Back to journal
Mridu

বুদ্ধ ভিক্ষুনী আম্ৰপালি

“ঔঁ মনি পদমে হুম”

ॐ मणि पदमे हूम्‌’

এদিন এহাল দুখীয়া দম্পতীয়ে ঘৰলৈ উভতি অহাৰ পথত এজোপা আমগছৰ তলত দিপলিপ কন্যা কেছুৱাজনী দেখা পাই ঘৰলৈ লৈ আনে । আমগছ জোপাৰ তলত পোৱা বাবে তাইৰ নাম ৰাখিলে আম্ৰপালী।লাহে লাহে হিয়াৰ আমঠু আম্ৰপালীজনী ডাঙৰ হৈ আহিব ধৰিলে ।আম্ৰপালীৰ দেহৰ ভাঁজে ভাঁজে ফুটি উঠিছিল সৌন্দৰ্য্যৰ লালিমা। যিজনে আম্ৰপালীক এবাৰ দেখিছিল সেইজনৰ মনপ্ৰাণত আম্ৰপালীয়ে ঠাই লাভ কৰিছিল।সমগ্ৰ বৈশালীত আম্ৰপালীৰ সৌন্দৰ্য্য কথা জনাজাত হৈ পৰিছিল। আম্ৰপালীক এবাৰ চাবলৈ গোটেই বৈশালীৰ পুৰুষখিনি উত্তাৱল হৈ উঠিছিল। আম্ৰপালীক জীৱনৰ লগৰী কৰিবলৈ সকলোৱে উঠি পৰি লাগিল। আম্ৰপালীৰ ৰূপত মোহিত হৈছিল মগধৰ ৰজা বিম্বিষাৰৰপৰা আদি কৰি তেওঁৰ পুত্ৰ অজাতশত্ৰুলৈকে ।কিন্ত্ত আম্ৰপালী মনৰ কথা জানো কোনোৱাই বুজিছিল। হয়তু আম্ৰপালীয়েও পাখি লগা মনৰ প্ৰত্যয়ত গাঁথিছিল সপোনৰ মালা। কোনো ৰাজকুমাৰৰ দুবাহুৰ মাজত সোমাই তাইয়ো পাতিবলৈ মন গৈছিল মনৰ কথা। তাইৰো এখন সংসাৰ হ’ব ।

কেতিয়াবা সৌন্দৰ্য্যও মানুহৰ জীৱনলৈ কাল হৈ আহে । আম্ৰপালীক লৈ বৈশালীৰ পুৰুষসকলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হ’ব ধৰিলে । পুৰুষসকলে নিজৰ মাজতে আম্ৰপালীক পাবৰ বাবে যিকোনো পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ ধৰিলে। আম্ৰপালীৰ বিবাহৰ প্ৰস্তাৱত আম্ৰপালীৰ মাক দেউতাকো বিবুদ্ধিত পৰিল। কি কৰিব ,কোনজনলৈ বিয়া দিব তাকে লৈ চিন্তা চৰ্চা কৰি তত পোৱা নাছিল। তেওঁলোকে জানিছিল যে যিজনে আম্ৰপালীক বিয়া কৰাব তেওঁক আন নাগৰিকে জীয়াই নাৰাখিব।গতিকে তেওঁলোকৰ চিন্তা বাঢ়ি গৈছিল।বৈশালীত আছিল গণতান্ত্ৰিক ব্যৱস্থা।

এদিন বৈশালীত আম্ৰপালীক লৈ এখন ডাঙৰ সভা বহিল।সেই সভাত উপস্থিত থকা সকলো পুৰুষেই আম্ৰপালীক জীৱনৰ লগৰী কৰিব বিচাৰা বুলি জানি কোনো এটা সিদ্ধান্তত উপনিত হ’ব নোৱাৰাত শেষত এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে যিটো সিদ্ধান্তই আম্ৰপালীৰ সপোন চূৰ্ণ বিচূৰ্ণ কৰি দিলে। সিদ্ধান্তত গ্ৰহণ কৰা হ’ল যে আম্ৰপালী আজিৰপৰা বৈশালীৰ সকলো পুৰুষৰে ‘নগৰ বোৱাৰী’। বৈশালী নগৰৰ বোৱাৰী হ’লে নগৰখনৰ একতা অটুট থাকিব।ন’হলে আম্ৰপালীৰ বাবে নগৰৰ বহু পুৰুষৰ মৃত্যু হ’ব।বৈশালীৰ এনে সিদ্ধান্তত আম্ৰপালী নিশ্চুপ হৈ ৰ’ল ।সপোনৰ তাইৰ সংসাৰখন ঠানবান হৈ পৰিল। সপোনবোৰটো প্ৰায়েই ভাঙি যায়।বৈশালীত আম্ৰপালীৰ বাবে এক বিশাল প্ৰসাদ বনালে। লগোৱা লিকচৌ ,ৰংমহল,বাগিচা,বহু ধন সোন ৰূপ আদিৰে আম্ৰপালীক ৰানীৰ দৰে থাকিবলৈ ব্যৱস্থা কৰি দিয়া হ’ল। এদিন মাক দেউতাকৰ পৰা বিদায় লৈ আম্ৰপালী সেই প্ৰসাদলৈ যাত্ৰা কৰিলে …আজিৰপৰা তাই বৈশালীৰ নগৰ বোৱাৰী এক কথাত তাই বৈশালীৰ সম্ভ্ৰান্ত পুৰুষসকলৰ ভোগ্যবস্ত্ত আৰু সাধাৰণ ভাষাত তাই বৈশালীৰ এজনী বেশ্যা। কিন্ত্ত এই বেশ্যাক তথাকথিত সমাজে আন বেশ্যাতকৈ সন্মান দিছে আৰু সেইয়া ‘নগৰৰ সকলোৰে বোৱাৰী’ লগতে ৰাজ নৰ্ত্তকী।

গৌতম বুদ্ধই বুদ্ধ প্ৰাপ্তিৰ পিছত প্ৰায় বৈশালীলৈ আহিছিল।বৈশালীত তেওঁৰ গ্ৰীষ্মকালীন সভা বহিছিল আৰু তাত তেওঁ বহুত দিন ৰখিছিল ।তেওঁৰ লগত তেওঁৰ শিষ্যসকলো আহিছিল। ভিক্ষু সকলে সদায় ভিক্ষাৰ বাবে মানুহৰ ঘৰত গৈ ভিক্ষা খুজিছিল। এদিন এনেদৰে ভিক্ষা খুজিবলৈ গৈ তেওঁৰ কেইজন মান শিষ্যই আম্ৰপালীৰ ওচৰ পাইগৈ। ভিক্ষুকেইজনৰ এজনক আম্ৰপালীৰ খুউৱ ভাল লাগিল । আম্ৰপালীয়ে সেই ভিক্ষুজনলৈ একেথিৰে চাই থাকি ক’লে অহা চাৰিদিনৰ পিছতেই বৰ্ষা ৠতু আৰম্ভ হ’ব । মই বিছাৰোঁ আপুনি এই চাৰিমাহ মোৰ প্ৰসাদতে থাকিব। তেতিয়া ভিক্ষুজনে ক’লে মই এতিয়া একো ক’ব নোৱাৰোঁ মোৰ গুৰুজনাই যদি অনুমতি দিয়ে। তেনেহ’লে মই নিশ্চয় আহিম। এই বুলি কৈ ভিক্ষা হাতত লৈ আন আন ভিক্ষুসকলৰ লগত তেওঁ ঘূৰি আহিল। আম্ৰপালীয়ে তেওঁক নেদেখালৈকে চাই থাকিল আৰু আশাৰে বাট চাই ৰ’ল।

ইফালে লগত থকা ভিক্ষুসকল খঙত জ্বলি উঠিল যে ইমানজনৰ মাজত কেৱল তেওঁকহে আম্ৰপালীয়ে চাৰিমাহ থাকিবলৈ মাতিলে তাকো বেশ্যা হৈ তেওঁ ভিক্ষুক এজনক ৰাতি থাকিবলৈ মাতে।বৰ্ষাকাল হোৱাৰ লগে লগে মানুহবোৰে ভিক্ষুসকলক থাকিবলৈ আশ্ৰয় প্ৰদান কৰিছিল।ভিক্ষুসকলে ক্ৰোধ কৰি সকলো কথা গৌতম বুদ্ধক লগাই দিলে । ইফালে ডেকা ভিক্ষুজনেও গুৰু বুদ্ধক সকলো কথা বুজাই ক’লে আৰু লগতে ক’লে যে আপুনি অনুমতি প্ৰদান কৰিলেহে তেওঁ আম্ৰপালীৰ প্ৰসাদলৈ যাব।এই কথা শুনি আন আন ভিক্ষুসকলে বুদ্ধদেৱক এগৰাকী বেশ্যাৰ প্ৰসাদলৈ যাবলৈ অনুমতি প্ৰদান কৰিবলৈ মানা কৰিলে। অৱশেষত বাৰিষা আৰম্ভ হ’ল। বুদ্ধদেৱে সকলো ভিক্ষুকে তেওঁ লোকৰ নিজৰ নিজৰ স্থানত যাবলৈ অনুমতি দিলে লগতে সেই ডেকা ভিক্ষুজনকো আম্ৰপালীৰ প্ৰসাদলৈ যাবলৈ অনুমতি দিলে। ডেকা ভিক্ষুজনেও গুৰুৰ কথা মতে আম্ৰপালীৰ প্ৰসাদলৈ ৰাওনা হ’ল।বুদ্ধদেৱৰ লগত থকা দুজন মান ভিক্ষুকে বুদ্ধদেৱৰ এই কথাত অসন্ত্তষ্ট হোৱাত বুদ্ধদেৱে তেওঁলোকক ক্ৰোধ কৰিবলৈ মানা কৰিলে। k কিন্ত্ত তেওঁলোকে সংঘৰ বদনাম হ’ব বুলি মনে প্ৰাণে ভয় কৰিছিল।এইদৰে দিন অতিবাহিত হ’ব ধৰিলে। চাৰিমাহ শেষ হ’বলৈ আৰু দুদিনমান বাকী আছিল।

ইতিমধ্যে বৈশালীও বুদ্ধদেৱক লৈ প্ৰতিদিনেই ব্যস্ত হৈ পৰিছিল।বুদ্ধদেৱৰ শিক্ষাগ্ৰহণৰ বাবে সকলোেৱে বুদ্ধ দেৱৰ চৰণত নিজকে অৰ্পন কৰিছিল। এদিন এজন সম্ভ্ৰান্ত লোকে বুদ্ধদেৱক আতিথ্যৰ বাবে আমন্ত্ৰণ কৰিছিল। সেই সময়তে আম্ৰপালীয়েও বুদ্ধদৱক এসাজ খাবলৈ আমন্ত্ৰণ জনালে । বুদ্ধদেৱেও সম্ভ্ৰান্তলোকৰ আতিথ্য গ্ৰহণ নকৰি গণিকা আম্ৰপালীৰ আতিথ্য স্বীকাৰ কৰাত তেওঁৰ শিষ্যসকল আচৰিত হ’ল আৰু আম্ৰপালীৰ প্ৰসাদত উপস্থিত হ’ল। আম্ৰপালী অলপ দুধোৰ মুধোৰ অৱস্থাত আছিল তেওঁ ভাবিছিল যে ক’তনো ইমান এজন মহান সাধুয়ে তেওঁৰ আমন্ত্ৰণ গ্ৰহণ কৰিব । কিন্ত্ত তেওঁৰ চোতালত বুদ্ধদেৱৰ আবিৰ্ভাব হোৱা দেখি আনন্দত তেওঁ নিজেই ভিক্ষুসকললৈ নিজেই ৰান্ধি খোৱাই বিদায় দিলে।বুদ্ধদেৱৰ উপদেশত মোহ গৈ আম্ৰপালীয়ে বুদ্ধ দেৱক কৈছিল হে মাহাত্ম্য মইও ধ্যান কৰিব বিছাৰোঁ কিন্ত্ত মোৰ ধ্যান কৰিবলৈ একেবাৰে সময় নহয়। কৃপা কৰি মোৰ হৈ ধ্যানসাধনা আপুনি কৰিব। তথাগতে অলপ ৰৈ ক’লে তুমি তোমাৰ মহলত যিমান চাকি জলোৱা আজিৰপৰা সেই চাকি তিনিগুন বৃদ্ধি কৰি দিবা যে তোমাৰ চাকিৰ পোহৰ মোৰ আশ্ৰমতো পৰে। তেতিয়া আম্ৰপালীয়ে আচৰিত হৈ কলে হে মাহাত্ম্য এইটো কেনেকৈ সম্ভৱ হ’ব আপোনাৰ আশ্ৰম মোৰ প্ৰসাদপৰা বহু দুৰ।ইমান খিনি চাকি জ্বলালেও সেই আশ্ৰমলৈকে পোহৰ যোৱাটো অসম্ভৱ কাৰণ সেই স্থানলৈকে বহুত ঘৰ দোৱাৰ আছে।সেইবোৰ পাৰ হৈ আশ্ৰমলৈ পোহৰ যাৱ কেনেকৈ। আম্ৰপালী মহা চিন্তাত পৰিল । একো উপাই নাপায় তেওঁ কৌতুহলভৰা দৃষ্টিৰে ভগৱান বুদ্ধলৈ চালে।তেতিয়া বুদ্ধই ক’লে তুমি ঠিকেই ভাবিছা যে তোমাৰ প্ৰসাদত এতিয়াতকৈ দহগুন চাকি জ্বলালেও মোৰ আশ্ৰমত পোহৰ দিব নোৱাৰে কাৰণ তাত বহু বাধা আছে তেনেহ’লে তুমিয়েই কোৱা মোৰ ধ্যান আৰু সাধনাই তোমাক কেনেকৈ সিদ্ধি কৰিব পাৰিম ? যিজন ভোকাতুৰ তেওঁকহে খাদ্যৰ প্ৰয়োজন ।যিজনে সাধনা কৰিব তেওঁহে সিদ্ধি লাভ কৰিব। পুৰুষাৰ্থ স্বয়ং তেওঁহে লাভ কৰে যিজনে নিজে সাধনাৰদ্বাৰা সিদ্ধ হয়।

বৰ্ষাকাল শেষ হোৱাৰ লগে লগে সেই ডেকা ভিক্ষুজনে আম্ৰপালীৰ প্ৰসাদ ত্যাগ কৰি বুদ্ধদেৱৰ ওচৰলৈ ঘূৰি আহিল আৰু তেওঁৰ চৰণ চুই আশীৰ্বাদ ল’লে । বুদ্ধদেৱে শিষ্যজনক আশিৰ্বাদ দিলে । বুদ্ধদেৱে শিষ্যজন আম্ৰপালীৰ প্ৰসাদলৈ যোৱাৰ দিনাই তেওঁৰ চকুত সেই সত্যজ্ঞান লাভ কৰা বুদ্ধি দীপ্ত চকুযুৰি দেখা পাইছিল আৰু একে যুৰি চকু তেওঁ আজিও দেখা পালে। তেতিয়া বুদ্ধই আন শিষ্যক কৈছিল যাৰ সংগত মানুহৰ বিছাৰ শুদ্ধ হয় তেতিয়া ভাবিবা তেওঁ সাধাৰণ ব্যক্তি নহয়।

তেওঁৰ শিষ্যজনে তেওঁৰ চৰণ স্পৰ্শ কৰাৰ পিছতেই আম্ৰপালীক দেখা পাই সকলো আচৰিত হ’ল । আম্ৰপালীৰ লগত আছিল তেওঁৰ মহলত থকা বহু মহিলা।আম্ৰপালীয়ে বুদ্ধদেৱৰ চৰণ স্পৰ্শ কৰি কৈছিল ‘ “হে মাহাত্ম্য ,যিজন ভিক্ষুক আপুনি চাৰিমাহ মহলত ৰাখিবলৈ অনুমতি প্ৰদান কৰিছিল তেওঁক মই যোৱা চাৰিমাহেই বিভিন্ন প্ৰলোভনেৰে নিজৰ সমস্ত দিবলৈ সাজু হৈছিলোঁ আৰু মনে প্ৰাণে সেই ভিক্ষুকজনক তেওঁ নিজৰ কৰিবলৈ সকলো চেষ্টা কৰিছিলোঁ। কিন্ত্ত সেই ভিক্ষুজন বুদ্ধদেৱৰ দীক্ষাৰে দিক্ষিত আছিল যিজনক পৃথিবীৰ কোনো মায়া মোহে চুব পৰা নাছিল ।মোৰ যি সৌন্দৰ্য্যৰ বাবে সমস্ত বৈশালীয়েই নহয় ,বৈশালীৰ বাহিৰৰ পুৰুষেও মোক ভোগ কৰিব বিছাৰিছিল সেই সৌন্দৰ্য্য এজন বুদ্ধভিক্ষুৰ সংযম,ধৈৰ্য ,ধ্যান আৰু জ্ঞানৰ ওচৰত ম্লান পৰিছিল। সেই ভিক্ষুজনৰ পৰা মই উপলব্ধি কৰছিলোঁ সত্যক জানিবলৈ আৰু মোক্ষৰ পথ মই কেৱল আপোনাৰ চৰনতহে পাব পাৰিম ।আজি মইও আপোনাৰ চৰণত শৰণ ল’ব বিছাৰোঁ। মোৰ সমস্ত প্ৰসাদ আৰু আৰু সমস্ত সম্পত্তি মই ভিক্ষুসকলৰ বাবে দান কৰিলোঁ ।হে মাহাত্ম্য মোক আপোনাৰ চৰণত দীক্ষা প্ৰদান কৰক। মই আজি উপলব্ধি কৰিছোঁ যে যিজনে ভোজন কৰে তেওঁৰহে পেট ভৰে। গতিকে আপোনাৰ উপদেশ মই গ্ৰহণ কৰি সাধনা লাভ কৰিব বিছাৰিছোঁ;” আম্ৰপালীৰ এই কথা শুনি ভগৱান তথাগতে আম্ৰপালীক নিজৰ ধৰ্মৰে দীক্ষিত কৰিছিল আৰু কৈছিল অতীতক পাহৰি যোৱা ভবিষ্যতৰ কথা নাভাবিবা বৰ্তামনক আদৰি লোৱা।তোমাৰ অতীত যিমানেই কঠিন নহওক তাৰ কোনো মহত্ব নাই তুমি আকৌ সকলোবোৰ নতুনকৈ আৰম্ভ কৰা ।আম্ৰপালীয়েই প্ৰথম ভিক্ষুনী আছিল ইয়াৰ পিচতে স্ত্ৰীসকলক তেওঁ সংঘত স্থান দিছিল।আম্ৰপালী বুদ্ধ ভিক্ষুনী হৈ বৈশালীত বুদ্ধ ধৰ্মৰ প্ৰচাৰ চলাইছিল আৰু মহিলাসকলৰ সন্মান হকে বহুত কাম কৰিছিল।

*******

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection