Back to journal
Mridu

*** স্বাধীন ভাৰতৰ কিছু অপ্ৰিয় সত্য কথা ***

মহাত্মা গান্ধীৰ বিছাৰধাৰাৰ প্ৰতি আগ্ৰহী হৈ চৰ্দাৰ বল্লভ ভাই পেটেলে ১৯১৭ চনত গুজৰাটত হোৱা খেড়া আন্দোলনত যোগদান কৰিছিল । বৰষুণৰ অভাৱত গুজৰাটৰ খেড়াত খৰাঙৰ প্ৰভাৱত খেতিপথাৰ চিৰাল ফাট দিছিল ।কিন্ত্ত ইংৰাজে সকলোকে কৰ দিবলৈ বাধ্য কৰোৱাৰ ফলত খেতিয়কসকলৰ দুৰ্দশাৰ লগৰীয়া হৈ পেটেলে ইংৰাজক কৰ দিব নোৱাৰে বুলি ‘ ন’টেক্স কেম্পেন’ বুলি আন্দোলন কৰিছিল। লণ্ডনত বেৰিস্টাৰি শিক্ষাৰে শিক্ষিত পেটেলে ইংৰাজৰ বিপক্ষে যি আন্দোলন কৰিছিল তাত ইংৰাজে বাধ্য হৈ গুজৰাটৰ খেড়াৰ বাসিন্দাসকলক টেক্সৰ পৰা ৰেহাই দিছিল।

ইয়াৰ পিছতে তেওঁ বিদেশী বস্ত্ত বৰ্জণ কৰি স্বদেশী বস্ত্তক ব্যৱহাৰ কৰিবলৈ গান্ধীজীৰ অসহযোগ আন্দোলনত জপিয়াই পৰি মহাত্মা গান্ধীৰ লগত দাণ্ডি যাত্ৰালৈকে সহযোগ কৰিছিল। লাহে লাহে বল্লভ ভাই পেটেলৰ গুণ গৰিমা সমগ্ৰ ভাৰতেই বিয়পি পৰিব ধৰিলে।চাইমন কমিচনৰ বিপক্ষে যেতিয়া বাৰড’লী সত্যাগ্ৰহত তেওঁ মূখ্য ভূমিকা গ্ৰহণ কৰি কৰৰ বিৰুদ্ধে জনসাধাৰনক জাগ্ৰত কৰি আন্দোলনৰ নেতৃত্ব লৈছিল তেতিয়া ভাইচৰয়ে কৰৰপৰা খেতিয়কসকলক ৰেহাই দিবলৈ বাধ্য হৈছিল।তেওঁৰ প্ৰেৰণা আৰু সহযোগ লাভ কৰি বাৰড’লী জনতাই উৎসাহ পালে আৰু সস্তি নিস্বাস এৰিলে । বল্লভ ভাই পেটেলক তেওঁৰ এই দৃঢ় মনোভাবৰ বাবে বাৰড’লী জনতাই ‘চৰ্দাৰ’বুলি মাতিছিল আৰু জনগণে তেওঁক চৰ্দাৰ পেটেল বুলি মাতিছিল।তেওঁৰ নেতৃত্ব ইমান বলিষ্ঠ আছিল যে তেওঁৰ খ্যাতি সমগ্ৰ ভাৰতবৰ্ষতেই বিয়পি পৰিছিল। আহমেদাবাদৰ নিগম অধ্যক্ষ নিৰ্বাচনত তেওঁ ক্ৰমে ১৯২২,১৯২৪,১৯২ত জিকিছিল। তাৰ পিছতেই গুজৰাট কংগ্ৰেছ কমিতিৰ অধ্যক্ষ পদত ১৯৪৫ চনলৈকে অধিষ্ঠিত আছিল।

স্বাধীন ভাৰতৰ সপোন দিঠকত পৰিনত হ’বলৈ আগবঢ়াৰ লগে লগে কংগ্ৰেছত স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমখন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া পূৰ্ণ ৰূপত চলিবলৈ ধৰিলে লগতে সকলোৰে দৃষ্টি নিবন্ধ আছিল অধ্যক্ষ পদৰ ওপৰতো। কাৰণ যিজন অধ্যক্ষ হ’ব তেওঁৱেই প্ৰধানমন্ত্ৰী হ’ব।

ছয় বছৰৰ পৰা অধ্যক্ষ পদৰ নিৰ্বাচন নোহোৱাৰ বাবে মৌলানা কালাম আজাদ কংগ্ৰেছৰ অধ্যক্ষ পদত অধিষ্ঠিত আছিল কাৰণ ভাৰত ত্যাগ আন্দোলনৰ বাবে বেছিভাগ কৰ্মীয়েই জেলত আছিল তাৰোপৰি ভাৰতবৰ্ষত সঘনাই সংঘঠিত হোৱা ঘটনাৰাজিয়ে নিৰ্বাচনৰ বাবে এক সুস্থ পৰিবেশ গঠন কৰিব পৰা নহৈছিল।

১৯৪৬ চনত যেতিয়া চৰকাৰ গঠনৰ প্ৰস্ত্ততি চলিছিল তেতিয়া ১৯৪৫ৰ ২৯ এপ্ৰিলত অধ্যক্ষ পদৰ বাবে নমিনেচন দিয়াৰ শেষ তাৰিখ আছিল।সেই সময়ৰ কংগ্ৰেছৰ প্ৰায় সকলো নেতা পালিনেতা সকলোৱে বিছাৰিছিল লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী হওক।সেই সময়তেই মহাত্মা গান্ধীয়ে জনাই দিছিল যে তেওঁ জৱাহৰলাল নেহেৰুকহে কংগ্ৰেছৰ অধ্যক্ষ পদৰ বাবে সমৰ্থন আগবঢ়াইছে । কিন্ত্ত আছৰিত কথা যে তেওঁৰ সমৰ্থন থকাৰ সত্তেও ভাৰতবৰ্ষৰ আন কংগ্ৰেছৰ সমৰ্থন জৱাহৰলাল নেহেৰুৱে পোৱা নাছিল । সেই সময়ৰ ১৫খন ৰাজ্যৰ ১২খন ৰাজ্যয়ে চৰ্দাৰ বল্লভ ভাই পেটেলক কংগ্ৰেছৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰিব বিছাৰিল আৰু বাকী ৩খন ৰাজ্যই দাবীদাৰ সকলৰ কাকো বিছাৰা নাছিল। গতিকে ১২খন ৰাজ্যৰ সমৰ্থন বল্লভ ভাই পেটেলৰ বাবে বহুত আছিল। সেই ক্ষোভত হয়তু নেহেৰুৱে বেলেগ পাৰ্টি গঠন কৰিব বুলি গান্ধীজিক জনাইছিল বুলি সকলোৱে ভাবিছিল।মহাত্মা গান্ধীৰ ইমান দিনৰ পৰিশ্ৰম অথলে যাব বুলি ভাবি তেওঁ ৰাজনীতি কৰি কথা বিষম দেখি জে বি কৃপনালীক কৈছিল যে যেনেকৈৱে নহওক,কাৰ্যসমিতিৰ কিছুসংখ্যক সদস্যক জৱাহৰলাল নেহেৰুক সমৰ্থনৰ বাবে সৈমান কৰিব লাগে।কংগ্ৰেছৰ সংবিধানৰ বিৰুদ্ধে গৈ কেৱল মাত্ৰ জৱাহৰলাল নেহেৰুক সমৰ্থন আগবঢ়াবলৈ গান্ধীজীৰ ৰণকৌশলৰ বাবে কৃপনালীয়ে কেইজনমান কংগ্ৰেছী নেতাক জৱাহৰলাল নেহেৰুক সমৰ্থন দিবলৈ সৈমান কৰিছিল। এজন দক্ষ প্ৰশাসক হোৱাৰ ক্ষমতা থকাৰ সত্বেও মহাত্মা গান্ধীয়ে পেটেলক প্ৰধানমন্ত্ৰী হ’বলৈ দিয়া নাছিল ।এই কথাৰ বাবে বহু কংগ্ৰেছৰ লগত মহাত্মা গান্ধীৰ মতবিৰোধ হৈছিল।তাৰ ফলত মহাত্মা গান্ধীয়ে চৰ্দাৰ বল্লভ ভাই পেটেলক লগ ধৰি অধ্যক্ষ পদৰ নিৰ্বাচনৰ পৰা দুৰৈত থাকিবলৈ নিৰ্দেশ দিছিল। সদাই গান্ধীজীৰ বিছাৰধাৰাক উচ্চ আসনত বহোৱা পেটেলে সেই দিনাও তেওঁৰ আদৰ্শক অগ্ৰাধিকাৰ দি কংগ্ৰেছৰ একতা অটুত ৰখাৰ বাবে মনোনয়ন পত্ৰ দিয়াৰ পৰা বিৰত আছিল। ৰাজেন্দ্ৰ প্ৰাসাদ দেবে যেতিয়া শুনিছিল যে পেটেলক মনোনয়ন পত্ৰ দিয়াৰ পৰা গান্ধীজীয়ে দুৰৈত ৰাখিছিল তেতিয়া তেওঁ কৈছিল যে গান্ধীজীয়ে পুনৰ এবাৰ ভাৰতবৰ্ষৰ এজন বিশ্বাসযোগ্য সেনানীৰ বলি দিলে।

