Back to journal
Mridu

দেউতালৈ মৰমেৰে

Dewta-in-office01

” Happy Fathers’ Day ” to all Wonderful Father

১৭/০৬/২০১৮

দেউতালৈ

দেউতা গধূলি আপুনি অনা বাদামৰ টোপোলা কিটালে বৰ মনত পৰিছে আজি
হেৰাই যাব মন গৈছে
শৈশৱৰ সেই দিনবোৰলৈ …
চাইকেলত ঘূৰাই লৈ ফুৰা সেই দিনবোৰ …
পথাৰ , মাটি , মেল , মিটিং , ভাওনা , নাট ..
কিনকিনিয়া বৰষুনত
নৈ পাৰত ৰৈ বৰশীত মাছ ধৰাৰ আনন্দ ..
প্ৰকৃতিৰ এটি এটি শোভাসৰ লগত মোক চিনাকি কৰাই দিয়া সেই অনুভূতিবোৰ ..
ৰ’দৰ তাপত আপুনি মূৰত বান্ধি দিয়া সেই ৰুমালখনৰ ছাঁত আজিও মই শীতলতা অনুভৱ কৰোঁ …
সন্ধিয়া পাঁচটা বজাত আজিও এক শিহঁৰণ আনুভৱ কৰোঁ …
“অফিচৰ পৰা দেউতা আহিব আমালৈ কিবা আনিব”…
এতিয়াও আপুনি মোলৈ আগবঢ়াই দিয়া টোপোলাটোত বিচাৰোঁ সেই বাদামৰ সোৱাদ ….
পৃথিৱীৰ হাজাৰ সমস্যা পাৰ ভাঙি যাওঁ
আপোনাৰ এটি কন্ঠত…
“আহিবিচোন আজি ক’থা এটা আছে”
জানো আনি থোৱা ভাল পোৱা বস্ত্তবোৰেৰে এসাজ তৃপ্তিৰে খোৱাৰ সুখ অকনমান বিচাৰিছে আপুনি ….
ৰঙাচকুত ত্রিভূৱন দেখা পোৱা সেই ভিতৰৰ মানুহজনক
মই ভালকৈয়ে চিনি পাওঁ ….পিটিবলৈ ধৰা
সেই এচাৰিডালৰ ধাৰ সেই বাঁহৰ খোটাতেই শেষ হৈছিল ,
সকলোকে সন্ত্তষ্ট কৰি কৰি.
মুচিটোৰ ওচৰত গজাল মাৰি লোৱা আপোনাৰ চেন্দেলযোৰৰ কথা মনত পৰি এতিয়াও বুকুখন বিষাই দেউতা …
আপুনি আজিও আমাৰ শক্তি দেউতা
এতিয়াও মনৰ কথা পঢ়িবপৰা মানুহজন আপুনি দেউতা ..
দৌৰি যাওঁ আপোনাৰ ওচৰত কোনেও নজনা বহু কথাৰ উত্তৰ বিচাৰি
এতিয়াও আপোনাৰ সানিধ্যতহে যেন বিচাৰি পাওঁ মোৰ পৃথিবীৰ সমস্ত প্ৰশ্নবোৰৰ উত্তৰ ।

–প্ৰীতি ৰেখা বৰা

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection