
“মাতৃ দিৱস “উপলক্ষ্যে সকলো আইলৈ হিয়াভৰা শুভেচ্ছা জনালোঁ
১৩/০৫/২০১৮
“মা” তোমাৰ সমান হ’ব কোন
“মা ” থুনুক-থানাক মাতেৰে যেতিয়া তোমাক মাতিছিলো ,
ফেকুৰি ফেকুৰি যেতিয়া তোমাৰ মূখখন বিছাৰি আছিলোঁ ,
তোমাৰ আঙুলিত খামুচি যেতিয়াই পৃথিবীৰ সকলো সুখ পাইছিলো ,
তোমাৰ হাতেৰে ফুচুলাই খুৱাই দিয়া সেই ভাতখিনিৰ মধুৰতা…..
কাহানিও নাপাহৰোঁ
😇😇😇😇😇
নপঢ়িলে ভৰিত দিয়া সেই কোবকিটা….
তপত কপালৰ সেই ওত্তপ্ত শৰীৰত যেতিয়া মৰমৰ হাতখনৰ পৰশ লাগিছিল ,
সেই ওত্তপ্ত শৰীৰেও অনুভৱ কৰিছিল তোমাৰ ভালপোৱা……..
মই জানো তুমি কিমান যে উজাগৰী নিশা কটায়,
যাদুকৰী নিচুকনি গীতেৰে মোৰ টোপনি নথকা চকুযোৰিলৈ টোপনি নমাই আনিছিলা ,
তোমাৰ ওলাই অহা চকুপানীত লুকাই আছিল কষ্টপোৱা সন্তানৰ যন্ত্ৰণা …
ভোকত কলমলাই থকাৰ আগতেই যেতিয়া খোৱাৰ যোগাৰ কৰি থৈছিলা ,
সন্ধিয়া হাত ভৰি ধোৱাই খেলি দুখ পোৱা জেগাবোৰত যেতিয়া মৰমৰ মলম লগাই দিছিলা,
॥উঃ মা তুমি যে অভিমান কৰিবও পাহৰি থাকিলা ।
তোমাৰ এটি মিঠা পৰশতেই সৃষ্টি হয় সমস্ত ভালপোৱা
তোমাৰ কোলাত নাইকীয়া হয় সকলো যাতনা ,
ভৰি পৰে শীতলতা..
তোমাৰ হাঁহি থকা মূখত নিথৰ হয় দুখৰ যান্ত্ৰণা
তোমাৰ কোলাতেই পালোঁ ধুনীয়া পৃথিবীৰ মাদকতা ।
🙏মা তোমাৰ
দুখনি হাত
সদায় এনেকেয়ে আমাৰ ওপৰত ৰাখিব দিবা ..
তোমাৰ দুখনি চৰন চুই
আমাক আগুৱাই যাৱ দিবা
তোমাৰ কোলাত যেন সদায় অনুভৱ কৰিবলৈ পাওঁ সেই শীতলতা
তোমাৰ মমতাৰ আঁচলৰ হৃদয়ৰ প্ৰতিটো কোঠালিতেই যেন সদায় এনেকৈয়ে পোৱা আমাৰ হৃদয়ৰ বতৰা ।
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.