ভাৰতবৰ্ষত পেটেলৰ কূটনীতিক চানক্যৰ লগত তুলনা কৰা হৈছিল ।কূটনীতিজ্ঞ পেটেল স্বাধীন ভাৰতৰ প্ৰথম উপপ্ৰধান মন্ত্ৰী আৰু প্ৰথম গৃহ মন্ত্ৰী আছিল।তেওঁৰ দৃঢ় নীতিগত আদৰ্শৰ বাবে তেওঁক লৌহপুৰুষ বুলি কোৱা হৈছিল।ইংৰাজে ভাৰতত পোণ প্ৰথমে Indian Civil Service আৰম্ভ কৰিছিল যদিও ভাৰতীয় প্ৰশাসনিক সেৱা Indian administrative service আৰম্ভ কৰে বল্লভ ভাই পেটেলে।

১৯৩০ চনত যেতিয়া ৰাজেন্দ্ৰ প্ৰসাদ, চৰ্দাৰ বল্লভ ভাই পেটেল,মৌলানা আজাদ ,নেহেৰুৰ নেতৃত্বত আইন অমান্য আন্দোলন গঢ়ি উঠিছিল তেতিয়া মহম্মদ আলি জিন্নাই সেই আন্দোলনক সৰ্ব ভাৰতীয় হিন্দু আন্দোলন বুলি আখ্যা দি বিভিন্ন মন্তব্যৰে মুছলমানসকলক উত্তেজিতকৰি বেলেগকৈ আন্দোলনৰ নেতৃত দি সাম্প্ৰদায়িক ভেঁটি ৰছনা কৰিছিল কেৱল ৰাজনীতি মুনাফাৰ বাবে । সেই সময়তেই মুছলমান কবি মহম্মদ ইকবালে উত্তৰ পশ্চিম প্ৰান্তত সিন্ধু ,বলুচুস্তান, পাঞ্জাৱ,আৰু আফগানিস্তান মিলাই আন এখন ৰাজ্যৰ দাবী তুলি জিন্নাৰ লগ লাগে।উল্লেখ যোগ্য যে এই কবি মহম্মদ ইকবালেই ‘সাৰা জাহাঁ সে অচ্ছা হিন্দুস্তান হামাৰা’ গীতটি (কবিতা) লিখিছিল ।ইয়াৰ পিছতেই চৌধৰী ৰহমত আলিয়ে পাকিস্তান নামেৰে আন এখন পৃথক ৰাষ্ট্ৰ হ’ব বুলি মুছলমান সম্প্ৰদায়ৰ মাজত প্ৰচাৰ আৰম্ভ কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰে।

১৯৪৬ চনত কেবিনেত মিছনৰ পৰিকল্পনাত হোৱা নিৰ্বাচনত কংগ্ৰেছে বিপুল ভোটত জয় লাভ কৰাৰ ফলত জিন্নাই প্ৰত্যক্ষ সংগ্ৰাম আহ্বান কৰি ভয়াবহ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰে। এই সাম্প্ৰদায়িক সংঘৰ্ষ ইমান ভয়াবহ আছিল যে ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰিবলৈ বাধ্য হৈছিল।১৯৪৭ চনত লৰ্ড মাউন্ট বেটেন ভাৰতলৈ আহে আৰু কংগ্ৰেছ আৰু লীগৰ লগত আলোচনা কৰি ভাৰতক দ্বিখণ্ডিত কৰি ভাৰত প্ৰজাতন্ত্ৰ আৰু পাকিস্তান নামেৰে দুয়োখন ৰাষ্ট্ৰৰ সীমা নিৰ্ধাৰণ কৰি১৯৪৭ চনৰ ১৪ আগষ্টত পাকিস্তান আৰু১৪ আৰু ১৫ আগষ্টৰ মাজনিশা ‘ভাৰত’নামেৰে ‘ভাৰতীয় স্বাধীনতা আইনৰ ‘অধীনত জন্ম দিয়ে। মহাত্মা গান্ধীয়েও এইটো হোৱাই বিছাৰিছিল ।এই বিভাজনত ভাৰতে পাকিস্তানক ৭৫কোটি টকা দিব লাগিব বুলি কৈছিল ২০ কোটি দিয়া হৈছিল যদিও ২৭ অক্টোবৰত কাশ্মীৰখন নিজৰ কৰিবৰ বাবে সীমাত ভয়ংকৰ আক্ৰমন চলাই ফলত সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু গৃহ তথা উপ প্ৰধান মন্ত্ৰী পেটেলে আৰু ভাৰত চৰকাৰে বাকী ৫৫কোটি নিদিয়ে বুলি মত প্ৰকাশ কৰে। এই কথাত গান্ধীজীয়ে ভাৰত চৰকাৰৰ বিৰুদ্ধে অন্নশন আৰম্ভ কৰে। এই অন্নশনে কোটি কোটি ভাৰতীয়ৰ অন্তৰত আঘাত হানে ।ইয়াৰ ভিতৰত এজন ভাৰতীয় আছিল নাথুৰাম বিনায়ক গডচে।নাথুৰাম বিনায়ক গডচেও আছিল গান্ধীজীৰ নীতি আদৰ্শৰে পৰিপুষ্ট এজন ভাৰতীয়।তেওঁ যেতিয়া মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰাত সন্মতি দিছিল তেতিয়া তেওঁৰ সেই আদৰ্শত মুছলমান প্ৰীতিৰ বাবে গডচে আচৰিত হৈছিল।সেই সময়ত পাকিস্তানৰ অংশত পৰা হিন্দুসকলৰ বাবে গান্ধীজীয়ে কোনো ব্যৱস্থা কৰিবলৈ পদক্ষেপ গ্ৰহণ নকৰাত গডচে ক্ষুন্ন হৈছিল। পাকিস্তানত হিন্দু নাৰীসকলৰ ওপৰত হোৱা অমানুষিক অত্যাচাৰ, শিখসকলৰ হত্যা আদিত গান্ধীয়ে নিৰৱতা অবলম্বন কৰাত গডচে একপ্ৰকাৰ ক্ষোভৰ দাৱানলত জ্বলিছিল ।