Back to journal
Mridu

সোঁৱৰণিৰ বালিচৰ#৫

~~সোঁৱৰণিৰ বালিচৰ ৫ ~~

স্কুলৰ বাৰাণ্ডাখনত বহি তাইলৈ চাই আছিলোঁ অবাক হৈ চাইকেল লৈ স্কুল আহিছে। দুইজনী বায়েক ভনীয়েকে চাইকেল চলাই স্কুল আহে । গোটেই স্কুলখনত দুখনেই চাইকেল।মই পঞ্চম শ্ৰেনীত নাম লগাইছো । স্কুল বহু দুৰৈত আমাৰ কোৱাৰ্টাৰৰ পৰা। খোজ কাঢ়ি অহা যোৱা কৰোঁ প্ৰায় ।টিফিনত সেইদিনা মায়ে ভাত, দাইল আৰু অমলেট দিছিল।তাইৰ চাইকেলখনলৈ চাই থকা দেখি, তাই মোক কৈছিল মোক অমলেট দিলে চাইকেলখন চলাবলৈ দিম। তাই কোৱাৰ লগে লগে মই দি দিলো তাইক আৰু আশাৰে বাট চাই ৰলো তাই চাবিটো দিয়ালৈ ।তাই চাবিটো খুলি মোক চাইকেলখন চলাবলৈ দিলে । অলপ জঁপিয়াই জঁপিয়াই দুপাকমান ঘূৰিছিলোহে স্কুলৰ বেল বাজিলেই । সেইয়াই আৰম্ভনি চাইকেল চলোৱা । টিফিন ভগাই ভগাই তাই মানে ৰিঙ্কুৰপৰা লেডিছ চাইকেল চলাবলৈ শিকিছিলোঁ ।তাৰ পিছত আৰু ঘৰলৈ কোনোবা চাইকেল লৈ অহা মানুহ আহিলেই হল চাবিটো লৈ মতা মানুহৰ চাইকেলত তলতে জঁপিয়াই জঁপিয়াই চাইকেল চলাইছিলো।

আমাৰ পি এইচ ই কোৱাৰ্টাৰৰ নিচেই ওচৰতে ৰেল লাইনটো। কলং নদীৰ ওপৰত ৰেলৰ দলংখন আছিল বাবে ৰেল লাইনটো বহু ওপৰত । ঘৰৰ সন্মূখৰে এটা ৰাস্তা আছিল আৰু সেইটোৰে ৰেললাইনটোৰ ওপৰলৈ উঠি যাব পাৰি আৰু ৰেল লাইনটো পাৰ হৈ বিশাল মাঠাউৰি ।এই মাঠাউৰি দি হাতীমূৰা থানলৈ যাওঁ আগতে। সদাই চাইকেল চলাবলৈ চেষ্টা কৰি থকাৰ বাবে এদিন দেউতায়ে চাইকেল এখন লৈ আমাক তালৈ লৈ গৈছিল আৰু চাইকেলৰ চিটত বহি চাইকেল চলাবলৈ শিকাব বুলি কলে। দেউতাই আমাক ধৰি ধৰি চিটত উঠাই পেডেল মাৰিবলৈ দি আমাক এৰি দিয়ে আৰু গোটেই এঢলীয়া ৰাস্তাটো আমি তেনেকৈ পেডেল মাৰি আহি আহি তলত ধমহ্কৈ পৰোঁ যেতিয়া দেউতা পিছফালে নাই বুলি গম পাওঁ ।

আজি টুপনি যোৱা নাই মোৰ কেতিয়া যে ৰাতি পুৱাব । চাইকেল এখন কিনিব আমালৈ সেই সুখতে টুপনি নাই। মই তেতিয়া অষ্টম শ্ৰেনীত পঢ়ো সম্ভৱ। তেতিয়া প্ৰায় সকলো ছোৱালীৰে চাইকেল আছেই চাগৈ।গধুলি হোৱাৰ আগে আগে দেউতাই হিৰ’ লেডিছ চাইকেল এখন লৈ আহিছিল । কিমান যে স্ফুৰ্তি লাগিছিল বুজাব নোৱাৰোঁ। কৰবালৈ নিলে সেইখন মচি কাচি ধুনীয়াকৈ থৈ দিছিলোঁ ।এই চাইকেল খন লৈয়ে বিভিন্ন বিহুতলিৰ প্ৰতিযোগীতাত চাইকেল ৰেছ খেলি পুৰস্কাৰ পাইছিলোঁ । মুঠতে এইখন মোৰ জীৱনৰ লগৰী আছিল । দাদাহঁতৰ লগত বহু দুৰলৈকে চাইকেল চলাই গৈছিলোঁ। দশম শ্ৰেনীৰ টিউচনৰ ক্লাছবোৰ এইখন নোহোৱাকৈ অসম্ভৱ আছিল।লাহে লাহে কলেজ পালেও চাইকেলৰ ক্ৰেজটো আমাৰ শেষ হোৱা নাছিল।যেতিয়াই সুবিধা পাইছিলোঁ চাইকেলখন লৈয়ে ওলাই গৈছিলোঁ । যদিও সেইসময়ত আমাৰ বহু বন্ধু বান্ধবী গাড়ী বা বাইকত ফুৰিছিল।

এদিন আমাৰ ঘৰলৈ দেউতাৰ অফিচৰ কোনোবা মানুহ এজন আহি তেখেতৰ চাইকেলখন চোৰে লৈ যোৱা বুলি কৈ বৰকৈ কান্দিছিল। তেখেতে যে চাইকেলখন বহুদিনলৈ কিনিব নোৱাৰে সেই কথাটোলৈ চিন্তাত পৰা দেখি দেউতাই কৈছিল অলপ গোটাই ললে মোক কবা মই দিম বাৰু অলপ।মানুহজনে চকুপানী মচি দেউতালৈ চাই হাতযোৰ কৰি ৰৈ থকা দৃশ্যটো এতিয়াও মোৰ চকুৰ আগত ভাঁহি আছে ।চাইকেলখন কাৰোবাৰ বাবে যে ইমান ডাঙৰ সম্পদ হব পাৰে মই সেইদিনা বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ । আৰু তাৰপৰা আহি মৰমৰ কফি ৰঙৰ চাইকেলখনৰ ওপৰত মৰমতে হাত ফুৰাই দিছিলোঁ।

লাহে লাহে আমিবোৰ ডাঙৰ হৈ অহাৰ লগে লগে চাইকেলখনো ঘৰৰ এটা চুকত পৰি থাকিব ললে।এদিন বিয়াৰ পিছত ঘৰলৈ যাওঁতে আমাৰ ঘৰৰ সন্মূখত থকা বাব্লুহঁতৰ ঘৰত আমাৰ চাইকেলখন দেখি মই চিঞৰি উঠিছিলোঁ- সেইখন আমাৰ চাইকেল দেখোন!আৰু কব নোৱাৰাকৈয়ে মই দৌৰি চাইকেলখনৰ ওচৰ পালোগৈ আৰু বাব্লুক শুধি গম পালো দেউতাই বুলে তাক দি দিছে । মোৰ মনতো গোমা হৈ পৰিল । চাইকেল খন আমাৰ ইমান মৰমৰ আছিল । লাগিলে ঘৰতেই থাকক পৰি দেউতাইনো কিয় দি দিব লাগে। মোৰ মনৰ কথা গম পাই মায়ে কলে হব দে চলাবলৈ হে দিছিলে লৈ আনিম দে । কিন্ত্ত মই জানো এইখন আৰু ঘৰলৈ নাহে । মোৰ শৈশৱৰ বহু স্মৃতি জড়িত হৈ আছে এইখনৰ লগত । কিবা এটা দুখত মোৰ মনতো অশান্ত হৈ পৰিল। বিয়া দিয়া ছোৱালী । চাইকেলখনৰ লগত এনেকৈ থাকিব নোৱাৰোঁ।কিন্ত্ত চাইকেলখনৰ লগত জড়িত হৈ থকা মোৰ সেই সুখৰ অনুভতিবোৰে মোক জোৰকৈ খুন্দিয়াই থাকিবলৈ ধৰিলে। ঘৰলৈ আহোঁতে ৰাস্তাতে মোক মিস্টাৰে কলে চাইকেলখন লৈ আনিম দিয়া বাব্লুক আমাৰ পুৰণা চাইকেলখন দি দিম ।কথাষাৰ শুনি মোৰ হাঁহিম নে কান্দিম যেন লাগিল।পিছদিনা মাক ফোন কৰি কলো মায়েও হব বুলি কলে আৰু বাব্লুকো কলো ।কেইদিনমানৰ পিছতে হঠাতে এদিন বাব্লুয়ে সকলোকে এৰি যোৱা খবৰটোৱে সকলোকে স্তম্ভিত কৰি তুলিলে। চাইকেলখন অনাৰ আশা মোৰ তেনেকৈয়ে থাকি গল।কিন্ত্ত এতিয়াও হৃদয়ৰ কোণত মোৰ চাইকেলখনৰ প্ৰতি থকা মৰম আৰু ইয়াৰ লগত থকা স্মৃতিবোৰে মোক নস্টালজিক কৰি তুলে।

আজি #বিশ্বচাইকেলদিৱস ।মনত পেলাইছো চাইকেলৰ মোৰ সেই ভাল লগা দিনবোৰৰ কথা।সোঁৱৰণিৰ জলঙাৰে নিৰৱে চাই লওঁ শৈশৱৰ ‘সৌ মইজনীক’ চাইকেল চলাই ঘূৰি ফুৰা তাইৰ মায়াসনা লৰালিৰ সেই চাইকেলখনৰ টিলিঙাটোৰ শব্দ আজিও তাইৰ কানত ৰৈ ৰৈ বাজে।

প্ৰীতি ৰেখা বৰা

৩/৬/২০২০

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection