তেওঁ আন কোনো নহয় তেওঁ
#হিমন্ত বিশ্ব শৰ্মা #
আগবেলাতে তেজপুৰ তাৰ পিছত বৰপেটা , মিটিং ,সংবাদমেল , এন এইচ এম তাৰ পিছত আকৌ জি এইম চি এইচ ঘূৰি তৎপৰতাৰে সকলো সময়ত অসমবাসীৰ ওচৰত ঠিয় দিয়া মন্ত্ৰীগৰাকীয়েই হ’ল হিমন্ত বিশ্ব শৰ্মা ।
তেওঁক যিমানেই সমালোচনা নকৰক কিয় আজি বহুদিনৰ আগতেই উপলব্ধি কৰিছিলো তেওঁৰ ৰাজনৈতিক দক্ষতা।অসমৰ ইমুৰৰ পৰা সিমুৰলৈ ঘূৰি ঘূৰি নিৰ্বাচনৰ প্ৰচাৰ চলোৱা হিমন্ত বিশ্ব শৰ্মাক কোনে পাহৰিব? কেৱল অসমেই নহয় সমগ্ৰ উত্তৰ পূবত গেৰুৱা দলক শক্তিশালী কৰাত হিমন্ত বিশ্ব শৰ্মাৰ ভুমিকাক কোনেও নুই কৰিব নোৱাৰে । তাৰোপৰি লোকসভা নিৰ্বাচনতো ১৭ টা সমষ্টিত বিজেপিক জয়ী কৰাৰ অন্তৰালত আছিল এই শক্তিশালী মন্ত্ৰীজন।
সমালোচনা কৰিবলৈ মানুহক এক মিনিটো সময় নালাগে কিন্ত্ত তেওঁ কৰা কামসমূহক আমি প্ৰশংসা কৰিবলৈ দিদ্বাবোধও কৰিব নালাগে ।বিত্ত বিভাগেই হওক বা স্বাস্হ্য বিভাগেই হওক আমি সকলোৱে যেন তেওঁৰ বাবেই অপেক্ষা কৰোঁ।গড়কাপ্টানি আৰু শিক্ষা বিভাগৰ কথা নকওঁ সকলোৱে নিজেই উপলব্ধি কৰোঁ । বহুত দিনৰ আগতে যোৱা চৰকাৰী হস্পিতাল আৰু আজিৰ চৰকাৰী হস্পিতালৰ মাজত থকা পাৰ্থক্য দেখি নিজৰে ভাল লাগে । বাকী আমাৰ দোষ কাৰণ আমি নিজৰ দৰে চৰকাৰী বস্ত্তৰ যত্ন লবলৈ টান পাওঁ যাৰ ফলত হস্পিতাল , দলং, ৰাস্তা ঘাট য’তে যি পাওঁ লেতেৰা কৰি যাওঁ ।
আজি গোটেই পৃথিৱী স্তব্ধ।কৰ’নাৰ ভয়াবহ সংক্ৰমনত আজি বিধ্বস্ত পৃথিৱী। স্বাস্হ্য মন্ত্ৰী হিচাপে তেওঁৰ দায়িত্ববোধ বহুত বেছি।তেওঁ এই দায়িত্ববোধক সন্মান জনাইছো।আজিৰ এই ক্ষণত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ ক’ৰনাৰ বিৰুদ্ধে ৰাইজক সজাগ হবলৈ দিয়াৰ ওপৰিও প্ৰতিখন মেডিকেল কলেজলৈ গৈ পৰ্যাপ্ত সুবিধাৰ বুজ লোৱাটো ধেমালি নহয় ।ৰাতিপুৱাৰ পৰা মাজৰাতিলৈকে এইদৰে দৌৰি ফুৰা এই মন্ত্ৰীজন শলাগৰ পাত্ৰ নহয়নে?
তেখেতৰ এই নিষ্ঠাৰ বাবেই ইণ্ডিয়ান এক্সপ্ৰেছ কাকতখনে এটা সমীক্ষাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাৰতৰ শক্তিশালী ব্যক্তিৰ তালিকাখনত ৫৬ তম স্থান দিছিল ।দেখি ভাল লাগহিছিল যে তেলেংগাৰ মুখ্যমন্ত্ৰী চন্দ্ৰ শেখৰ ৰাও , ৰতন টাটা , অমিতাভ বচ্চন , লোকসভাৰ অধ্যক্ষ ওম বিৰলা , শৰদ পাৱাৰ , আদি নামী দামী ব্যক্তিৰ স্থান তেওঁৰ তলত আছিল।তাৰোপৰি আজিকালিৰ ভাৰতবৰ্ষৰ প্ৰায় বিয়াগোম ছেনেলকেইটাও সঘনে হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰিবলৈ নাপাহৰে।কাৰণটো কি আমি সকলোৱে জানো তেওঁৰ ৰাজনীতিৰ দক্ষতা, দায়িত্ববোধ আৰু বুদ্ধিদীপ্ততা।প্ৰতিটো কামতে তেওঁৰ দায়িত্ববোধক সকলোৱে অনুভৱ কৰিছোঁ।
সচাঁ কথাত তেওঁ যথেষ্ট কষ্ট কৰি তেওঁৰ প্ৰতিটো বিভাগতেই দায়িত্বশীলতা পৰিচয় দিছে। আমাৰ ভাৰতবৰ্ষ যিহেতু উন্নত দেশ নহয় গতিকে অসমৰ দৰে কৃষি প্ৰধান ৰাজ্যবোৰত স্বাস্হ্যবিভাগবোৰ অতি পুতৌজনক কিন্ত্ত তেওঁ বহুত কষ্ট কৰি এই বিভাগটোক বহুখিনি টনকিয়াল কৰিছে ।বহুতৰ বাবে এই মন্ত্ৰীজন ‘কালান্তক’ যাৰ বাবে বহুতেই ভয় কৰে ।তেওঁ বহু সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দুও হৈ পৰিলেও বহু গভীৰ সংকটৰ মূহুৰ্তত সমগ্ৰ অসমবাসীয়ে বাট চাই ৰওঁ তেওঁলৈ। তেওঁৰ এটি আস্বাসত আমি সকলোৱে সস্তিৰ নিস্বাস এৰোঁ।গোটেই দিনটো অসমৰ ইফালৰপৰা সিফালে দৌৰি ৰাতি এপৰৰলৈকে জি এইম চি এইচত থাকি সকলো বুজ লোৱা এই মন্ত্ৰীজনে তেওঁৰ প্ৰতিটো বিভাগৰ প্ৰতি থকা দায়িত্ব সচেতনতা ,দক্ষতা আৰু বুদ্ধিদীপ্ততাত আকৌ এবাৰ সমগ্ৰ অসমবাসীৰ ওচৰত প্ৰমান কৰি দিলে যে সচাঁকৈয়ে আমাৰ সৌভাগ্য কাৰণ প্ৰতিটো বিপদত আমি তেওঁক ওচৰতে পাওঁ ।কিন্ত্ত তেখেতেও নিজ স্বাস্হ্যৰ প্ৰতি সচেতন থাকক এইয়া এক অনুৰোধ মোৰ ।
কিন্ত্ত এই সময়ত আমি সকলোৱেই চৰকাৰক সহযোগ কৰিব লাগিব ।কেৱল হিমন্ত বিশ্ব শৰ্মাৰ এই দায়িত্ব নহয় ।পৰিয়ালৰ লগত জিৰণি লৈ থকা বেলেগ বেলেগ বিভাগৰ সকলো মন্ত্ৰী , এম এল এ সহায় কৰক ।
ভোট বিছাৰি ঘৰে ঘৰে যোৱা বাকীসকলকো কৈছো সকলোৱে নিজ নিজ সমষ্টিত এই দায়িত্ব পালন কৰা হেতেন আজি বহু মানুহ সজাগ হৈ উঠিলহেতেন ।চৰকাৰৰ কামক সমালোচনা নকৰি ,মানুহৰ মাজত ভুল ধাৰণাৰ সৃষ্টি নকৰি, আহিব লগীয়া ভয়ংকৰ সংকটক ৰোধ কৰিবলৈ চেষ্টা কৰক । এই কামত টকা নাই কিন্ত্ত ‘মানুহে মানুহৰ বাবে’ বুলি কাম কৰক। এইয়াই মানৱ সেৱা ।কৰ’না নামৰ মহামাৰিকলৈ ৰাজনীতি নকৰি সকলোৱে সহযোগ কৰোঁ আহক । সকলো ধৰ্মৰ উৰ্ধত মানৱ ধৰ্ম ।
প্ৰীতি ৰেখা বৰা
৯০৮৫০৯৮১২
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.