Back to journal
Mridu

ৰাম জনমভূমিৰ ইতিহাস সোঁৱৰি…

৫২৪ চনত শ্ৰীৰাম চন্দ্ৰৰ জন্মভূমি অযোধ্যাৰ ৰাম মন্দিৰত বাবৰি মজজিদ বনোৱা হৈছিল। মোগল সাম্ৰাজ্য প্ৰতিস্থা হোৱাৰ আগতে তাত প্ৰভু শ্ৰীৰামচন্দ্ৰৰ পূজা অৰ্চনা কৰা হৈছিল।

বাবৰৰ নাম আছিল জহিৰ উদ্দিন মহম্মদ । তেওঁ ফাৰগানা ঘাটিৰ আন্দিজ্ঞান নামৰ ঠাই (বৰ্ত্তমান উজবেকিস্তান)ৰ পৰা ভাৰতলৈ আহিছিল। দেউতাক ওমৰ শেখ মিৰ্জা সেই ঠাইৰ শাসক আছিল।বাবৰে ভাৰতবৰ্ষক মুঠতে পাঁচ বাৰ আক্ৰমণ কৰিছিল আৰু ১৫২৬ চনৰ পানিপথৰ যুব্ধত দিল্লীৰ চুলটান ইব্ৰাহিম লোডীক হত্যা কৰি দিল্লীৰ প্ৰথমজন মোগল বাদশাহ হৈছিল। কোৱা হয় যে তেওঁ নিজৰ আত্মজীৱনী লিখিছিল ।সেইখন বহু বছৰৰ পিছত পাইছিল আৰু সেই আত্মজীৱনী ‘বাবাৰনামা’ (Baburnama) ৰূপে ইতিমধ্যে জনজাত হৈছে। বাবৰনামাৰ ১৮ বছৰৰ ৰেকৰ্ড নষ্ট হোৱাৰ বাবে তাত বাবৰি মজজিদ সম্পৰ্কে একো পোৱা নগৈছিল।

মীৰ বাকী (Mir Baqi) আছিল ছিয়া সম্প্ৰদায়ৰ লোক। তেওঁ আছিল বাবৰৰ সেনাপতি। এই মীৰেই মন্দিৰৰ মাজত মজজিদ বনাই হিন্দু মানুহৰ মনত আঘাত দিছিল। এওঁলোক ভাৰতলৈ আহিছিল উজবেকিস্তানৰ পৰা।মজজিদত খোদিত কৰা শিলাখণ্ডৰ পৰা জনা যায় যে বাবৰৰ আদেশতে মীৰে মজজিদ বনোৱাইছিল তেতিয়াৰপৰাই বাবৰি মজজিদ বুলি জনা গৈছিল।‍

মোগল সাম্ৰাজ্যৰ পতনৰ পিচত ইংৰাজৰ শাসন কালত ১৮১৮ চনত পোন প্ৰথমে বাবৰি মজজিদ সম্পৰ্কে হিন্দু সংঘঠনে প্ৰতিবাদ কৰিছিল। ১৮৫৫ চনৰ ইংৰাজৰ অফিচিয়েল ৰেকৰ্ডত এই সম্পৰ্কে পোৱা গৈছে। ১৮৫৩ চনত আৰোপ লগোৱা হৈছিল যে এই মজজিদৰ ঠাইত হিন্দু ৰাম মন্দিৰ আছিল আৰু মীৰ বাকিয়ে এই মন্দিৰ ভাঙি বাবৰি মজজিদ বনাইছিল।গতিকে তাত মন্দিৰৰ গঠন কৰিবলৈ অনুমতি দিব লাগে।

১৮৫৯ চনত এই ভূমি লৈ হোৱা হিন্দু মুছলমানৰ হিংসাত্মক বিবাদত ইংৰাজে একেখিনি ঠাইত হিন্দু আৰু মুছলমানক বেলেগ বেলেগকৈ প্ৰাৰ্থনা কৰিবলৈ অনুমতি দিছিল।

১৮৮৫চনত পোন প্ৰথম বাৰ মঠৰ মূখ্য পূজাৰী ৰঘুবৰ দাসে ফৈজাবাদৰ আদালতত চমন জাৰি কৰিছিল যে তাত ৰাম মন্দিৰ বনাবলৈ অনুমতি দিব লাগে কিন্ত্ত তেওঁৰ দলীলত এইটো নাছিল যে বাবৰি মন্দিৰৰ গম্বুজৰ তলত মন্দিৰ বনাব। ন্যায়াধীশ পণ্ডিত হৰিকৃষ্ণই আকৌ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয় বুলি ইয়াক খাৰিজ কৰে।তাৰ পিছত ৰঘূবৰ দাসে জিলা আদালত অাৰু পিছত তেওঁ জুডিচিয়েল কমিচনাৰৰ ওচৰত এপিল কৰে । জুডিচিয়েল কমিচনাৰ সেই সময়ৰ মহামান্য উচ্চ ন্যায়লয় আছিল।কিন্ত্ত মহামান্য কমিচনাৰ ডব্লিঅ জংগে ক’লে যে যিহেতু আগৰ ন্যায়াধীশে সম্পূৰ্ণকৈ চালিজাৰি চাইহে ৰায় দিছে গতিকে তেওঁও একেটা কথা কৈ খাৰিজ কৰিলে ।

১৯৪৯ চনৰ ২২ ডিচেম্বৰত বাবৰি মজজিদৰ ভিতৰত শ্ৰী ৰামচন্দ্ৰৰ মূৰ্তি পোৱাত মুছলমানসকলে তাত নামাজ পঢ়িবলৈ বন্ধ কৰে আৰু দুয়োপক্ষই আদালতলৈ যোৱাত চৰকাৰে তাত তলা লগাই বন্ধ কৰি দিয়ে।

১৯৫৯ চনৰ ১৬ জানুৱাৰীত গোপাল সিং বিশাৰদে তাত ৰামচন্দ্ৰৰ পূজা অৰ্চনাৰ বাবে মহামান্য আদালতৰ কাষ চাপে। সেই বছৰতেই ৫ ডিচেম্বৰত মঠৰ প্ৰধান পৰমহংস ৰামচন্দ্ৰ দাসে বাবৰি মজজিদত শ্ৰীৰামচন্দৰ মূৰ্তি ৰাখিবলৈ মুকদমা কৰে।

সেই সময়তে নিৰ্মোহি আখ’ৰাই বিবাদপূৰ্ণ ঠাইখিনি হস্তান্তৰ কৰিবলৈ মহামান্য আদালতত আবেদন জনায়। ১৯৫৯ত নিৰ্মোহি আখাৰে বিবাদিত ঠাইত তেওঁ লোকৰ মালিকিস্বত্বৰ হক আছে বুলি জনায়।তাকে দেখি উত্তৰ প্ৰদেশৰ চুন্নী ৱাকফ বৰ্ডেও তেওঁলোকৰ মালিকীস্বত্বৰ বাবে আদালতৰ কাষ চাপে।

বিবাদিত সেই ঠাইত যে কেৱল হিন্দু মুছলমানৰ মাজতহে বিবাদ হৈছিল তেনে নহয় ১৯৪১ চনৰ পৰা ১৯৪৭ চনলৈকে ছিয়া আৰু চুন্নীসকলৰ মাজত বাবৰি মজজিদ লৈ কাজিয়াৰ সূত্ৰপাত হয়। ছিয়াসকলৰ ৱাকফ বৰ্ডৰ মতে বাবৰি মজজিদত কেৱল তেওঁলোকৰ হক আছে আৰু চুন্নীসকলৰ ৱাকফ বৰ্ডৰমতে তেওঁলোকৰ। ফলত এই কাজিয়া দুয়ো ফইদৰ ৱাকফ বৰ্ডৰ (Wakf council) মাজত হয়। এই বৰ্ড ইছলামসকলৰ এক উল্লেখযোগ্য বিষয়। এই বৰ্ডত ভাৰতবৰ্ষৰ ইছলামসকলৰ বিভিন্ন সম্পত্তি,অট্টালিকা,সংস্থান আদিৰ ৰক্ষণাবেক্ষণ আৰু লগতে কেনেদৰে ইয়াক ব্যৱহাৰ কৰা হৈছে তাক চাবলৈ এজন অধ্যক্ষ আৰু ২০জন সদস্য থাকে।তেওঁলোকক কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়ে তেওঁলোকে চল আৰু অচল দুয়োটা সম্পত্তিৰ তত্ত্বাবধান কৰে। ১৯৬‍১ ত চুন্নী ৱাকফ বৰ্ডে বাবৰি মজজিদ পাবলৈ মুকদমা দাখিল কৰে।

