~*~ ৰসপূৰ্ণ তাত্ত্বিক ৰসৰ সমাহাৰ ৰাসোৎসৱ ~*~
ৰাসোৎসৱ অসমত অতীজৰে পৰা আঘোণ মাহৰ পূৰ্ণিমাত পালন কৰা হয়। বাদৰায়ন বা ব্যাসদেৱে, ভক্তই শ্ৰীকৃষ্ণ ভকতিৰ ৰহস্যক জনাবৰ উদ্দেশ্যে শৃঙ্গাৰ ৰসৰদ্বাৰা শ্রীমদ্ভাগৱত মহাপুৰাণত ৰাস পঞ্চাধ্যায় সন্নিবিষ্ট কৰিছে। ভাগৱতৰ দশম স্কন্ধৰ ২৯অধ্যায়ৰ পৰা ৩৩ অধ্যায়লৈ এই পঞ্চাধ্যায় আছে।
‘ৰাস’ শব্দটো ‘ৰস’ শব্দৰ পৰা আহিছে। ৰস মানে হ’ল স্বাদ বা আনন্দৰ অবস্থা। যি অবস্হাত মানুহে জাগতিক আনন্দ উপলব্ধি কৰিব পাৰে। ‘ৰাস’ শব্দৰ আভিধানিক অর্থ হ’ল ‘মণ্ডলীকৃত নর্তনম’ অর্থাৎ ঘূৰনীয়াকৈ নৃত্য কৰা। ৰাসক্ৰীড়াৰ অর্থ হ’ল-এক বিশেষ নৃত্য য’ত নর্তকীসকলে ঘূৰি ঘূৰি এজন নর্তকক মাজত লৈ ৰূপ, ৰস, গন্ধ,স্পর্শ আৰু শব্দৰ পঞ্চঅমৃত পান কৰি শ্রীকৃষ্ণৰ আশিস লাভ কৰিছিল।
শৰতৰ স্নিগ্ধ জোনাকৰ তলত বৃন্দাবনত শ্ৰীকৃষ্ণই ৰাধা আৰু গোপীসৱৰ লগত কৰা ৰাসলীলা হ’ল ভক্ত আৰু ভগৱানৰ মাজৰ সম্পৰ্কৰ উজ্জল নিদৰ্শন।
অসমত অতীজৰে পৰা আঘোণ মাহৰ পূৰ্ণিমাত ৰাস উৎসৱ পালন কৰা হয়। ১৭৬২ শকত মাজুলী ৰ দক্ষিণপাট সত্ৰত এই ৰাসোৎসৱ পোন প্ৰথমবাৰ পালন কৰা হৈছিল। তেতিয়াৰপৰাই এই ৰাস উৎসৱ পালন কৰা হয় আৰু তাৰ পৰবৰ্তী পৰ্যায়ত এই উৎসৱ কমলাবাৰী, গড়মূৰ, ভোগপুৰ,আউনীআটী, বেঙেনাআটী, আদি সত্ৰত ৰাসোৎসৱ পালন কৰে।
ৰাসোৎসৱ হ’ল শ্ৰী কৃষ্ণৰ ভক্তিৰসৰ আন এক সুন্দৰ আৰধনা য’ত শিশুকৃষ্ণৰ শিশুলীলাৰ পৰা যৌৱনৰ সেই মাদকতাভৰা দিনলৈকে, সকলো কাহিনীৰে সন্নিবিষ্ট কৰা এখনি মনোৰম নৃত্যগীতৰ সমাহাৰ নাট। শ্ৰদ্ধা ভক্তিৰে কৃষ্ণ প্ৰেমত বিলীন হৈ পৰমাত্মাৰ লগত আত্মাৰ মিলনৰ পিছত লাভ কৰা পৰম আনন্দময় অবস্থা।
শৰতৰ চন্দ্ৰাৱলী ৰাতি যমুনাৰ তীৰত গোপীসকলে শ্ৰীকৃষ্ণৰ লগত নৃত্য গীতত মগ্ন হৈ কৃষ্ণ প্ৰেমত ব্যাকুল হৈ পৰে। প্রেমৰসৰ মাজেদি ঈশ্বৰৰ সানিধ্য লাভ কৰাৰ মার্গেই হ’ল ৰাসলীলা। শ্রীকৃষ্ণই গকুলৰ ১৬ শ গোপীৰ লগত বৃন্দাবনত ‘ৰাসলীলা’ কৰি প্রেমৰস মানুহৰ হদয়ত জাগ্রত কৰি তুলিছিল।
‘আহা সখি আহা বাই বৃন্দাবনে যাওঁ …..বজাইছে মোহন বেণু নয়ন ভৰি চাওঁ…..
বৃন্দাবনৰ যমুনা তীৰত কদম গছত বহি শ্ৰী কৃষ্ণই বাঁহী বজাই সকলোকে মুগ্ধ কৰি ৰাখে আৰু গোপীসকল কৃষ্ণভক্তিত নিমগ্ন হৈ পৰে, সংসাৰৰ সকলো দায়িত্ব পাহৰি যোৱাত শ্ৰীকৃষ্ণই গোপীসকলক সংসাৰ ধৰ্ম পালন কৰিবলৈ অনুৰোধ জনালে। কিন্ত্ত গোপীসকলে কৃষ্ণ প্ৰেমত মতলীয়া হৈ তেওঁৰ ওচৰৰ পৰা আঁতৰি যাবলৈ অস্বীকাৰ কৰি আৰু অধিক ভক্তিত মগ্ন হৈ পৰিল। তেওঁলোকৰ দৃঢ়ভক্তিত আত্মহাৰা কৃষ্ণই তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ তেওঁলোকৰ লগত নৃত্য আৰম্ভ কৰিলে। তাকে দেখি গৰ্বত মতলীয়া গোপীসকলে শ্ৰীকৃষ্ণক তেওঁলোকৰ অধীন বুলি ভাবি অহম ভাৱ জাগ্ৰত কৰাত, নৃত্যত ব্যাকুল গোপীসকলৰ মাজত অতিকৈ ধুনীয়া ৰাধাক লৈ শ্ৰীকৃষ্ণ অন্তৰ্ধান হ’ল আৰু একান্তভাৱে ৰাধাক মোহন বাঁহী শুনাব ধৰিলে ।
কৃষ্ণৰ অনুপস্হিতিত গোপীসকলে নিজৰ ভুল বুজিব পাৰি কৃষ্ণ বিৰহত ভাগি পৰিল। ইফালে ৰাধাই ত্ৰিজগতৰ পতিক মিছা কথা কৈ ভৰি বিষ হৈছে বুলি কৈ ভাও ধৰি তেওঁৰ প্ৰেমৰ পৰীক্ষা ল’ব বিছাৰোঁতেই, কৃষ্ণই অন্তজ্ঞানেৰে সকলো বুজিব পাৰি সত্য কি তাক জনাবলৈ অন্তধ্যান হৈ পৰিছিল। গোপীসকলেও কৃষ্ণক বিছাৰি আহি ৰাধাক লগ পাই আৰু ভগৱান কৃষ্ণক লৈ কৰা অহংকাৰৰ পৰিণামৰ কথা জানিব পাৰি অনুশোচনাত দগ্ধ হৈ কৃষ্ণক স্মৰণ কৰিবলৈ ধৰিলে। তেওঁ সন্ত্তষ্ট হৈ গোপীসকলৰ আগত দেখা দিয়ে আৰু ৰাসক্ৰীড়া কৰিবলৈ ধৰে ।
সেই সময়তেই শঙ্খচূড় নামৰ ৰাক্ষসটো আহি গোপীসকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰে আৰু গোপীসকলৰ প্ৰাৰ্থনাত তেওঁলোকৰ বিপদৰ উমান পাই শ্ৰীকৃষ্ণই আহি শঙ্খচূড়ক বধ কৰি ধৰালৈ শান্তি কঢ়িয়াই আনে। থুলমূলকৈ এইয়াই হ’ল ৰাসোৎসৱৰ কাহিনী।
শ্ৰীকৃষ্ণৰ ৰাসলীলা পৰম ব্ৰহ্ম আৰু সাধাৰণ মানৱৰ (জীৱাত্মা) মিলনৰ নৃ্ত্যাভিনয়। ভগৱানে যুগে যুগে ভক্তসকলৰ অনুগ্ৰহ গ্ৰহণ কৰিবৰ বাবে অৱতাৰ ধাৰন কৰে আৰু ঈশ্বৰপৰায়ণ ভক্তই তেওঁৰ আনুগত্য লাভ কৰে। শ্ৰীকৃষ্ণৰ ৰাসলীলা পৰম ব্ৰহ্ম আৰু সাধাৰণ মানৱৰ (জীৱাত্মা) মিলনৰ নৃ্ত্যাভিনয়।
বিভিন্ন পৰিঘটনা, নৃত্য গীতৰে অভিনয়ৰ কৌশল, ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ, সূত্ৰধাৰৰ দায়িত্ব আৰু প্ৰয়োজন অনুসৰি পৰিৱেশৰ সুন্দৰ কাৰুকার্য আদি মিলিত হৈ ৰাস ক্রীড়াক এক পূর্ণাংগ ভাওনা বা নাট বুলিও ক’ব পৰা যায়। অসমীয়া সংস্কৃতিত ৰাসৰ পয়োভৰ মন কৰিব লগীয়া৷ ৰাসোৎসৱৰ প্ৰথমদিনা অধিবাস, দ্বিতীয়দিনা ৰাস আৰু তৃতীয়দিনা ইন্দ্ৰাভিষেক। ৰাস পূৰ্ণিমাৰ দিনা পুৱাৰে পৰা সম্পূৰ্ণ দিনজুৰি নাম-কীৰ্ত্তন, গায়ন-বায়নৰ ধেমালি আৰু ৰাতিলৈ ৰাসলীলা আৰম্ভ হয়।
ভক্তি ধৰ্মৰ মূল-মন্ত্ৰ হ’ল শ্ৰৱন কীৰ্ত্তন ।নাম কীৰ্ত্তনৰ যোগেদি কৃষ্ণ ভগৱানৰ প্ৰতি শ্ৰদ্ধা-ভক্তি আগবঢ়াই ঈশ্বৰৰ প্ৰতি অানুগত্য প্ৰকাশ কৰাই হ’ল ভক্তি । ভক্তি ধৰ্মৰ পালনৰ বাবে কীৰ্ত্তনৰ মহিমা অপাৰ । নাম কীৰ্ত্তন কৰি ভক্তই পৰম আনন্দ লাভ কৰে।ভগৱান শ্ৰী কৃষ্ণৰ শৰণ লৈ গোপীসকলে কৃষ্ণ ভক্তিত নিমগ্ন হৈ পৰমব্ৰহ্মৰ লগত মিলিত হৈ সচিদানন্দৰ আনন্দ লাভ কৰিছিল।
ৰাসৰ মুল আধাৰেই হ’ল শ্ৰী কৃষ্ণ আৰু ৰাধা, লগতে কৃষ্ণৰ সানিধ্য পাবলৈ উত্তাৱল হৈ পৰা গোপীসকল ।গীতাত কৈছে যে ভগৱানক ভক্ত-ই যি ভাৱে পাৱলৈ বিচাৰে তেনেভাৱেই ভগৱানে ভক্তৰ আগত দেখা দিয়ে |
মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱে ভাগৱতৰ ৰাস পঞ্চাধ্যায় অনুবাদ কৰি দশমত সন্নিবিষ্ট কৰিছে। শ্ৰীমন্ত শংকৰদেৱ ৰচিত ‘কেলিগোপাল‘ নাটৰ সাৰবস্তু হ’ল শ্ৰীকৃষ্ণই গোপীসকলৰ লগত কৰা ৰাসলীলা ।নৱ – বৈষ্ণৱ ভক্তি আন্দোলনৰ অন্যতম উৎস আছিল কৃষ্ণভক্তিৰ প্ৰচাৰ। কলা কৌশলপূৰ্ণ ব্ৰজাৱলী ভাষাৰ প্ৰয়োভৰ লগতে গীত নৃত্য আদিৰে ভৰপূৰ অংকীয়া নাট কলাত্মক সৃজনী অন্যতম নিদৰ্শন। ভগৱানৰ মাহাত্ম্য প্ৰকাশ কৰি তেওঁৰ লগত একাত্ম হ’বলৈ এই অংকীয়া নাটসমূহৰ উদ্দেশ্য আছিল।গীত নাটৰ প্ৰয়োভৰে মানুহৰ মাজত ভক্তি ভাৱ বেছিকৈ জগাই তুলিছিল। ভটিমা,পয়াৰ,বচন, ৰাগ-তালযুক্ত গীতৰ সংযোগেৰে মনৰ বিভিন্ন অবস্হাক ফুটাই তুলি জনসাধাৰনক ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰাত অংকীয়া নাটৰ অৱদান অনবদ্য ।
কেলিগোপাল নাটকৰ কাহিনী ‘শ্ৰীমদ্ভাগৱত পুৰান’,’ “বিষ্ণু পুৰান” আদিত পোৱা যায়। এই নাট এখন ৰসময় গীতমাতেৰে সমৃদ্ধ নাট।পৰমাত্মাৰ প্ৰতি জীবাত্মাৰ আকৰ্ষণৰ ভক্তিৰূপ এই কেলিগোপালত বৰ্ণনা কৰা হৈছে। কেনেকৈ জীবাত্মাৰ কামনাক পৰমাত্মাই বশীকৰণ কৰি, ভগবৎ প্ৰেমলৈ ৰূপান্তৰ কৰিছে তাৰ কথা মূলতঃ নৃত্য-গীতৰ প্ৰয়োভৰে ৰাসক্ৰীড়াত সম্পূৰ্ণ কাব্যধৰ্মীতাৰে ৰূপকৰ চলেৰে বৰ্ণনা কৰিছে ।
(c) প্ৰীতি ৰেখা বৰা
সহকাৰী অধ্যাপিকা
৯০৮৫২০৯৮১২

Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.