Back to journal
Mridu

মোক্ষ

  • মোক্ষ *

. তাই এম্বুলেন্সখনত উঠি ঘৰখনলৈ চালে৷ এই যে ঘৰখন তাই আৰু গিৰিয়েকে কম কষ্টৰে বনাইছিলে নে ৷সেই দিনবোৰ তাইৰ এতিয়াও মনত আছে৷

মা মোৰ পঢ়িবলৈ বৰ মন আছে৷ এতিয়াই বিয়াখন নিদিলে নহয় নে৷
পঢ়িবি আকৌ কিন্তু ইমান ভাল চাকৰি কৰা লৰা এটা পাইছোঁ যেতিয়া হেৰুৱাব নোৱাৰি নহয় ৷
কিন্তু মা যদি মোক তেওঁ পঢ়িবলৈ নিদিয়ে তেতিয়া৷
শুন আমি কথা পাতিম বাৰু কিন্তু ভাল লৰা এটা আমি নাপাবও পাৰোঁ৷ ইহঁত কিটাও ডাঙৰ হৈ আহিছে ৷নপহিলেও একো নহয় ঘৰখন ধৰিয়েই খাব লাগিব ৷ যা কাপোৰ যোৰ পিন্ধি ল৷
মাকৰ কথাত তাই একো ক’ব পৰা নাছিল৷ মাকে তাইক কাপোৰযোৰ পিন্ধাই কপালত ফোট এটা দি কৈছল৷ সকলোকে সেৱা কৰিবি৷ যি সোধে উত্তৰবোৰ ভালকৈ দিবি৷

পৰ্দাৰ ফাকেৰে ভনীয়েকহঁতে দৰা ঘৰৰ মানুহক দেখি বায়েকক খবৰ দিছিল৷বিয়া হৈ আহি তাই বহুদিন পুৰণা ঘৰখনতে আছিল৷শাহুৱেকে তাইক বহুত কিবাকিবি শিকাইছিল৷লাহে লাহে তাইৰ মাক দেউতাক ভায়েক ভনীয়েকলৈ মনত পেলাবলৈ সময়কে পোৱা নাছিল৷এদিন তাইক শাহুৱেকে পুৰণা ঘৰখনৰ পৰা এবছৰীয়া পল আৰু গিৰিয়েকৰ লগত যাবলৈ অনুমতি দিছিল৷নতুন ঠাইখনৰ সকলোখিনিয়েই তাইৰ ভাল লাগিছিল যদিও তাইৰ সৰু সংসাৰখন তাইৰ বেছি ভাল লাগিছিল৷পলক স্কুলত নাম লগাই দিয়াৰ পিছতে এদিন গিৰিয়েকে তাইকো ওচৰৰ হায়াৰ চেকেণ্ডাৰী খনত এডমিচন দি তাইক পঢ়িবলৈ সুবিধা কৰি দিছিল৷সেইদিনা তাই কি যে সুখ পাইছিল৷ কিন্তু এতিয়া আৰু ইমান কামৰ মাজত তাইৰ পঢ়িব পাৰিব জানো ! কিন্তু তাইৰ মানুহজনৰ আগ্ৰহত ঘৰৰ কাম কাজৰ লগতে পলৰ পঢ়া শুনা সকলো খিনিৰ মাজেৰে তাই হায়াৰ চেকেণ্ডাৰী পাছ কৰি আকৌ পঢ়া শুনা কৰি কলেজৰ পৰীক্ষাটো অবতীৰ্ণ হৈ বি এ পাছ কৰিছিল৷ তাইৰ এই সফলতাৰ আঁৰত আছিল তাইৰ প্ৰিয় মানুহজন৷

লাহে লাহে পল , অনন্যা ,তাই আৰু মানুহজনেৰে সুখৰ সংসাৰখন তাইৰ ঠন ধৰি উঠিছিল৷ ৷ ইতিমধ্যে তাই স্কুলত চাকৰিটোও পাইছিল৷ বহু দিনৰ আগতে লৈ থোৱা মাটিডৰাত সিহঁতে নিগাজীকৈ থাকিবলৈ ঘৰটোও বনাবলৈ যো যা কৰিছিল৷ ইহঁত দুটাকো তাই ভাল শিক্ষা দিবলৈ মন কৰিছিল৷ ঘৰখন তাই সজাই পৰাই আটোমটোকাৰীকৈ বনাইছিল ৷ওপৰত দুটা ৰূমৰ বাবে তাই ঠাই ৰাখিছিল৷
ল’ৰাটোৱে বিয়া পাতিলে আকৌ এইখিনিতে ৰূম দুটা বনাব লাগিব নহয় শুনিছেনে ৷
অ হ’ব দিয়া পিছৰ কথা পিছত৷ক’ত বা থাকিব লাগে সিঁহত ৷আমাৰ জানো দেখা নাই৷গতিকে এইবোৰ ইমান নাভাবিবা বুইছা৷
কি যে কয় আমাক এৰি আকৌ সি ক’ত থাকিব? ঘৰখনটো বনাই থব লাগিব তাৰ বাবে৷ মাজনী বাৰু এখন ঘৰলৈ যাব কিন্তু বোৱাৰীজনীৰ বাবেটো লাগিব ৷
ইমান মায়া মোহ লৈ নাথাকিবা হে৷সময়ত সকলোবোৰ হ’ব৷ আমি যদি জীয়াই থাকো কৰিম আৰু পিছেপৰে৷
কি যে কথা কয় নহয় আপুনি৷
সন্মুখৰ খালি ঠাইখিনিত গোলাপ .তগৰ ,কঠনা ফুলৰ লগতে কিছুমান শাকপাচলি নেমু অমিতা গছকে ধৰি দেউতাকৰ ঘৰৰ পৰা দিয়া কঠাল জোপাও আছিল৷ মাজতে তাই মাকৰ ঘৰলৈ গৈছিল৷ ভায়েকে ঘৰ লোৱা পাতিছিল ৷ মাক দেউতাক নোহোৱা ঘৰখনত তাই বৰ অসহায় অনুভৱ কৰিছিল৷ সিহঁতৰ পুৰণা ঘৰখন এতিয়া আৰু নাই৷ পিছফালৰ বাৰীখনো নাই৷ কিন্তু সিহঁতৰ কঠালৰ গছ জোপা আছে৷বৰ সোৱাদ লগা ৷দেউতাকে সেই জোপাৰে পুলি এটা তাইৰ ঘৰত ৰুইছিল আৰু ভনীয়েককো দিছিল৷ সেই কঠাল জোপাই যেন সিহঁতৰ মাক দেউতাকলৈ মনত পেলাই দিছিল৷ তাইৰ যত্নত দুয়োটা ল’ৰা ছোৱালীয়েই পঢ়া শুনাত ভাল আছিল আৰু ডাঙৰ ডাঙৰ অফিচাৰ হৈছিল৷

এদিন মানুহজনৰো অৱসৰৰ দিন আহিল ৷ঘৰখনতে ইটো সিটো কৰি আছিল যদিও হঠাতে এদিন সকলোকে এৰি থৈ অচিন ঠাইলৈ গুচি গ’ল৷ হঠাতে যেন তাইৰ সংসাৰখনত যেন খেলিমেলি লাগিল৷
আজিকালি তাইৰ কিবা এটা হৈছে ৷ গোটেই গাটো মাজে মাজে বিষাই থাকে ৷ বিষবোৰে তাইক কেতিয়াবা শুৱ নিদিয়ে ,কেতিয়াবা খাব নিদিয়ে , সদায় মনবোৰ বেয়া লাগি থাকে৷ জীয়েকৰ চাকৰি ,সংসাৰ ৷পুতেকৰো সংসাৰ চাকৰিৰ পৰা নিজৰ বাবেও সময় নাই ৷ডাঙৰ চহৰখনৰ পৰা সি সদায় আহিবও নোৱাৰিছিল যদিও মাকক তাতে ৰাখি চিকিৎসা কৰিছিল ৷মাজে মাজে সি কৈছিল মা ইয়াতো ঘৰ এখন ল’ব লাগিব৷ বৰ অসুবিধা হয় কেতিয়াবা৷ বোৱাৰী তাইৰ লগতে থাকিলেও চাকৰিৰ পৰা সময় নাপায়৷ তথাপিও মাকৰ চিকিৎসাৰ অৱহেলা কৰা নাই৷

সকলো নিজৰ কামে কাজে উলাই যোৱাৰ পিছত তাই আজিকালি বৰ অকলশৰীয়া অনুভৱ কৰে ৷কিন্তু কৰিব লগীয়া একো নাছিল ৷তাইৰ মানুহজনৰ ফটোখন নিজৰ চাদৰৰ আঁচলখনেৰে মচি মচি নিজৰ মাজতে ক’লে আপুনালৈ মোৰ বৰ মনত পৰে৷ ক’ত আছে আপুনি?মোৰো চাগৈ সোনকালেই সময় হ’ব আপোনাৰ ওচৰলৈ যাবলৈ৷ ঘৰুৱা নাৰ্চজনীয়ে তাইৰ গাটো মচি নতুন কাপোৰসাজ পিন্ধাই দিলে ৷ গজি অহা চুলিখিনিত অলপ তেল ঘহি তাই শুধিলে বৰমা এতিয়া অলপ ভাল লাগিছেনে?পলে মাকক তাৰ কোলাতে শুৱাই ললে ৷মা কিবা এটা ক’ব বিচাৰিও সি যেন আজি মাকক একো ক’ব পৰা নাই ৷তাইৰ শেতাপৰা চকুযুৰিয়ে তাৰ ফালে চালে৷আজি সি কান্দিছে ৷তাই বাধা দি উঠিব চেষ্টা কৰিলে৷ নাকান্দিবি আৰু তহঁতৰ এনেকুৱা মুখবোৰ দেখিলে মোৰ বৰ কষ্ট হয়৷ ঘৰখন আজি ভৰি পৰিছে ৷অনন্যাৰ পৰিয়াল, ভায়েকৰ পৰিয়াল, ভনীয়েকৰ ঘৰৰ মানুহ সকলো আহিছে আজি ৷সকলোৱে যেন তাইক মৰমবোৰ এই সময়খিনিতেই উজাৰি দিব বিচাৰিলে৷ তাইৰ ভাল লাজিছে আজি৷ তাই সকলোকে আশীৰ্বাদ দি তাইৰ মানুহজনৰ ফটোখনলৈ চালে ৷

ছাৰ এম্বুলেন্স আহিল ৷ পলে মাকক তেতিয়াও কোলাতে শুৱাই ৰাখিছিল৷মাকৰ হাতখন সি তাৰ দুয়ো হাতৰ মাজত আলফুলে সুমোৱাই ৰাখিছিল৷ ল’ৰাজনৰ কথাত সি উচপ খাই উঠিছিল ৷ সি যেন কিবা এটা অনুভৱ কৰিছিল মাকৰ শেষ মূহূৰ্তৰ কথা৷
সকলোৱে ধৰি মেলি মাকক এম্বুলেন্সখনত উঠাই দিলে৷৷তাইৰ শেতা চকুযোৰে সকলোকে চালে ৷তাই যেন আজি শান্তি পাইছে ৷এইবোৰেই বিচাৰিছিল তাইৰ মৰমৰ মানুহেৰে পৰিপূৰ্ণ এখন ঘৰ আৰু এই ঘৰখন তাইৰ বৰ মৰমৰ আছিল৷
এম্বুলেন্সৰ শব্দত তাইৰ ভাবনাত আউল লাগিল৷ তাইৰ উশাহ যেন চুটি হৈ আহিল৷ মা মা পল আৰু অনন্যাৰ মাতটো শুনিছে যদিও তাই চকুযুৰি মেলিব খুজিও মেলিব পৰা নাই ৷কিবা যেন ক’ব বিছাৰিও উঠখন লৰাব পৰা নাই৷তাই মনতে ক’লে সুখেৰে ৰাখক ভগৱানে তহঁতক ৷ সচাকৈয়ে সকলো ক্ষন্তেকৰবাবে ৷ এইয়াই চিৰসত্য ৷মোৰ অবিহনেও সকলোবোৰ আগৰ দৰেই চলি থাকিব৷আমাৰ ঘৰখন আজি আমাৰ আছিল কাইলৈ হয়তো বেলেগৰ হ’ব৷ সকলোৱে সকলোবোৰ এৰি থৈ যাব লাগিব ৷তাইৰ মন লাহে লাহে শান্তহৈ পৰিছে ৷আধা মেলা চকুযুৰিয়ে যেন মোক্ষ লাভৰ বাবে কাৰোবালৈ অপেক্ষা কৰিছে৷

ড° প্ৰীতি ৰেখা বৰা

৮/৪/২৪

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (1)

কেশৱানন্দ Apr 8, 2024

ক্ষণভংগুৰ মানৱ জীৱনৰ নিৰ্মোহ বাস্তৱতাৰ এক সুন্দৰ অৱগাহন…. সঁচাকৈয়ে আপ্লুত হ’লো.. ধন্যবাদ… 🙏🙏

+ Share Your Thoughts

Leave a Reflection

Share this reflection