১৯৮৪ চনৰ ১ ফেব্ৰুবাৰি । বিশ্ব হিন্দু পৰিষদে বাবৰি মজজিদৰ তলা খুলি তাত ৰাম মন্দিৰ প্ৰতিস্ঠা কৰিবলৈ সেই ঠাইত এক বিশাল আয়োজন কৰে আৰু তাৰ বাবে বিভিন্ন কমিটিও গঠন কৰে। ৰাম জনমভূমি মুক্তি সমিতি ।ফলত ফৈজাবাদৰ আদালতে হিন্দুক সেই মন্দিৰত পূজা কৰিবলৈ অনুমতি দিয়াত বাবৰি মজজিদৰ তলা খোল খালে যদিও কট্টৰ মুছলমানসকলৰ বিৰুধ প্ৰদৰ্শনে তাত বাবৰি মজজিদ একছন কমিটি গঠন কৰে।

১৯৯০চনৰ ২৫ ডিচেম্বৰত সেই সময়ৰ বিজেপিৰ অধ্যক্ষ লাল কৃষ্ণ আদৱানিৰ নেতৃত্বত গুজৰাটৰ সোমনাথ মন্দিৰৰ পৰা অযোধ্যা লৈকে ৰথযাত্ৰা উলিয়াই।ভাৰতীয় জনতা পাৰ্টিয়ে বিশ্ব হিন্দু পৰিষদলৈ সমৰ্থন আগ বঢ়াই আৰু বি এচ পিৰ নেতা দৈবকীনন্দন আগৰৱালাই ৰামমন্দিৰ সপক্ষে মুকদমা দাখিল কৰে আৰু মজজিদৰপৰা নাতি দুৰৈত শিলান্যাস বনায়।

হাজাৰ হাজাৰ কাৰ্যকৰ্তাই ইয়াত যোগদান কৰে ফলত গুজৰাট, কৰ্নাটক, উত্তৰপ্ৰদেশ ,অন্ধপ্ৰদেশ, আদিত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয় ।বিহাৰত লালো প্ৰসাদে, লাল কৃষ্ণ আদৱানি ৰথ যাত্ৰা ৰড কৰি তেওঁক গ্ৰেপ্তাৰ কৰে ফলত হিংসা আৰু তীব্ৰতৰ হৈ পৰে।সেই সময়তেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰপৰা অযোধ্যাৰ ৰাম মন্দিৰ বনাবলৈ হাজাৰ হাজাৰ ইটা পঠায়।আদৱানিক গ্ৰেপ্তাৰ কৰাৰ ফলত ভাজপাই ভি পি সিংৰ সমৰ্থন উঠাই লয়।ইফালে ক্ষুব্ধ কাৰসেৱকসকলে( যিসকলে কেৱল মন্দিৰত সেৱা আগবঢ়াই) বাবৰি মজজিদৰ গম্বুজৰ ওপৰত উঠি ৰামচন্দ্ৰৰ পতাকা উত্তোলন কৰে । ফলত পুলিচে গুলিবৰ্ষণ কৰে আৰু কেইবাজনো কাৰসেৱক মৃত্যু মূখত পৰে।সেই সময়ত মুলায়ম সিং যাদৱৰ চৰকাৰে এই গুলিবৰ্ষন কৰিবলৈ অনুমতি প্ৰদান কৰিছিল।

১৯৯১ চনত কল্যান সিং চৰকাৰে ইয়াৰ কাষৰ প্ৰায় ২.৭৭ একৰ মাটি দখল কৰে। ৬ ডিচেম্বৰ ১৯৯২ চনত ৰাম মন্দিৰ কাম কৰিবলৈ বাবৰি মজজিদৰ নিৰ্মান ভাঙি দিয়ে আৰু তাত অস্থায়ী ৰাম মন্দিৰ স্থাপন কৰে। এম এছ লিব্ৰাহনৰ নেতৃত্বত এই সম্পৰ্কে এখন আয়োগ বনাই আৰু ১৯৯৪ চনত এলাহাবাদ কৰ্টত বিছাৰ আৰম্ভ হয়। ১৯৯৭ চনত এই আয়োগে বাবৰি মজজিদ ভাঙাৰ বাবে ৪৯ জন লোকক দোষী সাব্যস্ত কৰে।

২০০১ চনত বিশ্ব হিন্দু পৰিষদে ৰামজনমভূমিত ২০০২ চনত ৰাম মন্দিৰ প্ৰতিস্থা কৰিব বুলি প্ৰচাৰ আৰম্ভ কৰে। অটল বিহাৰী বাজপেয়ে অযোধ্যা সমিতি গঠন কৰি শত্ৰুঘ্ন সিন্হাক দুয়োপক্ষৰে নেতাসকলৰ লগত কথা পাতিবলৈ অনুমতি দিয়ে। সেই দিনা আছিল ২৭ ফেব্ৰুবাৰি। বিশ্ব হিন্দু পৰিষদে ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ একজোট হৈ উভতি যাওঁতেই গুজৰাটৰ গোধৰা স্টেচনত সাৱৰমতি এক্সপ্ৰেছত অতি নিকৃষ্ট কাণ্ড সংঘটিত হয়।

২০০৩ মাৰ্চ মাহত পুৰাতত্ত্ব বিভাগক বাবৰি মজজিদ খান্দিবলৈ অনুমতি প্ৰদান কৰে। তেওঁলোকে মন্দিৰৰ খননকাৰ্যত পোৱা বস্ত্তবোৰে মন্দিৰ থকাৰ প্ৰমান দিয়ে কাৰণ তাৰ স্থাপত্য কলা ভাৰতীয় আছিল। মোগল শ শ বছৰৰ পিছতহে ভাৰতলৈ আহিছিল। কিন্ত্ত প্ৰতিবাৰেই লিব্ৰাহিন আয়োগে ৰাম মন্দিৰ নিৰ্মাণ কাৰ্য কাম নাকচ কৰে।

২০১০ চনত বিবাদিত ভূমিক এলাহাবাদ হাইকৰ্টৰ লক্ষ্ণৌ পীঠে তিনতা ভাগত বিভক্ত কৰি ৰায় দান কৰে। তাৰে এটা ৰাম মন্দিৰ এটা চুন্নী ৱাকফবৰ্ড আৰু আনটো নিৰ্মোহি অখাড়েক দিয়ে।

২০১১ত আকৌ চুপ্ৰিম কৰ্টে এই ৰায়ৰ ওপৰত বাধা আৰোপ কৰে । এটা কথা উল্লেখ কৰিব লাগিব যে চিয়া ৱাকফ বৰ্ডৰ অভিযোগ খন্দন হোৱাৰ পিছতেই ২০১৭ত চিয়া ৱাকফ বৰ্ডৰ চেয়াৰমেন ৱাছিম ৰিজৱীয়ে যোগী আদিত্য নাথক লগ কৰি কয় যে সেই ভূমিত কেৱল ৰাম মন্দিৰহে বনাব লাগে কাৰণ সেই ঠাই ৰামচন্দ্ৰৰ জন্মভূমি ।

২০১৮ চনৰ ২৯অক্টোবৰ ত চুপ্ৰিম কৰ্টে অতি সোনকালে এই ভূমি বিবাদ আৰু ৰাম মন্দিৰৰ ৰায়দান দিবলৈ আদেশ দিয়ে।

এই আদেশমৰ্মে ৯ নভেম্বৰত ২০১৯ত চুপ্ৰিম কৰ্টে এক ঐতিহাসিক ৰায় প্ৰদান কৰে। সৰ্বসন্মতি ক্ৰমে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মান কৰা হ’ব আৰু চুন্নী ৱাকফ বৰ্ডক নতুন মজজিদ নিমৰ্মানৰ বাবে ৫ একৰ মাটি বেলেগত দিয়া হ’ব। কিয়নো তেওঁলোকে প্ৰমান দিয়াত অসমৰ্থ হৈছিল।

এই ৰায়দানৰ লগত জড়িত আছিল অসম গৌৰৱ, অসমী আইৰ সুযুগ্য সন্তান মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈ লগতে আন চাৰিজন ন্যায়াধীশ ক্ৰমে শৰদ অৰবিন্দ ব’বৰে, ধনঞ্জয় যশুবন্ত চন্দ্ৰচূড়, অশোক ভূষন আৰু এচ. অব্দুল নজীৰে ।

এই সম্পৰ্কে চলা মুকদমাত চুন্নী ৱাকফ বৰ্ডৰ ফালৰপৰা ওকালতি কৰে ৰাজীৱ ধৱনে। যিজনে কপিল চিব্বালৰ ওচৰত ওকালতি শিকিছিল আৰু অত্যন্ত তীক্ষ্ণ বুদ্ধি সম্পন্ন ধৱনে চুন্নী ৱাকফ বৰ্ডৰ বাবে ৰাম মন্দিৰৰ নক্সা মূখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ সন্মূখত ফালি পেলাই ভাৰতবৰ্ষৰ সকলোৰে দৃষ্টি আকৰ্ষন কৰিছিল। আনহাতে ৰামললা বিৰাজমানৰ ফালৰপৰা ওকালতি কৰিছিল পদ্ম বিভূষণ কে পাৰাছৰনে। ৯২ বছৰিয়া পাৰাছৰনক ইণ্ডিয়ান বাৰ এচ’চিয়েচনৰ ‘পিতামহ’ বুলি কোৱা হয়। মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে বয়সস্থ পাৰাছৰনক থিয় হৈ কষ্ট পাই বুলি শুধিছিল আপুনি বহি মোকদমা কৰিবনে ? তেতিয়া তেওঁ গগৈক ধন্যবাদ জনাই কৈছিল কৰ্টত থিয় হৈ মোকদমা কৰাৰ নিয়ম আৰু মই এই নিয়ম মানি চলিম।

**মোকদমা চলি থকাৰ সময়ত তেওঁক ন্যায়ধীশ অশোক ভূষনে শুধিছিল জন্মস্থান এজন ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰি কেনেকৈ দিব পাৰি? মূৰ্তি ৰ বাহিৰে বাকী বস্ত্ত বোৰক কেনেকৈ প্ৰমান হিচাপে লব পাৰি তেতিয়া তেওঁ ৠগ বেদৰ উদাহৰণ দি কৈছিল সূৰ্যক দেৱতা বুলি কৈ ভগৱানৰ ৰূপ দিছে কিন্ত্ত তেওঁৰ কোনো মূৰ্তি নাই। কিন্ত্ত দেৱতা হোৱাৰ বাবেই তেওঁ আইনৰ হাতৰ পৰা সাৰি যাব নোৱাৰে। বেদ, স্কন্ধ পুৰানত উল্লেখিত ৰামচন্দ্ৰ সম্পৰ্কীয় শ্লোকৰ ব্যৱহাৰ কৰি তাৰ অৰ্থ সকলোৰে আগত ব্যক্ত কৰি ৰাম জনমভূমিৰ অস্তিত্বৰ কথা উল্লেখ কৰিছিল আৰু তাক উলংঘণ কৰাৰ ক্ষমতা কাৰো নাছিল। নাছোড়বান্দা কে পাৰাচৰনে আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল অযোধ্যাত ৰাম মন্দিৰ ভাঙি মজজিদ বনাইছিল আৰু ইয়াত প্ৰায় ৬০টা মান মজজিদ আছে। মুছলমান সমুদায়ে যিকোনো এটাত নামাজ পঢ়িব পাৰে কিন্ত্ত হিন্দুৰ বাবে এইখন ৰামচন্দ্ৰৰ জন্মভূমি আৰু আমি তেখেতৰ জন্মস্থান সলাব নোৱাৰোঁ।**

৪৯১ বছৰীয়া ৰাম মন্দিৰৰ ঐতিহাসিক ৰায়দানৰ বাবে অসম সন্তান ৰঞ্জন গগৈৰ নাম সদায় সোনোৱালী আখৰেৰে লিখা থাকিব লগতে আন ছাৰি জন ন্যায়ধীশৰ নাম। কে পাৰাচনক হয়তু সকলো হিন্দুয়ে মনৰ কোণত সোমোৱাই আশিস দিব। লালকৃষ্ণ আদৱানীৰ অৱদান আৰু প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ কষ্টই আজি পূৰ্ণতা পালে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰখনৰ বাবেও ই হয়তু সম্ভৱ হৈ উঠিল। কাৰণ প্ৰভূ ৰামচন্দ্ৰৰ প্ৰতি থকা গভীৰ আস্থা সকলোৰে অভিমান। সকলোৰে শিৰাই শিৰাই ৰাম নাম।

শেষত এখন নতুন ভাৰতৰ আশাত অপেক্ষা কৰোঁ সকলোৱে যাতে হ’ব লগা নতুন ভাৰতে উঠি অহা যুৱপ্ৰজন্মৰ আশাৰ সপোনবোৰ বাস্তৱত ৰূপায়িত কৰক তাৰে কামনা কৰিলোঁ।

প্ৰীতি ৰেখা বৰা

সহকাৰী অধ্যাপিকা


Priti Rekha Bora

Assistant Professor

Nagaon, Assam

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection