
১৮৪৮ চনত ‘অৰুনোদয় ‘সংবাদ পত্ৰ ( যিখনক অসমীয়া ভাষাৰ বাটকটীয়া বুলি ক’ব পৰা যায়)শিবসাগৰৰ মিছন প্ৰেছৰপৰা প্ৰকাশ পাইছিল। ড০ নাথান ব্ৰাউন চাহাবৰ সম্পাদনাত আমেৰিকান বাপ্টিষ্ট মিছনাৰী সকলৰ দ্বাৰা প্ৰকাশ পাইছিল;য’ত আনন্দৰাম ঢেকি্য়াল ফুকন ,গুণাভিৰাম বৰুৱা,চন্দ্ৰ কুমাৰ আগৰৱালা আদি বিখ্যাত অসমীয়াই তেওঁলোকৰ সাহিত্যৰ পাতনি মেলিছিল।কিন্ত্ত মিছন প্ৰেছে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে এই পত্ৰ প্ৰকাশ কৰিছিল যদিও ইয়াত আছিল বিভিন্ন খবৰৰ লগতে অসমীয়া গদ্যৰ প্ৰয়োভৰ।
অৰুনোদয়ে সৃষ্টি কৰিছিল অসমীয়া ভাষাৰ সাধকক লগতে পঢ়োয়ৈকো ।তাৰ পৰিপেক্ষিততে ‘আসাম বিলাসিনী’ ‘আসাম মিহিৰ’, ‘আসাম দৰ্পণ’,’আসাম দীপক’ ‘আসাম নিউজ’ ‘আসাম বন্ধু’, ‘ল’ৰা বন্ধু’ প্ৰথম অসমীয়া শিশু আলোচনী আদি প্ৰকাশিত হৈঅসমীয়া ভাষাক সবল কৰিছিল যদিও উক্ত আলোচনীকেইখন কম সময়তেই বিলুপ্ত হৈছিল।
হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাই কলিকতাত থকা কালছোৱাতে ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ স্থাপন কৰি তাত থকা অসমীয়া সকলক লৈ। উদ্দেশ্য আছিল পুৰণি অসমীয়া পুথি সংগ্ৰহ কৰি তাক প্ৰকাশ কৰা ; অসমৰ সকলো শিক্ষানুষ্ঠানত শুদ্ধ ব্যাকৰণ আৰু বৰ্ন বিন্যাসৰদ্বাৰা অসমীয়া ভাষাৰ প্ৰচলন ;সংস্কৃত ভাষাৰ লগতে ভাৰতৰ বিখ্যাত পুথিসমূহৰ অনুবাদ কৰি অসমীয়া সাহিত্যপ্ৰেমিক জাগ্ৰত কৰা ;অসমৰ সামাজিক আৰু ধাৰ্মিক নীতিনিয়ম সমূহক একত্ৰিত কৰি তাক জানিবলৈ দিয়া আৰু বুৰঞ্জীৰ অধ্যয়ন আৰু পাঠ্য পুথিৰ অভাৱ দূৰ কৰা অাদি।শিৱৰাম শৰ্মা বৰদলৈ আছিল এই সাধিনীসভাৰ প্ৰথম সম্পাদক।
১৮৮৯ চনত এই সভাৰ মূখপত্ৰ ‘জোনাকী’ আলোচনী প্ৰকাশ কৰিবলৈ মন কৰিছিল কিন্ত্ত সকলো ছাত্ৰ হোৱা বাবে আৰ্থিক সমস্যাই দেখা দিয়াত চন্দ্ৰ কুমাৰ আগৰৱালা আগ বাঢ়ি আহিছিল । সদস্যসমূহৰ মাজত চৰ্ত আছিল সকলোৱে জোনকীলৈ একোতাকৈ লিখনি আগবঢ়াব আৰু জোনাকীৰ দায়িত্ব ল’ব।যদি লিখা নিদিয়ে তেনেহ’লে ১৫ টকা জৰিমনা দিব লাগিব।দেৱকান্ত বৰুৱা ,কমলা কান্ত ভট্টাচাৰ্য ,পদ্মনাথ গোহাঞি বৰুৱা,সত্যনাথ বৰা ,অম্বিকাগিৰি ৰায়চৌধৰী,নলিনীবালা দেৱী,ৰঘূনাথ চৌধাৰী ,আনন্দ চন্দ্ৰ আগৰৱালা,কনকচন্দ্ৰ বৰুৱা আদি বিখ্যাত সাহিত্যিকসকলৰ অৱদানেৰে উজ্জ্বলি উঠিছিল অসমীয়া ভাষাক যোগমীয়া কৰাৰ প্ৰয়াসেৰে ‘জোনাকী’।জোনাকীয়ে সোণ-সেৰীয়া পোহৰেৰে অসমীয়া সাহিত্যক উজ্জ্বলাই তুলিলে।’জোনাকী’ পৃষ্টাতেই বেজবৰুৱাৰ লগতে বহু অসমীয়া মনিষীৰ সাহিত্য সাধনা আৰম্ভ হৈছিল বুলি ক’ব পৰা যায় । সেইবাবেই কোৱা হৈছিল’ জোনাকী যোগ’। গদ্য কবিতা, নাটক, চুটিগল্প, আত্মজীৱনী,ৰোমান্তিক লিখনি , সাধু আদি ন-ন সাহিত্য সৃষ্টিৰে অসমীয়া সাহিত্যৰ ভড়াল জোনাকীয়ে চহকী কৰিব ধৰিলে।
উল্লেখযোগ্য যে জোনাকীত আজিৰ দৰে সম্পাদকীয় পৃষ্টা নাছিল তাৰ ঠাইত আছিল ‘আত্মকথা’নামৰ এটি নিয়মীয়া শিতান য’ত সমাজৰ লক্ষ্য আৰু উদেশ্যৰ কথা আলোচনা কৰা হৈছিল।এই জোনাকী আলোচনীতে চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ প্ৰথম ‘ৰোমান্তিক কবিতা ‘বনকুৱঁৰী’প্ৰকাশ পাইছিল।হেমচন্দ্ৰ গোস্বামী দেৱৰ প্ৰথম অসমীয়া চনেট ‘প্ৰিয়তমাৰ চিঠি’ও এই জোনাকীতে প্ৰকাশ পাইছিল।বেজবৰুৱা দেৱৰ হাস্যৰসৰ বিখ্যাত লিখনি ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ও নিয়মিত ভাৱে জোনাকীত প্ৰকাশ পাইছিল।জোনাকীৰ প্ৰকাশক আছিল চন্দ্ৰ কুমাৰ আগৰৱালা।
কিন্ত্ত কেইগৰাকীমান ছাত্ৰই জোনাকী মূখপত্ৰৰ পৰা ওলাই ১৮৯০ চনত ‘বিজুলী’ প্ৰকাশ কৰে।বিজুলীৰ সম্পাদক আছিল কৃষ্ণ প্ৰসাদ দুৱৰা।‘বিজুলী’ৰ প্ৰথম সংখ্যাতে পদ্মনাথগোহাঁঞি বৰুৱাই ‘ভানুমতী’ উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ দুৱাৰ মুকলি কৰে।১৯০৩ চনলৈকে জোনাকী চলি বন্ধ হ’ল যদিও জোনাকীয়ে সৃষ্টি কৰি থৈ গ’ল অসমীয়া ভাষা সাহিত্যৰ সিংহ দুৱাৰ প্ৰতিষ্ঠা কৰা সাহিত্যিকৰ যাৰ অনুপ্ৰেৰণাত সৃষ্টি হ’ল আন এদল অনুৰাগীৰ।ৰোমাণ্টিক চেতনাৰে সাহিত্যৰ সৃষ্টি কৰি এচাম সাহিত্য অনুৰাগী অসমীয়া ৰোমান্টিক ধাৰাক সুউচ্চ শিখৰলৈ লৈ গ’ল।
১৯০৭ চনত তেজপুৰৰ পৰা প½নাথ গোহাঁই বৰুৱাৰ সম্পাদনাত ‘উষা’, ১৯০৯ চনত কলিকতাৰ পৰা বেজবৰুৱাৰ সম্পাদনাত ‘বাঁহী’ প্ৰকাশ হৈ ওলায়। ‘উষা’খন পাঁচ বছৰমান চলি বন্ধ হ’লেও ‘বাঁহী’ চল্লিশৰ দশকলৈকে প্ৰকাশ হৈ থাকে। এই দুখন আলোচনীয়েও অসমীয়া সাহিত্যক শক্তিশালী কৰে।
১৯০০ চনত প্ৰকাশ পাইছিল ‘আসাম বন্তি’য়ে। তাৰ পিচত কিছু অজ্ঞাত কাৰনত বন্ধ হৈ বহু বচৰৰ পিচত ‘বন্তি’ নামেৰে প্ৰকাশিত হৈ প্ৰায় চল্লিশ বছৰলৈ অসমীয়া সাহিত্যৰ চৰ্চা কৰিছিল।
১৯০৭ চনত তেজপুৰত পৰা প্ৰকাশ পাইছিল ‘উষা’নামৰ আলোচনীখন।সম্পাদক আছিল পদ্মনাভ গোহাঁঞি বৰুৱা কিন্ত্ত প্ৰায় পাঁচবছৰমান চলাৰ পিচত এইখনলো বন্ধ হৈছিল। ১৯০৯ চনত কলিকতাৰ পৰা সাহিত্যৰথী বেজবৰুৱাৰ সম্পাদনাত ‘বাঁহী’ প্ৰকাশ হৈ ওলায়। অসমীয়া সাহিত্যক শক্তিশালী কৰাৰ উদ্দেশ্য আগত ৰাখি বাঁহী আগবাঢ়ি গৈছিল।
১৯১০ চনৰ মে মাহত সপ্তম সংখ্যাত ‘বাঁহী’আলোচনী খনত ২১২ নং পৃষ্ঠাত ‘মোৰ দেশ’নামৰ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ গীততি কৃপাবৰ বৰুৱা নামত প্ৰকাশ হৈছিল ।সেই সংখ্যাতেই ‘চন্দ্ৰা ৰাধাৰ দন্দ’নামৰ আন এটি গীতো প্ৰকাশ পাইছিল একেই নামত।পিছত বেজবৰুৱা দেবৰ দ্বাৰা প্ৰকাশিত কদমকলিত পুনৰবাৰ প্ৰকাশিত হয় ।মোৰ দেশ গীতটি —
অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণী দেশ
এনেখন সুৱলা,
এনেখন সুফলা
এনেখন মৰমৰ দেশ।
অ’ মোৰ সুৰীয়া মাত
অ’ মোৰ সুৱদী মাত
পৃথিৱীৰ ক’তো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত।
অ’ মোৰ ওপজা ঠাই
অ’ মোৰ অসমী আই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই।
গভীৰ দেশাত্মবোধ আৰু জাতিৰ প্ৰেম নিহিত হৈ থকা মোৰ দেশ নামৰ গীতটোয়ে সেই সময়ত সকলোৰে দৃষ্টি আকৰ্ষন কৰিছিল ।
বনফুলৰ কবি যতিন্দ্ৰ নাথ দুৱৰা দেৱৰ মতে এই গীতটি পোনপ্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ জৰ্জ স্কুলৰ উদ্বোধনী আনুস্ঠানত। গীতটোৰ সুৰ দিছিল শিক্ষক তাৰাপ্ৰসাদ চক্ৰৱৰ্তীয়ে । পিছতেই শিল্পী প্ৰফুল্ল চন্দ্ৰ বৰুৱা দেৱে নতুনকৈ সুৰ দি ডিব্ৰুগড়ত হোৱা অসম সাহিত্য সভাত এই গীতটি গোৱাইছিল । সেই সুৰতেই বহু দিন চলিল যদিও কমলা প্ৰসাদ আগৰৱালাই সুৰ দিয়া ‘অ মোৰ আপোনাৰ দেশে ‘ অসমৰ ইমুৰৰ পৰা সিমুৰলৈ সকলোৰে হৃদয় জিনি তোলপাৰ লগাইছিল।কমলা প্ৰসাদ আগৰৱালাৰ এই সুৰকেই ৰেকৰ্ডো কৰা হৈছিল ।
এই সংগীত জাতিৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক।কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই “কৃপাবৰী ৰচনা” সৃষ্টি কৰি অসমীয়া জাতীয় সাহিত্য সংস্কৃতিত গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি, হাস্যৰসাত্মক লেখক, সমালোচক লগতে এজন সমাজ সংস্কাৰক হিচাপে অসমীয়াৰ
হৈ অসমীয়া সাহিত্যৰ সোণালী সৌধ নিৰ্মাণ কৰিলে
১৯২৯ চনত জমিদাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ প্ৰচেষ্টাত কলিকতাৰ পৰা প্ৰকাশ পায় ‘আৱাহন’। দীননাথ শৰ্মাৰ সম্পাদনাত ১৯৭৬ চনলৈকে প্ৰকাশ হৈ থকা আৱাহন হ’ল অসমীয়া সাহিত্য জগতৰ এক নৱযুগ। অসমীয়া সাহিত্যৰ ইতিহাসত পোনপ্ৰথমবাৰ চুটি গল্পই আৰু গল্পকাৰে অধিক মাত্ৰাত আত্মপ্ৰকাশ কৰি এটা যুগৰ সূচনা কৰে। এই সময়চোৱাতে অৰ্থাৎ ১৯২৬ চনত অসম সাহিত্য সভাৰ মুখপত্ৰ ‘অসম সাহিত্য সভা পত্ৰিকা’ই তিনি-মাহৰ মূৰে মূৰে প্ৰকাশ হৈছিল বাবে সৃষ্টি হৈছিল বিভিন্ন অনুৰাগী আৰু সাহিত্যিকৰ।
তাৰোপৰি অন দুখন শক্তিশালী আলোচনী আছিল ‘জয়ন্তী’ সমংপাদক আছিল ৰঘুনাথ চৌধাৰীৰ আৰু আনখন আছিল হেম বৰুৱাৰ সম্পাদনাত ‘পচোৱা’। আধুনিক কবি আৰুকবিতাৰ ধাৰাক আগুৱাই নি এই দুয়োখন আলোচনীয়েই অসমীয়া কাব্য জগতক শক্তিশালী কৰি নতুনত্ব প্ৰদান কৰিছিল।
১৯৫০ চ
নৰ পৰা ১৯৮০ চনলৈ আছিল ৰামধেনুৰ যুগ। ইন্দ্ৰকমল বেজবৰুৱাৰ সম্পাদনাত ‘ৰামধেনু’য়ে অসমীয়া সাহিত্যলৈ আনিছিল নৱ জাগৰণ ।অসমীয়া বিশিষ্ট অসমীয়া সাহিত্যিক সকলৰ সম্পাদনাত সৃষ্টি হৈছিল ন ন প্ৰতিভা অাৰু ন ন সৃষ্টিশীল কৰ্মৰাজি ।
১৯৭৫ চনত চন্দ্ৰ কমল শইকীয়াৰ সম্পাদনাত অসম প্ৰকাশন পৰিষদৰ মুখপত্ৰ ‘প্ৰকাশ’ প্ৰকাশ পাইছিল।
৮০ দশকৰ আন এক উল্লেখযোগ্য আলোচনী হ’ল ১৯৮১চনত প্ৰকাশিত ড০ ভবেন্দ্ৰনাথ শইকীয়াৰ সম্পাদনাত ‘প্ৰান্তিক’। ‘প্ৰান্তিক’ৰ প্ৰচেষ্টাহ’ল বিষয়বস্তুৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি নতুন লেখক-লেখিকাসক লিখিবলৈ অনুপ্ৰেৰণা যোগাইছে সেয়েহে হয়তু আবাহনৰ পিছতেই এই ‘প্ৰান্তিকে’ও এক যুগৰ সূচনা কৰিব।
Image sources:
a) arunudoi: commons.wikimedia.org/wiki/File:Arunodoi.jpg
b) prantik: en.wikipedia.org/wiki/File:Prantik.jpg
Priti Rekha Bora
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.