একান্ত ব্যক্তিগত…..
“দেউতা জংঘলত থাকে ” — কনমানি জনীৰ কথাষাৰে বুকুখনৰ কোনোবা এটি কোনত হেচাঁ মাৰি ধৰিলে । কান্দোনত ভাঙি পৰা অসহায় মানুহগৰাকীৰ সেই দৃশ্যই হয়তু মোৰ দৰে বহুতকে ৰাতি শুৱ দিয়া নাই । কিয় লাগে এনে স্বাধীনতা ? য’ত কেৱল অসমীয়া কিজনেহে প্ৰান আহুতি দিব লাগে? অাছে কেইজন এতিয়া অসমীয়া যি স্বাধীন অসমখনত ৰাজত্ব কৰিব ??
স্বাধীনতা প্ৰেমী কিছু ডেকাৰ শক্তিত অসমৰ সাৰ্বভৌত্বৰ দাবীত , সশস্ত্ৰ সংগ্ৰামৰত সংযুক্ত মুক্তি বাহিনী জন্ম হৈছিল ১৯৭৯ চনৰ ৭ এপ্ৰিলত অসমৰ ঐতিহাসিক চহৰ শিবসাগৰৰ ৰংঘৰৰ বাকৰিত ।
লাহে লাহে ৮০ দশকৰপৰা এই সংগঠনটোয়ে হয়তু অসমীয়াৰ অন্তৰত স্থান লাভ কৰিছিল । ৯০ দশকৰ পৰা মইও হয়তু লাহে লাহে জানো কি টানত এই সংগঠনটোক ভাল পাবলৈ লৈছিলোঁ । মই এই সংগঠনটোৰ প্ৰেমত পৰাত অৰিহনা যোগাইছিল এখন সাপ্তাহিক বাতৰি কাকত ‘ সাদিন ‘ আৰু তিনিজন সাংবাদিক অজিত কুমাৰ ভূঞা , স্বৰ্গীয় পৰাগ কুমাৰ দাস আৰু প্ৰশান্ত ৰাজগুৰু । সাদিনৰ এটা এটা লিখনি পঢ়ি পঢ়ি মনত ULFAৰ বিষয়ববীয়া সকলক যেনেকৈয়ে নহওক লগ পাবলৈ বিছাৰিছিলো । তেতিয়া ইমান মনত বিচাৰ বুদ্ধি নাছিল । মোৰ সেই সপোন বাস্তবত ৰূপায়িত হৈছিল । মোৰ এজন দাদাৰ সহযোগত লগ পাইছিলো স্বৰ্গীয় হীৰক জ্যোতি মহন্ত আৰু অনিৰ্বান হাজৰিকাক । লগ পাবলৈ মই এজন দাদাৰ লগত কিমান দুৰ যে চাইকেল মাৰি গৈছিলো ভাবিলেই কিবা লাগে । এই কথাতো কেৱল দেউতাইহে জানিছিল । দেউতাই কৈছিল যেনেকৈয়ে নহওক ৪ তাত ঘৰ পাব লাগিব । য’ ত গৈছিলো তাত বিষ্ণু ৰাভাৰ দিৱস পাতিছিল। মই ইমান দুৰৈৰ পৰা চাইকেল লৈ তেওঁলোকক লগ পাবলৈ যোৱা দেখি মানুহবোৰ অবাক হৈছিল। মোৰ লগত যোৱা জেঠাৰ ল’ৰাজনে মোক মনে মনে ঠিকচে গালি দিছিল। অৱশেষত মোৰ আন এজন দাদাই যেনিবা তেওঁলোকক লগ পোৱাই দিছিল । মোৰ বিৰাত ভাল লাগিছিল । বহু কথা পাতিছিলো আমি সবেই । একেলগে ভাত খাইছিলো মাটিত বহি। লগত লৈ আনিছিলোঁ এটা Black Rotomac পেন । এটিয়াও আছে মোৰ লগত । ইয়াৰ পিচতো মই বহু কেইজন ছাংলত ফেনলাক লগ পাইছিলো । শেষত মাক ভয় খোৱা দেখি লগ পাব এৰিছিলো ।
লাহে লাহে সিঁহতবোৰৰ “উগ্ৰপন্থীৰ কাৰ্যকলাপ” বৃদ্ধি হ’ব ধৰিলে । মহন্ত চৰকাৰ দিনত সুৰেন্দ্ৰ পালৰ হত্যাকান্ডই চৰকাৰ কপাঁই তুলিছিল । তাৰ পিচতেই আৰম্ভ হৈছিল হত্যাযজ্ঞ – সজ্ঞয় ঘোষ, ৰাচিয়াৰ পৰা অহা পৰ্যটক দুজন, নগেন শৰ্মাৰ হত্যাই কপাঁই তুলিলে অসম । লক্ষীপথাৰৰ গণকবৰে মানুহৰ সেই ভালপোৱা বোৰৰ ঠাইত ভয় আৰু ক্ষোভে ঠাই পালে । মালিক আৰু বনিকৰ স্বাৰ্থত অসমলৈ অনা হ’ল সেনা । ভাৰতীয় সেনাই সংগঠনটোৰ বিৰুদ্ধে চলাবলৈ ধৰিলে অভিযান । সংগঠনৰ বিপ্লবীক দমন কৰাৰ নামত চলিল অসমীয়াৰ ওপৰত আক্ৰমণ । অগ্নিগৰ্ভা অসম । ডিব্ৰুগড় , তিনিচুকিয়া , লক্ষীপথাৰ , নগাওঁ অাদিত অসমীয়া তেজাল ডেকাক আলফা সজাঁই অতি নিৰ্মমভাবে অত্যাচাৰ কৰি হত্যা কৰিছিল ।মাক দেউতাকৰ বুকু শুদা কৰি কি যে হত্যাযজ্ঞ চলাইছিল সেইবোৰ কোনো অসমীয়াই পাহৰিব নোৱাৰে। সেই দৃশ্যই আমাৰেই অন্তৰাত্মা কঁপি উঠিছিল …. সেই ঘৰবোৰত চাগৈ কি হৈছিল ???নিশাৰ গভীৰতাত সেনাৰ বুটৰ শব্দৰ বাহিৰে হয়তু শুনা গৈছিল মাকৰ বুকুৰ শব্দ পুত্ৰক হে্ৰুৱাৰ ভয় …. অাজি বা কাৰ পাল ! সেই সময়ত আলফাৰ তথাকঠিত নেতা সকলে অসমৰ এনেকুবা অবস্থা কৰি ; কেইজনমান তেজাল ডেকাক স্বাধীন অসমৰ সপোন দেখোৱাই ; তেওঁলোকৰ হাতত অসমখন অৰ্পণ কৰি নিজে বাংলাদেশ , ম্যানমাৰ আদি ঠাইত সুখৰ সংসাৰ কৰি নিজৰ সন্তানক অসমৰ সেই ভয়াবহ পৰিস্থিতিৰ পৰা দুৰৈত ৰাখিছিল ।
সেইসময়তেই ১৯৯২ চনত হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে একাংশক আলোচনাৰ নামত আত্মসমৰ্পণ কৰোৱাই সমূলসুঁতিলৈ অনাৰ বাবে সৃষ্টি কৰিলে দুটা ভাগ — অালোচনা পন্থী আৰু আনটো বিৰুদ্ধী ….হীৰক জ্যোতি মহন্ত আৰু অনিৰ্বান হাজৰীকা আছিল আলোচনা বিৰুদ্ধী পন্থী । তেওঁলোক দুয়োজনেই শক্তিশালী ৰূপত আলোচনা পন্থীৰ আগত হেঙাৰ হৈ থকাৰ বাবে চৰকাৰ আৰু সেনাৰ ব্লুপ্ৰিন্ট আৰম্ভ হৈছিল আৰু তেওঁলোকক নৃসংশভাবে হত্যা কৰিছিল । লগে লগে বহু শক্তিশালী নেতাই আত্মসমৰ্পন কৰিছিল । এই আত্মসমৰ্পণকাৰী সকলক লগত ৰাখিবলৈ দিয়া হৈছিল মৰণাষ্ত্ৰ । তাৰ পিছতেই আৰম্ভ হ’ ল ভাতৃঘাটী সংঘৰ্ষ ।এসমৰ সতীৰ্থৰ হত্যালীলা । মনত থাকি যোৱা দুটা নাম আলফা আৰু ছালফা ….। এই হত্যালীলাত নগাওঁৰ নৈপামত টায়াৰৰ জুইত দপদপকৈ জ্বলি উঠিছিল নজনকৈ সতীৰ্থ —- অামাৰেই কাৰোবাৰ আপোন ককাই ভাই আন কোনো নহয় ..সেইকেইজন হ’ ল অসমীয়া ।
এনে বহু ঘটনাৰ সাক্ষী অসমৰ অসম্ভব স্বাধীনতাৰ বাস্তবিকতা ।
কোনে পাহৰিব গুৱাহাটীৰ বোমা বিস্ফোৰণ , কোনে পাহৰিব নিৰহ স্কুলীয়া শিশুৰ হত্যালীলা ?? তাৰ পিচতো যে সন্মানীয় গামোচাখন পিন্ধাই দিবলৈ অলপো কুন্ঠাবোধ নকৰে ।
কিন্ত্ত পাৰিলে হেতেন বহুত কিবাকিবি কৰিব অসমৰ বাবে ।তেতিয়া হয়তু অাজিৰ অসমৰ এই পৰিস্থিতিৰ পৰা অসমখন বহু দুৰৈত থাকিলহেতেন । দেখিচো য’ত মাত দিব লাগে তাত নিমাত থাকে আৰু য’ত মাত নিদিলেও হয় তাত ধমকি দি ভয় খোৱাই । যিবোৰ কাৰন প্ৰদৰ্শন কৰি আলফাৰ নিচিনা সংগঠনৰ জন্ম হল সেইবোৰক অগ্ৰাধিকাৰ দি আগবাঢ়িব লাগিছিল , লগতে সেইবোৰ সমাধান কৰা আগ্ৰহ কোনো এখন চৰকাৰৰ ফালৰপৰাও দেখা পোৱা নগল । নহ’লে ইমান অসমীয়াৰ মৃত্যু কেতিয়াও নহ’লহেতেন । চৰকাৰে কেৱল সামৰিক অাৰু বনিক গোষ্ঠীৰ হেচাঁত বিভাজনৰ চক্ৰান্ত কৰি আৰু কৌশলগতভাবে আলফাক দুটা ভাগত ভাগ কৰি বিভিন্ন কৌশল অৱলম্বন কৰি জনগণৰ ওচৰত সন্ত্ৰাসবাদী সজোঁৱাত ব্যস্ত নহৈ ভালকৈ আলোচনা কৰিব পাৰিলেহেতেন । তেতিয়া হয়তু বহু অসমীয়া ডেকাই সন্তাসবাদীৰ মিছা নামলৈ মৃত্যুক আকোঁৱালি ন’ললেহেতেন ।
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.