Back to journal
Mridu

সোঁৱৰণিৰ বালিচৰত – ২

শ্লেলেটখন প্ৰথমবাৰ পাই খুউৱ ফুৰ্তি লাগিছিল । দেউতা বা মায়ে লিখি দিয়া ‘অ বা আ’টোৰ ওপৰত কেইবাবাৰো ঘঁহি ঘঁহি লিখিছিলো । অলপ কাপোৰ তিয়াই লৈ শ্লেটখন মচি মচি চাফা কৰিছিলো ।কামত নহা

পেনবোৰৰ সাফৰত মাটিপেঞ্চিলবোৰ ভৰাই লিখি থকাৰ আমেজেই বেলেগ আছিল ।

‘ৰজাই হুকুম দিছে এদিম চেদিম বাই’ কোনে কোনে খলিছিল ? মনত আছেনে ? দৰা কইনাৰ খেলবোৰ বৰ আপোন আছিল। মাৰ কাপোৰবোৰ ফাটিলে সেইবোৰ ধুনীয়াকে কাটি দৰা কইনাৰ কাপোৰ বনাই লৈছিলো। দৰ্জীবোৰৰ ওচৰত থকা ধুনীয়া পেলাই দিয়া কাপোৰ বোৰ খুজি লৈ আহিছিলোঁ আৰু দৰা কইনাৰ নতুন কাপুৰ বনাইছিলো ।

নাৰিকলৰ কোৰোকাবোৰ ভাল চাই থৈ দিছিলো আৰু সেইবোৰত ভাত দালি ৰান্ধিছিলোঁ , ঘৰৰ আন আন কিছুমান অলাগতিয়াল সামগ্ৰী পেলনীয়া বস্ত্ত বোৰৰ মাজৰ পৰা থৈ দিছিলো লগতে গছ-পাত, ফুল আদি গোটাই লৈ খোৱা বস্তু বনাই লৈছিলো ।মাহঁতক আলহী বনাই সেইবোৰ খাব দিছিলো ।মাহঁতেও সেইবোৰ খোৱাৰ ভাও জুৰিছিল ।

মাটিত আঁচ টানি দুই ফালে পাঁচটা পাঁচটা ঘৰ বনাই এটা ভৰিৰে জঁপিয়াই জঁপিয়াই খেলিছিলোঁ । ভঙা মাটিৰ বাচনৰ টুকুৰা বোৰৰ পৰা ঘঁহি ঘঁহি গোলকৈ গুটিবোৰ বনাই লৈছিলোঁ ।

 

ৰুমাল চুৰি আন এটা ভালপোৱা খেল আছিল । লগতে চেংগুটি ও খেলিছিলো । মই অবশ্যে আঙুলিৰ গাঠি ডাঙৰ হয় বুলি মায়ে কোৱাৰ বাবে সেই খেলটো কমকৈ খেলিছিলোঁ। তথাপিও নিজৰ পচন্দ অনুসৰি গুটিবোৰ বিচাৰি বিচাৰি জমা কৰিবলৈ পাহৰা নাছিলো ।

অাচলতে এই খেলসমূহৰদ্বাৰা সৰু ল’ৰা-ছোৱালীবোৰে ঘৰৰ চোঁতালবোৰ পৰিপূৰ্ণ কৰি তুলিছিল লগতে সেইবোৰে আমাৰ মাজত মৰম-চেনেহ আৰু আমাক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছিল ।

ইলেক্ট্ৰনিক যান্ত্ৰিক যুগত ক’ত যে হেৰাই গ’ল সৰু সৰু শিশু বোৰৰ সেই সোনোৱালী দিনবোৰ ।

PUBG(Player unknown’s battle grounds)য়ে এতিয়া সকলোকে ব্যস্ত কৰি তুলিছে ।ছাত্ৰছাত্ৰীৰ ওপৰিও সৰু ডাঙৰ সকলোৱেই ব্যস্ত হৈ পৰিছে । বাছত , দোকানত ,ৰাস্তাত ,ৰেস্ত’ৰাঁ সকলোতে PUBG । শিক্ষকৰ পৰা আদি কৰি ডক্টৰৰলৈকে সকলো ব্যস্ত PUBG লৈ । COC(Clash of clans)ও ইন্টাৰনেটৰ আন এক জনপ্ৰিয় খেল । এইবোৰ লৈয়ে সকলো ব্যস্ত । কি ডাঙৰ কি সৰু সকলোৱেই ব্যস্ত এতিয়া মবাইল আৰু হেডফ’ন লৈ COC আৰু PUBG খেলিবলৈ । হয়তু আমাৰ দিনত এইবোৰ দেৰিকৈ আহিছিল বাবে জীৱনৰ ৰংবোৰ বেলেগকৈ উপভোগ কৰিছিলো । কিন্ত্ত এতিয়া জন্ম হৈয়েই কান্দিব বুলি বা ছোৱাচিতা কৰা মানুহ নাই বুলিলেয়েই এইবোৰ সিহঁতৰ হাতত তুলি দিয়া বাবে , টিভিৰ সন্মূখত বহাই কাৰ্তুনছবিবোৰ চাবলৈ দি সময়বোৰ পাৰ কৰাব বিছাৰি ফুৰাৰ বাবে সিহঁতৰ জীৱনৰ ৰংবোৰ বেলেগ হৈ পৰিল । অভিভাবকৰ বিভিন্ন ব্যস্ততা , অকলশৰীয়া পৰিয়াল ,বিভিন্ন অসুবিধাবোৰে,কাঢ়া ৰুটিনৰ জীৱন যাপনে সিহঁতক অকলশৰীয়া কৰি তোলাৰ বাবে সিহঁতৰো জীৱনবোৰত মবাইলে বেচিকৈ ঠাই লাভ কৰিলে । সেই সোনোৱালী দিনবোৰৰ মাদকতা সিহঁতৰ ঘৰ বা কোঠালিটোৰ ভিতৰতেই আবদ্ধ হৈ থাকিল ।
তথাপি জীৱনৰ সেই সুন্দৰ সময়বোৰ চাগৈ এদিন মোৰ দৰে সিহঁতেও সিহঁতৰ অনুভবেৰে প্ৰকাশ কৰিব ….
” মবাইল – ইন্টাৰনেট – টিভিৰে আমাৰ সোনালী শৈশব ।”

 

 

 


Priti Rekha Bora

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection