Back to journal
Mridu

মই ললনাই কৈছো

ছোৱালী এজনী জন্ম হোৱা পিচৰে পৰা মাক দেউতাকৰ চত্ৰ ছায়াত শৈশব পাৰ হোৱাৰ পিছতে ভাই ককাই লগত একেলগে ডাঙৰ হৈও ঘৰৰ কামকাজত মাকক সহায় কৰি লগতে পঢ়া শুনাখিনিও একেলগে আগবঢ়াই নি নিজৰ সকলো দায়িত্ব সুকলমে পালন কৰে। মাক দেউতাকৰ মৰমৰ, ককাই ভাইৰ স্নেহৰ সেই ছোৱালীজনীয়ে সৰুৰে পৰাই ভায়েক ককায়েকৰ বাবে বিভিন্ন ক্ষেত্ৰত ত্যাগ স্বীকাৰ কৰিব শিকে ।

লাহে লাহে যৌৱনত ভৰি দি ছোৱালীজনীয়ে বিবাহপাশত আবদ্ধ হৈ মৰমৰ ঘৰখন এৰি স্বামীৰ ঘৰখন আপোন কৰি লবলৈ কুন্ঠাবোধ নকৰি স্বামীৰ লগতে শহুৰ -শাহু ,দেৱৰ -ননদ আদি সকলোৰে খিয়াল ৰাখোঁতে ৰাখোঁতে নিজৰ বাবে সময়েই নাথাকে ।সন্তান জন্ম দিয়াৰ পিছত তেওঁৰ দায়িত্ব ইমানেই বাঢ়ি যায় যে সন্তানৰ ডাঙৰ দীঘল কৰাৰ দায়িত্ব , সিহঁতৰ খোৱা বোৱা দায়িত্ব ,পঢ়া শুনাৰ দায়িত্ব , সংস্কাৰ দি সুযোগ্য হিচাবে সমাজত গঢ় দিয়াৰ দায়িত্বও সেই ছোৱালীজনীৰে ।তাতেই শেষ নহয় আকৌ সন্তানৰ বাবে বিবাহৰযোগ্য জনক জীবন সংগী বিচাৰি তেওঁলোকৰ যুগ্মজীৱন আৰু নাতি নাতিনীৰ চোৱাচিতা পালনৰ দায়িত্বও হাঁহিমূখে পালন কৰে তেওঁ ।গতিকে পৃথিবীত নাৰীক ‘ মা ‘হিচাবে অধিক পূজ্য বুলি ধৰা হয় ।

নাৰী পুৰুষৰ প্ৰতিদ্বন্দ্বী নহয় পৰিপুৰকহে । এখন সুস্হ সমাজ তেতিয়াহে হ’ব যেতিয়া নাৰী পুৰুষ দুয়োজনে মিলি সমাজলৈ অবদান আগবঢ়াব । নাৰী শিক্ষা উন্নত আৰু বাধ্যতামূলক হ’লেহে এখন সমাজৰ উন্নতি হ’ব কাৰন এগৰাকী নাৰীয়েই হ’ল ভবিষ্যত নাগৰিকৰ ভবিষ্যত নিৰ্মাতা ।সেইবাবেই মহাত্মা গান্ধীয়ে কৈছিল এগৰাকী নাৰীক শিক্ষিত কৰাৰ অৰ্থ হ’ল এটা পৰিয়ালক শিক্ষিত কৰা ; এখন সমাজক শিক্ষিত কৰা ।

মই নাৰী । মোৰ স্বাভিমান আছে ।আত্মনিৰ্ভশীলতাই হয়তু মোৰ স্বাভিমান বঢ়াইছে । কিন্ত্ত তাৰ বাবে মই পুৰুষজনক প্ৰতিদ্বন্দ্বী বা আত্মনিৰ্ভৰশীল নোহোৱা জনক মোৰ পৰা পৃথক বুলি ভাবিব নোৱাৰিম । শৰীৰৰদ্বাৰা নাৰীৰ মূল্যাঙ্কন কৰাসকলক মানুহ নামৰ ‘সামান্য’ ধাৰণা পৰা উলিয়াই পেলাই দি সামাজিক ব্যাধিবোৰক প্ৰতিৰোধ কৰিম । নাৰীক অবলা বুলি কৈ পুৰুষৰ হাতৰ পুতলা সজোঁৱা নাৰীসকলৰ আবেগ অনুভূতিবোৰ বুজি পাবলৈ চেষ্টা কৰিম।আধুনিকতা মোৰ মন আৰু প্ৰানত সঞ্চাৰিত হৈ থাকিলেও পশ্চিমীয়া সংস্কৃতিৰ অনুকৰণৰ নামত অৰ্দ্ধ নগ্নাতাক প্ৰশ্ৰয় নিদি নিজৰ সংস্কৃতিৰ প্ৰমূল্যক সন্মান কৰি শালীনতা ৰক্ষা কৰিব চেষ্টা কৰিম । নাৰী নামৰ সৃষ্টিশীলতাক সন্মান কৰি মনৰ সৌন্দৰ্য্যক অধিক আলোকিত কৰিম। এগৰাকী নাৰী হৈ আন এগৰাকী নাৰীৰ প্ৰতি ইৰ্ষা কৰাৰ বিপৰীতে শ্ৰদ্ধা আৰু সহনশীল হ’বলৈ শিকিম ।শিক্ষাই মোক স্বাবলম্বন হ’বলৈ সহায় কৰিছে কিন্ত্ত অহংকাৰী হ’বলৈ শিকোৱা নাই ।

মোৰ মা আৰু শাহু মোৰ বাবে একে কিয় হ’ব নোৱাৰে ? মোৰ বোৱাৰী আৰু মোৰ ছোৱালীৰ মাজত “নিচিনা” শব্দটোৰে ব্যৱধানৰ সৃষ্টি কৰি মই বাধাৰ প্ৰাচীৰ খন আৰু কিয় বহলাই ল’লো । বোৱাৰী হৈ মাকদেউতাকৰ মৰমৰ সন্তানটিক মই কিয় নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে আঁতৰাই আনিলোঁ। মইও বাৰু ইমান কেতেৰা জেঙেৰা কৈ অলপো সহানুভূতিশীল নোহোৱাকৈ বোৱাৰীজনীকে দোষবোৰ কিয় জাঁপি দিলো ।

ময়োটো মৰমৰ ঘৰখন এৰি তোমাৰ ঘৰখন আকোঁৱালি লৈছো । অলপ সময় দিয়া আৰু প্ৰতিটো কামতে ঘৰখনৰ লগত লগ লাগি মোক সমালোচনা নকৰি মোৰ লগত ছাঁৰ দৰে ওচৰতে থাকি সহযোগ কৰাচোন , মইটো তোমাৰ সহধৰ্মিণী । তুমি ননদ ,মই তোমাৰ বৌ । ঘৰৰ কাম কৰা বাঈ নহয় ।

ৰাতিপুৱাৰে পৰা কাম বন কৰি কৰি সকলোকে খোৱা বোৱাৰ যত্ন লৈ তৃপ্ত কৰি উদং বাচনবোৰৰ পৰা চুচিমুচি খোৱা কাঁহিখনত ভাত কেইটা খাবলৈ লওঁতেই যদি কোনোবাই কাঁহিখন চাই চিঞৰি কয় আৰে তোমালৈ একো নাৰাখিলা দেখোন কিয় এনেকৈ ভগাই দিলা ? তেতিয়া মোৰ খুউৱ ভাল লাগিল হেতেন কিন্ত্ত মই খাইছোঁ নে নাই তাৰ চকু দিবলৈ তোমালোকৰ আহৰিয়েই নাই দেখোন । মোক এদিন সকলো কামৰ পৰা ৰেহাই দি অলপ বাহিৰলৈ লৈ যাবাচোন মোক মুক্ত আকাশৰ তললৈ । তোমালোকে মোক দেউতাৰ ঘৰলৈ বাৰে বাৰে বস্ত্ত বিচাৰি নপঠাবাচোন ; জানানে নিজৰ সন্তানক তোমাৰ ঘৰলৈ একেবাৰে পঠাই দিওঁতে কিমান কষ্ট পাইছিল । কেতিয়াবা মোকো কিবা অলপ দিবাচোন মোৰো মন যায় এৰি থৈ অহা ঘৰখনলৈ কিবা এটা লৈ যাবলৈ । কেতিয়াবা মোকো অলপ দিবাচোন মোৰ প্ৰয়োজন পূৰণ কৰিবলৈ ।

তুমি নাৰী হৈও মোৰ জন্মত কিয় বাধা দিব আহিছা?কিয় তুমি বৈষম্য আনিছা ? সেই ভ্ৰূণটোৰ হত্যা কৰিব নিদিবা । পুৰুষতকৈ আগতেই তুমি তাক প্ৰতিৰোধ কৰা ।মোৰো মন যায় নাৰী হৈ জীয়াই থাকি সমাজ ব্যবস্হাক সলনি কৰিবলৈ আৰু মন যায় বৈষম্যতা নথকা এখন সুস্হ সবল সমাজ গঠন কৰিবলৈ য’ত সন্মান সহকাৰে সকলো নাৰীয়েই নিজৰ পচন্দ অনুসৰি জীয়াই থাকিব পাৰে ।

NariByPRB-02.png

 


Priti Rekha Bora

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection