জয় গুৰু শংকৰ
কলংসুঁতিৰ পাৰত,১৮৯৩ চনত পণ্ডিত সনতৰাম বৰাৰ নগাওঁৰ পলাশনি গাওঁত জন্ম হৈছিল। পেচাত তেওঁ ৩২ নং কৰৈয়নি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান আচাৰ্য্য আছিল ।সেই সময়ত প্ৰধান আচাৰ্য্যক পণ্ডিত বুলি সম্বোধন কৰিছিল ।শ্ৰীমন্ত শংকৰদেৱৰ নামধৰ্মৰ প্ৰতি অগাধ ভক্তি আৰু মহাপুৰুষীয়া প্ৰথাৰ প্ৰতি তেখেতৰ আছিল অপৰিসীম বিশ্বাস ।এই ভক্তিতেই তেওঁ মহাপুৰুষজনাৰ ৰচিত সকলো শাস্ত্ৰই তন্ন-তন্ন কৈ অধ্যয়ন কৰি তাৰ গুঢ়াৰ্থ বুজি পাই মহাপুৰুষজনাৰ নামধৰ্মৰ প্ৰতি আকৃষ্ট হৈছিল ।ফলত তেওঁ গুৰুজনাৰ বৈষ্ণৱ ধৰ্মক সমাজৰ মাজত অধিক প্ৰচাৰ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈ পৰে ।

সেই সময়তেই পলাশনিৰ ওচৰৰ ঔঅনাৰ শিক্ষক মণিপদ বৰা বাপ সঘনাই পণ্ডিত সনতৰাম বৰাৰ ঘৰলৈ আহ যাহ কৰিছিল। পণ্ডিত সনাতৰাম বৰাৰ দৰে তেওঁও মহাপুৰুষজনাৰ একশৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছিল আৰু পণ্ডিত সনাতন বৰাৰ লগত মহাপুৰুষজনাৰ ৰচিত শাস্ত্ৰসমূহ অধ্যয়ন কৰিছিল ।শাস্ত্ৰসমূহৰ ব্যাখ্যা সাৱলিলভাবে বৰ্ননা কৰাৰ বাবে পণ্ডিত সনতৰাম বৰাৰ ঘৰলৈ গাওঁৰ মানুহৰ সোঁত বৈছিল। তাৰ পিছত গাঁওৰ নামঘৰত সদায় শাস্ত্ৰসমূহৰ ব্যাখ্যা আৰম্ভ হ’বলৈ ধৰিলে ।মণিপদ বৰা বাপৰ লগত মিলি তেওঁ পলাশনিৰ ওচৰে পাজৰে থকা প্ৰায় সকলো গাওঁ যেনে কৰৈয়নি ,মাজৰআতি, ঔঅনা ,পুতনি ,লটাইমাৰি আদি গাওঁৰ নামঘৰত মহাপুৰুষজনাৰ ৰচিত শাস্ত্ৰসমূহ পাঠ কৰি ,তাৰ ব্যাখ্যা কৰি মহাপুৰুষজনাৰ একশৰণ ধৰ্মৰ মাহাত্ম্য প্ৰচাৰ কৰিছিল । ১৯১৮ চন ।লাহে লাহে তেওঁলোকৰ এই প্ৰচেষ্টাই এক অনুষ্ঠানৰ ৰূপ লৈছিল ।জন্ম হৈছিল ‘জ্ঞানমালিনী সভা’। এই সভাত উপস্হিত থাকিবলৈ নগাওঁৰেই নহয় দুৰ দুৰনিৰপৰাও মানুহ আহিছিল ।কলংসুঁতিৰ পাৰত মহাপুৰুষজনাৰ একশৰণ ধৰ্মৰ প্ৰচাৰ বিস্তাৰিত কৰাৰ মানসেৰে জন্ম দিয়া এই অনুষ্ঠান ‘জ্ঞানমালিনী সভা’ই ‘ লাহে লাহে ‘ধৰ্ম আলোচনাৰ ‘সভালৈ ৰূপান্তৰিত হ’ল। । ধৰ্ম আলোচনাৰ সভাপতিৰ গুৰু দায়িত্বত আছিল ক্ৰমে মণিপদ বৰা বাপ আৰু সম্পাদক ৰূপে আছিল পণ্ডিত সনতৰাম বৰা।মহাপুৰুষীয়া ধৰ্মৰ প্ৰথাসমুহ আকোঁৱালি লৈ, ভকতবৃন্দক ইয়াৰ প্ৰতি আকৰ্ষিত কৰি মহাপুৰুষজনাৰ বৈষ্ণবী-জ্ঞান প্ৰচাৰ কৰিবলৈ পণ্ডিত সনতৰাম বৰা উদ্বাউল হৈ উঠিছিল ।কীৰ্ত্তন ,দশম ,নামঘোষা ,ৰত্নাৱলী ঘোষাৰ ব্যাখ্যাৰে সমাজত শ্ৰীমন্ত মহাপুৰুষজনাৰ নামধৰ্মৰ মাহাত্ম্যৰ কথা প্ৰচাৰ কৰিছিল ।দুয়োজনা মহাপুৰুষৰ বিৰচিত পুথিসমূহৰ ভাবাৰ্থসমূহ এনেধৰনে ব্যাখ্যা কৰাৰ ফলত পুথিসমূহৰ ভিতৰত থকা সাৰমৰ্মসমূহ সাধাৰন লোকে বুজি পাইছিল আৰু গুৰুজনাৰ একশৰণ ধৰ্মৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছিল ।পণ্ডিত সনতৰাম বৰা আৰু মণিপদ বৰাৰ চেষ্টাত প্ৰাণ পাই উঠা এই অনুষ্ঠানটিৰ আঁৰত থকা উদ্দেশ্যই যেন সফল হৈছিল ।

১৯৩০ চন। ৰমাকান্ত মুক্তিয়াৰ আতাই বৰদোৱাৰপৰা প্ৰতিদিনে প্ৰায় ১৫ মাইল চাইকেল মাৰি আহি পণ্ডিত সনতৰাম বৰা আৰু মণিপদ বৰা বাপৰ লগ লাগি ধৰ্ম আলোচনাখন আৰু আগুৱাই নিয়াত সহায় কৰে ।আতা আছিল সংস্কৃতৰ পণ্ডিত ।আতা টিয়কৰ গুৱাল গাওঁত জন্ম হৈছিল। তেওঁ গুৰুজনাৰ একশৰণ ভাগৱতী ধৰ্মৰ প্ৰচাৰক আছিল আৰু গুৰুজনাৰ ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ চাইকেলেৰে ইফালৰপৰা সিফালে গৈ শাস্ত্ৰসমূহৰ অন্তৰ্নিহিত ভাবাৰ্থসমূহ বুজাবলৈ চেষ্টা কৰিছিল। তেওঁ সেই উদ্দেশ্যে পলাশনিৰ ধৰ্মালোচনাৰ সভালৈও আহি পণ্ডিত সনত ৰাম বৰা আৰু মনি পদ বৰাৰ লগ লাগিছিল ।লোকসেৱক হলধৰ ভূঞাদেৱও এই আলোচনা সভাত ভাগ লৈছিল ।ৰমাকান্ত মুক্তিয়াৰ আতাই বৰদোৱা সত্ৰৰ বিভিন্ন ৰীতি নিতিৰ সংস্কাৰ সাধন কৰি বৰদোৱাত মহাপুৰুষজনাৰ জন্মতিথি পালন কৰাত গুৰু দায়িত্ব গ্ৰহণ কৰিছিল। ৰমাকান্ত মুক্তিয়াৰ আতাদেৱ আছিল সমাজ সংস্কাৰক । ভক্তি ধৰ্মৰ প্ৰতি থকা অগাধ বিশ্বাসত তেওঁ গুৰুজনাৰ ধৰ্ম-প্ৰচাৰতেই নিজকে বিলীন কৰি দিছিল । ৰমাকান্ত মুক্তিয়াৰ আতাদেৱ আৰু লোকসেৱক হলধৰ ভূঞাৰ লগতে নগাওঁৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ সহযোগত পলাশনিত জন্ম হোৱা ‘জ্ঞানমালিনী’ৰ ৰূপান্তৰিত ‘ধৰ্মালোচনা সভা’ই নাম পাই ‘শংকৰ সংঘ’।
১৯৩০ চনত স্থাপন হোৱা শংকৰ সংঘৰ সভাপতিৰ দায়িত্বভাৰ লয় মণিপদ বৰা বাপে আৰু সম্পাদকৰ দায়িত্বভাৰ লয় পণ্ডিত সনত ৰাম বৰাই । লগতে সহকাৰী সম্পাদক হিচাপে থাকে চেনিৰাম সুত ।

এই সভাই প্ৰায় সুদীৰ্ঘ চাৰিটামান বছৰ গৰকোটেই ১৯৩৩ চনৰ ২০ মাৰ্চত পণ্ডিত সনতৰাম বৰাৰ পত্নী যাজ্ঞসেনী বৰাই শেষ নিস্বাস ত্যাগ কৰে । সৰু সৰু ল’ৰা ছোৱালী কেইটা লৈ অকালতে পত্নীক হেৰুৱাই পণ্ডিত সনতৰাম বৰা দিশহাৰা হৈ পৰিছিল । সৰু পুত্ৰৰ বয়স তেতিয়া আছিল মাত্ৰ ডেৰ বছৰ।মাহেকৰ মূৰত শ্ৰাদ্ধক্ৰিয়া আৰম্ভ হওঁতেই ব্ৰাহ্মণ পুৰোহিতে পণ্ডিত সনতৰাম বৰাৰ ওচৰত দান দক্ষিণাৰ কথা উত্থাপন কৰে আৰু তেখেতৰ ঘৰত থকা একমাত্ৰ খিৰতী গাইজনী দান হিচাপে বিছৰাত পণ্ডিত সনতৰাম বৰা মান্তি ন’হল হয়তু ডেৰ বছৰীয়া সন্তানতিক মাকৰ অবিহনে ঘৰৰ গাইজনীৰ গাখীৰৰ বাহিৰে খোৱাবলৈ একো নাছিল ।পুত্ৰৰ জীৱন পুৰোহিতজনৰ দানৰ মূল্যতকৈ অধিক । গাইজনীৰ পৰিবৰ্তে তেওঁ মূল্য দিবলৈও সাজু হ’ল।ব্ৰাহ্মণ পুৰোহিতোজনো নাছোড়বান্দা । তেওঁৰ কথা শিলৰ ৰেখা । গাইজনীহে লাগিব মূল্য নহব সেয়েহে ব্ৰাহ্মণ পুৰোহিতে গাইৰ অবিহনে শ্ৰাদ্ধৰ কাম নকৰি তাতে এৰি শ্ৰাদ্ধস্থলী পৰা প্ৰস্থান কৰে ।বৈষয়িক প্ৰয়োজন পূৰণ কৰিব নোৱাৰাৰ বাবে পুৰোহিতে এনেকৈ প্ৰস্থান কৰা দেখি সনতৰাম বৰাই দুখ অভিমানত মানসিক ভাবে ভাঙি পৰিছিল ।তেওঁ তাৎক্ষানিকভাবে সিদ্ধান্ত গ্ৰহণ কৰি ব্যক্ত কৰে যে নাম কীৰ্ত্তনৰদ্বাৰাই তেওঁ পত্নীৰ শ্ৰাদ্ধক্ৰিয়া সম্পন্ন কৰিব। কীৰ্ত্তন দশম ৰত্নাৱলীৰ পঢ়ি যিহেতু নামধৰ্মক আপোন কৰি লোৱা হৈছে গতিকে সভাস্থলিত উপস্হিত থকা সকলোকে নাম কীৰ্ত্তনেৰে মৃতকৰ শ্ৰাদ্ধক্ৰিয়া সম্পন্ন কৰি সদ্গতি সাধিব বুলি কোৱাত সনত ৰাম বৰাৰ ঘৰত থকা লোকসকলে আগন্ত্তক আহিবলগীয়া বিপদ সম্পৰ্কে উমান অনুভৱ কৰি শ্ৰাদ্ধস্থল ত্যাগ কৰে ।বাকি যিকিজন মুষ্টিমেয় লোক থাকিল তেওঁলোকৰ দিহা পৰামৰ্শতে শ্ৰাদ্ধক্ৰিয়া সম্পন্ন কৰে। ৰমাকান্ত মুক্তিয়াৰ আতা দেউৰাম কোঁচ আদি মহান ব্যক্তিয়ে এই ঘটনাক গুৰুজনাৰ ইচ্ছাতে হৈছে বুলি ভাবি লৈ নাম কীৰ্ত্তনেৰে শ্ৰাদ্ধক্ৰিয়া সম্পন্ন কৰে । লগে লগে এই ধৰ্ম বিপ্লৱে বনজুইৰ দৰে সমগ্ৰ অসমতেই তীব্ৰ জোৱাৰ তুলে আৰু ব্ৰাহ্মণ্যবাদত আঘাত হানে ।তেখেত আৰু তেখেতৰ লগত থকা সকলো মানুহৰ জীৱনলৈ নামি আহে সামাজিক জীৱনৰ বিৰুদ্ধাচৰণ কৰাৰ ফলত ভোগ কৰা যন্ত্ৰণাবোৰ।পণ্ডিত সনত ৰাম বৰাৰ জীৱনো হৈ পৰিছিল যন্ত্ৰণাময় । কিন্ত্ত গাওঁৰ নামঘৰৰ পৰা বাদ পৰিলেও তেওঁ নিষ্ঠা আৰু ধৈৰ্যৰে ৰমাকান্ত মুক্তিয়াৰ আতা ,মনিপদ বৰা বাপ লগতে লোকসেৱক হলধৰ ভূঞাৰ সহযোগত সম্পাদক হিচাপে শংকৰ সংঘ চলাই নিছিল আৰু আলোচনা সভাবোৰ নিজৰ চোতালতে পাতিছিল। পিছৰ পৰ্যায়ত লোকসেৱক প্ৰয়াত হলধৰ ভূঞাদেৱৰ আহ্বানত কৰৈয়নিৰ বামুণগাওঁৰ প্ৰয়াত ভোলাৰাম বৰা দেৱে পলাশনিৰ শংকৰ সংঘৰ বাবে ভূমি দান কৰিছিল ।উৎসাহী যুবকৰ শ্ৰমদানত অতি কম সময়ৰ ভিতৰত সেই ভূমিত গঢ়ি উঠিছিল এটি কীৰ্ত্তনঘৰ, এটি নাটঘৰ, এটি পুথিভঁড়াল, এটি ভঁড়ালঘৰ আৰু এটি ৰান্ধনিঘৰ।
ৰমাকান্ত মুক্তিয়াৰ আতা, মণিপদ বৰা, সনতৰাম বৰা, হলধৰ ভূঞা আদি মহান ব্যক্তিসকলৰ প্ৰচেষ্টাত পলাশনিৰ শংকৰ সংঘৰ দ্বাৰা ধৰ্ম প্ৰচাৰৰ প্ৰসাৰ হয় আৰু সেইসময়তেই গোলাঘাটত ৰায়চাহাব ঘনশ্যাম বৰুৱা আৰু গোপিকাবল্লভ গোস্বামীয়েও বৈষ্ণৱ আন্দোলনৰ বৈপ্লবীক নৱজাগৰন গঢ়ি তুলে । ৰমাকান্ত মুক্তিয়াৰ আতা আৰু হলধৰ ভূঞাৰ নেতৃততে নগাওঁত জন্ম পাইছিল কঢ়ালি মিশ্যন আৰু শংকৰ মিশ্যন।

স্বাধীনতা সংগ্ৰামী বৈষ্ণৱ পণ্ডিত সোনাৰাম চুতীয়াই ১৯৪৬ চনত পলাশনীলৈ আহি শংকৰ সংঘত যোগদান কৰি সংঘৰ প্ৰচাৰ চলাইছিল। পণ্ডিত সনতৰাম বৰাই একান্ত ত্যাগ আৰু দক্ষতাৰে ২৯ বছৰকাল শংকৰ সংঘৰ সম্পাদকৰ পদত থাকি সেৱা আগ বঢ়াইছিল ১৯৬১ চনৰ ১৫ এপ্ৰিলত তেওঁ পৰলোকলৈ গমন কৰে।
“মনত জাগৃত হ’ল শৈশৱতে দেখা দেউতাৰ সজচৰ্চা, সজশিক্ষা দিয়া আৰু গুৰু সেৱাৰ নিয়মানুবৰ্তিতাৰ জীৱনটো।সন্ধিয়াৰ লগে লগে দিনটোৰ শিক্ষকতা কৰি অন্যান্য কামৰ সামৰণি মাৰি হাতত লেম্পটো লৈ সংঘলৈ যায় আৰু যাৱতীয় সন্পাদকৰ সেৱাত লাগি ঘৰলৈ ঘূৰে।সংঘৰ লাব্ৰেৰীত বহি সমজুৱা, ঘৰুৱা, ধৰ্মীয়, সজচিন্তা – চৰ্চাৰ কথাবোৰ কৈ নানানজনক নানান পৰামৰ্শ দিছিল।সম্পাদকৰ লেখা মেলা কামত ব্যস্ত থাকিলেও কানখনে শাস্ত্ৰৰ কিবা অৰ্থ ব্যাখ্যা কৰাত কীৰ্ত্তনঘৰত ভকতসকলে কিবা অসুবিধা পালেই তৎক্ষনাত চকীখনৰ পৰা মাত লগাইছিল।সংঘত নিৰক্ষৰ নাছিল। সকলোকে নিজৰ নাম দৈনিক উপস্থিত বহীত লিখিবলৈ বাধ্য কৰিছিল আৰু শিকাইছিল।নিৰ্দিষ্ট সময়ত ঘৰলৈ উভতিছিল ।বৈশিষ্ট্যতা এটাই যে জাৰ জহ ধুমুহা ঢেৰেকণী একোৱেই ঘৰত ৰাখিব নোৱাৰিছিল।” এইখিনি আছিল তেখেতৰ সেই ডেৰ বছৰীয়া পুত্ৰ প্ৰয়াত বলীন বৰাই ৭৪ বছৰত অসমীয়া খবৰত লিখা এটি লিখনিৰ অংশ বিশেষ । মন চুই যোৱা কথাখিনিৰে অনুভৱ হৈছিল শংকৰ সংঘৰ বাবে পণ্ডিত সনতৰাম বৰাই নিজকে কিমান নিষ্ঠাৰে সমৰ্পণ কৰিছিল।
বৰ্তমান অসমৰ সৰ্ববৃহৎ সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৃষ্টিৰ মূলতেই আছিল এইসকলৰ অপৰিসীম সাহস ,ধৈৰ্য, একাগ্ৰতা আৰু ত্যাগ। সংঘৰ ইতিহাসত এই মহান পুণ্যআত্মাসকলৰ নাম সদায় সোনোৱালী আখৰেৰে জিলিকি থাকিব।পলাশনিত অনুস্ঠিত হোৱা শংকৰ সংঘৰ প্ৰথমখন অধিবেশনৰ পদাধিকাৰ আছিল হলধৰ ভূঞা।১৯৩৫ চনত নীলমণি ফুকন, ১৯৩৬চনত ডম্বৰুধৰ বৰুৱা,১৯৫১চনত নগাঁৱৰ কঢ়ালী শংকৰ মিচনত শংকৰ সংঘৰ অধিবেশনত পদাধিকাৰৰ আসন শোৱনি কৰিছিল গড়মুৰীয়া সত্ৰাধিকাৰ পিতাম্বৰদেৱ গোস্বামীয়ে। ১৯৫২চনত গহণচন্দ্ৰ গোস্বামী, ১৯৫৪ আৰু ১৯৫৬ চনত ডিম্বেশ্বৰ নেওগ, ১৯৫৯চনত বৈষ্ণব পণ্ডিত সোণাৰাম চুতীয়া নিৰ্বাচিত হৈছিল শংকৰ সংঘৰ পদাধিকাৰ ৰূপে।মহান বৈষ্ণৱ পণ্ডিতজনে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সংগঠকৰ কামত নিজকে আত্মনিয়োগ কৰি সংঘক আগুৱাই লৈ গৈছিল আৰু ন-বাৰকৈ পদাধিকাৰৰ পদ অলংকৃত কৰিছিল।তেওঁ এই গুৰু দায়িত্ব বহন কৰি এই সংগঠনক আজি সৰ্ববৃহৎ ধৰ্মীয় সংগঠনৰূপে উন্নীত কৰিছিল । শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী এই মহান পণ্ডিতজনৰ লগতে এই অনুষ্ঠানক আগবঢ়াই লৈ যোৱা সকলো মহানলোকলৈ সেৱা জনালোঁ ।১৯৭০চনতে শংকৰ সংঘক’শ্ৰীমন্ত শংকৰদেৱ সংঘ অসম’নামেৰে নামাকৰণ কৰা হৈছিল।
অসমীয়া সমাজ জীৱনলৈ গুৰুজনাৰ অৱদানৰ কোনো তুলনা নাই৷ সেই সময়ত অসমৰ ৰাজিনৈতিক ব্যৱস্থা আছিল অৰাজক কাৰণ যুদ্ধ- বিগ্ৰহ , হাই -কাজিয়াই আৰু সিংহাসনৰ খোৱা কামোৰাই পৰিৱেশ অশান্ত কৰি ৰাখিছিল৷ সাধাৰণ মানুহখিনিৰ লগতে গুৰুজনাইও সেই পৰিস্হিতিত হাৰাশাস্তি ভোগ কৰিছিল । সেইবাবে তেওঁ সামাজ ব্যৱস্থাত শান্তি স্থাপনৰ বাবে তেওঁ অহো-পুৰুষাৰ্থ কৰিছিল ।তেওঁ ধৰ্মৰ নামত চলি থকা বলি- বিধান অন্ধবিশ্বাস ,অযুক্তিকৰ ৰীতি নীতি নিৰ্মূল কৰিবলৈ যত্ন কৰিছিল৷ গুৰুজনাৰ নৱ-বৈষ্ণৱবাদ প্ৰচাৰ আছিল ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে কেৱল একশৰণ নামধৰ্মৰ প্ৰচাৰ ।একতাৰ দোলেৰে বান্ধি জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰি বৰ অসমৰ ভেটি গঢ়ি তুলি প্ৰতিস্থা কৰিছিল সমতা আৰু মানৱতাৰে পৰিপূৰ্ণ আদৰ্শ সমাজ৷
প্ৰীতি ৰেখা বৰা
Join the Journey
Receive quiet reflections, poems, and observations directly in your inbox.
No spam. Only soul words.
Reflections (0)
No comments yet. Be the first to share your thoughts.