পাকিস্তানৰপৰা ট্ৰেইনত হিন্দু সকলৰ মৰাশবোৰ পঠাই দিয়া হৈছিল ফলত তাৰ পৰা হিন্দুসকলে প্ৰাণৰ ভয়ত পলায়ন কৰিছিল। নাথুৰামে এই কথাত বিৰোধ কৰাত তেওঁক ভাৰতত হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ ওলাইছে বুলি তেওঁক কেইবাবাৰো দণ্ডিত কৰিছিল। মহাত্মা গান্ধীয়ে বিছাৰা নাছিল যে এই সম্পৰ্কে ভাৰতবৰ্ষৰ চোকে কোনে মানুহে জানক।মোৰাজী দেশায়ে দিয়া ন্যায়িক ভাষনতো প্ৰায় ৯০০ টা গোচৰ সন্মুখত আহিছিল। তেওঁ বহুত চেষ্টা কৰিছিল যদিও শান্তিপূৰ্বভাবে এইবোৰ কাম কৰিবলৈ সুযোগ কংগ্ৰেছে দিয়া নাছিল।কিন্ত্ত কাশ্মীৰৰ সেই ঘটনাত যেতিয়া গান্ধীজীয়ে অন্নশণ কৰিলে তেতিয়া গডচেৰ ক্ষোভে চৰম সীমা পাইগৈ ।তেওঁৰ অন্নশনৰ প্ৰতিটো চৰ্তই ভাৰতবাসীৰ সপোনৰ অগোচৰ আছিল । মানুহে ভাবিছিল যে গান্ধীজীৰ প্ৰকৃততে হৈছে কি ?আমৰন অন্নশনত বহিব বুলি কৈ তেওঁ দিল্লীৰ মজজিদ মন্দিৰত আশ্ৰয় লোৱা হিন্দু শৰনাৰ্থীক তাৰ পৰা উলিয়াই দি পাকিস্তানলৈ পঠিয়াই দিবলৈ ভাৰত চৰকাৰক হেঁচা দি চৰ্ত পুৰা কৰিছিল। সেই সময়ত গডচে দিল্লীতেই আছিল।গডচে দেখিছিল ভয়ংকৰ ঠাণ্ডাত কঁপি কঁপি শৰণাৰ্থীসকলে নিজৰ কুতুম্বক এৰি কান্দিকাটি বলিয়া হৈ সেই মজজিদসমূহ খালি কৰি দিছিল আৰু বিৰলা হাউচত ধৰ্ণা দি মহাত্মা গান্ধীক ভিক্ষা খুজি ভাৰতত থাকিবলৈ জেগা বিছাৰিছিল।সেই দৃশ্যই ভাৰতবাসীৰ চকুলোৰে কেৱল পানী নিগৰিছিল।গডচেৰ প্ৰশ্ন আছিল যে ভাৰতৰ মজজিদসমূহৰ পৰা শৰনাৰ্থীসমূহক উলিয়াবলৈ যিদৰে গান্ধীয়ে অন্নসন কৰিছিল ঠিক সেইদৰে পাকিস্তানত থকা মন্দিৰবোৰত শৰনাৰ্থীসকলক ৰাখিবলৈ তেওঁ অন্নশনত কিয় বহা নাছিল। পাকিস্তানত নগ্নকৰা মহিলাসকলৰ বাবে গান্ধীয়ে কিয় অন্নশন কৰা নাছিল?পাকিস্তানত থকা হিন্দু মন্দিৰবোৰ হিন্দুসকলক সমৰ্পন কৰিবলৈ কিয় কোৱা নাছিল।ভাৰতবৰ্ষৰ বিভাজন প্ৰকৃত ভাৰতবাসীয়ে নিবিচাৰা সত্বেও তেওঁ কিয় জিন্নাৰ কথাত সন্মতি দিছিল ?হিন্দু শৰনাৰ্থীসকলৰ কোনো ব্যবস্হা নকৰি সেই দুৰ্যোগত তিল তিলকৈ মৰিবলৈ কিয় দিছিল?কংগ্ৰেছে তেতিয়া গান্ধীৰ বিনা একো কিয় একো কৰা নাছিল।গান্ধীজীৰ সন্মতি অবিহনে আনকি ইংৰাজেও ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰিব পৰা সাহস নাছিল।

চৰ্দাৰ বল্লভ ভাই পেটেলক জৱাহৰলাল নেহেৰুৱে সাম্প্ৰদায়িক নেতা বুলি কোৱাৰ বাবে দুয়োজনৰ মাজত শীতল যুদ্ধ তুংগত আছিল।সেইবাবে তেওঁ নেহেৰুৰ লগত কথা নাপাতে বুলি মনস্ত কৰিছিল। । গান্ধীজীয়ে সেই কথা গম পাই পেটেলক মাতি পঠাইছিল।১৯৪৮ চনৰ ৩০ জানুৱাৰীত পেটেল তেওঁৰ জীয়েকৰ লগত প্ৰায় ৪ বজাত গান্ধীজিৰ লগত মিটিং কৰিছিল। ফলত আন দিনাতকৈ সেইদিনা সন্ধিয়া প্ৰাৰ্থনালৈ যোৱাত গান্ধীজীৰ ১৫ মিনিত পলম হৈছিল । ৫:১৫ বজাত প্ৰাৰ্থনালৈ যাওঁতে গডচেয়ে প্ৰথমে গান্ধীজীৰ ভৰি চুই সেৱা কৰে আৰু তাৰ পিচতেই নিচেই ওচৰৰ পৰা গান্ধীজীক তিনিজাঁই গুলি মাৰি হত্যা কৰিছিল । গডচে তেওঁৰ জবাবদিহিত কৈছিল যে ভাৰতবৰ্ষক তেওঁৰ প্ৰভাবৰ পৰা মুক্ত কৰিবলৈ এইটোৱই উপাই আছিল।। গান্ধীজীৰ পুত্ৰ দেৱদাস গান্ধীক তেওঁ কৈছিল – যে গান্ধীজীৰ বিছাৰধাৰাত অনুপ্ৰাণিত হৈয়ে তেওঁ গান্ধীজীৰ আন্দোলন সমৰ্থন কৰিছিল ।গান্ধীজীয়ে ভাৰতবৰ্ষৰ বাবে কৰা সকলো সঠিক কামৰ বাবেই তেওঁক আদৰ কৰিছিল আৰু সেই বাবেই হত্যাৰ আগতে তেওঁক সেৱা কৰিছিল। কিন্ত্ত যি কপটতাৰে পূজ্য মাতৃভূমি ভাৰতবৰ্ষক বিভাজন কৰিলে সেইবাবে তেওঁক দণ্ড দিবলৈ ভাৰতবৰ্ষত কোনো ন্যায়লয় নাই বাবে মই তেওঁক হত্যা কৰিলোঁ। গান্ধী হত্যাৰ বাবে লালকিল্লাত থকা চলি থকা মুকদমাত মাননীয় ন্যায়ধীশ আত্মচৰণৰ আদালতত নাথুৰাম গডচে আৰু নাৰায়ণ আপ্তেক ফাঁচি দিছিল। বাকী মদনলাল পাহৱা, বিষ্ণু কৰকৰে, শংকৰ কৃস্তেয়া, গোপাল গডচে আৰু দত্তাৰিহ পৰ্চুৰেক যাবজ্জীবন কাৰাদণ্ডৰে দণ্ডিত কৰে।


Priti Rekha Bora

15-Aug-2019

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection