জীৱন নামৰ ৰঙ্গমঞ্চ
মই ভাল নাপাওঁ মৰিশালিসদৃশ সেই হস্পিতালৰ নিশাৰ গভীৰতা
অশৰীৰী প্ৰেতাত্মাই যেন মোৰ পিছালৈ উন্মাদ নৃত্যৰে নুপুৰৰ ধ্বনি তুলিছে ।
পিচফালে ঘূৰিলেই দীঘল
বেকাঁতেৰা ক’ৰিডৰটোৱে
ভয় লগাকৈ মোলৈ চাই
বুকু কপাঁই দিয়ে ।
দ্ৰুতিৰে সময় দৌৰিছে মাথো
দোভাগ নিশাৰ গভীৰ নিৰ্জনতাক নেওচি
কাণত কম্পন তুলিছে ঘড়ীটোৰ টিক টক
টিক টক শব্দই ।
কাষৰ কোঠালিৰ পৰা ভাঁহি অহা গেঙনিত
অলপ সময়ৰ বাবে যেন সকলো স্থবিৰ হৈ পৰে
স্টেচাৰৰ শব্দই বুকুৰ ভিতৰখন হাঁহাকাৰ কৰি
তোলে ,
শব্দবোৰক বাধা দিবলৈ লোৱা গাৰুটোৱেও যেন সেই সময়ত মোক প্ৰতাৰণা কৰে ।
জ্বলি থকা চাকিগছিৰ ওচৰত মৌনতাৰ প্ৰাৰ্থনাইও অবশেষত হাৰ মানে
আকন্ঠ কাকুতিয়েও
বিধতাৰ লিখনক সলাব নোৱাৰে ।
কোনো আত্মীয়ক হেৰুৱাৰ বেদনাত
নিগৰি অহা পানীখিনিয়ে
স্মৃতিৰ জলঙনি তুলি থৰ থৰকৈ কঁপাইছে
শোকাগ্নি হৈ পৰা সিহঁতবোৰক সমবেদনা দিবলৈ হৃদয়ে আজি দিগ বিদিগ হেৰুৱাই পেলাইছে ।
সুখৰ হেঙুলীয়াবোৰ বুটলি থাকোতে কেতিয়ানো দূখবোৰে কলিজাত
সংগোপনে আসন পাতি বহি হৃদয়ৰ ৰঙীনতাবোৰ
সলনি কৰি পেলাই
কোনেও গমেই নাপাই ।
ৰঙীন জীৱনৰ বাটত
বিধিয়ে বাধাৰ প্ৰাচীৰ তুলি
পৰিস্থিতিক মিতিৰালি কৰি
কিমান যে খেলিছে খলাবমাৰ নিৰৱ খেলা ৷
কাৰোবাৰ উজ্জ্বলি থকা মুখখনে মনলৈ প্ৰশস্তি আনে
দুহাত যোৰি ধন্য হৈ
আনন্দৰ বন্যা নিগৰি অহা চকুযুৰিলৈ চাই
চিকিৎসকজনেও স্বস্তিৰ নিঃস্বাস পেলাই।
ৰুগাগস্ত জীৱন যুদ্ধত যুঁজি যুঁজি জীয়াই থকাৰ প্ৰৱল হেপাহে হয়তু সৰ্বস্বান্ত হৈ
কঙালৰ ৰূপ লৈও
স্বপ্নময় মধুৰ সপোনত
বুকুতে শিল বান্ধি
মৃত্যুক জিনাৰ হেপাহত চকুত লৈ ফুৰে হাজাৰ সপোন ।
কোন মই ;কোন তুমি ;
সকলো একেই পথিক
পিছল বাটত নিমিষতে
ভাঙিব হিয়া
বুকুৰ ধপধপনি থকালৈকেহে
ধমনিত শোণিতৰ ধাৰা ধাৱমান
নিচিদ্ৰ দোৱাৰখনৰ সিফালে
ৰৈ আছে মাথো কেৱল ছাই
সকলো একেই থাকিব
মাথো নাথাকিব সেই আত্মা ৰূপী শৰীৰ
থাকিব এগচি চাকি জ্বলি
যেতিয়ালৈকে স্মৃতিৰ বুকুত
জীয়াই থাকিম মই বা তুমি ।
প্ৰীতি ৰেখা বৰা
২২/১০/১৮
Priti Rekha Bora
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.