সময় পালে পঢ়িবছোন …
নগাওঁৰ PWD কল’নিৰ সেই আমাৰ কোৱাৰ্টাৰটো দেখিলেই মনত পৰে সেই দিনবোৰৰ কথা। তেতিয়া মই স্কুললৈ গৈছিলোহে চাগৈ। আমাৰ ঘৰখন আন্দোলন কৰিবলৈ অহা আন্দোলনকাৰীসকলৰ ভাত ঘৰ আছিল। দেউতা (শ্ৰী যুত টক্ষেশ্বৰ বৰা)ক সেই সৰু কালৰ পৰাই দেখিছিলোঁ মনে প্ৰাণে তেওঁলোকক সহায় কৰি অহা।। সৰুৰেপৰাই দেউতাই মোক মেল মিটিংবোৰলৈ লৈ গৈছিল। সন্ধিয়া দেউতাই বুত আনি দুটা টৌত তিয়াই থৈছিল আৰু দোকমোকালিতে উঠি মা দেউতাই সেইবোৰ সিজাই আন্দোলনকাৰীসকলে খাবৰ বাবে তৈয়াৰ কৰিছিল আৰু সময়ত দেউতাহঁতে টৌকিতা ধৰি ধৰি মানুহক বিলাই দিছিল আৰু তেওঁ লোকেও বৰ তৃপ্তি ৰে খোৱা দেখিছিলো । হয়তো বহুতৰে ঘৰত এনে হৈছিল। মা পাকঘৰত সোমাই বহুতকে ভাত বনাই খোৱাইছিল। কোনো দিন মায়ে খং কৰা দেখা নাছিলোঁ। হয়তো সেই সময়ত বহুতৰে ঘৰত তেনেকুৱা হৈছিল। কিন্তু কৰ্টৰ কাষতে আমাৰ কোৱাৰ্টাৰ হোৱাৰ বাবে আমাৰ ঘৰখনত এনেকুৱা পৰিবেশ সদায় দেখা পাইছিলো। “তেজ দিম তেল নিদিওঁ ” … সেই শ্ল’গানে মোৰ শিশু আত্মাত কপাই তুলিছিল। বহু দেৰিলৈকে দেউতাক নেদেখিলে কিবা অজান ভয়ত বুকু খন ধপধপাই উঠিছিল …. আমাৰ কোৱাৰ্টাৰতেই নগাওঁ গণসংগ্ৰাম পৰিষদৰ সৃষ্টি হৈছিল আৰু প্ৰথমখন মিটিং হৈছিল।
জখলাবন্ধালৈ বদলি হৈ যোৱাৰ পিছত আন্দোলনে এটা বেলেগ ৰূপ লৈছিল। দেউতা তেতিয়া কলিয়াবৰ কৰ্মচাৰী পৰিষদৰ Assistant Secretary আছিল লগতে গন সংগ্ৰাম পৰিষদো কিবা আছিল। তেতিয়াও দেউতাৰ লগত ঘূৰিছিলো। দেউতা এইবোৰত বিশেষভাৱে জড়িত আছিল। সেই সময়ত কেইটামান নামে মোৰ শিশু অন্তৰত বিশেষ ঠাই অধিকাৰ কৰিছিল। যেনে গণ সংগ্ৰাম পৰিষদৰ কৰ্মীবৃন্দৰ নাম, সদৌ অসম ছাত্ৰসন্হাৰ বিভিন্ন নামি কমৰ্মীবৃন্দৰ নাম। লগতে মিটিং সমূহত ব্যৱহাৰ হোৱা অসমৰ মেপখনত লিখা ‘জয় আই অসম’ কথাষাৰে মোৰ শিশু হৃদয় চুই গৈছিল। দেউতা যে কিমান দিন ঘৰত নুশুইছিল আৰু দেউতাক এবাৰ চাবলৈ আমি বোৰ হাহাকাৰ কৰি উঠিছিলো।
এবাৰ বৰদোৱাত ছাত্ৰ সন্হাৰ মিটিং আছিল। মোৰ জেঠাইৰ ঘৰ। মই তেতিয়া গান গাও। সেই মিটিং লৈ ছাত্ৰ সন্হাৰ বিভিন্ন নেতা আহিছিল। তেওঁলোকৰ প্ৰতিটো ভাষণত ৰাইজ উগ্ৰ হৈ পৰিছিল। তেনেতে মোক এটা গান গাবলৈ দিলে। মই গাইছিলো … “আই মাতৃ বুকুৰ সন্তান কোনে কাঢ়ি নিব ,দেশত দ্ৰোহী বদনহতঁক ইতিহাসে সোৱঁৰিব” কিন্তু ৰাইজৰ অনুৰোধত এবাৰ নহয় দুবাৰ নহয় একেলগে চাৰি বাৰ গীতটি গাইছিলো কাৰণ মানুহবোৰ তেতিয়া উত্তেজিত হৈ পৰিছিল। মোক মতিউৰ ৰহমান দেৱে দৌৰি আহি কোলাত তুলি লৈছিল (তেখেতৰ হাত এখ বন্দুকৰ গুলীত হেৰুৱাইছিল)। আৰু সকলোৰে মাজত মোক বহুৱাই থৈছিল।****
এদিন ৰাতি দেউতাই হঠাতে আমাক উঠাই ড্ৰয়িং ৰূমত বিছনা থিক কৰিবলৈ ধৰিলে। আৰু আমি জানিছিলো আহিব লগা অতিথি সকলৰ বিষয়ে। ৰাতি প্ৰায় এঘাৰমান বজাত কেইবাখনো চাইকেল আহি আমাৰ ভাড়াঘৰৰ গেটত মৃদু শব্দ কৰিবলৈ ধৰিলে। লগে লগে মা দেউতা উঠি আহিল আমিও উঠিছিলো। দেখিছিলো মোৰ খূড়া দিগেন বৰাৰ লগতে মাননীয় প্ৰফুল্ল কুমাৰ মহন্ত, ভৰত নৰহ, ভৃগু ফুকন, ললিত ৰাজখোৱা, দিগন্ত দত্ত আৰু দুজন মান। সেইদিনা আমাৰ ঘৰত দেখি বৰ ভাল লাগিছিল। দেউতাই আমাক কৈছিল মনে মনে থাকিবা তেওঁলোকে ভালকৈ শুৱ লাগিব। মিটিং আছে কাইলৈ। এটা শব্দও নকৰাকৈ আমি শুই পৰিছিলোঁ। ৰাতি নৌপোৱাওঁতেই মা কামত লাগি গৈছিল তেওঁলোকক ভালকৈ এসাঁজ খোৱাবলৈ। পিছদিনা চাইকেলত উঠি মিটিংলৈ গৈছিলো। যাওঁতে দেউতাই কৈ গৈছিল। মিটিংত কোনে কি কয় শুনিবি ভালকৈ। তেতিয়া মই গান গাইছিলোঁ। মিটিংৰ মাজতে হঠাতে মোক গান এটা গাবলৈ কলে। মইও ভয় নকৰি গাই দিছিলোঁ। ***
এদিন স্কুলত থাকোতেই মাক স্কুল লৈ অহা দেখি অজান আশংকাত মনটো কিবা লাগি গল। মাক দেখি হেড ছাৰ আগবাঢ়ি গ’ল। মাৰ চকুত পানী দেখি বুজি পাইছিলো কি হৈছে সেই দিনা দেউতাকে ধৰি কেইবাজনো গন্যমান্য ব্যক্তি কেশৱ মহন্ত, গুনীন হাজৰিকা আদিক পুলিচে ধৰি নগাওঁ লৈ আনিছিল। মই স্কুলতে কান্দি উঠিছিলো। সন্ধিয়া প্ৰাৰ্থনা কৰোঁতে আমাৰ সুৰবোৰ কপি উঠিছিল ৰাতি আমি শুৱা নাছিলোঁ পিছদিনা খবৰ পাইছিলো দেউতাহতঁকবোলে লৈ যাওঁতে বহুত মানুহে ঘেৰাও কৰিছিল আৰু তেওঁলোকক এৰি দিছিল। সেই দিন ধৰি দেউতাহঁত প্ৰায় ৰাতি ঘৰত থকা নাছিল। মোৰ বৃত্তি পৰীক্ষা আছিল । দেউতাই এদিন মোক দুটকা এটা দি কৈছিল মই নাথাকিম কেইদিনমান মান, ভালকৈ পৰীক্ষা দি�বি বৃত্তি পাব লাগিব। জ্যামিতি বক্সত টকা টো থৈ সদায় চুমা খাই খাই বৃত্তি পৰীক্ষা দিবলৈ গৈ দেখিছিলো মোৰ পৰীক্ষাৰ খবৰ লবলৈ বহুত মানুহ আছিল। পৰীক্ষা দিবলৈ কলিয়াবৰ আহিব লগা হৈছিল। সকলোৰে কোনোবা এজন আছিল আৰু মোৰ লগত কোনো নাছিল,কিন্তু মানুহৰ অভাৱ নাছিল। গাড়ীত উঠাই দিয়াৰ পৰা ঘৰত থোৱালৈকে মানুহ আছিল। আছলতে দেউতাক তেওঁলোকে বৰ ভাল পাইছিল। বহুত দিনৰ পিছত এদিন দেউতাক দেখি গোটেই কিজনীয়ে সাবটি ধৰিছিলোঁ …….এদিন বৃত্তি পৰীক্ষাৰ ৰিজাল্ট ওলাইছিল আৰু মই সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলো। **** অসমৰ তিৰাশীৰ আন্দোলনত সৃষ্টি হৈছিল অসম গণ পৰিষদৰ অসমীয়াৰ বুকুৰ আপোন।
****** নেতা হৈ সকলোৱে বিয়া পাতিবলৈ ধৰিলে আমিও ইখনৰ পিছত সিখন বিয়া খাই ফুৰিলো । অসমৰ ৰাইজৰ চৰকাৰ তাতে সকলোৰে মৰমৰ । আমিবোৰো লাহে লাহ হাইস্কুল পালোঁ । অসমৰ সেই ভয়াবহ দিনবোৰ নাইকিয়া হবলৈ ধৰিলে। জানো হঠাতে ক’ত কি হৈ গ’ল সকলোবোৰ যেন থান থান হৈ গ’ল। একেলগে থকা মানুহখিনিৰ মাজত আকৌ দুটা দলৰ সৃষ্টি হ’ল ।এই সিদ্ধান্তত অসমবাসীয়ে যেন বৰ কষ্ট পালে। লাহে লাহে আমিও কলেজৰ দেওনা পাৰ কৰি বিশ্ববিদ্যালয় গলো। তেতিয়া যি পৰীক্ষাই হৈছিল সকলো দিছিলোঁ। চাকৰিৰ আশাত। দেউতাৰ ভাল বন্ধু এজন মিনিষ্টাৰ আছিল। দেউতাক কাবৌকুকালী কৰি মই দেউতাক লগ ধৰিলো তেওঁৰ ওচৰলৈ যাবলৈ । কিয়নো মই যিটো বিভাগৰ পৰীক্ষা দিছিলো তেওঁ সেই বিভাগৰ। মই লিখিত পৰীক্ষা পাছ কৰিছিলো আৰু মৌখিক পৰীক্ষা আছিল। এদিন তেখেতৰ দিশপুৰস্হিত কোৱাৰ্টাৰলৈ গলো। সকলোৱে আন্দৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি থাকোঁতে বিভিন্ন কথাৰ মাজতে মই জনালোঁ কি কৰি আছো আৰু লিখিত পৰীক্ষাত পাছ কৰা কথাটোও কলো। দেউতাই একো নকয়। তেওঁৰ পৰা একো উত্তৰ নাপাই তাতেই stop কৰিলোঁ । অৱশেষত দেউতাক গাড়ীত উঠাই দি মই যাবলৈ ওলালো। হঠাতে দেউতাই মোৰ হাতখনত ধৰি মোক কলে মৃদু মোক বেয়া নাপাবি। মই কব নোৱাৰিলো। মই কলো নাই নাই দেউতা আপোনাক কিয় বেয়া পাম । দেউতাক থৈ মইও হ’ষ্টেললৈ বুলি উভতিলো ….উফ কিয় যে মই আপোনাক জানিও ইয়ালৈ লৈ আহি আপোনাৰ সন্মানত আঘাত দিলোঁ। দেউতা এইবোৰ কামত আৰু কেতিয়াও নাহো।
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.