মা মানে
মা মানে কেৱল এটা শব্দ নহয়…
মা মানেই নিঃস্বাৰ্থ মৰমবোৰ
মা মানেই নীৰৱ ত্যাগ,
মা মানেই পৃথিৱীৰ পৱিত্ৰ অনুভূতি ৷
মা মানেেই আশ্ৰয়স্হল
এখন বহল হৃদয়
য’ত সকলো কষ্ট নিমিষতে নিঃশেষ হৈ যায়।
মা মানেই সাহস,
যিয়ে ভাঙি পৰাৰ পিছতো
পুনৰ উঠিবলৈ প্ৰেৰণা দিয়ে
মা মানেই ত্যাগ, ধৈৰ্য্য, ক্ষমাৰ সাগৰ ৷
মা মানেই তৃপ্তিৰ উগাৰ
মা মানেই
আশীৰ্বাদৰ বিশাল আকাশ ৷
মা মানে
অকথ্য শাৰীৰিক, মানসিক যন্ত্ৰণাত
গোটেই ৰাতি তিতি যোৱা গাৰুটোৰ
ভিতৰত থকা কোমল শিমলুখিনি
ভাগৰুৱা দেহ, টোপনি নোহোৱা ৰাতি,
তথাপিও আন্ধাৰ আঁতৰাই
পোহৰৰ হেঙুলীয়া আভাখিনিত
“মোৰ সন্তান ভাল থাকক” বুলি
মৰি মৰি জীৱলৈ শিকা মানুহজনী ৷
মা মানে আশাৰ নদীখন
যিয়ে নিজৰ সপোনবোৰ নিঃশব্দে মাৰি
মাত্ৰ সন্তানৰ সপোনবোৰ জীয়াই তুলে৷
মা মানেই পদূলিত থিয় হৈ
অপেক্ষা কৰি থকা মানুহজনী৷
মা মানেই গোসাইঘৰটো
পোহৰাই ৰখা মানুহজনী ৷
মা মানেই শান্তিৰ কোলাত
আঙুলিৰ পৰশেৰে দুচকুত
টোপনি আনি দিয়া যাদুকৰী মানুহজনী৷
মা মানেই ঘৰখন স্বৰ্গ কৰি ৰখা মানুহজনী৷
মা মানে এতিয়া
বয়সীয়াল মানুহজনী-
তাহানিৰ কোমল হাতদুখনত
এতিয়া অন্তহীন দায়িত্ববোৰে
কঠিন শিৰাউপশিৰাত
খোদিত কৰা ৰুক্ষতা ৷
এসময়ত হাঁহিৰে জিলিকি থকা মুখখন
ক্লান্তিৰ ছাঁয়াত উজ্জ্বলতা কমিলেও
সোতোৰা পৰা ছালখনত
এতিয়াও আছে মাদকতা৷
চিন্তা আৰু ত্যাগৰ ভাঁজত
কপালত পৰি ৰোৱা বলি ৰেখাবোৰে
কেতিয়াবা জীৱনৰ অভিজ্ঞতাত
নষ্টালজিক কৰি তুলা আবেগবোৰ ৷
কাপুৰৰ ভাজবোৰত
লাগি থকা সেই কপুৰৰ গোন্ধে
মতলীয়া কৰা
মা মা লগা অনুভৱবোৰ=
মা মানে এতিয়া নাতি -নাতিনীৰ
সাধুকথাৰ আইতাজনী ৷
দিনটোৰ ব্যস্ততাৰ মাজতো নিৰ্দিষ্ট সময়বোৰত
বাজি উঠা ফোনটোৰ মাতত বুকুখন উঠলি উঠে
যেতিয়াই কৈ উঠে =
কি কৰিছ ?
আজি তই ভাল পোৱা আঞ্জাখন বনাইছো
আহচোন ভাতকিটা খাই য৷হি
আঞ্জাৰ সোৱাদভৰা সজাই থোৱা থালিখন লৈ
আহিব আহিব বুলি পদূলিলৈ বাট চাই ৰোৱা
শেতা চকুযুৰিয়ে নঙলাৰ শব্দত হা্ঁহি মাৰে উঠে৷
তৃপ্তিৰে উদৰ পুৰাই লওঁতেই
বেলিটিয়ে লহিয়াবলৈ ধৰা দেখি
সেমেকা দুচকুত
আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷
মা মানেনো কি ?
হৃদয়ৰ নিভৃত কোণত থকা
নিভাঁজ মৰমবোৰ,সপোনত ভাগি পৰা হৃদয়ত,
উকা উকা লগা মনটোত, মৰমেৰে আশ্বাস দি
বিশ্বাসৰ আলোক জগাই তোলা মানুহজনী৷
ড° প্ৰীতি ৰেখা বৰা
১০/৫/২৬
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.