Back to journal
Mridu

বৌদ্ধ ধৰ্মৰ চত্বাৰি আৰ্যসত্য

Main page: http://www.dainandinbartagroup.in/

Page#4 http://www.dainandinbartagroup.in/fullpage.php?photo=images1/../../../images1/19_May_2019_4.jpg&day1=19&month1=May&%20year1=2019

বৌদ্ধ ধৰ্মৰ চত্বাৰি আৰ্যসত্য – এটি অৱলোকন

বৌদ্ধ ধৰ্মৰ প্ৰতিস্ঠাতা গৌতম বু্দ্ধৰ উপদেশ আৰু বাণীসমূহৰ ওপৰত ভিত্তি কৰিয়েই বৌদ্ধ দৰ্শনৰ গঢ়ি উথিছিল।তেওঁ নৈতিকতাৰ শিক্ষা দিছিল ।তেওঁৰ দৰ্শনত ঈশ্বৰৰ কোনো স্থান নাই ।তেওঁ সাধনাৰ যোগেদি জ্ঞান লাভ কৰিছিল । তেওঁ জ্ঞান লাভ কৰাৰ মূলতেই আছিল জীৱনৰ চৰম সত্যতাক উপলব্ধি কৰা।সত্যোপলব্ধি কৰাৰ পিছতেই গৌতমে বুদ্ধ জ্ঞান লাভ কৰি জ্ঞানোদীপ্ত হৈছিল। আৰু তেতিয়াৰ পৰাই গৌতমক গৌতম বুদ্ধ বুলি কোৱা হয়। তেওঁ এজন সমাজ সংস্কাৰক ,ধৰ্ম প্ৰচাৰক, দাৰ্শনিক আছিল । সংসাৰৰ দুখ কষ্টৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি তাৰ বাবে বুদ্ধ দেৱে গভীৰ তপস্যা কৰিছিল আৰু সেই তপস্যাতেই তেওঁ জ্ঞানোদীপ্ত হৈ চাৰিটি আৰ্যসত্যৰ সন্ধান লাভ কৰিছিল।বুদ্ধ দৰ্শনত এই চাৰি সত্যক ‘চত্বাৰি অাৰ্য সত্যানি’ বুলি কোৱা হয়।সেইকেইটা হ’ল-১/দুখ,২/দুঃখ সমুদায় ,৩/দুঃখ নিৰোধ ,৪/দুঃখ নিৰোধ মাৰ্গ।

১/প্ৰথম আৰ্যসত্য -দুখ-জীৱনত দুখ আছে

তেওঁৰ মতে ,’সৰ্বং দুঃখম’অৰ্থাৎ সকলো দুখময়।মানুহৰ জীৱনত দুঃখ আছে । জন্মৰ পৰা মৃত্যুলৈকে সকলোৱেই এই সংসাৰত দুখ ভোগ কৰে।ৰোগ,বাৰ্দ্ধক্য ,মৃত্যুয়ে সকলোৰে জীৱনলৈ দুখ কঢ়িয়াই আনে।ই জীৱনৰ চিৰন্তন সত্য। যি বস্ত্তয়ে মানুহৰ জীৱনত সুখ দিয়ে সিও ক্ষণস্হায়ীহে।সুখ কেতিয়াও স্থায়ী হ’ব নোৱাৰে।জাগতিক বস্ত্ত সমূহক স্থায়ী বুলি ভাবিলেও সেইবোৰ এটা নিৰ্দিষ্ট সময়ৰ পিছত ধংস হৈ পৰে।গতিকে এনে ধৰনৰ ক্ষণিক বস্ত্তয়ে আমাক সুখ দিলেও অকৌ যেতিয়া নাইকিয়া হৈ পৰে তেতিয়া সেইবোৰে দুখৰ উৎপত্তি কৰে।অৰ্থাৎ এইবোৰৰ মাজতে দুখৰ বীজ লুকাই থাকে।আসক্তিয়ে দুখৰ সৃষ্টি কৰে।তেওঁ কৈছে জে জাগতিক প্ৰতিটো সুখৰ মাজত দুখ নিহিত হৈ থাকে।

২/দ্বিতীয় আৰ্যসত্য-দুঃখ সমুদায় -দুখৰ কাৰণ অছে

বুদ্ধ দৰ্শনৰ দ্বিতীয় অাৰ্য সত্যটো হ’ল দুখৰ কাৰণ অাছে।এই সত্যতো তেওঁৰ এক তত্বৰ ওপৰত প্ৰতিস্থিত।সেইটো হ’ল প্ৰতীত্যসমুৎপাদ।অৰ্থাৎ জগতৰ সকলো বস্ত্ত কাৰ্যকাৰণ সম্পৰ্কৰে জড়িত লগতে কোনো ঘটনাই আকস্মিক নহয়।কোনো ঘটনাৰ উৎপত্তি ইয়াৰ পূৰ্ববৰ্তী ঘটনাৰ ওপৰত নিৰ্ভৰশীল বুলি প্ৰতীত্যসমুতপাদে কয়।প্ৰাচ্যয়েই হওক বা পাচাত্য দৰ্শনেই হওক সলকোৱে স্বীকাৰ কৰে যে পৃথিবীত সংঘঠিত হোৱা প্ৰতিটো ঘটনাৰ অন্তৰালত এটা কাৰণ থাকে। কাৰণ বিনা একো ঘটনা হ’ব নোৱাৰে।গতিকে বুদ্ধ দেৱৰ মতে,প্ৰতিটো দুখৰে কাৰণ আছে।দুখৰ কাৰণসমূহ আমি যেতিয়ালৈকে নিৰ্মূল কৰিব নোৱাৰোঁ তেতিয়ালৈকে দুখৰপৰা মুক্তি লাভ কৰিব নোৱাৰোঁ।বৰ্তমান জীৱনৰ কাৰণ হ’ল পূৰ্বজীৱন।বাসনা আৰু আসক্তিয়ে মানুহক বাৰে বাৰে জন্ম লবলৈ বাধ্য কৰায়।বুদ্ধ দৰ্শনত দুখৰ কাৰণশৃংখলাৰ স্বৰূপক অবিদ্যা বা অজ্ঞানতা বুলি কৈছে।লগতে দ্বাদশ নিদানৰ কথা কোৱা হৈছে।এই দ্বাদশ নিদান এডাল শিকলিৰ দৰে ইটোয়ে সিটোক বান্ধি ৰাখে।এই কাৰণ শৃংখলাক ‘ভৱচক্ৰ’ বুলি কোৱা হয়।এই দ্বাদশ নিদান হ’ল-

১/জীৱনৰ দুঃখ অৰ্থাৎ জৰা মৰণ।জীৱই জন্ম গ্ৰহণ কৰাৰ বাবেই এই দুঃখ ।

২/জৰা মৰণৰ কাৰণ হ’ল জাতি বা জন্ম।

৩/ভৱ হ’ল বাৰে বাৰে আসক্তি আৰু ব্যাকুলতাৰ বাবে জন্মগ্ৰহণ কৰা।

৪/জাগতিক বিষয়ে মানুহক আসক্ত কৰে আৰু পুনঃ জন্মৰ বাবে বাসনাৰ সৃষ্টি হয়।

৫/তৃষ্ণাই ভোগস্পৃহাৰ সৃষ্টি কৰে, উপাদানৰ কাৰণ হ’ল তৃষ্ণা।

৬/বেদনা হ’ল অতীত সুখৰ অভিজ্ঞতা।তৃষ্ণাৰ কাৰণ হ’ল বেদনা ।

৭/স্পৰ্শ হ’ল বিষয়ৰ লগত বিষয়ীৰ সংযোগ।

৮/ষড়ায়তন হ’ল ছটা ইন্দ্ৰীয় পাঁচ জ্ঞানেন্দ্ৰিয় আৰু ম।স্পৰ্শৰ কাৰণ হ’ল ষড়ায়তন।

৯/নামৰূপ হ’ল দেহ আৰু মনৰ ক্ৰমবিকাশ।ষড়ায়তনৰ কাৰণ হ’ল নামৰূপ।

১০/নামৰূপৰ কাৰণ হ’ল বিজ্ঞান।মাতৃ গৰ্ভত ভ্ৰুণৰূপে থিতাপি লোৱা দেহেই হ’ল বিজ্ঞান।

১১/সংস্কাৰ হ’ল বিজ্ঞানৰ কাৰণ।পূৰ্বজন্মৰ সকলো প্ৰকাৰৰ কৰ্ম এই সংস্কাৰৰদ্বাৰাই সম্পাদন কৰা হয়।

১২/সংস্কাৰৰ কাৰণ হ’ল অবিদ্যা।জ্ঞানৰ অভাবকে অবিদ্যা বোলা হয়।আৰু এই অবিদ্যাই হ’ল অন্যান্য দুঃখৰ মূল কাৰণ।

৩/তৃতীয় আৰ্যসত্য-দুঃখ নিৰোধ অৰ্থাৎ দুঃখ ৰ নিবৃত্তি আছে-

যিবোৰ কাৰণৰদ্বাৰা দুখৰ উৎপত্তি হয় সেইবোৰ নিৰ্মূল কৰিব পাৰি।দুঃখৰ পৰা মুক্তি মুক্তি বা মোক্ষ লাভ কৰিব পাৰি। দুঃখৰ মূল কাৰণ অবিদ্যাক বিনাশ কৰিব পাৰিলে দুখৰ অৱসান ঘটিব পাৰে।দুঃখৰ নিবৃত্তিক বুদ্ধ দৰ্শনত নিৰ্বাণ বুলি কৈছে।আসক্তিক বৰ্জন কৰি কাম, ক্ৰোধ, লোভ আৰু মোহক নিজে দমন কৰি ৰাখি ইন্দ্ৰিয়ক বশীভূত কৰি এই জীৱনতেই নিৰ্বাণ লাভ কৰিব পাৰি।নিৰ্বানৰ অৰ্থ নিৰ্বাপিত হোৱা বা নুমাই যোৱা। এই নিৰ্বাণৰ স্বৰূপ হ’ল- নিৰ্বান হ’ল অস্তিত্বৰ চিৰ বিলুপ্তি, নিৰ্বান হ’ল এক শাস্বত আৰু আনন্দৰ অবস্থা, নিৰ্বাণ হ’ল অপৰিবৰ্তনীয় অবস্থা আৰুনিৰ্বাণ হ’ল এক অনিৰ্বচনীয় অবস্থা।ইয়াৰ পৰা বোজা যায় যে নিৰ্বাণক কেৱল উপলব্ধি কৰাতো সম্ভৱ,এই আনন্দ অবস্থাক বৰ্ননা কৰাতো অসম্ভৱ।বৌদ্ধ দৰ্শনত দুই প্ৰকাৰৰ নিৰ্বাণ কথা উল্লেখ আছে।নিৰ্বাণ আৰু পৰিনিৰ্বাণ ।নিৰ্বাণত কামনা বাসনাৰ বিৰ্লুপ্তি হয় কিন্ত্ত জীৱনৰ অন্ত নহয়।কিন্ত্ত পৰিনিৰ্বাণত আমাৰ কামনা বাসনাৰ লগতে জীৱনৰো অন্ত পৰে।নিৰ্বানক উপাধিশেষ নিৰ্বাণ আৰু পৰিনিৰ্বাণক অনুপাধিশেষ নিৰ্বাণ বোলা হয়।গৌতম বুদ্ধই সাধনাৰ বলত উপাধিশেষ নিৰ্বাণ লাভ কৰিছিল আৰু দেহৱাসনৰ পিছত পৰিনিৰ্বাণ লাভ কৰিছিল।

৪/চতুৰ্থ আৰ্যসত্য- দুঃখ নিৰোধ মাৰ্গ অৰ্থাৎ দুখ নিবৃত্তিৰ উপাই আছে।

দুঃখ নিৰোধ মাৰ্গ হ’ল জীৱনত পোৱা দুঃখৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাক জনাতো।দুঃখ ক’ৰ পৰা সৃষ্টি হয় তাৰ কাৰণবোৰৰ সম্বন্ধে জ্ঞান লাভ কৰিলে দুঃখ নিবৃত্তিৰ উপায়ৰ সন্ধান পোৱা যায়।বুদ্ধ দৰ্শনৰ এই আৰ্যসত্যতো হ’ল বুদ্ধ দৰ্শনৰ এক ভিত্তি যাৰ ওপৰত নিৰ্ভৰ কৰি সকলো মানুহে নৈতিক জ্ঞান লাভ কৰিব পাৰে।এই নৈতিক মাৰ্গ বুদ্ধ দেৱে নিজেই অনুসৰণ কৰিছিল আৰু আনকো অনুসৰণ কৰিবলৈ উপদেশ দি নিৰ্বাণ লাভ কৰিবলৈ’অষ্টাংগিক মাৰ্গ’বা তলত উল্লেখ কৰা আঠটা নিয়ম মানি চলিবলৈ নিৰ্দেশধিছিল।সেইবোৰ-

সম্যক দৃষ্টি- অবিদ্যা বা অজ্ঞানতাই হ’ল সকলো প্ৰকাৰৰ দুখৰ কাৰণ।সম্যক দৃষ্টি হ’ল চাৰি আৰ্যসত্যক গভীৰভাবে উপলব্ধি কৰাতো।অবিদ্যাৰ বাবে জীৱনত যি দুঃখ কষ্ট ভোগ কৰোঁ তাৰপৰা মুক্তি পাবলৈ আমি এই চাৰি আৰ্য সত্য সম্পৰ্কে সম্যক জ্ঞান লাভ কৰাতোঁ অতি প্ৰয়োজন।তেতিয়াহে জগত আৰু জীৱন সম্পৰ্কে সঠিক জ্ঞান লাভ কৰিব পাৰিম।

সম্যক সংকল্প- সততা আৰু ত্যাগক জীৱনৰ উদেশ্য ৰূপে মানি চলিব লাগে । পাৰ্থিব বস্ত্তৰ প্ৰতি আসক্তি, ভোগ ,বিলাসিতা,হিংসা,দ্বেষ ,খং-ৰাগ ঈৰ্ষা আদিক জীৱনৰপৰা বৰ্জন কৰাটোৱেই হ’ল সম্যক সংকল্প।এইবোৰৰ ঠাইত প্ৰেম, দয়া, পৰোপকাৰ হৈ কাৰো অপকাৰ নকৰাতোৱেই হ’ল সম্যক সংকল্প।

সম্যক বাক-মিছা কথা পৰিহাৰ কৰি সত্যৰ আধাৰত জীৱন পৰিচালিত কৰাই হ’ল সম্যক বাক। অৰ্থাৎ বাক সংযম কৰি সদায় সত্যৰ আধাৰত জীৱনক পৰিচালিত কৰিব পাৰিব লাগিব।মিছা কথা কোৱা,কূট ৰতনা কৰা, কটু বাক্য কোৱা,বেয়া কথা কৈ আনক আঘাত দিয়া,পৰনিন্দা কৰা,পৰচৰ্চা আদি সম্পূৰ্ণ ৰূপে ত্যাগ কৰিব পাৰিব লাগিব।অসংযত হৈ কথা কোৱা সলনি নিজকে সংযম কৰি জীৱনত কাৰো প্ৰতি হিংসা নকৰাকৈ সত্যক উপলব্ধি কৰাতোৱেই হ’ল সম্যক বাক।

সম্যক কৰ্মান্ত-কেৱল সংযম হ’লেই নিৰ্বাণ লাভ কৰিব নোৱাৰি।জীৱনত সম্যক কৰমান্ত অতি প্ৰয়োজনীয়।অহিংসা,অস্তেয়, ব্ৰহ্মচৰ্য,সত্য,মাদক দ্ৰব্য বিসৰ্জন এই পঞ্চশীলক ত্যাগ কৰাকে সম্যক কৰ্মান্ত বোলা হয়।সংযত আচৰন আৰু ভাল কৰ্মইহে মানুহক নিৰ্বাণ লাভৰ বাবে সংকল্প কৰাব পাৰে।পঞ্চ ৰিপুক দমন কৰি পঞ্চশীলক ত্যাগ কৰিলেহে সম্যক কৰ্মানত হয়।

সম্যক অজীৱ-অসৎ উপায় পৰিহাৰ কৰি সৎ উপায়েৰে জীৱিকা অৰ্জন কৰাকে সম্যক অজীৱ বোলা হয়।কোনো পৰিস্থিতিতে কোনো ধৰণৰ অসৎ উপায় নলৈ সৎ উপায়েৰে জীৱনতোক পৰিচালিত কৰায়েই হ’ল সম্যক অজীৱ।জীৱজন্ত্তক হত্যা,মদ বিক্ৰী ,গণিকা বৃত্তি,চুৰি কৰা আদি কাৰ্য কৰি জীৱন যাপন নকৰিবলৈ বুদ্ধ দৰ্শনত কোৱা হৈছে ।

সম্যক ব্যায়াম-কু চিন্তা বা কপততা নাইকিয়া কৰি সৎ চিন্তা আৰু মনোভাবেৰে জীনতোক পৰিচালিত কৰাই হ’ল সম্যক ব্যায়াম।কু চিন্তাক বিনাশ কৰি সৎ চিন্তাৰে মনত ভৰাই ৰাখিবলৈ তেওঁ সকলোকে উপদেশ দিছে।

সম্যক স্মৃতি-জগতৰ সকলো বস্ত্ত ক্ষণস্হায়ী । কিন্ত্ত মানুহে দেহ ইন্দ্ৰিয়সকলোকে নিত্য আৰু স্থায়ী বুলি ভাবি লোৱাৰ ফলত আসক্তিৰ সৃষ্টি হয়।ফলত বন্ধনৰ সৃষ্টি হয়আৰু সেই বন্ধনে দুঃখ দি্যে।এই সকলোবোৰ যে ক্ষণস্হায়ী সেী কথা সকলোৱে মনত ৰখাকে সম্যক স্মৃতি বোলে।এই কথা জানি লৈ হৃদয়ংগম কৰিলেহে নিৰ্বাণ লাভ কৰিবলৈ মানুহ সক্ষম হ’ব।

সম্যক সমাধি- ওপৰৰ সাতটা মাৰ্গক অনুসৰণ কৰি যেতিয়া সাধকজনে মনক শান্ত কৰি ধীৰস্থিৰ কৰি তুলিব পাৰিব তেতিয়াহে সাধকে সমাধিৰ জৰিয়তে নিৰ্বাণ লাভ কৰিব পাৰিব।সমাধিৰ চাৰিটা স্তৰ আছে।

আনন্দ-য’ত সাধকে এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত মনক সমাহিত কৰি আৰ্যসত্যকেইটাক ভালকৈ উপলব্ধি কৰি সংশয়সমূহৰ ওপৰত বিচাৰ বিবেচনা কৰে।এই স্তৰত সাধকে আনন্দ উপভোগ কৰে।

উল্লাস-সাধকৰ যেতিয়া আৰ্যসত্যৰ ওপৰত দৃঢ় বিশ্বাস জন্মে তেতিয়া বিচাৰ বিবেচনা নাথাকে আৰু মনৰপৰা সকলো সংশয় আঁতৰি যায়।মনত কেৱল থাকে উল্লস।

আসক্তিহীনতা-ই হ’ল সমাধিৰ তৃতীয় অবস্হা ।শুদ্ধ জ্ঞান ধাৰনাৰে পৰিপুষ্টত মন কেৱল প্ৰশান্ত হৈ থাকে।

প্ৰশস্তি-এই স্তৰত মন সম্পূৰ্ণ ৰূপে আত্মসমাহিত হৈ এক তুৰীয় অবস্থা পায় য’ত মন কেৱল পৰিপূৰ্ন জ্ঞানেৰে আবৃত হৈ থাকে।এই স্তৰ হ’ল সমাধি এনে এক স্তৰ য’ত সাধকে নিৰ্বাণ লাভ কৰে।

এই অষ্টাংগিক মাৰ্গক তিনটা স্কন্ধত ভাগ কৰিছে। প্ৰজ্ঞা,শীল আৰু সমাধি।প্ৰজ্ঞাৰ অৰ্থ হ’ল ‘সম্যক জ্ঞান’,শীলৰ অৰ্থ হ’ল ‘সদাচৰন’,সমাধিৰ অৰ্থ হ’ল ‘ধ্যান’।

প্ৰীতি ৰেখা বৰা

সহকাৰী অধ্যাপিকা

৯০৮৫২০৯৮১২


Priti Rekha Bora

+ Newsletter

Join the Journey

Receive quiet reflections, poems, and observations directly in your inbox.

No spam. Only soul words.

Reflections (0)

No comments yet. Be the first to share your thoughts.

+ Share Your Thoughts

Leave a Reflection

Share this reflection