সময়ত যেতি্য়া হাতত ধৰি ভাতৰ গৰাটো মুখৰ আগত আগবঢ়াই দিয়ে আৰু অশ্ৰুসিক্ত নয়নেৰে ভাতখিনি তৃপ্তিৰে খায় তেতিয়া তাকে ভালপোৱা বুলি কয় …সেইবাবে বাই ভনীও ইজনী সিজনীৰ Valentine
😘😘😘😘😘😘😘😘😘😘😘😘😘😘
“মনলৈ ওভতি আহে লৰালি….
তোৰে মোৰে এটি এটি ধেমালি………………….”
ককাই ভাইৰ মৰম চেনেহ , প্ৰতিটো বস্তু ভাগ কৰি লোৱা , প্ৰতিটো কথাত ইটোয়ে সিটোক সহায়ৰ হাত অাগবঢ়োৱা , লগতে বাই ভনীৰ যত্ন লোৱা ইত্যাদিবোৰো ভালপোৱাই হয় ।
তথাপিও যেন…. “তেৰে বিনা জিয়া যায়ে না……………….”
😍😍😍😍😍😍😍😍😍😍😍 😍😍😍
কোন তুমি ? কি্য় লাগে তোমাক ? কিয় বিছাৰো তোমাক এই বয়সত ?
অামাৰ চাৰিওফালে শুনি থকা ঘটনাবোৰে নিজৰ সন্তানৰ লগতে অানৰ সন্তানৰ ভবিষ্যতো যাতে সুৰক্ষিত হৈ থাকে তাকে কামনা কৰো । ইমানখিনি ভালপোৱা মানুহ থকাৰ পিছত এক এপৈনত মানসিক অৱস্হাত ‘Valentine’ ৰ প্ৰয়োজন কিয় বাৰু ? অাছলতে তেনেকুৱা মানসিকতাক আমি প্ৰশ্ৰয় দিছো। Valentine আৰু কোন কোন হ’ব পাৰে তাক নজনোয়াকৈ বা এই দিনতো কিহৰ বাবে পতা হয় তাক জনোয়াতো খুবেই প্ৰয়োজন । আমিয়েই চাগৈ এটা এনেকুৱা জাতি যি আনৰ বস্তুবোৰ গ্ৰহন কৰাত খুউৱ পাকৈত। নিজৰ পৰম্পৰা , নিজৰ ভাষা , নিজৰ সাজসজ্জা , নিজৰ খাদ্য অভ্যাস নজনাকৈ লোকৰবোৰ গ্ৰহন কৰিবলৈ লাজ নাপাঁও। লোকৰ ভাষা , পোচাক, পৰম্পৰা আদি আকোৱাঁলি লঁওতে লঁওতে এদিন হয়তু পাহৰি থাকিম প্ৰকৃততে মই কোন।
এই ‘Valentine Day “ৰ পাকচক্ৰত পৰি বহুতো লৰা ছোৱালীৰ অপৈনত মানসিকতাৰ বিকৃতি ঘটা দেখিবলৈ আৰু শুনিবলৈ পাঁও। সময়ৰ অভাৱ আজিৰ বহু অবিভাৱকৰ , বহু সময়ত সন্তানসকলে অকলশৰে সময় অতিবাহিত কৰে। যাৰ ফলত ম’বাইল বা আন কিছুমান ৰাগিয়াল বস্তু সিহঁতৰ জীৱনৰ প্ৰেৰণা হৈ পৰে। সময় দিয়ক সিঁহতক , সিহঁতৰ ভাল বন্ধু হওক । ‘Valentine Day ‘ আমাৰ দিনতো আছিল , ই এতিয়া সৃষ্টি হোৱা নাই । কিন্তু আমাৰ তেতিয়া সময় নাছিল এই বিষয়ে জানিবলৈ। কাৰন আমিবোৰ তেতিয়া ব্যস্ত আছিলো খেলা ধূলা , আৰু বিভিন্ন কিতাপৰ মাজত। কোনো বাহিৰৰ পৰম্পৰাই আমাক চুব পৰা নাছিল। গতিকে সেইবোৰে এটা বিষেশ
সময়লৈ অপেক্ষা কৰিছিল। সেই সময় এতিয়া । মানসিকভাবে যিসকল পৈনত তেঁওলোকে ভাল বেয়া সকলো বিচাৰ কৰিব পাৰে কিন্তু বাকিসকলক আমি সময় দিয়াতো খুওৱ প্ৰয়োজন। যাতে সিঁহতক আমি জীৱনৰ প্ৰকৃত ৰং…. ভালপোৱাবো্ৰৰ পৰা আঁতৰাই নাৰাখো। ব্যস্ত ৰাখক আপোনাৰ মৰমত , চাৱ সিহঁতবোৰ আকৌ আমাৰ কাষলৈ ওভতি আহিছে।
আজিৰ দিনতোতেই সিহঁতক শুধকছোন ……Will you be my Valentine 😘 ??
+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection