Back to journal
Mridu

শ্ৰী মদভাগৱত গীতাৰ কথা

শ্ৰীমদভাগৱত গীতাৰ কথাৰে …🙏🙏🙏🙏🙏🙏🙏🙏

(অসমীয়ালৈ অনুবাদ কৰিবলৈ চেষ্টা কৰিছোঁ সময় পালে পঢ়িবছোন।)

‘জয় শ্ৰীকৃষ্ণ’

য়দা য়দা হি ধৰ্মস্য,

গ্লানিৰ্ভৱতি ভাৰত।

অভ্যুত্থানমধৰ্মস্ব

তদাত্মানম সৃজাম্যহম॥

পৰিত্ৰাণয় সাধুনম

বিনাশায় ছ দুস্কৃতানম।

ধৰ্মসংস্থাপনাৰ্থায়

সম্ভাব্যনি যুগে যুগে…॥

“যেতিয়াই ধৰ্ম নাশ হৈ অধৰ্ম বৃদ্ধি হয় তেতিয়াই মই মোৰ স্বৰূপ লৈ মনুষ্যৰ ওচৰত প্ৰকট হওঁ ।সাধুসন্তক উদ্ধাৰ কৰি, পাপীক নাশ কৰি,ধৰ্মক পুনৰ স্থাপন কৰিবলৈ মই যুগে যুগে জনম লওঁ।”

***** মনুষ্য এক বিচিত্ৰ প্ৰানী। নিজতকৈ দুৰ্বল মানুহক সদাই হেয় দৃষ্টিৰে চাই।উপহাস কৰি কয় তোৰ দ্বাৰা একো নহ’ব জীৱনত।ভবিষ্যত অন্ধকাৰ তোৰ। মনুষ্যৰ ওচৰত যেতিয়ালৈকে টকা পইচাৰে কিনি লোৱা সন্মান থাকে তেতিয়ালৈকে মনুষ্যই এই দম্ভালি মাৰে । তেওঁ পাহৰি যায় যে তেওঁতকৈও অস্তিত্বশালী কোনোবা আছে… সেইয়া হ’ল সময় বা কাল ।কালে নিজৰ চক্ৰ কেতিয়া বদলাই কোনেও ক’ব নোৱাৰে।সময়ে কেতিয়া লুটি বাগৰ মাৰে কোনেও ক’ব নোৱাৰে । কয়লাকো সময়ে হীৰালৈ পৰিবৰ্ত্তন কৰায়। গতিকে কেতিয়াও কাকো উপহাস কৰিব নাপায়। *****

images (25)_1566558471254

***** গৰ্ব ,অহংকাৰ,অভিমান একে যেন লাগিলেও একে নহয়।এই তিনিওটাৰে অৰ্থ বেলেগ আৰু ইয়াৰ পৰিণামো বেলেগ।কিন্ত্ত আৰম্ভণি একেই । প্ৰেমৰ পৰাই তিনিওৰে আৰম্ভণি।এই প্ৰেম হ’ল নিজক লৈ কৰা প্ৰেম।এই প্ৰেমে গৰ্বৰ জন্ম দিয়ে আৰু যাৰ বাবে গৰ্ব হয় সেই সফলতাই অভিমানৰ জন্ম হয়।আৰু ই লাহে লাহে অহংকাৰলৈ ৰূপান্তৰিত হয় ফলত সেই অহংকাৰে জীৱনলৈ কঢ়িয়াই আনে অন্ধকাৰ।কিন্ত্ত সমস্যা হ’ল ইয়াক কিদৰে জানিব পৰা যায় যে মোৰ অহংকাৰ হৈছে। ইয়াৰ উত্তৰ আমাক আমাৰ মনে দিব। যেতিয়া মনুষ্যই জানিব যে তেওঁতকৈ বেলেগক তেওঁ হেয় জ্ঞান কৰিছে তেতিয়াই জানিব যে তেওঁক ইতিমধ্যে অহংকাৰে গ্ৰাস কৰিছে। *****

**** নিজৰ জীৱনৰ ৰহস্যময় দুৰ্বলতাৰ কথা নিজৰ লগতে সদায় ৰাখিব লাগে। মনুষ্য যিমানেই শক্তিশালী নহওক কিয় তেওঁৰ দুৰ্বলতাৰ কথা না মিত্ৰই জানিব লাগে না শত্ৰুয়ে, কিয়নো এই দুৰ্বলতাই মানুহৰ নাশৰ কাৰণ হয়। যিদৰে ৰাৱনৰ অমৃত কুণ্ডৰ কথা বিভীষণে জানিছিল সেইবাবেই ৰামচন্দ্ৰই ৰাৱনক বধ কৰিবলৈ সফল হৈছিল। ****

images (24)_1566558464063

**** সাগৰৰ পানী যেতিয়া বাস্প হৈ যায় তেতিয়া তাক কোনেও দেখা নাপায় ফলত ডাৱৰে তাক আকোঁৱালি লয় আৰু লুকোৱাই ৰাখে কিন্ত্ত বায়ুয়ে যেতিয়া সেইবোৰ পৰ্বতলৈ লৈ যায় তেতিয়া পৰ্বতত ঠেকা খাই সেইবোৰ বৰষুণৰূপে পৃথিবীত পৰেহি।এইয়াযে নিয়তি । পানীক যি ধৰনেই ডাৱৰে লুকোৱাই নথওক কিয় সি আহি সাগৰতেই পৰিবই ঠিক সেইদৰে ‘সত্যক ‘আমি যেনেকৈয়ে মনৰ মাজত লুকোৱাই ৰাখো বাস্তবত সি এদিন ধৰা দিবই।গতিকে সত্যৰ পৰা পলায়ন নকৰি ,ইয়াক লুকোৱাবলৈ চেষ্টা নকৰি স্বীকাৰ কৰি ভবিষ্যতে হ’ব লগা গুৰুতৰ সমস্যাৰ পৰা আতঁৰি থকাই উচিত। ****

***** কিবা নহয় কিবা এটা দুৰ্বলতা প্ৰত্যক মনুষ্যৰ থাকে । জীৱনত কোনোবাই এজন পৰিপূৰ্ণ মনুষ্য লগ পাইছেনে যি সকলো ফালৰে পৰাই পূৰ্ণ।নাই পোৱা । কিন্ত্ত মনুষ্যই কি কৰে ? নিজৰ দুৰ্বল ৰূপটোক ধ্যান দিয়ে ফলত অন্তৰ দুখেৰে পূৰ্ণ হৈ পৰে।কিন্ত্ত কিছুমান ব্যক্তি এনেকুৱা আছে যি সেই দুৰ্বলতাক সৱল কৰিবলৈ উঠি পৰি লাগে । দুয়োৰে মাজত পাৰ্থক্য কি বাৰু?যিজনে মনত উদ্যম ৰাখে দুৰ্বল দিশটোক সৱল কৰি তুলিবলৈ তেওঁ পুৰুষাৰ্থৰ দ্বাৰা নিজকে প্ৰতিস্থা কৰে।দুৰ্বলতা জন্মতে থাকিলেও জীৱনৰ মৰ্য্যাদা মানুহৰ সৱল মনৰ দ্বাৰাহে লাভ কৰে। *****

**** ভবিষ্যতৰ দ্বিতীয় নাম সংঘৰ্ষ অৰ্থাৎ মনুষ্যই যেতিয়া জীৱনত কিবা নাপাই তেতিয়াই ভবিষ্যতে পূৰণ কৰাৰ কল্পনা কৰে ।কিন্ত্ত জীৱন না ভূতত থাকে না ভবিষ্যতত । জীৱনৰ অনুভৱ এই ক্ষণতেই থাকে। কিন্ত্ত এই সত্যক অস্বীকাৰ কৰি আমি অতীতৰ কথা স্মৰণ কৰোঁ আৰু নোপোৱাতোৰ বাবে ভবিষ্যতৰ যোজনা বনাওঁ আৰু বৰ্তমান যি উপভোগ কৰিব লাগে তাক পাহৰি পেলাওঁ। কেতিয়াও দেখা নোপোৱা ভৱিস্যতৰ পিছত দৌৰোতে দৌৰোতে এনেকৈয়ে এটা সুন্দৰ জীৱনৰ পৰিসমাপ্তি ঘটে। *****

**** জ্ঞানপ্ৰাপ্তি সদায় সমৰ্পণ দি হয়।এই সমৰ্পণ তেতিয়া হয় যেতিয়া সমস্ত অহংকাৰ ,ঈৰ্ষা ,মহৎ আকাঙ্ক্ষা আদিক বিসৰ্জন দি, হৃদয়ক শান্ত কৰি ,মনক জ্ঞান প্ৰাপ্তিৰ বাবে স্থিৰ কৰি একাগ্ৰ কৰিব পাৰোঁ।তাৰ বাবে গুৰুৰ ওচৰত যিয়েই শিক্ষা লোৱা হওক তেওঁৰ ওচৰত নিজকে সমৰ্পিত কৰি শিক্ষা গ্ৰহণ কৰিলেহে জ্ঞান প্ৰাপ্ত কৰিব পাৰি ।গুৰু ব্ৰক্ষ্মা ,গুৰু বিষ্ণু ,গুৰু দেৱা মহেশ্বৰা; গুৰু সাক্ষাত্ পৰমব্ৰহ্ম তসম্য শ্ৰী গুৰুৱেই নমঃ। ****

***** প্ৰতিটো কৰ্মই কাৰ্য কিন্ত্ত প্ৰতিটো কাৰ্য কৰ্ম নহয়। সকলোৱে কৰ্ম আৰু কাৰ্যৰ মাজত থকা পাৰ্থক্য জানিব লাগিব।যদি কৰ্মই ফলৰ আশা কৰি কাৰ্য কৰে তেনেহ’লে সেই কৰ্মক সকাম কৰ্ম বোলে। যেতিয়া কোনো কৰ্মই ফলৰ আশা নকৰাকৈ কাৰ্য কৰে তেনেহ’লে তাক নিস্কাম কৰ্ম বোলে।এই কৰ্মই মনুষ্যক বাৰে বাৰে জন্ম লবলৈ বাধ্য কৰায়। কিন্ত্ত প্ৰকৃততে কৰ্মই নহয় কৰ্মৰ ফলৰ আশাই মনুষ্য হক বান্ধি ৰাখে।যদি ফলৰ আশা নকৰি সুখ- দুখ , লাভ – লোকচান, জয়- পৰাজয়ৰ আশা নকৰি নিজৰ দায়িত্ব পালি নিস্কাম কৰ্ম কৰা হয় তেনেহ’লে এই জীৱনতেই সুখ প্ৰাপ্তি লাভ কৰিব পাৰিব।এইয়াই কৰ্ম যোগ।জীৱন কালত সকলোৱে কৰ্মযোগী হোৱা উচিত।******

****আমি কেৱল আত্মাহে।আমাৰ আত্মাত থকা শৰীৰ কেৱল মৃত্যুৰ আগমূহুৰ্তলৈকেহে । আত্মাই কেৱল শৰীৰ নামৰ যন্ত্ৰতোক ব্যৱহাৰ কৰে।বাকী সকলো মায়া। আত্মাক না অস্ত্ৰেৰে নাশ কৰিব পাৰে ,না অগ্নিয়ে জ্বলাব পাৰে ,না পানীয়ে নিৰ্মূল কৰিব পাৰে, না বতাহে শুকুৱাব পাৰে। আত্মা শৰীৰত অবস্থিত থাকিলেও শৰীৰৰ দৰে আত্মাৰ বিনাশ নহয় ।আত্মা সদায় অমৰ ,স্থিৰ ,সনাতন কেৱল এটা শৰীৰৰ ত্যাগ কৰি আন এটা শৰীৰ গ্ৰহণ কৰে। ****

SriKrishna.jpeg

***** মানুহৰ জীৱন জয় -পৰাজয়,সফলতা -অসফলতাৰ মাজত ঝুলি থাকে। আমাৰ জীৱনত আমি তেতিয়া আনন্দিত হওঁ যেতিয়া আমি কোনো কামত সফল হওঁ।আৰু অসফলতাত আমি দুখৰ সাগৰত ডুবি যাওঁ ।কিন্ত্ত বাস্তৱতে সফলতা আৰু অসফলতা কি?ই কেৱল আমাৰ মনৰ স্থিতি মাত্ৰ।আমি পৰাজয় তেতিয়া নহওঁ যেতিয়া শত্ৰু বিজয় হয়,আমি পৰাজয় তেতিয়াহে হওঁ যেতিয়া আমি পৰাজয় স্বীকাৰ কৰোঁ ।থিক তেনেদৰে আমি অসফল তেতিয়া নহওঁ যেতিয়া আমি লক্ষ্যত উপনিত হব নোৱাৰোঁ ,আমি অসফল তেতিয়া হওঁ যেতিয়া লক্ষ্যত উপনিত হোৱাৰ প্ৰয়াস কৰা বন্ধ কৰোঁ ।গতিকে প্ৰয়াস নকৰাকৈ হাৰ স্বীকাৰ কৰিব নালাগে আৰু এদিন লক্ষ কৰিলেই দেখা পোৱা যাৱ যে আমাৰ সফলতাই আকাশ চুইছে । *****

***** মনত ৰাখিব তেওঁহে আমাৰ সকলোতকৈ আপোন যিজন আমাৰ বিপত্তিত কাম আহে। আমাৰ সেইজনেই সকলোতকৈ আপোন যিজনে দুখৰ দিনত আমাক এৰি নাযায়। সুখৰ দিনত সকলো ওচৰতেই থাকে।সময় আহিলেহে আপোনজনক চিনাক্ত কৰিব পাৰি ।আপোনজনৰ লগত সময় কেনেকৈ পাৰ হৈ যায় বুজি পোৱা নাযায় । কিন্ত্ত সময়তহে প্ৰকৃত আপোনজনক লগ পোৱা যায়। *****

আগলৈ…

(ভুল হ’লে ক্ষমা প্ৰাৰ্থনৰে)

জয় ৰাধা জয় কৃষ্ণ


Priti Rekha Bora

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection